Skip to content

Skip to table of contents

চিৰকাললৈ ঈশ্বৰক সেৱা কৰিবলৈ আপোনাৰ লক্ষ্য হওঁক

চিৰকাললৈ ঈশ্বৰক সেৱা কৰিবলৈ আপোনাৰ লক্ষ্য হওঁক

অধ্যায় ১৮

চিৰকাললৈ ঈশ্বৰক সেৱা কৰিবলৈ আপোনাৰ লক্ষ্য হওঁক

কল্পনা কৰক যে আপুনি এখন বন্ধ দুৱাৰৰ সন্মূখত থিয় হৈ আছে, যিখনে এনে এটা ঘৰলৈ যায় যʼত প্ৰচুৰ ধন-সম্পদ আছে। ধৰি লওঁক, এজন কতৃত্বশীল ব্যক্তিয়ে আপোনাক চাবি দি কৈছে যে আপুনি এই মূল্যবান সম্পত্তি গ্ৰহণ কৰক। সেই চাবিটো যেতিয়ালৈকে আপুনি প্ৰয়োগ নকৰে, তেতিয়ালৈকে কোনো কামত নাহে। সেইদৰে, আপোনাক জ্ঞান প্ৰয়োগ কৰিব লাগিব যদি আপুনি লাভৱান হব বিচাৰে।

এইটো বিশেষভাবে ঈশ্বৰৰ জ্ঞানৰ সম্পৰ্কে সত্য। দৰাচলতে, যিহোৱা ঈশ্বৰ আৰু যীচু খ্ৰীষ্টৰ সম্বন্ধে সঠিক জ্ঞানৰ অৰ্থ হৈছে অনন্ত জীৱন। (যোহন ১৭:⁠৩) তথাপি কেৱল মাত্ৰ জ্ঞানৰ অধিকাৰী হলেই সকলো পৰিপূৰ্ণ নহয়। যিদৰে আপুনি এটা বহুমূল্য চাবি প্ৰয়োগ কৰিব, তেনেদৰে আপোনাৰ জীৱনত ঈশ্বৰৰ জ্ঞান প্ৰয়োগ কৰাটো আৱশ্যক। যীচুৱে কৈছিল যিসকলে ঈশ্বৰৰ ইচ্ছা পালন কৰে তেওঁলোক “স্বৰ্গৰাজ্যত সোমাব।” এনে ব্যক্তিসকলে চিৰকাললৈকে ঈশ্বৰক সেৱা কৰিবলৈ সুযোগ পাব!​—⁠মথি ৭:২১; ১ যোহন ২:⁠১৭.

ঈশ্বৰৰ ইচ্ছা কি তাক জনাৰ পাছত ইয়াক পালন কৰা অতি আৱশ্যক। আপুনি কি ভাবে যে আপোনাৰ প্ৰতি ঈশ্বৰৰ ইচ্ছা কি? এই কথাবিলাকৰ মাজত ভালদৰে যুক্তিসংক্ষেপে কব পৰা যায়: যীচুক অনুকৰণ কৰক। আমাক ১ পিতৰ ২:২১ পদত কয়: “তাৰ নিমিত্তেই তোমালোক আমন্ত্ৰিত হলা; কিয়নো তোমালোক যেন খ্ৰীষ্টৰ খোজৰ অনুগামী হোৱা, এই কাৰণে তেওঁ তোমালোকৰ অৰ্থে দুখভোগ কৰি, তোমালোকৰ কাৰণে এটি আৰ্হি ৰাখি গল।” ঈশ্বৰৰ ইচ্ছা পালন কৰিবলৈ, তেনেহলে আপোনাক যিমান সম্ভৱ ঘনিষ্টৰূপে যীচুৰ আৰ্হি অনুকৰণ কৰা আৱশ্যক। এইদৰে আপুনি ঈশ্বৰৰ জ্ঞান প্ৰয়োগ কৰে।

যীচুৱে ঈশ্বৰৰ জ্ঞান কেনেকৈ প্ৰয়োগ কৰিছিল

অন্যৰ তুলনাত যীচুৰ, ঈশ্বৰৰ জ্ঞান প্ৰচুৰ পৰিমাণে আছে। পৃথিবীলৈ অহাৰ পূৰ্ব্বেই যুগ যুগ ধৰি তেওঁ যিহোৱা ঈশ্বৰৰ সৈতে স্বৰ্গত আছিল আৰু কাম কৰিছিল। (কলচীয়া ১:​১৫, ১৬) আৰু যীচুৱে সেই সকলো জ্ঞানৰ দ্বাৰা কি কৰিছিল? তেওঁ মাত্ৰ জ্ঞান লাভ কৰাটোত সন্তুষ্ট নাছিল। যীচুৱে সেই জ্ঞান অনুসাৰে জীৱন নিৰ্বাহ কৰিছিল। সেইবাবে তেওঁ সহ মানৱৰ প্ৰতি তেওঁৰ ব্যৱহাৰত ইমান দয়ালু, ধৈৰ্য্যশীল আৰু মৰমীয়াল আছিল। এইদৰে যীচুৱে তেওঁৰ স্বৰ্গীয় পিতৃৰ অনুকৰণ কৰিছিল আৰু যিহোৱাৰ পথবিলাক আৰু ব্যক্তিত্বৰ বিষয়ে তেওঁৰ জ্ঞানৰ সৈতে সামঞ্জস্য ৰাখি কাৰ্য্য কৰিছিল।​—⁠যোহন ৮:​২৩, ২৮, ২৯, ৩৮; ১ যোহন ৪:⁠৮.

যীচুৰ যি জ্ঞান আছিল তেওঁক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লবলৈ প্ৰেৰণা দিছিল। তেওঁ গালীলৰ পৰা যৰ্দ্দন নদীলৈ আহিছিল, যʼত যোহনৰ দ্বাৰা বাপ্তাইজিত হৈছিল। (মথি ৩:​১৩-১৫) যীচুৰ বাপ্তিস্মা কিহৰ চিত্ৰিত কৰিছিল? এজন যিহূদীৰূপে, তেওঁ ঈশ্বৰলৈ এক সমৰ্পিত এটা জাতিৰ মাজত তেওঁ জন্মগ্ৰহণ কৰিছিল। এইবাবে, যীচু জন্মৰে পৰাই সমৰ্পিত আছিল। (যাত্ৰাপুস্তক ১৯:​৫, ৬) বাপ্তিস্মা লোৱাৰ পাছত, তেওঁৰ বাবে ঈশ্বৰীয় ইচ্ছা পৃথিবীত থকাকালত পালন কৰিবলৈ তেওঁ যিহোৱাৰ সন্মূখত সমৰ্পণ কৰিছিল। (ইব্ৰী ১০:​৫, ৭) আৰু যীচুৱে তেওঁৰ বাপ্তিস্মাৰ অৰ্থ পৰিপূৰ্ণ কৰিছিল। লোকসকলৰ লগত প্ৰতিটো সুযোগতে ঈশ্বৰৰ জ্ঞান বিতৰণ কৰিবলৈ তেওঁ নিজকে যিহোৱাৰ কাৰ্য্যত নিয়োগ কৰিছিল। যীচুৱে ঈশ্বৰৰ ইচ্ছা পালন কৰি আনন্দ পাইছিল, আনকি ইয়াক তেওঁৰ বাবে আহাৰৰ দৰে বুলিও কৈছিল।​—⁠যোহন ৪:⁠৩৪.

যীচুৱে সৰ্ম্পূণৰূপে জানিছিল যে যিহোৱাৰ ইচ্ছা পালন কৰাৰ বিনিময়ত​—⁠তেওঁৰ নিজৰ জীৱনো দিব লাগিব। তথাপি, যীচুৱে নিজকে অগ্ৰাহ্য কৰি ব্যক্তিগত আৱশ্যকতাবিলাকক দ্বিতীয় স্থানত ৰাখিছিল। ঈশ্বৰৰ ইচ্ছা পালন কৰিবলৈ সদায়ে প্ৰথমে আগবাঢ়ি আহিছিল। এই সমন্ধে, আমি কেনেকৈ যীচুৰ সিদ্ধ আৰ্হিক অনুকৰণ কৰিব পাৰো?

সেই পদক্ষেপবিলাকে অনন্ত জীৱনলৈ লৈ যায়

যীচুৰ নিচিনা আমি নহও, আমি অসিদ্ধ আৰু অন্য গুৰুত্বপূৰ্ণ পদক্ষেপবিলাক লোৱাৰ পাছত বাপ্তিস্মাৰ পয্যালৈ উপনীত হব পাৰো। ইয়াৰ আৰম্ভনি আমাৰ হৃদয়ত যিহোৱা ঈশ্বৰ আৰু যীচু খ্ৰীষ্টৰ সঠিক জ্ঞান লোৱাৰ দ্বাৰাই হয়। ইয়াক কৰাৰ ফলত আমাক বিশ্বাস আৰু ঈশ্বৰৰ প্ৰতি অগাধ প্ৰেম ৰাখিবলৈ প্ৰেৰণা দিয়ে। (মথি ২২:​৩৭-৪০; ৰোমীয়া ১০:১৭; ইব্ৰী ১১:৬) ঈশ্বৰৰ ব্যৱস্থা, নীতি আৰু মানদণ্ডবিলাক স্বীকাৰ কৰি, আমি নিজৰ অতীতৰ পাপবিলাকৰ ঈশ্বৰীয় শোক প্ৰকাশ কৰিলে অনুতাপৰ বাবে প্ৰেৰণা পোৱা যায়। ই পৰিবৰ্ত্তন কৰিবলৈ অৰ্থাৎ বিপৰীত ফাললৈ আৰু নিজকে অন্যায় পথৰ পৰা ঘুৰি আহি আৰু ঈশ্বৰৰ জ্ঞান পোৱাৰ আগতে কৰা যিকোনো ভুল কাৰ্য্যক বিসৰ্জন দিয়া হয়। স্বাভাৱিকতে, আমি যি ন্যায়সঙ্গত সেইয়া কৰাৰ পৰিবৰ্ত্তে এতিয়াও যদি গুপুতে কোনো পাপ কৰি থাকো, তেন্তে আমি আচলতে ঘুৰি অহা নাই, বা আমি ঈশ্বৰক প্ৰতাৰণা কৰিব নোৱাৰো। যিহোৱাৰ ওচৰত সকলো গুপুত আচৰণ প্ৰকাশ হয়।​—⁠লূক ১২:​২, ৩.

এতিয়া যিহেতু আপুনি কিছু সময়ৰ পৰা ঈশ্বৰৰ জ্ঞান অৰ্জন কৰিছে, এই আধ্যাত্মিক বিষয়বিলাক ব্যক্তিগতৰূপে বিবেচনা কৰাটো উপযুক্ত নহবনে? সম্ভৱতঃ আপুনি আপোনাৰ সম্বন্ধীয় লোকক, বন্ধু-বান্ধৱক, আৰু আনসকলক, আপুনি যি শিকি আছে তাৰ বিষয়ে কবলৈ আগ্ৰহী। প্ৰকৃততে, আপুনি হয়তু ইতিমধ্যে তাকেই কৰিছে, যিদৰে যীচুৱে যিকোনো পৰিস্থিতিত শুভবাৰ্ত্তা প্ৰচাৰ কৰিছিল। (লূক ১০:​৩৮, ৩৯; যোহন ৪:​৬-১৫) এতিয়া হয়তু আপুনি আৰু অধিক কৰিবলৈ বিচাৰিব। খ্ৰীষ্টান অধক্ষ্যসকলে যিহোৱাৰ সাক্ষীসকলৰ নিয়মিতভাৱে ৰাজ্য-প্ৰচাৰ কাৰ্য্যত কিছু ভাগ লবলৈ কি আপুনি উপযুক্ত আৰু সক্ষম হয়নে নহয় তাক নিৰ্ণয় কৰিবলৈ আপোনাৰ সৈতে কথা-বতৰা পাতিবলৈ আনন্দিত হব। যদি আপুনি যোগ্য হয়, অধক্ষ্যসকলে সেৱাকাৰ্য্যত আপোনাৰ সৈতে এজন সাক্ষীৰ ব্যৱস্থা কৰিব। যীচুৰ শিষ্যসকলে সেৱাকাৰ্য্যক শৃঙ্খলাবদ্ধভাৱে কৰিবলৈ তেওঁৰ নিদেৰ্শনবিলাক অনুকৰণ কৰিছিল। (মাৰ্ক ৬:​৭, ৩০; লূক ১০:⁠১) যেতিয়া আপুনি ঘৰে ঘৰে আৰু অন্য উপায়েৰে ৰাজ্যৰ বাৰ্ত্তা প্ৰচাৰ কৰাত ভাগ লব তেনেকৈ আপুনিও সেইধৰণে সহায় লাভ কৰিব।​—⁠পাঁচনিৰ কৰ্ম্ম ২০:​২০, ২১.

মন্ডলীৰ এলেকাত সকলো ধৰণৰ ব্যক্তিৰ ৰাজ্য শুভবাৰ্ত্তা প্ৰচাৰ কৰাটো ধাৰ্ম্মিক মনৰ লোকসকলক বিচৰা এটা পদ্ধতি আৰু এই উত্তম কাম, যিবিলাকে প্ৰমাণ কৰিব যে আপোনাৰ বিশ্বাস আছে। (পাঁচনিৰ কৰ্ম্ম ১০:​৩৪, ৩৫; যাকোব ২:​১৭, ১৮, ২৬) খ্ৰীষ্টীয় সভাবিলাকত নিয়মিত উপস্থিত হোৱা আৰু প্ৰচাৰ কাৰ্য্য এক অৰ্থপূৰ্ণৰূপে ভাগ লোৱাৰ দ্বাৰা, এইটো প্ৰৰ্দশন কৰিব যে আপুনি অনুতপ্ত আৰু মন পৰিবৰ্ত্তন কৰিছে আৰু এতিয়া ঈশ্বৰৰ জ্ঞানৰ সৈতে জীৱন-যাপন কৰিবলৈ একমত হৈ চলিবলৈ দৃঢ়সংকল্প হৈছে। ইয়াৰ পাছৰ যুক্তিপূৰ্ণ পদক্ষেপটো কি? এইটো হৈছে যিহোৱা ঈশ্বৰলৈ সমৰ্পণ কৰা। ইয়াৰ অৰ্থ হৈছে যে আন্তৰিক প্ৰাৰ্থনাত, আপুনি ঈশ্বৰক কয় যে আপুনি তেওঁৰ ইচ্ছামতে স্বইচ্ছা আৰু পূৰ্ণহৃদয়ৰে আপোনাৰ জীৱন তেওঁলৈ সমৰ্পণ কৰিবলৈ ইচ্ছা কৰিছে। এইটো আপুনি নিজকে যিহোৱা ঈশ্বৰলৈ সমৰ্পিত কৰা আৰু যীচু খ্ৰীষ্টৰ সহজ যুঁৱলি গ্ৰহণ কৰা এটি পথ।​—⁠মথি ১১:​২৯, ৩০.

বাপ্তিস্মা​—⁠আপোনাৰ বাবে ইয়াৰ অৰ্থ কি

১০ যীচুৰ মতে, যিসকলে তেওঁৰ শিষ্য হয় সেই সকলোৱে বাপ্তাইজিত হব লাগিব। (মথি ২৮:​১৯, ২০) আপুনি ঈশ্বৰলৈ সমৰ্পণ কৰাৰ পাছত ইয়াৰ কিয় আৱশ্যক? যিহেতু আপুনি নিজকে যিহোৱা ঈশ্বৰলৈ সমৰ্পণ কৰিছে, তেওঁ জানে যে আপুনি তেওঁক প্ৰেম কৰে। কিন্তু কোনো সন্দেহ নাই যে ইয়াৰ উপৰিও আপুনি আৰু কিছু কৰিব বিচাৰিব যাৰ দ্বাৰা অন্যও যাতে ঈশ্বৰৰ প্ৰতি আপোনাৰ প্ৰেম জানিব পাৰে। বাপ্তিস্মায়ে আপোনাক যিহোৱা ঈশ্বৰৰ প্ৰতি নিজৰ সমৰ্পণক সাৰ্ব্বজনিকৰূপে জনাবলৈ এটা সুযোগ দিব।​—⁠ৰোমীয়া ১০:​৯, ১০.

১১ প্ৰতীকহিচাবে বাপ্তিস্মা অতি অৰ্থপূৰ্ণ। যেতিয়া আপোনাক পানীত নিমজ্জিত বা “ডুবুৱা” হয়, সেয়া যেন আপোনাৰ পূৰ্ব্বৰ জীৱন যাত্ৰাৰ মৃত্যু হৈছে আৰু যেতিয়া আপুনি পানীৰ পৰা ওলাই আহিব, সেয়া হৈছে আপুনি এটা নতুন জীৱনলৈ উত্থিত হৈছে, এটা জীৱন যি ঈশ্বৰৰ ইচ্ছাৰ দ্বাৰা নিয়ন্ত্ৰিত, কিন্তু আপোনাৰ নিজৰ দ্বাৰাই নহয়। অৱশ্যে ইয়াৰ অৰ্থ এইটো নহয় যে আপুনি কেতিয়াও আৰু ভুল নকৰিব, কিয়নো আমি সকলোৱে অসিদ্ধ আৰু সেইবাবে সদায়ে পাপ কৰো। কিন্তু, যিহোৱাৰ এজন সমৰ্পিত বাপ্তিস্মাপ্ৰাপ্ত এজন সেৱকৰূপে, আপুনি তেওঁৰ সৈতে এটা বিশেষ সম্পৰ্কত আহিব। আপুনি অনুতাপ কৰাৰ আৰু নম্ৰভাৱে বাপ্তিস্মা হোৱাৰ বাবে, যিহোৱাই যীচুৰ মুক্তিস্বৰূপ বলিদানৰ ভিত্তিত আপোনাৰ পাপবোৰ ক্ষমা কৰিবলৈ ইচ্ছুক। এইদৰে বাপ্তিস্মা ঈশ্বৰৰ সন্মূখত এটা শুদ্ধ বিবেকৰ ফাললৈ লৈ যায়।​—⁠১ পিতৰ ৩:⁠২১.

১২ নতুন শিষ্যসকলক “পিতৃ, পুত্ৰ আৰু পবিত্ৰ আত্মাৰ নামেৰে” বাপ্তাইজিত কৰিবলৈ যীচুৱে তেওঁৰ অনুগামীসকলক নিৰ্দেশ দিছিল। (মথি ২৮:১৯) যীচুৱে কোৱাৰ অৰ্থ কি আছিল? “পিতৃৰ নামেৰে” বাপ্তিস্মাৰ অৰ্থ এই যে যি ব্যক্তি বাপ্তিস্মা হৈছে আন্তৰিকতাৰে যিহোৱা ঈশ্বৰক সৃষ্টিকৰ্ত্তা আৰু বিশ্বৰ একমাত্ৰ সাৰ্বভৌমত্বৰূপে স্বীকাৰ কৰে। (গীতমালা ৩৬:৯; ৮৩:১৮; উপদেশক ১২:১) “পুত্ৰৰ নামেৰে” বাপ্তাইজিত হোৱা অৰ্থ হৈছে সেই ব্যক্তিজনে ঈশ্বৰ দ্বাৰা উদ্ধাৰৰ বাবে প্ৰদান কৰা​—⁠একমাত্ৰ মাধ্যম যীচু খ্ৰীষ্ট⁠—আৰু বিশেষকৈ তেওঁৰ মুক্তিস্বৰূপ বলিদানক স্বীকাৰ কৰিছে। (পাঁচনিৰ কৰ্ম্ম ৪:১২) “পবিত্ৰ আত্মাৰ নামেৰে” বাপ্তিস্মাই চিত্ৰিত কৰে যে বাপ্তিস্মা প্ৰাৰ্থীয়ে যিহোৱাৰ পবিত্ৰ আত্মা বা সক্ৰিয় শক্তিক ঈশ্বৰৰ সাধন ৰূপে স্বীকাৰ কৰে যিয়ে তেওঁৰ উদ্দেশ্যবিলাক সম্পূৰ্ণ কৰে আৰু তেওঁৰ আত্মা-নিদেৰ্শিত সংগঠনৰ সৈতে তেওঁৰ ধাৰ্ম্মিক ইচ্ছাত চলিবলৈ তেওঁৰ সেৱকসকলক শক্তি দিয়ে।​—⁠আদিপুস্তক ১:২; গীতমালা ১০৪:৩০; যোহন ১৪:২৬; ২ পিতৰ ১:⁠২১.

আপুনি বাপ্তিস্মাৰ বাবে প্ৰস্তুত নে?

১৩ যিহেতু বাপ্তিস্মা অতি অৰ্থপূৰ্ণ আৰু এজন ব্যক্তিৰ জীৱনৰ সকলোতকৈ গুৰুত্বপূৰ্ণ স্তৰ এনে এক পদক্ষেপ নে যাৰ বাবে আপুনি ভয় কৰা উচিত? নিশ্চয় নহয়! বাপ্তিস্মা লোৱাৰ নিৰ্ণয় সহজভাৱে লোৱা উচিত নহয়, নিঃসন্দেহ আপুনি সুবিবেচকৰূপে ইয়াক নিৰ্ণয় কৰিব পাৰে।

১৪ বাপ্তিস্মাই প্ৰমাণ দিয়ে যে আপুনি যিহোৱা ঈশ্বকৰ সেৱা কৰিবলৈ বাছি লৈছে, সেই ব্যক্তিসকলৰ বিষয়ে চিন্তা কৰক যিসকলৰ লগত পৰিচিত। যিকোনো প্ৰকাৰে হওঁক প্ৰত্যেকেই এজন প্ৰভুক সেৱা কৰা নাইনে? কিছুমানে ধনৰ কাৰণে সেৱা কৰে। (মথি ৬:২৪) আনসকলে কৰ্তব্যনিষ্ঠাৰে নিজৰ কৰ্মজীৱনৰ উন্নতিত লাগি থাকে বা নিজৰ ইচ্ছা পূৰ্ণ কৰি নিজৰ জীৱনক সৰ্ব্বশ্ৰেষ্ঠ কৰি তুলিবলৈ ব্যস্ত হৈ থাকে। বহুতে মিছা দেৱতাবোৰক সেৱা কৰে। কিন্তু আপুনি সত্য ঈশ্বৰ যিহোৱাক সেৱা কৰিবলৈ বাছি লৈছে। আন কোনোৱে ইমান স্নেহ, কৰুণা আৰু প্ৰেম দেখুৱাব নোৱাৰে। ঈশ্বৰে মানৱজাতিক উদ্দেশ্যপূৰ্ণ কাৰ্য্যৰ যোগেদি মৰ্য্যদা দিলে যিয়ে তেওঁলোকক উদ্ধাৰৰ ফালে নিদেৰ্শিত কৰে। তেওঁ নিজৰ সেৱকসকলক অনন্ত জীৱনৰ পুৰস্কাৰ দিয়ে। সচাঁকৈ, যীচুৰ উদাহৰণক অনুকৰণ কৰা আৰু আপোনাৰ জীৱন যিহোৱাক উৎসৰ্গ কৰা কোনো ভয়ৰ কাৰণ নহয়। দৰাচলতে, ইয়ে একমাত্ৰ পথ যি ঈশ্বৰক সন্তুষ্ট কৰে আৰু সম্পূৰ্ণৰূপে যুক্তিসঙ্গত।​—⁠১ ৰাজাৱলি ১৮:⁠২১.

১৫ তথাপি, বাপ্তিস্মা চাপৰ সন্মূখীন হৈ লোৱা এটা পদক্ষেপ নহয়। আপোনাৰ আৰু যিহোৱাৰ মাজত এটা ব্যক্তিগত বিষয়। (গালাতীয়া ৬:⁠৪) যেনেকৈ আপুনি আধ্যাত্মিকভাবে উন্নতি কৰিছে, আপুনি হয়তু ভাবিছে: “মই বাপ্তাইজিত হবলৈ কি বাধা আছে?” (পাঁচনিৰ কৰ্ম্ম ৮:​৩৫, ৩৬) আপুনি নিজকে সুধিব পাৰে, ‘পৰিয়ালৰ বিৰোধীতাই মোৰ বাবে বাধা হয়নে? মই এতিয়ালৈকে কিছুমান অশাস্ত্ৰীয় পৰিস্থিতি বা পাপপূৰ্ণ অভ্যাসৰ লগত জড়িত আছোনে? কি এইটো হব পাৰে নে যে মই সমাজৰ সমৰ্থন হেৰোৱাৰ ভয় কৰো?’ এনে বিষয়বিলাক বিবেচনা কৰাৰ আৱশ্যক, কিন্তু বাস্তৱিকৰূপে তাৰ মূল্য নিৰ্দ্ধাৰণ কৰক।

১৬ যিহোৱাক সেৱা কৰাৰ উপকাৰবিলাক বিবেচনা নকৰাকৈ ইয়াৰ মূল্য নিৰ্দ্ধাৰণ কৰাটো বাস্তৱ নহয়। উদাহৰণস্বৰূপে, পৰিয়ালৰ বিৰোধীতা কৰা বিষয়টোক বিবেচনা কৰক। যীচুৱে প্ৰতিজ্ঞা কৰিছিল যে তেওঁৰ শিষ্যসকলে তেওঁক অনুকৰণ কৰাৰ বাবে নিজৰ আত্মীয়সকলক হেৰুৱাব লগা হয়, তথাপি তাতকৈ ডাঙৰ আধ্যাত্মিক পৰিয়াল পাব। (মাৰ্ক ১০:​২৯, ৩০) এই বিশ্বাসী অনুগামীসকলে আপোনাক ভাতৃত্ব প্ৰেম দেখুৱাব, নিৰ্য্যাতনত ধৈৰ্য্য ধৰিবলৈ আপোনাক সহায় কৰিব আৰু জীৱনৰ পথত আপোনাক সহায় কৰিব। (১ পিতৰ ৫:⁠৯) বিশেষকৈ মন্ডলীৰ বৃদ্ধসকলে সমস্যাবিলাকক আয়ত্বত আনিবলৈ আৰু আন কঠিন পৰিস্থিতিক সফলতাৰূপে সমাধান কৰিবলৈ আপোনাক সহায় কৰিব পাৰে। (যাকোব ৫:​১৪-১৬) এই জগতে পছন্দ নকৰা বিষয়ে, আপুনি নিজকে সুধিব পাৰে, ‘বিশ্বৰ সৃষ্টিকৰ্ত্তাৰ অনুমোদন পাবলৈ হʼলে, মোৰ বাছি লোৱা জীৱনৰ পথে তেওঁক আনন্দিত কৰিবলৈ সম্ভৱতঃ কি বস্তুৰ সৈতে তুলনা কৰিব পৰা যায়?’​—⁠হিতোপদেশ ২৭:⁠১১.

আপোনাৰ সমৰ্পণ আৰু বাপ্তিস্মা অনুসাৰে জীৱন নিৰ্বাহ কৰক

১৭ এইটো মনত ৰখা গুৰুত্বপূৰ্ণ যে বাপ্তিস্মাই আপোনাৰ আধ্যাত্মিক উন্নতিৰ শেষ নহয়। এজন নিয়োজিত সেৱক আৰু যিহোৱাৰ সাক্ষীৰূপে গোটেই জীৱন ঈশ্বৰৰ সেৱাৰ আৰম্ভনিক চিহ্নিত কৰে। যদিও, বাপ্তিস্মা অতি গুৰুত্বপূৰ্ণ, ই পৰিত্ৰাণৰ বাবে নিশ্চয়তা নিদিয়ে। যীচুৱে কোৱা নাছিল যে ‘যি কোনোৱে বাপ্তিস্মা লব তেওঁৰ উদ্ধাৰ পাব।’ তাৰ পৰিবৰ্ত্তে, তেওঁ কৈছিল: “যি জনে শেষলৈকে সহি থাকে, সেই জনেই পৰিত্ৰাণ পাব।” (মথি ২৪:১৩) সেইবাবে, এইটো অতি গুৰুত্বপূৰ্ণ যে আপুনি ঈশ্বৰৰ ৰাজ্যৰ প্ৰতি আপোনাৰ জীৱনত সৰ্বোচ্চ বিবেচনাৰ বিষয় হিচাবে প্ৰথমে ইয়াক বিচৰিব।​—⁠মথি ৬:​২৫-৩৪.

১৮ যিহোৱাৰ প্ৰতি আপোনাৰ সেৱাত স্থিৰ থাকিবলৈ আপুনি নিজৰ বাবে আধ্যাত্মিক লক্ষ্য স্থাপন কৰিবলৈ বিচাৰিব। এটা উপযুক্ত লক্ষ্য হৈছে আপুনি তেওঁৰ বাক্য নিয়মিতৰূপে ব্যক্তিগত অধ্যয়নৰ যোগেদি ঈশ্বৰৰ জ্ঞানক বৃদ্ধি কৰা। সদায় বাইবেল অধ্যয়নৰ পৰিকল্পনা কৰক। (গীতমালা ১:​১, ২) নিয়মিতৰূপে খ্ৰীষ্টীয় সভাবিলাকত উপস্থিত হওঁক, কিয়নো তাত আপুনি যি সহকৰ্মী পাব ই আপোনাক আধ্যাত্মিক শক্তি বঢ়াই তোলাত সহায় কৰিব। ব্যক্তিগত ৰূপে, মন্ডলীৰ সভাবোৰত মন্তব্য দিবলৈ আৰু এইদৰে যিহোৱাৰ প্ৰশংসা কৰিবলৈ আৰু অন্যক উৎসাহ দিয়াত চেষ্টা কৰিবলৈ কিয় আপুনি লক্ষ্য নাৰাখে? (ৰোমীয়া ১:​১১, ১২) অন্য এটা লক্ষ্য হব পাৰে আপোনাৰ প্ৰাৰ্থনাৰ গুণসমূহক উন্নত কৰা।​—⁠লূক ১১:​২-৪.

১৯ যদি আপুনি আপোনাৰ বাপ্তিস্মাৰ অৰ্থৰ অনুৰূপে জীৱন-যাপন কৰে, আপোনাক নিয়মীয়াকৈ মনোযোগ দিয়াৰ আৱশ্যক আপুনি কি কৰে আৰু ঈশ্বৰৰ পবিত্ৰ আত্মাক আপোনাৰ মাজত প্ৰেম, আনন্দ, শান্তি, চিৰসহিষ্ণুতা, মৰম, মঙ্গলভাব, বিশ্বাস, মৃদু-ভাব, ইন্দ্ৰিয়-দমন আদি গুণবিলাকক বিকাশিত কৰিব। (গালাতীয়া ৫:​২২, ২৩; ২ পিতৰ ৩:১১) মনত ৰাখিব, যিহোৱাই সেইসকলক পবিত্ৰ আত্মা দিয়ে, যিসকলে ইয়াৰ বাবে প্ৰাৰ্থনা কৰে আৰু তেওঁৰ বিশ্বাসী সেৱকৰূপে তেওঁৰ আজ্ঞা পালন কৰে। (লূক ১১:১৩; পাঁচনিৰ কৰ্ম্ম ৫:৩২) সেইবাবে আত্মাৰ বাবে ঈশ্বৰক প্ৰাৰ্থনা কৰক আৰু সেইবিলাক গুণ যিয়ে তেওঁক সন্তুষ্ট কৰে তাক প্ৰদৰ্শন কৰিবলৈ সহায় বিচাৰক। যিমানে আপুনি ঈশ্বৰৰ আত্মাৰ প্ৰভাৱৰ প্ৰতি প্ৰত্যুত্তৰ দিব সিমানে আপোনাৰ কথাত আৰু ব্যৱহাৰত স্পষ্ট হৈ উঠিব। অৱশ্যে খ্ৰীষ্টীয় মন্ডলীৰ প্ৰত্যেক ব্যক্তিয়ে “নতুন পুৰুষক” গঢ়ি তুলিবলৈ পৰিশ্ৰম কৰাৰ চেষ্টা কৰে যাতে আৰু বেছি লোক খ্ৰীষ্টৰ দৰে হব পাৰে। (কলচীয়া ৩:​৯-১৪) আমি প্ৰত্যেকে এনে কৰাৰ সময়ত বেলেগ-বেলেগ পৰীক্ষাৰ সন্মূখীন হওঁ কিয়নো আমি আধ্যাত্মিক প্ৰগতিৰ বিভিন্ন অৱস্থাত আছো। যিহেতু আমি অসিদ্ধ, সেইবাবে এজন খ্ৰীষ্টৰূপী ব্যক্তিত্বক ধাৰণ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব। কিন্তু এই সমন্ধে কেতিয়াও নিৰাশ নহব, কিয়নো ঈশ্বৰৰ সহায়েৰে ই সম্ভৱ।

২০ আপোনাৰ আধ্যাত্মিক লক্ষ্য, যীচুৰ আনন্দপূৰ্ণ উদাহৰণ নিবিড়ভাৱে অনুকৰণ কৰাৰ আৱশ্যক। (ইব্ৰী ১২:​১-৩) তেওঁ পৰিচাৰ্য্য কামক ভাল পাইছিল। যদি আপোনাৰ ওচৰত ৰাজ্য-প্ৰচাৰ কাৰ্য্যত ভাগ লবলৈ বিশেষ অধিকাৰ আছে তেনেহলে তাক উদ্দেশ্যহীন কাৰ্য্যলৈ পৰিণত হবলৈ নিদিব। ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে আনক শিক্ষা দি আনন্দ লাভ কৰিবলৈ চেষ্টা কৰক, যেনেকৈ যীচুৱে পাইছিল। এজন শিক্ষকৰূপে নিজকে উন্নতি কৰিবলৈ আমাৰ সহায়ৰ বাবে মন্ডলীয়ে প্ৰদান কৰা উপদেশক অভ্যাস কৰক। আৰু নিশ্চিত থাকক যে যিহোৱাই আপোনাৰ সেৱাকাৰ্য্য পূৰ্ণ কৰিবলৈ শক্তি দিব।​—⁠১ কৰিন্থীয়া ৯:​১৯-২৩.

২১ এজন সমৰ্পিত, বাপ্তাইজিত ব্যক্তি যিজনে প্ৰকৃততে যীচুক অনুকৰণ কৰিবলৈ চেষ্টা কৰিছে তেওঁ ঈশ্বৰৰ বাবে বিশেষ ব্যক্তি। যিহোৱাই কোটি কোটি লোকৰ হৃদয় পৰীক্ষা কৰে আৰু তেওঁ জানে যে এনেবোৰ ব্যক্তি দূৰ্লভ। তেওঁ, তেওঁলোকক মূল্যবান “বাঞ্ছনীয় বস্তু” ৰূপে বিবেচনা কৰে। (হগ্‌গয় ২:⁠৭) বাইবেল ভৱিষ্যতবাণীয়ে দেখায় যে ঈশ্বৰে এনে লোকসকলক এই দুষ্ট ৰীতি-ব্যৱস্থাৰ অতি সোনকালে আহিবলগীয়া তেওঁৰ ন্যায়দণ্ডৰ পৰা ৰক্ষা পাবলৈ চিন্হিত ৰূপে বিবেচনা কৰে। (যিহিষ্কেল ৯:​১-৬; মলাখী ৩:​১৬, ১৮) আপুনি “অনন্ত জীৱন পাবলৈ নিৰূপিত” হৈছেনে? (পাঁচনিৰ কৰ্ম্ম ১৩:৪৮) ঈশ্বৰৰ সেৱক ৰূপে চিহ্নিত হবলৈ আপোনাৰ আন্তৰিক ইচ্ছা আছেনে? সমৰ্পণ আৰু বাপ্তিস্মা সেই চিহ্নৰ অংশ হয় আৰু ৰক্ষা পাবলৈ এইবোৰৰ আৱশ্যক।

২২ বিশ্বব্যাপী জলপ্ৰলয়ৰ পাছত, নোহ আৰু তেওঁৰ পৰিয়াল এটা পৰিষ্কাৰ পৃথিবীলৈ জাহাজৰ পৰা ওলাই আহিছিল। ঠিক সেইদৰে আজি, “এক বৰ লোকসমূহ” যিসকলে নিজৰ জীৱনত ঈশ্বৰৰ জ্ঞানক প্ৰয়োগ কৰে আৰু যিহোৱাৰ অনুমোদন লাভ কৰে আৰু এই দুষ্ট ৰীতি-ব্যৱস্থাৰ শেষত ৰক্ষা পায় স্থায়ীৰূপে পৰিষ্কাৰ কৰা পৃথিবীত অনন্ত জীৱনৰ আনন্দ প্ৰাপ্ত কৰিবলৈ আশা কৰে। (প্ৰকাশিত বাক্য ৭:​৯, ১৪) সেই জীৱন কেনেদৰে হব?

আপোনাৰ জ্ঞান পৰীক্ষা কৰক

যিহোৱাৰ সমন্ধে আপোনাৰ জ্ঞানক আপুনি কেনেকৈ ব্যৱহাৰ কৰাটো তেওঁ বিচাৰে?

বাপ্তিস্মা লবৰ বাবে কিছুমান পদক্ষেপ কি?

বাপ্তিস্মা কিয় এক সমাপ্তি নহয়, কিন্তু এটা আৰম্ভনিহে?

আমাৰ সৰ্মপণ আৰু বাপ্তিস্মা অনুসাৰে কেনেকৈ জীৱন নিৰ্বাহ কৰিব পাৰো?

[Study Questions]

১, ২. ঈশ্বৰৰ জ্ঞান লোৱাৰ উপৰিও আৰু কি কৰাৰ আৱশ্যক?

৩. আমাৰ বাবে ঈশ্বৰৰ ইচ্ছা কি?

৪. যীচুৱে ঈশ্বৰৰ বিষয়ে কেনেকৈ ইমান বেছি জানে আৰু তেওঁ এই জ্ঞানক কেনেকৈ প্ৰয়োগ কৰে?

৫. যীচুৱে কিয় বাপ্তিস্মা লৈছিল আৰু তেওঁৰ বাপ্তিস্মা অনুসাৰে কেনেকৈ জীৱন যাপন কৰিছিল?

৬. কি দৰে যীচুৱে নিজকে অগ্ৰাহ্য কৰিছিল?

৭. বাপ্তিস্মাৰ যোগ্য হবলৈ এজন ব্যক্তিৰ কিছুমান পদক্ষেপ কি?

৮. যেতিয়া আপুনি ৰাজ্য-প্ৰচাৰ কাৰ্য্যত অংশ লবলৈ ইচ্ছা কৰে তেতিয়া আপুনি কি কৰা উচিত?

৯. এজন ব্যক্তিয়ে ঈশ্বৰৰ ওচৰত কেনেকৈ সমৰ্পণ কৰিব পাৰে আৰু সমৰ্পণে কেনেকৈ সেই ব্যক্তিজনৰ জীৱনত প্ৰভাৱিত কৰিব?

১০. নিজকে যিহোৱা ঈশ্বৰলৈ সমৰ্পিত কৰাৰ পাছত কিয় আপুনি বাপ্তিস্মা লোৱা উচিত?

১১. বাপ্তিস্মাৰ অৰ্থ কি?

১২. (ক) “পিতৃৰ নামেৰে”? (খ) “পুত্ৰৰ নামেৰে”? (গ) “পবিত্ৰ আত্মাৰ নামেৰে” বাপ্তাইজিত হোৱাৰ অৰ্থ কি বুজায়?

১৩, ১৪. যিহোৱা ঈশ্বৰৰ সেৱা কৰিবলৈ আমি নিৰ্বাচন কৰিবলৈ কিয় ভয় কৰা উচিত নহয়?

১৫. বাপ্তিস্মাৰ পথত থকা কিছুমান বাধা কি?

১৬. যিহোৱাক সেৱা কৰিলে আপুনি কেনেকৈ লাভৱান হব পাৰে?

১৭. বাপ্তিস্মাৰ প্ৰতি কিয় আপুনি সমাপ্তিৰ পৰিবৰ্ত্তে আৰম্ভনি বুলি দৃষ্টিভঙ্গী ৰখা উচিত?

১৮. বাপ্তিস্মাৰ পাছত, কি লক্ষ্যসমূহত উপনীত হবলৈ চেষ্টা কৰা উচিত?

১৯. পবিত্ৰ আত্মাই কি গুণবোৰক প্ৰৰ্দশন কৰিবলৈ আপোনাক সহায় কৰিব পাৰে?

২০. আপুনি কেনেকৈ যীচুৰ পৰিচাৰ্য্য কাৰ্য্যক অনুকৰণ কৰিব পাৰে?

২১. (ক) আমি কেনেকৈ জানিব পাৰো যে বিশ্বাসী বাপ্তাইজিত প্ৰত্যক ব্যক্তিক যিহোৱাই মূল্যবান বুলি বিবেচনা কৰে? (খ) কিহে দেখুৱাই যে এই দুষ্ট ৰীতি-ব্যৱস্থাৰ ওপৰত অতি সোনকালে আহিবলগীয়া ঈশ্বৰৰ ন্যায়দণ্ডৰ পৰা ৰক্ষা পাবলৈ বাপ্তিস্মা ইমান গুৰুত্বপূৰ্ণ?

২২. “বৰ লোকসমূহে” কি আশাবিলাকক উৎসাহেৰে অপেক্ষা কৰি আছে?

[Picture on page 172]

আপুনি প্ৰাৰ্থনাত ঈশ্বৰলৈ সমৰ্পণ কৰিছেনে?

[Pictures on page 174]

আপোনাক বাপ্তিস্মা লবলৈ কিহে বাধা দিয়ে?