Skip to content

Skip to table of contents

দুষ্ট আত্মিক দলক প্ৰতিৰোধ কৰক

দুষ্ট আত্মিক দলক প্ৰতিৰোধ কৰক

অধ্যায় ১২

দুষ্ট আত্মিক দলক প্ৰতিৰোধ কৰক

যীচুৰ বাপ্তিস্মাৰ ঠিক পাছতে, তেওঁ প্ৰাৰ্থনা আৰু ধ্যান কৰিবলৈ যিহুদীৰ নিৰ্জন ঠাইলৈ গৈছিল। দিয়াবল চয়তানে তাত তেওঁক ঈশ্বৰৰ বিধান ভঙ্গ কৰাবলৈ চেষ্টা কৰিছিল। কিন্তু, যীচুৱে দিয়াবলৰ প্ৰলোভনক অগ্ৰাহ্য কৰিছিল আৰু তাৰ ফান্দত ধৰা পৰা নাছিল। পৃথিবীত পৰিচাৰ্য্য কাৰ্য্যৰ সময়ত যীচু অন্য দুষ্ট আত্মাবিলাকৰ সন্মূখীন হৈছিল। তথাপি, বাৰে বাৰে তেওঁ সিবিলাকক তিৰস্কাৰ আৰু প্ৰতিৰোধ কৰিছিল।​—⁠লূক ৪:​১-১৩; ৮:​২৬-৩৪; ৯:​৩৭-৪৩.

দুষ্ট আত্মাবিলাকৰ সন্মূখীন হোৱা বাইবেলৰ বৰ্ণনাক আমি বিশ্বাস কৰা উচিত যে দুষ্ট আত্মিক দল অস্তিত্বত আছে। সিবিলাকে মানুহক পথভ্ৰষ্ট কৰিবলৈ চেষ্টা কৰে। কিন্তু, আমি এই দুষ্ট আত্মাবিলাকক প্ৰতিৰোধ কৰিব পাৰো। কিন্তু এই দুষ্ট আত্মাবিলাকৰ উৎপত্তি কʼৰ পৰা হৈছিল? সিবিলাকে কিয় মানুহক প্ৰতাৰণা কৰিবলৈ চেষ্টা কৰে? আৰু সিহঁতৰ উদ্দেশ্য সিদ্ধি কৰিবলৈ সিহঁতে কি পদ্ধতি ব্যৱহাৰ কৰে? এইধৰণৰ প্ৰশ্নবিলাকৰ উত্তৰে আপোনাক দুষ্ট আত্মিক দলক প্ৰতিৰোধ কৰিবলৈ সহায় কৰিব।

দুষ্ট আত্মা​—⁠ইয়াৰ উৎপত্তি আৰু উদ্দেশ্য

যিহোৱা ঈশ্বৰে মানুহ সৃষ্টি কৰা বহু পূৰ্ব্বে বহুসংখ্যক আত্মিক প্ৰাণীক সৃষ্টি কৰিছিল। (ইয়োব ৩৮:​৪, ৬) যিদৰে ৬ অধ্যায়ত বৰ্ণনা কৰা হৈছিল, তাৰে এজন স্বৰ্গদূতে যিহোৱাৰ পৰিবৰ্তে মানুহে তাক উপাসনা কৰাটো সি ইচ্ছা কৰিছিল। সেই উদ্দেশ্যৰে, এই দুষ্ট স্বৰ্গদূতে সৃষ্টিকৰ্ত্তাৰ বিৰোধ কৰিছিল আৰু অপবাদ দিছিল, আনকি প্ৰথম নাৰীক এই ইঙ্গিত দিছিল যে ঈশ্বৰ এজন মিছলীয়া। উপযুক্তৰূপে, এই বিদ্ৰোহী আত্মিক প্ৰাণীক দিয়াবল (নিন্দক) চয়তান (বিৰুধী) নামেৰে জনাজাত হৈছিল।​—⁠আদিপুস্তক ৩:​১-৫; ইয়োব ১:⁠৬.

পাছত, অন্য কিছুমান স্বৰ্গদূতেও দিয়াবল চয়তানৰ ফলীয়া হৈছিল। ধাৰ্ম্মিক ব্যক্তি নোহৰ দিনত, সিবিলাকৰ মাজৰ কিছুমানে স্বৰ্গত সিহঁতৰ সেৱা কাৰ্য্য ত্যাগ কৰি পৃথিবীৰ নাৰীবিলাকৰ সৈতে যৌনসংগমৰ কামস্পৃহা পূৰ্ণ কৰিবলৈ পাৰ্থিৱ দেহ ধাৰণ কৰিছিল। নিঃসন্দেহ অবাধ্যতাৰ পথ গ্ৰহণ কৰিবলৈ চয়তানে এই স্বৰ্গদূতসকলক প্ৰভাৱিত কৰিছিল। ইয়াৰ দ্বাৰা সিহঁতক নেফিল নামক বৰ্ণসঙ্কৰ সন্তানবিলাকৰ জন্ম দিছিল, যিসকল হিংস্ৰ গুণ্ডাত পৰিণত হৈছিল। যেতিয়া যিহোৱাই ডাঙৰ জলপ্লাৱন আনিছিল, ই দূৰ্ণীতিপৰায়ণ মানৱজাতি আৰু এই উলংঘাকাৰী স্বৰ্গদূতবিলাকে এই অস্বাভাৱিক বংসবিলাকৰ ধ্বংস কৰিছিল। বিদ্ৰোহী স্বৰ্গদূতবিলাকে সিহঁতৰ পাৰ্থিৱ দেহ ত্যাগ কৰি পুনৰাই আত্মিক স্থানলৈ উভতি গৈ ধ্বংসৰ পৰা পলাই হাৰিল। কিন্তু ঈশ্বৰে সেই দুষ্ট দূতবিলাকক আত্মিক আন্ধাৰত পেলাই সিবিলাকক নিয়ন্ত্ৰিত কৰি ৰাখিছিল। (আদিপুস্তক ৬:​১-৭, ১৭; যিহূদা ৬) “ভুতবোৰৰ (পিশাচবোৰৰ) শাসক,” চয়তান আৰু তাৰ দুষ্ট দূতবোৰে সিহঁতৰ বিদ্ৰোহ চলাই গৈছিল।। (লূক ১১:১৫, NW) সিহঁতৰ উদ্দেশ্য কি?

চয়তান আৰু পিশাচবোৰৰ উদ্দেশ্য হৈছে লোকসকলক যিহোৱা ঈশ্বৰৰ বিৰুদ্ধে নিয়া। এইবাবে, এই দুষ্টবোৰে গোটেই মানৱ ইতিহাসত লোকসকলক ভূল পথে পৰিচালিত কৰি ভয় দেখায় আৰু আক্ৰমণ কৰে। (প্ৰকাশিত বাক্য ১২:⁠৯) আধুনিক দিনৰ উদাহৰণে নিশ্চিত কৰিছে যে এতিয়া পিশাচৰ আক্ৰমণ আগতকৈ বেছি মাৰাত্মক হৈ পৰিছে। মানুহক ফান্দত পেলাবলৈ পিশাচবোৰে প্ৰায় প্ৰেতাত্মাবাদৰ সকলো প্ৰকাৰৰ ফান্দ ব্যৱহাৰ কৰে। পিশাচবোৰে কেনেকৈ এই প্ৰলোভন ব্যৱহাৰ কৰে আৰু আপুনি নিজকে কেনেকৈ নিৰাপত্তা দিব পাৰে?

কেনেকৈ দুষ্ট আত্মাই আপোনাক পথভ্ৰষ্ট কৰিবলৈ চেষ্টা কৰে

প্ৰেতাত্মাবাদ কি? ই পিশাচ বা দুষ্ট আত্মাৰ লগত পোনপটীয়াকৈ বা মানৱ মাধ্যমৰ দ্বাৰা জড়িত হয়। যিদৰে কোনো চিকাৰীয়ে জন্তুবোৰক প্ৰলোভিত কৰি তাৰ জালত পেলাবলৈ নানা প্ৰকাৰৰ টোপ ব্যৱহাৰ কৰে ঠিক এনেদৰে দুষ্ট আত্মাবিলাক মানুহক সিহঁতৰ বশত আনিবলৈ নানা প্ৰকাৰৰ প্ৰেতাত্মাবাদক উৎসাহিত কৰে। (গীতমালা ১১৯:১১০ তুলনা কৰক।) এইবিলাকৰ মাজৰ কিছুমান হৈছে মঙ্গল চোৱা, গণক, শুভ-অশুভ পূৰ্ব লক্ষণ চোৱা, মায়াবী, মন্ত্ৰ গোৱা, মাধ্যমৰ যোগেদি উপদেশ লোৱা আৰু মৃতসকলৰ লগত সংযোগ স্থাপন।

এই টোপবোৰে কাম কৰে কাৰণ গোটেই জগতৰ মানুহক প্ৰেতাত্মাবাদে আৰ্কষণ কৰে। যিসকলে গাওঁত বাস কৰে, তেওঁলোক ওজাৰ ওচৰলৈ যায় আৰু চহৰৰ কাৰ্য্যলয় কৰ্মীবিলাকে জোতিষীৰ পৰা পৰামৰ্শ লয়। প্ৰেতাত্মাবাদ তথাকথিত খ্ৰীষ্টান দেশবিলাকতো বৃদ্ধি পাইছে। গৱেষণাই ইঙ্গিত দিয়ে যে মাত্ৰ যুক্তৰাষ্ট্ৰতে প্ৰায় ৩০ খন আলোচনী যুক্তভাৱে যাৰ প্ৰচাৰৰ সংখ্যা একলগে ১০,০০০,০০০ তকৈও বেছি, যিবিলাকে বিভিন্ন প্ৰকাৰৰ প্ৰেতাত্মাবাদক সমৰ্থন কৰে। প্ৰত্যেক বছৰত ব্ৰাজিলবাসীয়ে প্ৰেতাত্মাবাদৰ বস্তুবোৰত ৫০ কোটিতকৈও অধিক ডলাৰ খৰচ কৰে। ইয়াৰ উপৰিও, সেই দেশত প্ৰেতাত্মাবাদী উপাসনা কেন্দ্ৰত যোৱা ৮০ শতাংশ লোক বাপ্তিস্মাপ্ৰাপ্ত কেথলিক, যিসকলে মাচত ভাগ লয়। যিহেতু কিছুমান পাদুৰীয়ে প্ৰেতাত্মাবাদক অভ্যাস কৰে, বহুতো ধাৰ্ম্মিক ব্যক্তিয়ে ভাবে যে এই অভ্যাস ঈশ্বৰৰ গ্ৰহণযোগ্য। কিন্তু তেওঁ গ্ৰহণ কৰেনে?

বাইবেলে প্ৰেতাত্মাবাদ অভ্যাসক কিয় নিন্দা কৰে

যদি আপোনাক শিকোৱা হৈছে যে কিছু প্ৰকাৰৰ প্ৰেতাত্মাবাদ ভাল আত্মাৰ সৈতে সৰ্ম্পক আছে তেতিয়া বাইবেলে প্ৰেতাত্মাবাদৰ বিষয়ে যি কয় তাক আপুনি জানি আচৰিত হব। যিহোৱাৰ লোকসকলক সতৰ্ক কৰি দিয়া হৈছিল: “ভূত পোহা আৰু গুণ-মন্ত্ৰ জনাবিলাকৰ ফাললৈ মূখ নকৰিবা; নিজকে অশুচি কৰিবৰ নিমিত্তে সিহঁতক সুধিবলৈ সিহঁতৰ ওচৰলৈ নাযাবা।” (লেবীয়া পুস্তক ১৯:৩১; ২০:​৬, ২৭) বাইবেলৰ প্ৰকাশিত বাক্য কিতাপে সাৱধানবাণী দিছে যে “যিবোৰে প্ৰেতাত্মাবাদৰ অভ্যাস কৰে” তেওঁক “জুই আৰু গন্ধকেৰে জ্বলি থকা সৰোবৰত নিজ নিজ ভাগ পাব, এয়ে দ্বিতীয় মৃত্যু।” (প্ৰকাশিত বাক্য ২১:৮; ২২:১৫) সকলো প্ৰকাৰৰ প্ৰেতাত্মাবাদ যিহোৱা ঈশ্বৰৰ বাবে ঘিণলগীয়া। (দ্বিতীয় বিবৰণ ১৮:​১০-১২) এনেকুৱা কিয়?

বাইবেল সম্পূৰ্ণ হোৱাৰ আগতে যিহোৱা ঈশ্বৰে ভাল আত্মা বা ধাৰ্ম্মিক স্বৰ্গদূতসকলক কিছুমান মানুহৰ সৈতে যোগা-যোগ কৰিবলৈ পঠিয়াইছিল। ইয়াৰ সম্পূৰ্ণ হোৱাৰ পাছৰ পৰাই ঈশ্বৰৰ বাক্যই, যিহোৱাক গ্ৰহণযোগ্যভাৱে সেৱা কৰিবলৈ প্ৰয়োজনীয় নিৰ্দেশ দিছিল। (২ তীমথিয় ৩:​১৬, ১৭; ইব্ৰী ১:​১, ২) তেওঁ মাধ্যমৰ যোগেদি সম্বাদ দিয়াৰ দ্বাৰা কেতিয়াও তেওঁৰ পবিত্ৰ বাক্যক এৰি নিদিয়ে। বৰ্তমান সময়ত, আত্মিক জগতৰ পৰা পোৱা এই ধৰণৰ সম্বাদ দুষ্ট আত্মাৰ পৰা আহে। প্ৰেতাত্মাবাদ অভ্যাসৰ দ্বাৰা পিশাচৰ হাৰাশাস্তি বা দুষ্ট দূতৰ দ্বাৰা নিয়ন্ত্ৰণলৈ লৈ যাব পাৰে। সেইবাবে, কোনো প্ৰেতাত্মাবাদ অভ্যাসত জড়িত নহবলৈ ঈশ্বৰে প্ৰেমেৰে আমাক সাৱধান কৰিছে। (দ্বিতীয় বিবৰণ ১৮:১৪; গালাতীয়া ৫:​১৯-২১) তদুপৰি, এই বিষয়ে যিহোৱাৰ দৃষ্টিভঙ্গী জনাৰ পাছতো যদি আমি প্ৰেতাত্মাবাদ অভ্যাস কৰো তেনেহলে আমি বিদ্ৰোহী দুষ্ট আত্মাৰ পক্ষ লোৱা হব আৰু ঈশ্বৰৰ শত্ৰু হব লাগিব।​—⁠১ চমূৱেল ১৫:২৩; ১ বংশাৱলি ১০:​১৩, ১৪; গীতমালা ৫:⁠৪.

১০ প্ৰেতাত্মাবাদৰ এক জনপ্ৰিয় ৰূপ হৈছে মঙ্গল চোৱা​—⁠আত্মাৰ সহায়েৰে ভৱিষ্যত বা অজ্ঞাত বিষয়ে জানিবলৈ চেষ্টা কৰা। মঙ্গল চোৱাৰ কিছু পদ্ধতি হৈছে জ্যোতিষ বিদ্যা, স্বচ্ছ-গোলক নিৰীক্ষণ, সপোনৰ অৰ্থ বাখ্যা, হস্তৰেখা বিদ্যা আৰু তাচ পাতৰ ব্যৱহাৰৰ দ্বাৰা ভৱিষ্যত কোৱা। বহুতো লোকে মঙ্গল চোৱাক অপকাৰ নকৰা খেল বুলি ভাবে, কিন্তু বাইবেলে দেখায় যে জোতিষী আৰু দুষ্ট আত্মা নিবিড়ভাৱে সম্বন্ধ আছে। উদাহৰণস্বৰূপে, পাঁচনিৰ কৰ্ম্ম ১৬:​১৬-১৯ পদে উল্লেখ কৰা “দৈবজ্ঞ আত্মা” যিয়ে এজনী দাসী ছোৱালীক “দৈববাণী” কবলৈ সমৰ্থ কৰাইছিল। কিন্তু, তাই ভৱিষ্যতৰ বিষয়ে কোৱা ক্ষমতা হেৰুৱালে যেতিয়া দুষ্ট আত্মা তাইৰ পৰা খেদাই দিয়া হৈছিল। স্পষ্টৰূপে, মঙ্গল চোৱা এনে এটা প্ৰলোভন যিটো পিশাচবোৰে মানুহক প্ৰলোভিত কৰি সিহঁতৰ ফান্দত পেলাবলৈ ব্যৱহাৰ কৰে।

১১ যদি আপুনি পৰিয়ালৰ এজন প্ৰিয় ব্যক্তি বা ঘনিষ্ঠ বন্ধুৰ মৃত্যুত শোক কৰি থাকে, তেতিয়াহলে আপুনি অতি সহজে আৰু এটা টোপৰ দ্বাৰা প্ৰলোভিত হব পাৰে। কোনো আত্মিক মাধ্যমৰ যোগেদি আপোনাক বিশেষ সম্বাদ দিব পাৰে বা এনেকুৱা মাতেৰে কথা কব যিটো সেই মৃত ব্যক্তিৰ যেন অনুমান হব। সাৱধান! মৃত ব্যক্তিৰ লগত যোগা-যোগ স্থাপনৰ প্ৰচেষ্টাই ফান্দলৈ লৈ যায়। কিয়? কাৰণ মৃত ব্যক্তিয়ে কথা পাতিব নোৱাৰে। যিদৰে আপোনাৰ মনত আছে, ঈশ্বৰৰ বাক্যই স্পষ্টৰূপে মৃত ব্যক্তিৰ বিষয়ে কয়, “সি পুনৰায় মাটিত লীন হয় আৰু সেই দিনাই তাৰ সঙ্কল্পবোৰ নষ্ট হয়।” মৃত ব্যক্তিয়ে “একোকেই নাজানে।” (গীতমালা ১৪৬:⁠৪; উপদেশক ৯:​৫, ১০) প্ৰকৃত পক্ষে দুষ্ট দূতবিলাক মৃতকৰ মাত অনুকৰণ কৰে আৰু আত্মিক মাধ্যমেৰে মৰি যোৱা জনৰ বিষয়ে সম্বাদ দিয়ে। (১ চমূৱেল ২৮:​৩-১৯) সেইবাবে যিজনে “মৰা মানুহৰ আত্মাৰ পৰামৰ্শ” লয়, তেওঁ দুষ্ট আত্মাৰ ফান্দত পৰে আৰু যিহোৱা ঈশ্বৰৰ ইচ্ছাৰ বিৰুদ্ধে কাৰ্য্য কৰে।​—⁠দ্বিতীয় বিবৰণ ১৮:​১১, ১২; যিচয়া ৮:⁠১৯.

আকৰ্ষণৰ পৰা আক্ৰমণ

১২ যেতিয়া আপুনি প্ৰেতাত্মাবাদৰ সমন্ধে ঈশ্বৰৰ বাক্যৰ থকা পৰামৰ্শ মানি চলে, তেতিয়া আপুনি পিশাচবোৰৰ প্ৰলোভন প্ৰতিৰোধ কৰে। (গীতমালা ১৪১:​৯, ১০; ৰোমীয়া ১২:⁠৯ তুলনা কৰক।) ইয়াৰ অৰ্থ এইটো নে যে দুষ্ট আত্মাই আপোনাক নিয়ন্ত্ৰণ কৰা চেষ্টাক এৰি দিব? কেতিয়াও নহয়! যীচুক তিনিবাৰ পৰীক্ষা কৰা পাছত, চয়তানে “কিছু কাললৈ তেওঁক এৰি গল।” (লূক ৪:১৩) ঠিক সেইদৰে, দুষ্ট আত্মাই মাত্ৰ মানুহক আকৰ্ষণে নকৰে কিন্তু আক্ৰমণো কৰে।

১৩ ঈশ্বৰৰ সেৱক ইয়োবৰ ওপৰত চয়তানৰ আক্ৰমণ বিষয়ে আমাৰ আগৰ আলোচনাক মনত পেলাওঁক। দিয়াবল, তেওঁৰ সকলো পশুধনৰ ক্ষতি আৰু তেওঁৰ অধিকাংশ দাসৰ মৃত্যু ঘটাইছিল। আনকি, চয়তানে ইয়োবৰ সন্তানসকলকো হত্যা কৰিছিল। তাৰ পাছত, ইয়োবৰ ওপৰত এটা যন্ত্ৰণাদায়ক ৰোগ দিছিল। কিন্তু ইয়োবে ঈশ্বৰৰ প্ৰতি তেওঁৰ নিষ্ঠা বজাই ৰাখিছিল আৰু মহান আশীৰ্ব্বাদ প্ৰাপ্ত হৈছিল। (ইয়োব ১:​৭-১৯; ২:​৭, ৮; ৪২:১২) তেতিয়াৰে পৰাই, দুষ্ট দূতবিলাকে কিছুমান লোকক বোবা বা অন্ধ কৰে আৰু মানুহৰ দুখ-কষ্টত আনন্দ লাভ কৰে। (মথি ৯:​৩২, ৩৩; ১২:২২; মাৰ্ক ৫:​২-৫) বৰ্তমান ৰিৰ্পটে দেখুৱাইছে যে পিশাচবোৰে কিছুমান লোকক যৌনভিত্তিত হাৰাশাস্তি কৰে আৰু অন্যক মানসিক বিকৃতি ঘটায়। কিছুমান লোকক হত্যা কৰিবলৈ বা আত্মাহত্যা কৰিবলৈ উৎসাহ দিয়ে যিবিলাক ঈশ্বৰৰ বিৰুদ্ধে পাপ। (দ্বিতীয় বিবৰণ ৫:১৭; ১ যোহন ৩:১৫) তথাপিও, হাজাৰ হাজাৰ লোকে যিসকলে দুষ্ট আত্মাৰ জালত পৰিছিল তেওঁলোকে নিজকে সেইবোৰৰ পৰা মুক্ত কৰিবলৈ সক্ষম হৈছে। তেওঁলোকৰ বাবে এইটো কেনেকৈ সম্ভৱ হৈছে? তেওঁলোকে অতি গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱাৰ দ্বাৰা সেয়া কৰিব পাৰিছে।

দুষ্ট আত্মাবিলাক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি

১৪ দুষ্ট আত্মাবিলাকক প্ৰতিৰোধ কৰা আৰু নিজে আৰু নিজৰ পৰিয়ালক সিহঁতৰ জালৰ পৰা ৰক্ষা কৰিব পৰা এটা উপায় কি? প্ৰথম শতাব্দী ইফিচীয়াৰ খ্ৰীষ্টীয়সকলে বিশ্বাসী হোৱাৰ আগতে প্ৰেতাত্মাবাদ অভ্যাস কৰিছিল, সিহঁতে সঠিক পদক্ষেপ গ্ৰহণ কৰিছিল। আমি পঢ়ো যে “আৰু মায়াকৰ্ম্ম কৰাবিলাকৰো ভালেমান লোকে নিজ নিজ পুস্তক গোটাই আনি, সকলোৰে আগত পুৰি পেলালে।” (পাঁচনিৰ কৰ্ম্ম ১৯:১৯) যদিও আপুনি প্ৰেতাত্মাবাদৰ অভ্যাস কৰা নাই তথাপি প্ৰেতাত্মাবাদৰ বাবে ব্যৱহৃত বা তাৰ লগত সম্বন্ধ থকা সকলো বস্তুক নষ্ট কৰক। ইয়াত কিতাপ, আলোচনী, ভিডিঅ, পোষ্টাৰ, সঙ্গীতৰ ৰেৰ্কড আৰু প্ৰেতাত্মাবাদৰ উদ্দেশ্যে ব্যৱহাৰ কৰা বিষয়-বস্তুবিলাক অন্তৰ্ভুক্ত আছে। ইয়াত প্ৰতিমূৰ্তি, মন্ত্ৰপূত তাবিজ, ৰক্ষা পাবৰ বাবে অনেক বস্তু আৰু প্ৰেতাত্মাবাদ অভ্যাস কৰাসকলৰ পৰা পোৱা উপহাৰসমূহো অন্তৰ্ভুক্ত আছে। (দ্বিতীয় বিবৰণ ৭:​২৫, ২৬; ১ কৰিন্থীয়া ১০:২১) উদাহৰণৰূপে: থাইলেণ্ডৰ এক বিবাহিত দম্পতিক বহুত দিন ধৰি পিশাচবোৰে হাৰাশাস্তি কৰিছিল। তেতিয়া তেওঁলোকে প্ৰেতাত্মাবাদ সম্বন্ধীয় বস্তুবোৰ নষ্ট কৰিছিল। তাৰ পৰিণাম কি হৈছিল? তেওঁলোক পৈশাচীক আক্ৰমণৰ পৰা মুক্ত হʼল আৰু তাৰ পিছৰ পৰাই আধ্যাত্মিকত উন্নতি কৰিব পাৰিলে।

১৫ দুষ্ট আত্মাবিলাকক প্ৰতিৰোধ কৰিবলৈ অন্য এটা প্ৰয়োজনীয় ব্যৱস্থা হৈছে, ঈশ্বৰ-প্ৰদান আধ্যাত্মিক যুদ্ধৰ কবচ পৰিধান কৰি পাঁচনি পৌলৰ পৰামৰ্শ মানি চলা। (ইফিচীয়া ৬:​১১-১৭) খ্ৰীষ্টীয়সকলে দুষ্ট আত্মাৰ বিৰুদ্ধে নিজৰ প্ৰতিৰোধ ব্যৱস্থাক শক্তিশালী কৰিব পাৰে। এই পদক্ষেপত কি অন্তৰ্ভুক্ত আছে? “তাত বাজে,” পৌলে কৈছিল, “যিহৰে তোমালোকে পাপ-আত্মাৰ সকলো অগ্নি-শৰ নুমাব পাৰিবা, এনে বিশ্বাসৰ ঢাল লোৱা।” দৰাচলতে, যিমানে আপোনাৰ বিশ্বাস শক্তিশালী হব সিমানে আপুনি দুষ্ট আত্মিক দলক প্ৰতিৰোধ কৰিবলৈ সমৰ্থ হব।​—⁠মথি ১৭:​১৪-২০.

১৬ কেনেকৈ আপোনাৰ বিশ্বাস শক্তিশালী কৰিব পাৰে? নিয়মিতভাৱে বাইবেল অধ্যায়ন কৰা আৰু ইয়াৰ পৰামৰ্শক নিজৰ জীৱনত প্ৰয়োগৰ দ্বাৰা। এজন ব্যক্তিৰ বিশ্বাস-শক্তি নিৰ্ভৰ কৰে ইয়াৰ ভিত্তিৰ দৃঢ়তাত​—⁠ঈশ্বৰৰ জ্ঞান। আপুনি সন্মত নহয়নে যে বাইবেল অধ্যয়ন কৰাৰ যোগেদি যি যৰ্থাথ জ্ঞান আপুনি পালে আৰু গুৰুত্ব সহকাৰে বিবেচনা কৰিছে, ই আপোনাৰ বিশ্বাস দৃঢ় কৰিছে? (ৰোমীয়া ১০:​১০, ১৭) নিঃসন্দেহ, যেতিয়া আপুনি এই অধ্যয়ন কৰি থাকিব আৰু যিহোৱাৰ সাক্ষীসকলৰ সভাবিলাকত উপস্থিত হোৱাৰ অভ্যাস কৰিব, তেতিয়া আপোনাৰ বিশ্বাস আৰু বেছি দৃঢ় হব। (ৰোমীয়া ১:​১১, ১২; কলচীয়া ২:​৬, ৭) পিশাচৰ আক্ৰমণৰ বিৰুদ্ধে ই এটা মহা শক্তিশালী সুৰক্ষা​—⁠১ যোহন ৫:⁠৫.

১৭ এজন ব্যক্তিয়ে দুষ্ট আত্মিক দলক প্ৰতিৰোধ কৰিবলৈ দৃঢ়প্ৰতিজ্ঞা হবলৈ কি পদক্ষেপ লোৱা উচিত? ইফিচীয়াৰ খ্ৰীষ্টীয়সকলক ৰক্ষাৰ আৱশ্যক আছিল কিয়নো তেওঁলোকে পৈশাচীক অধীনত থকা নগৰত বাস কৰিছিল। সেইবাবে, পৌলে তেওঁলোকক কৈছিল: “সকলো সময়তে আত্মাত প্ৰাৰ্থনা কৰা।” (ইফিচীয়া ৬:১৮) যিহেতু আমি এখন পিশাচৰ অধীনক থকা জগতত বাস কৰো, দুষ্ট আত্মাক প্ৰতিৰোধ কৰিবলৈ ঈশ্বৰৰ ওচৰত সুৰক্ষাৰ বাবে একান্ত মনেৰে প্ৰাৰ্থনা কৰা আৱশ্যক। (মথি ৬:১৩) এই সমন্ধে খ্ৰীষ্টীয় মন্ডলীৰ নিযুক্ত অধ্যক্ষসকলৰ আধ্যাত্মিক সহায় আৰু প্ৰাৰ্থনা এই বিষয়ত উপকাৰী।​—⁠যাকোব ৫:​১৩-১৫.

দুষ্ট আত্মাৰ বিৰুদ্ধে আপোনাৰ যুদ্ধ চলাই যাওঁক

১৮ তথাপি, এই প্ৰাথমিক পদক্ষেপবিলাক লোৱাৰ পাছতো, কিছুমান লোকক দুষ্ট আত্মাই হাৰাশাস্তি কৰে। উদাহৰণস্বৰূপে, কোট্‌ ডিভোৰৰ এজন ব্যক্তিয়ে যিহোৱাৰ সাক্ষীসকলৰ লগত বাইবেল অধ্যায়ন আৰম্ভ কৰে আৰু তেওঁৰ সকলো তাবিজ নষ্ট কৰি দিছিল। তাৰ পাছত, তেওঁ ভালদৰে উন্নতি কৰি নিজৰ জীৱন যিহোৱাক সৰ্মপিত কৰি বাপ্তিস্মা লৈছিল। কিন্তু তেওঁৰ বাপ্তিস্মাৰ এসপ্তাহৰ পাছত, ভুতে তেওঁক আকৌ আমনি কৰিবলৈ ধৰিলে আৰু কিছুমান কন্ঠস্বৰে তেওঁক কৈছিল যে নিজৰ নতুন বিশ্বাসক ত্যাগ দিয়ক। যদি আপোনাৰ ক্ষেত্ৰত এনে হয় ইয়াৰ অৰ্থ এইটো নে যে আপুনি যিহোৱাৰ সুৰক্ষা হেৰুৱাই পেলাইছে? নিশ্চয় নহয়।

১৯ যিহেতু সিদ্ধ ব্যক্তি যীচু খ্ৰীষ্টৰ ঐশ্বৰিক নিৰাপত্তা আছিল, তেওঁ দুষ্ট আত্মিক প্ৰাণী দিয়াবল চয়তানৰ কন্ঠস্বৰ শুনিছিল। যীচুৱে দেখাইছিল এনেবোৰ ক্ষেত্ৰত কি কৰিব লাগে। তেওঁ দিয়াবলক কৈছিল: “গুচি যা, চয়তান!” (মথি ৪:​৩-১০) ঠিক একেদৰে, আপুনি এই জগতৰ আত্মাৰ পৰা অহা কন্ঠস্বৰ শুনা অস্বীকাৰ কৰা উচিত। যিহোৱাৰ সহায় বিচাৰি দুষ্ট আত্মাক প্ৰতিৰোধ কৰক। হয়, ঈশ্বৰৰ নাম ব্যৱহাৰ কৰি উচ্চস্বৰে প্ৰাৰ্থনা কৰক। হিতোপদেশ ১৮:১০ পদে কয়: “যিহোৱাৰ নাম দৃঢ় দুৰ্গস্বৰূপ; ধাৰ্ম্মিক লোক তালৈ পলাই গৈ ৰক্ষা পায়।” কোট্‌ ডিভোৰৰ সেই খ্ৰীষ্টীয় ব্যক্তিজনে ঠিক সেইদৰে কৰিছিল আৰু দুষ্ট আত্মাই তেওঁক হাৰাশাস্তি কৰিবলৈ বন্ধ কৰিছিল।​—⁠গীতমালা ১২৪:৮; ১৪৫:⁠১৮.

২০ যিহোৱাই দুষ্ট আত্মাক অস্তিত্বত থাকিবলৈ অনুমতি দিছে, কিন্তু তেওঁ নিজৰ শক্তি বিশেষকৈ নিজৰ লোকসকলৰ প্ৰতি দেখুৱাই আৰু তেওঁৰ নাম গোটেই পৃথিবীত ঘোষণা কৰি আছে। (যাত্ৰাপুস্তক ৯:১৬) যদি আপুনি ঈশ্বৰৰ কাষত থাকে, তেতিয়াহলে আপোনাক দুষ্ট আত্মাক ভয় কৰাৰ কোনো প্ৰয়োজন নাই। (গণনাপুস্তক ২৩:​২১, ২৩; যাকোব ৪:​৭, ৮; ২ পিতৰ ২:⁠৯) তেওঁবিলাকৰ ক্ষমতা সীমিত। তেওঁলোকক নোহৰ দিনত শাস্তি দিয়া হৈছিল, সাম্প্ৰতিক কালত তেওঁলোকক স্বৰ্গৰ পৰা খেদাই দিয়া হৈছিল আৰু এতিয়া শেষ বিচাৰৰ বাবে অপেক্ষা কৰি আছে। (যিহূদা ৬; প্ৰকাশিত বাক্য ১২:৯; ২০:​১-৩, ৭-১০, ১৪) আচলতে, সিহঁতে আহিবলগীয়া ধ্বংসৰ বাবে আতঙ্কিত হৈছে। (যাকোব ২:১৯) সেইবাবে আপোনাক দুষ্ট আত্মাই যিমানে প্ৰলোভনলৈ আৰ্কষণ কৰিলেও বা যিকোনো প্ৰকাৰৰ আক্ৰমণ কৰিলেও আপুনি সিহঁতক প্ৰতিৰোধ কৰিব পাৰে। (২ কৰিন্থীয়া ২:১১) প্ৰেতাত্মাবাদৰ সকলো পদ্ধতি ত্যাগ দিয়ক, ঈশ্বৰৰ বাক্যৰ পৰামৰ্শক অবলম্বন কৰক আৰু যিহোৱাৰ ওচৰত প্ৰাৰ্থনা কৰক। বিনা পলমে এইবিলাক কৰক, কিয়নো আপোনাৰ জীৱন দুষ্ট আত্মিক দলক প্ৰতিৰোধৰ ওপৰত নিৰ্ভৰ কৰে!

আপোনাৰ জ্ঞান পৰীক্ষা কৰক

দুষ্ট আত্মাই কেনেকৈ মানুহক পথভ্ৰষ্ট কৰিবলৈ চেষ্টা কৰে?

বাইবেলে প্ৰেতাত্মাবাদক কিয় নিন্দা কৰে?

এজন ব্যক্তিয়ে কেনেকৈ দুষ্ট আত্মিক দলৰ পৰা মুক্ত হব পাৰে?

কিয় আপোনাক দুষ্ট আত্মাক প্ৰতিৰোধ কৰিবলৈ চেষ্টা কৰা উচিত?

[Study Questions]

১. যেতিয়া যীচুৱে দুষ্ট আত্মাৰ সম্মূখীন হৈছিল তেওঁ কেনেকৈ তাৰ বিৰোধ কৰিছিল?

২. আমি কি প্ৰশ্নবিলাকৰ আলোচনা কৰিম?

৩. দিয়াবল চয়তানৰ উৎপত্তি কেনেকৈ হৈছিল?

৪. নোহৰ দিনত কিছুমান স্বৰ্গদূতে কেনেকৈ পাপ কৰিছিল?

৫. চয়তান আৰু তাৰ পিশাচবোৰৰ উদ্দেশ্য কি আৰু মানুহক ফান্দত পেলাবলৈ সিহঁতে কি ব্যৱহাৰ কৰে?

৬. প্ৰেতাত্মাবাদ কি আৰু ইয়াৰ কিছুমান পদ্ধতি কি কি?

৭. প্ৰেতাত্মাবাদ কিমান বিস্তৃত আৰু তথাকথিত খ্ৰীষ্টান দেশবোৰত ই কিয় সমৃদ্ধিশালী হয়?

৮. প্ৰেতাত্মাবাদৰ প্ৰতি শাস্ত্ৰীয় দৃষ্টিভঙ্গী কি?

৯. আমি কিয় কব পাৰো যে বৰ্তমান সময়ত আত্মিক জগতৰ পৰা অহা বাৰ্তাবিলাক যিহোৱাৰ পৰা নাহে?

১০. মঙ্গল চোৱা কি আৰু আমি কিয় ইয়াৰ পৰা আঁতৰি থকা উচিত?

১১. মৃত ব্যক্তিৰ লগত যোগা-যোগ কৰাৰ চেষ্টাই ফান্দত কেনেকৈ পেলাব পাৰে?

১২, ১৩. পিশাচবোৰে যে লোকসকলক প্ৰলোভিত কৰিবলৈ চেষ্টা আৰু হাৰাশাস্তি কৰে ইয়াৰ কি প্ৰমাণ আছে?

১৪. প্ৰথম-শতাব্দী ইফিচীয়া খ্ৰীষ্টীয়সকলৰ সামঞ্জস্যত, আপুনি কেনেকৈ দুষ্ট আত্মাক প্ৰতিৰোধ কৰিব পাৰে?

১৫. দুষ্ট আত্মিক দলক প্ৰতিৰোধ কৰিবলৈ অন্য এটা গুৰুত্বপূৰ্ণ পদক্ষেপ কি?

১৬. আপুনি কেনেকৈ আপোনাৰ বিশ্বাস শক্তিশালী কৰিব পাৰে?

১৭. দুষ্ট আত্মিক দলক প্ৰতিৰোধ কৰিবলৈ অন্য ব্যৱস্থাবোৰ কি হব পাৰে?

১৮, ১৯. যদি এজন ব্যক্তিক পিশাচবোৰে পুনৰ আমনি কৰে তেতিয়াহলে কি কৰাৰ আৱশ্যক?

২০. সংক্ষেপে বৰ্ণনা কৰক, দুষ্ট আত্মাক প্ৰতিৰোধ কৰিবলৈ আপুনি কি কৰিব পাৰে?

[Picture on page 110]

সকলো ধৰণৰ প্ৰেতত্মাবাদৰ প্ৰতি আপুনি কেনে দৃষ্টিভঙ্গী ৰাখে?