Skip to content

Skip to table of contents

যীচু খ্ৰীষ্ট—ঈশ্বৰৰ জ্ঞানৰ চাবি

যীচু খ্ৰীষ্ট—ঈশ্বৰৰ জ্ঞানৰ চাবি

অধ্যায় ৪

যীচু খ্ৰীষ্ট—ঈশ্বৰৰ জ্ঞানৰ চাবি

আপুনি আপোনাৰ ঘৰৰ দুৱাৰ মুখত থিয় হৈ চাবি লগাই খোলাৰ চেষ্টা কৰিছে। বাহিৰত ঠাণ্ডা হৈছে আৰু এন্ধাৰ, আপুনি ভিতৰলৈ সোমাবলৈ ব্যাকুল হৈ পৰিছে​—⁠কিন্তু চাবিয়ে কাম কৰা নাই। চাবিটো সঠিক যেন লাগিছে, কিন্তু তলাটো খোলা নাই। কি যে হতাশজনক! আপুনি আকৌ চাবিটো পৰীক্ষা কৰিছে। আপুনি সঠিক চাবি ব্যৱহাৰ কৰিছেনে? কোনোবাই চাবিটো অনিষ্ট কৰিলে নেকি?

এইটো এটা সুন্দৰ উদাহৰণ যে কেনেদৰে এই জগতৰ ধৰ্ম্মই ঈশ্বৰৰ জ্ঞান সমন্ধে যি কৰে তাৰ এক উপযুক্ত উদাহৰণ। আচলতে, আমি ঈশ্বৰৰ জ্ঞানক বুজি পোৱা চাবিৰ সৈতে সাল-সলনি কৰিলে​—⁠যীচু খ্ৰীষ্ট। সম্পূৰ্ণৰূপে যীচু খ্ৰীষ্টক অগ্ৰাহ্য কৰি কিছুমান ধৰ্ম্মই এই চাবিক আঁতৰাই দিছে। কিছুমানে যীচুৰ ভূমিকাক বিকৃত কৰি, সৰ্ব্বশক্তিমান ঈশ্বৰৰূপে উপাসনা কৰিছে। যিকোনো ক্ষেত্ৰত এই সৰ্ব্বশ্ৰেষ্ঠ ব্যক্তি, যীচু খ্ৰীষ্টৰ বিষয়ে এক সঠিক জ্ঞান নহলে ঈশ্বৰৰ জ্ঞান আমালৈ বন্ধ হয়।

আপুনি মনত পেলাব পাৰে যীচুৱে যি কৈছিল: “আৰু একমাত্ৰ সত্য ঈশ্বৰ যি তুমি, তোমাক আৰু তুমি পঠোৱা যীচু খ্ৰীষ্টক জনা, এয়েই অনন্ত জীৱন।” (যোহন ১৭:⁠৩) এইটো কথাষাৰ কওঁতে, যীচুৱে অহঙ্কাৰ কৰা নাছিল। যীচুৰ বিষয়ে সঠিক জ্ঞানৰ আৱশ্যকতাৰ বিষয়ে শাস্ত্ৰই বাৰে বাৰে গুৰুত্ব দিছে। (ইফিচীয়া ৪:​১৩, NW; কলচীয়া ২:২; ২ পিতৰ ১:৮; ২:২০) পাঁচনি পিতৰে বৰ্ণনা কৰিছিল: “তেওঁৰ [যীচু খ্ৰীষ্ট] পক্ষে সকলো ভাববাদীয়ে এই সাক্ষ্য দিয়ে।” (পাঁচনিৰ কৰ্ম্ম ১০:৪৩) আৰু পাঁচনি পৌলে লিখিছিল: “সেই [যীচুতেই] জ্ঞান আৰু বিদ্যাৰ সকলো ধন গুপ্ত আছে।” (কলচীয়া ২:⁠৩) পৌলে এইটোও কৈছিল যে যীচুতেই যিহোৱাৰ সকলো প্ৰতিজ্ঞা সত্যৰূপে পূৰ্ণ হৈছে। (২ কৰিন্থীয়া ১:২০) সেইহে যীচু খ্ৰীষ্ট হৈছে ঈশ্বৰৰ জ্ঞানৰ প্ৰকৃত চাবি। যিকোনো বিভ্ৰান্তিৰ পৰা যীচুৰ স্বভাৱ আৰু ঈশ্বৰৰ ব্যৱস্থাত তেওঁৰ ভূমিকাই আমাক মুক্ত কৰিব পাৰে। কিন্তু যীচুৰ অনুগামীসকলে তেওঁক ঈশ্বৰৰ উদ্দেশ্যৰ প্ৰধান হিচাবে কিয় বিবেচনা কৰে?

প্ৰতিজ্ঞাত মচীহ

বিশ্বাসী ব্যক্তি হেবলৰ দিনৰ পৰাই, যিহোৱা ঈশ্বৰৰ ভাবী বংশৰ ভৱিষ্যতবাণীৰ সৰ্ম্পকে তেওঁৰ দাসসকলে অধীৰ আগ্ৰহৰে বাট চাই আছিল। (আদিপুস্তক ৩:১৫; ৪:​১-৮; ইব্ৰী ১১:⁠৪) ই প্ৰকাশ কৰিছিল যে সেই বংশই ঈশ্বৰৰ উদ্দেশ্যৰ মচীহৰূপে কাৰ্য্য কৰিব, মচীহ যাৰ অৰ্থ হৈছে “অভিষিক্ত জনা।” তেওঁ “পাপ মোচন কৰিব,” আৰু তেওঁৰ ৰাজ্য মহিমাৰ বিষয়ে গীতমালাত ভৱিষ্যতবাণী কৰা হৈছিল। (দানিয়েল ৯:​২৪-২৬; গীতমালা ৭২:​১-২০) মচীহৰূপে কোন প্ৰমাণিত হবলৈ আছিল?

কল্পনা কৰক নাচৰৎ যীচুৰ কথা শুনি আন্দ্ৰিয় নামৰ ডেকা যিহুদীজনে কিমান উত্তেজিত হৈছিল। আন্দ্ৰিয়ই তেওঁৰ ককায়েক চিমোন পিতৰৰ ওচৰলৈ গৈ কৈছিল: “আমি মচীহক পালোঁ।” (যোহন ১:৪১) যীচুৰ শিষ্যসকলে নিশ্চিত আছিল যে তেৱেঁ ই প্ৰতিজ্ঞাত মচীহ। (মথি ১৬:১৬) যীচুৱেই যে ভাৱিষ্যবাণীত কোৱা মচীহ বা খ্ৰীষ্ট, এই বিশ্বাসৰ বাবে সত্য খ্ৰীষ্টানসকলে ইচ্ছাকৃতভাৱে তেওঁলোকৰ জীৱন দিবলৈ প্ৰস্তুত আছিল। তেওঁলোকে কি প্ৰমাণ পাইছিল? আহক তিনি প্ৰকাৰৰ প্ৰমাণৰ বিষয়ে আমি আলোচনা কৰোহঁক।

যীচুৱে যে মচীহ আছিল তাৰ প্ৰমাণ

যীচুৰ বংশাৱালীয়ে প্ৰথম ভিক্তি স্থাপন কৰি চিনাক্ত কৰে যে তেৱেঁ ই প্ৰতিজ্ঞাত মচীহ। যিহোৱাই তেওঁৰ সেৱক অব্ৰাহামক কৈছিল যে প্ৰতিজ্ঞাত বংশ তেওঁৰ পৰিয়ালৰ পৰা আহিব। অব্ৰাহামৰ পুত্ৰ ইচাহক, ইচাহকৰ পুত্ৰ যাকোব আৰু যাকোবৰ পুত্ৰ যিহূদা প্ৰত্যেকেই সেই একে প্ৰতিজ্ঞা পাইছিল। (আদিপুস্তক ২২:১৮; ২৬:​২-৫; ২৮:​১২-১৫; ৪৯:১০) বহু শতাব্দীৰ পাছত মচীহৰ আগমণৰ বংশ আৰু স্পষ্ট হৈ পৰিল যেতিয়া ৰজা দায়ুদক কৈছিল যে তেওঁৰ বংশৰ পৰা সেইজনা উৎপন্ন হব। (গীতমালা ১৩২:​১১; যিচয়া ১১:​১, ১০) মথি আৰু লূকৰ শুভবাৰ্ত্তাত, নিশ্চিত কৰিছিল যে যীচু সেই পৰিয়ালৰ বংশত আবিৰ্ভাৱ হৈছিল। (মথি ১:​১-১৬; লূক ৩:​২৩-৩৮) যদিও যীচুৰ বহুতো শত্ৰু আছিল, তথাপি সিহঁতৰ এজনো তেওঁৰ সুপৰিচিত বংশৱলী সৰ্ম্পকে কোনেও কেতিয়া আপত্তি জনোৱা নাছিল। (মথি ২১:​৯, ১৫) স্পষ্টৰূপে, তেনেহলে তেওঁৰ বংশৱলী বিষয়ে প্ৰশ্নৰ বহু আঁতৰত। যিহেতু, যিহুদী বংশ বিৱৰণ নষ্ট হৈছিল যেতিয়া ৰোমানসকলে সা.যু. ৭০ চনত যিৰূচালেম লুট কৰিছিল। তাৰ পাছত, কোনেও প্ৰতিজ্ঞাত মচীহ বুলি কেতিয়াও প্ৰমাণৰ দাবী কৰা নাছিল।

ভৱিষ্যতবাণী পূৰ্ণতা হৈছে দ্বিতীয় প্ৰমাণ। হিব্ৰু শাস্ত্ৰৰ বহু ভৱিষ্যতবাণীয়ে মচীহ জীৱনৰ বিভিন্ন পৰিস্থিতিৰ সৰ্ম্পকে বৰ্ণনা কৰিছে। সা.যু.পূ. অষ্টম শতাব্দীত ভাববাদী মীখায়ে, ভাববাণী কৰিছিল যে এই মহান শাসক, এখন সৰু নগৰ বৈৎলেহেমত জন্মগ্ৰহণ কৰিব। ইস্ৰায়েলৰ দুখন নগৰৰ নাম বৈৎলেহেম আছিল, কিন্তু এই ভৱিষ্যতবাণী নিদিষ্ট এখনৰ বিষয়ে উল্লেখ কৰিছিল: বৈৎলেহেম ইফ্ৰাথা, যʼত ৰজা দায়ুদ জন্মগ্ৰহণ কৰিছিল। (মীখা ৫:⁠২) যীচুৰ পিতৃ-মাতৃ, যোচেফ আৰু মৰিয়াম নাচৰতত বাস কৰিছিল, উত্তৰ বৈৎলেহেমৰ পৰা প্ৰায় ১৫০ কিলʼমিটাৰ আঁতৰত। যেতিয়া মৰিয়ম গৰ্ভৱতী আছিল, ৰোমান শাসক আগস্ত কৈচৰে সকলো লোকক নিজৰ নগৰলৈ গৈ পঞ্জীকৰণ কৰিবলৈ আজ্ঞা দিছিল। * সেইবাবে যোচেফে তেওঁৰ গৰ্ভৱতী পত্নীক লগত লৈ বৈৎলেহেমলৈ গৈছিল, যʼত যীচুৰ জন্ম হৈছিল।​—⁠লূক ২:​১-৭.

সা.যু.পূ. ষষ্ট শতাব্দীত, ভাববাদী দানিয়েলে ভৱিষ্যতবাণী কৰিছিল যে যিৰূচালেমক পুনঃস্থাপন আৰু নিৰ্ম্মাণ কৰিবৰ আজ্ঞা প্ৰকাশিত হোৱাৰ ৬৯ “সপ্তাহ” পাছত বা অভিষিক্ত ব্যক্তি “মচীহ অধিপতি” জন উপস্থিত হব। (দানিয়েল ৯:​২৪, ২৫) ইয়াৰ প্ৰত্যেক “সপ্তাহ,” সাত বছৰ আছিল। * বাইবেল আৰু জগতৰ ইতিহাসৰ মতে, যিৰূচালেমৰ পুনঃস্থাপনৰ আজ্ঞা সা.যু.পূ. ৪৫৫ চনত দিয়া হৈছিল। (নহিমিয়া ২:​১-৮) সেইদৰে মচীহ সা.যু.পূ ৪৫৫ চনৰ পৰা ৪৮৩ (৬৯ পূৰণ ৭) বছৰত অৰ্বিভাৱ হৈছিল। ই আমাক সা.যু. ২৯ চনলৈ আনে আৰু সেই বছৰেই যিহোৱা ঈশ্বৰে যীচুক পবিত্ৰ আত্মাৰে অভিষেক কৰিছিল। এইদৰে যীচু হৈছিল “খ্ৰীষ্ট” (অৰ্থাৎ “অভিষিক্ত জনা”) বা মচীহ।​—⁠লূক ৩:​১৫, ১৬, ২১, ২২.

যিহেতু, সকলোৱে যীচুক প্ৰতিজ্ঞাত মচীহ বুলি স্বীকাৰ কৰা নাছিল আৰু শাস্ত্ৰই ইয়াৰ বিষয়ে ভাববাণী কৰিছিল। যিদৰে গীতমালা ২:​৩ পদত ৰজা দায়ুদ ঈশ্বৰৰ দ্বাৰা অনুপ্ৰেৰিত হৈ ভৱিষ্যতবাণী কৰিছিল: “যিহোৱা আৰু তেওঁৰ অভিষিক্ত জনাৰ বিৰুদ্ধে পৃথিবীৰ ৰজাবিলাক উঠিছে আৰু অধিপতিবিলাকে একে-লগে আলচ কৰিছে।” এই ভৱিষ্যতবাণীয়ে সংকেত কৰিছিল যে বহু ঠাইৰ প্ৰধান নেতাসকলে একগোট হৈ যিহোৱাৰ অভিষিক্ত জনা, বা মচীহক আক্ৰমণ কৰিবলৈ একগোট হব আৰু সেইদৰে ঘটিছিল। যিহুদীসকলৰ ধৰ্ম্মীয় নেতাসকল, হেৰোদ ৰজা আৰু ৰোমান শাসনকৰ্তা পন্তীয় পীলাত, এই সকলোৱে যীচুক হত্যা কৰিবলৈ একগোট হৈ ষড়যন্ত্ৰ ৰচিছিল। পূৰ্ব্বৰ শত্ৰু হেৰোদ আৰু পীলাত সেইদিনাৰ পৰা পৰস্পৰ বন্ধু হৈছিল। (মথি ২৭:​১, ২; লূক ২৩:​১০-১২; পাঁচনিৰ কৰ্ম্ম ৪:​২৫-২৮) যীচুৱেই যে মচীহ ইয়াৰ আৰু প্ৰমাণৰ বাবে, অনুগ্ৰহ কৰি লগতে দিয়া “মচীহ সম্বন্ধে কিছুমান উল্লেখযোগ্য ভৱিষ্যতবাণী” নামৰ তালিকাখন চাওঁক।

১০যিহোৱা ঈশ্বৰৰ সাক্ষ্যই তৃতীয় প্ৰমাণ হিচাবে যীচুৰ মচীহ পৰিচয়ক সমৰ্থন কৰে। যীচুৱেই যে প্ৰতিজ্ঞাত মচীহ, ইয়াক লোকসকলে জানিবলৈ যিহোৱাই স্বৰ্গদূতক পঠিয়াইছিল। (লূক ২:​১০-১৪) তদুপৰি, পৃথিবীত যীচু থকা সময়ত, যিহোৱা ঈশ্বৰে নিজেই স্বৰ্গৰ পৰা আকাশবাণী কৰি যীচুৰ ওপৰত থকা সৰ্মথনক তেওঁ প্ৰকাশ কৰিছিল। (মথি ৩:​১৬, ১৭; ১৭:​১-৫) যিহোৱা ঈশ্বৰে যীচুক অলৌকিক কৰ্ম্ম কৰিবলৈ শক্তি দিছিল। এইবোৰৰ প্ৰত্যেকটোৱেই ঈশ্বৰীয় প্ৰমাণ দিছিল যে যীচুৱেই মচীহ আছিল, কিয়নো ঈশ্বৰে প্ৰবঞ্চনা কৰা ব্যক্তিক কেতিয়াও অলৌকিক কৰ্ম্ম কৰিবলৈ শক্তি নিদিয়ে। যিহোৱাই শুভবাৰ্ত্তা লিখাৰ অনুপ্ৰেৰণা দিবলৈ পবিত্ৰ আত্মা ব্যৱহাৰ কৰিছিল, যাৰ বাবে যীচুৰ মচীহ পৰিচয়ক প্ৰমাণ হিচাবে বাইবেলৰ ভাগ হৈছিল আৰু ই ইতিহাসত সকলোতকৈ বেছি ব্যাপকৰূপে অনুবাদ আৰু বিতৰণ কৰা পুস্তক।​—⁠যোহন ৪:​২৫, ২৬.

১১ এই সকলো প্ৰমাণৰ ক্ষেত্ৰত আৰু ইয়াত সন্মিলিত শ-শ তথ্যই অন্তভূক্ত কৰে যে যীচুৱেই প্ৰতিজ্ঞাত মচীহ হিচাবে চিনাক্ত হয়। স্পষ্টৰূপে, তেতিয়াহʼলে সত্য খ্ৰীষ্টানসকলে তেওঁৰ প্ৰতি সঠিক দৃষ্টিভঙ্গী আছিল যে ‘সকলো ভাববাদীয়ে এই সাক্ষ্য দিয়ে’ আৰু তেৱেঁ ই ঈশ্বৰৰ জ্ঞানৰ চাবি। (পাঁচনিৰ কৰ্ম্ম ১০:৪৩) কিন্তু যীচু খ্ৰীষ্টই যে মচীহ আছিল, এই বিষয়ে শিকিবলৈ আৰু বহু কিছু আছে। তেওঁৰ আৰম্ভণি কʼৰ পৰা হৈছিল? তেওঁৰ ৰূপ কেনে আছিল?

যীচুৰ মানৱপূৰ্ব অস্তিত্ব

১২ যীচুৰ জীৱন প্ৰণালী তিনিটা ভাগত বিভক্ত কৰিব পাৰি। প্ৰথমতে, পৃথিবীত জন্মগ্ৰহণ কৰা বহু আগতে তেওঁৰ আৰম্ভণি। মীখা ৫:২ পদত কয় যে মচীহ, “পূৰ্ব্বকালৰ পৰা, অনাদি কালৰে পৰা তেওঁৰ উৎপত্তি।” যীচুৱে স্পষ্টভাৱে কৈছিল যে তেওঁ “ওপৰৰ পৰা” আহিছে, অৰ্থাৎ স্বৰ্গৰ পৰা আহিছিল। (যোহন ৮:২৩; ১৬:২৮) পৃথিবীত অহাৰ পূৰ্বেই তেওঁ কিমানদিন স্বৰ্গত অস্তিত্ব আছিল?

১৩ যীচুক ঈশ্বৰৰ “একমাত্ৰ প্ৰিয় পুত্ৰ” বুলি কোৱা হৈছে কাৰণ যিহোৱাই নিজে তেওঁক পোনপটিয়াকৈ সৃষ্টি কৰিছিল। (যোহন ৩:১৬) যীচু “গোটেই সৃষ্টিৰ প্ৰথমজাত” হোৱাৰ বাবে, ঈশ্বৰে তেওঁক সকলোবোৰ বস্তু সৃষ্টি কৰিবলৈ ব্যৱহাৰ কৰিছিল। (কলচীয়া ১:১৫; প্ৰকাশিত বাক্য ৩:১৪) যোহন ১:১ পদত কয় যে “আদিতে” (মানৱপূৰ্বেই যীচুৰ অস্তিত্বক) “বাক্য” ঈশ্বৰে সৈতে আছিল। সেইবাবে বাক্য যিহোৱাৰ সৈতে আছিল, যেতিয়া “আকাশ-মণ্ডল আৰু পৃথিবী” সৃষ্টি কৰিছিল। ঈশ্বৰে বাক্যক সম্বোধন কৰি কৈছিল: “আমি নিজৰ প্ৰতিমূৰ্ত্তিৰ দৰে, আমাৰ সাদৃশ্যেৰে মানুহ নিৰ্ম্মাণ কৰোঁহঁক।” (আদিপুস্তক ১:​১, ২৬) ঠিক সেইদৰে, তেওঁ ঈশ্বৰৰ অতি প্ৰিয় “প্ৰধান কাৰ্য্যকাৰী” আছিল, যিদৰে হিতোপদেশ ৮:​২৩-৩১ পদত, প্ৰজ্ঞা হিচাবে তেওঁক বৰ্ণনা কৰা হৈছে আৰু যিজনে সকলো বস্তু সৃষ্টি কৰাত যিহোৱাৰ লগত কাম কৰিছিল। যিহোৱাই তেওঁক সৃষ্টি কৰাৰ পাছত, সেই বাক্যই পৃথিবীত মানৱৰূপে জন্মগ্ৰহণ কৰাৰ পূৰ্বেই ঈশ্বৰৰ সৈতে স্বৰ্গত অগণন যুগ কটাইছিল।

১৪ আচৰিত হোৱাৰ কোনো কাৰণ নাই কিয়নো কলচীয়া ১:১৫ পদত যীচুক “অদৃশ্য ঈশ্বৰৰ প্ৰতিমূৰ্ত্তি” কোৱা হৈছে! বহু যুগ ঘনিষ্ট সৰ্ম্পক থকাৰ বাবে এই আজ্ঞাকাৰী পুত্ৰ তেওঁৰ পিতৃ, যিহোৱাৰ দৰে হৈছিল। যীচু যে জীৱন-দিয়া ঈশ্বৰৰ জ্ঞানৰ চাবি, ইয়েই এটা অন্য কাৰণ। যিহোৱাই যীচুক যিদৰে কৰিবলৈ কৈছিল, পৃথিবীত থকা সময়ত তেওঁ সকলোবোৰ সেইদৰেই কৰিছিল। গতিকে, যীচুক জনাৰ অৰ্থ হৈছে যিহোৱাৰ বিষয়ে আমাৰ জ্ঞান বৃদ্ধি কৰা। (যোহন ৮:২৮; ১৪:​৮-১০) তেতিয়াহলে, স্পষ্টৰূপে যীচু খ্ৰীষ্টৰ বিষয়ে আৰু অধিক শিকাটো অতি আৱশ্যক।

পৃথিবীত যীচুৰ জীৱন

১৫ দ্বিতীয় স্তৰ আছিল এই পৃথিবীত যীচুৰ জন্ম। তেওঁ ইচ্ছাকৃতভাৱে সমৰ্পিত হʼল যেতিয়া ঈশ্বৰে তেওঁৰ জীৱন স্বৰ্গৰ পৰা এক বিশ্বাসী যিহুদী কুমাৰী মেৰিৰ গৰ্ভত স্থানান্তৰ কৰিছিল। যিহোৱাৰ শক্তিশালী পবিত্ৰ আত্মা, বা সক্ৰিয় শক্তিয়ে মেৰিৰ ওপৰত ‘ছাঁ’ দি ধৰিছিল যাৰফলত তাই গৰ্ভৱতী হয়, পাছত এক সৰ্ম্পূণ সিদ্ধ সন্তানক জন্ম দিছিল। (লূক ১:​৩৪, ৩৫) যীচুৰ কোনো অশুদ্ধতাৰ উত্তৰাধিকাৰী নাছিল, কিয়নো তেওঁৰ জীৱন সিদ্ধ উৎসৰ পৰাহে আহিছিল। তেওঁ সামান্য বাঢ়ৈ যোচেফৰ তোলনীয়া পুত্ৰৰূপে এটা সাধাৰণ পৰিয়ালৰ সকলো সন্তানৰ প্ৰথম পুত্ৰ আছিল।​—⁠যিচয়া ৭:১৪; মথি ১:​২২, ২৩; মাৰ্ক ৬:⁠৩.

১৬ যীচু ১২ বছৰ বয়সত যিহোৱা ঈশ্বৰৰ প্ৰতি তেওঁৰ গভীৰ ভক্তি সম্পূৰ্ণৰূপে প্ৰকাশ পাইছিল। (লূক ২:​৪১-৪৯) ডাঙৰ-দীঘল হৈ ৩০ বছৰ বয়সত তেওঁ পৰিচাৰ্য্য কাৰ্য্য আৰম্ভ কৰিছিল, যীচুৱে লগৰীয়াৰ প্ৰতি গভীৰ প্ৰেম প্ৰৰ্দশন কৰিছিল। যেতিয়া ঈশ্বৰৰ পবিত্ৰ আত্মাই অলৌকিক কৰ্ম্ম কৰিবলৈ তেওঁক শক্তি দিছিল, তেওঁ দয়াৰে ৰোগীয়া, খোৰা, কোঙা, অন্ধ, কলা, কুষ্ঠ ৰোগীক সুস্থ কৰিছিল। (মথি ৮:​২-৪; ১৫:৩০) যীচুৱে হাজাৰ হাজাৰ ভোকাতুৰ লোকক খুৱাইছিল। (মথি ১৫:​৩৫-৩৮) তেওঁৰ বন্ধুসকলৰ সুৰক্ষাৰ বাবে প্ৰচন্ড ধুমুহাক শান্ত কৰিছিল। (মাৰ্ক ৪:​৩৭-৩৯) তদুপৰি, তেওঁ মৃতকক জীয়াই উঠাইছিল। (যোহন ১১:​৪৩, ৪৪) এই অলৌকিক ঘটনাবোৰ বুৰঞ্জীত সুপ্ৰতিষ্ঠিত তথ্য। আনকি যীচুৰ শত্ৰুবোৰেও স্বীকাৰ কৰিছিল যে তেওঁ বহুতো “আচৰিত চিন” দেখুৱাইছিল।​—⁠যোহন ১১:​৪৭, ৪৮.

১৭ যীচুৱে দেশৰ সকলো ঠাইত যাত্ৰা কৰি লোকসকলক ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে শিক্ষা দিছিল। (মথি ৪:১৭) তেওঁ ধৈৰ্য্য আৰু ন্যায়পৰায়ণতাৰ উদাহৰণো ৰাখিছিল। আনকি যেতিয়া তেওঁৰ শিষ্যসকলে তেওঁক নিৰাশ কৰিছিল, তেতিয়াও তেওঁ সহানুভূতিৰে মতব্য দিছিল: “আত্মা ইচ্ছুক, কিন্তু শৰীৰ দুৰ্ব্বল।” (মাৰ্ক ১৪:​৩৭, ৩৮) ইয়াৰ উপৰিও, যীচু সিহঁতৰ প্ৰতি সাহিয়াল আৰু স্পষ্টবাদী আছিল বিশেষকৈ যিসকলে সত্যক হেয়জ্ঞান আৰু অসহায়বিলাকক তাড়না কৰিছিল। (মথি ২৩:​২৭-৩৩) ইয়াৰ উপৰিও, তেওঁ শুদ্ধৰূপে, পিতৃৰ প্ৰেম নিখুঁতভাৱে অনুকৰণ কৰিছিল। যীচুৱে আনকি নিজৰ মৃত্যুৰ বাবে ইচ্ছুক আছিল, যাতে অসিদ্ধ মানৱজাতিৰ ভৱিষ্যতৰ আশা থাকিব পাৰে। তেতিয়াহলে, আমি যীচুক সঠিকৰূপে ঈশ্বৰৰ জ্ঞানৰ চাবিৰূপে উল্লেখ কৰিব পাৰো! হয়, তেওঁ হৈছে জীৱন্ত চাবি! কিন্তু আমি কিয় তেওঁক জীৱন্ত চাবি বুলি কৈছো? ই আমাক তেওঁৰ জীৱনৰ তৃতীয় স্তৰলৈ লৈ যায়।

বৰ্তমান সময়ত যীচু

১৮ যদিও বাইবেলে যীচুৰ মৃত্যু সম্বন্ধে বিৱৰণ লিখে তেওঁ এতিয়াও জীৱিত! দৰাচলতে সা.যু. প্ৰথম শতাব্দীৰ শ-শ লোকে, সেই ঘটনা নিজ চকুৰে দেখি সাক্ষী দিছিল যে তেওঁক পুনৰুত্থান কৰা হৈছিল। (১ কৰিন্থীয়া ১৫:​৩-৮) যেনেকৈ ভৱিষ্যতবাণী কৰা হৈছিল, তাৰপাছত তেওঁ পিতৃৰ সোঁহাতত বহিল আৰু স্বৰ্গত ৰাজকীয় ক্ষমতা গ্ৰহণ কৰিবলৈ অপেক্ষা কৰি থাকিল। (গীতমালা ১১০:১; ইব্ৰী ১০:​১২, ১৩) সেইবাবে, যীচুক আজি আমি কিদৰে মান্যতা দিয়া উচিত? আমি তেওঁক এটা দানা-পাত্ৰৰ ভিতৰত শুই থকা অসহায় শিশু দৰে ভবা উচিতনে? বা এজন যন্ত্ৰণাত ভুগি থকা ব্যক্তি যাক মৃত্যুদণ্ড দিয়া হৈছে? নহয়, তেওঁ এজন পৰাক্ৰমী, ৰাজত্ব পোৱা ৰজা! আৰু অতি সোনকালে, তেওঁ আমাৰ এই অশান্তি পৃথিবীৰ ওপৰত তেওঁৰ শাসন-ক্ষমতা স্থাপন কৰিব।

১৯প্ৰকাশিত বাক্য ১৯:​১১-১৫ পদত স্পষ্টৰূপে বৰ্ণনা কৰিছে যে ৰজা যীচু খ্ৰীষ্টই ক্ষমতাৱান হৈ মহা প্ৰতাপেৰে দুষ্টক ধ্বংস কৰিবলৈ আহিছে। এই প্ৰেমময় স্বৰ্গীয় শাসনকৰ্ত্তাই বৰ্তমান কোটি-কোটি নম্ৰ লোকৰ যন্ত্ৰণা শেষ কৰিবলৈ কিমান যে আগ্ৰহী! আৰু একেদৰে তেওঁ আগ্ৰহী সেই লোকসকলক সহায় কৰিবলৈ যিসকলে তেওঁ এই পৃথিবীত এৰি যোৱা নিখুঁত আদৰ্শক অনুকৰণ কৰিবলৈ কষ্ট কৰি আছে। (১ পিতৰ ২:২১) তেওঁ তেওঁলোকক “সৰ্ব্বশক্তিমান ঈশ্বৰৰ সেই মহা-দিনৰ যুদ্ধ,” যাক হৰমাগিদোন বুলি কোৱা হয়, তাৰপৰা ৰক্ষা কৰিবলৈ বিচাৰে যাতে ঈশ্বৰৰ স্বৰ্গীয় ৰাজ্যৰ অধীনত তেওঁলোকে পৃথিবীত চিৰকাললৈকে জীয়াই থাকিব পাৰে।​—⁠প্ৰকাশিত বাক্য ৭:​৯, ১৪; ১৬:​১৪, ১৬.

২০ যীচুৱে ভৱিষ্যতবাণী কৰা শান্তিৰ এক হাজাৰ বছৰৰ শাসন কালত, তেওঁ সকলো মানৱজাতিৰ বাবে অলৌকিক কৰ্ম্ম কৰিব। (যিচয়া ৯:​৬, ৭; ১১:​১-১০; প্ৰকাশিত বাক্য ২০:⁠৬) যীচুৱে সকলো ৰুগীয়াক আৰোগ্য কৰিব আৰু মৃত্যুক শেষ কৰিব। তেওঁ কোটি কোটি লোকক পুনৰুত্থান কৰিব যাতে তেওঁলোকে পৃথিবীত চিৰকাললৈকে জীয়াই থাকিবলৈ সুবিধা পায়। (যোহন ৫:​২৮, ২৯) পৰবৰ্ত্তী অধ্যায়ত মচীহৰ ৰাজ্যৰ বিষয়ে আৰু অধিক শিকি আপুনি আনন্দিত হব। ইয়াত সুনিশ্চিত হওঁক: আমি কল্পনাও কৰিব নোৱাৰো, সেই ৰাজ্যৰ শাসনৰ অধীনত আমাৰ জীৱন কিমান অপূৰ্ব হব। যীচু খ্ৰীষ্টক আৰু ভালদৰে জনাটো কিমান যে গুৰুত্বপূৰ্ণ! হয়, ই আৱশ্যকীয়, আমি কেতিয়াও যীচুক পাহৰিব নালাগে, ঈশ্বৰৰ জ্ঞানৰ জীৱন্ত চাবি যিয়ে অনন্ত জীৱনলৈ লৈ যায়।

[Footnotes]

^ এই পঞ্জীয়ন দ্বাৰাই ৰোমান সাম্ৰাজ্যক আৰু ভালদৰে কৰ উলিয়াবলৈ অধিক সুবিধা কৰি দিছিল। ইয়াৰ দ্বাৰা, আগস্ত কৈচৰে নজনাকৈ এজন শাসকৰ বিষয়ে কোৱা ভৱিষ্যতবাণী পূৰ্ণ কৰিবলৈ সহায় কৰিছিল, যি জনে ‘ৰাজ্যৰ মাজেদি কৰতোলা এজনক যাবলৈ দিব।’ সেই একেই ভৱিষ্যতবাণীত কৈছিল “নিয়মটিৰে বন্ধা অধিপতিজন,” অৰ্থাৎ মচীহ, “ভগ্ন” হব এই শাসকৰ উত্তৰাধিকাৰী সময়ত, যীচুক বধ কৰা হৈছিল আগস্তৰ উত্তৰাধিকাৰী ৰাজত্বকালত।​—⁠দানিয়েল ১১:​২০-২২.

^ প্ৰাচীন যিহুদীসকলে সাধাৰণতে সপ্তাহক, বছৰৰদৰে বিবেচনা কৰিছিল। উদাহৰণ স্বৰূপে, যেনেকৈ প্ৰত্যেক সাত দিনটোক বিশ্ৰামদিন আছিল আৰু প্ৰত্যেক সাত বছৰ এটা বিশ্ৰাম বছৰ বুলি মানিছিল।​—⁠যাত্ৰাপুস্তক ২০:​৮-১১; ২৩:​১০, ১১.

আপোনাৰ জ্ঞান পৰীক্ষা কৰক

যীচুৰ বংশ পৰিচয়ে কেনেকৈ প্ৰমাণ কৰে যে তেওঁৱেই মচীহ?

যীচুত সম্পূৰ্ণ হোৱা কিছুমান মচীহ সম্বন্ধীয় ভৱিষ্যতবাণী কি কি?

কেনেকৈ ঈশ্বৰে স্পষ্টৰূপে দেখুৱাইছিল যে যীচু তেওঁৰ অভিষিক্ত জনা আছিল?

কিয় যীচু ঈশ্বৰৰ জ্ঞানৰ জীৱন্ত চাবি?

[Study Questions]

১, ২. কেনেকৈ এই জগতৰ ধৰ্ম্মই ঈশ্বৰৰ জ্ঞানৰ চাবি নষ্ট কৰিছে?

৩. যীচুক কিয় ঈশ্বৰৰ জ্ঞানৰ চাবি বুলি কব পাৰি?

৪, ৫. মচীহত কি আশা কেন্দ্ৰীভুত আছিল আৰু যীচুৰ শিষ্যসকলে তেওঁৰ প্ৰতি কেনেধৰণৰ দৃষ্টিভঙ্গী ৰাখিছিল?

৬. (ক) কোন বংশৰ যোগেদি প্ৰতিজ্ঞাত বংশ উৎপন্ন হবলৈ আছিল আৰু আমি কেনেকৈ জানিব পাৰো যে যীচুৱে সেই পৰিয়ালৰ দ্বাৰাই আহিছিল? (খ) মচীহ বুলি দাবী কৰাটো প্ৰমাণ কৰা সা.যু. ৭০ চনৰ পাছত জীয়াই থকা যিকোনো ব্যক্তিৰ বাবে এইটো কিয় অসম্ভৱ?

৭. (ক) দ্বিতীয় প্ৰমাণ কি যে যীচুৱেই মচীহ আছিল? (খ) যীচুৰ সমন্ধে মীখা ৫:২ পদত কৰা ভৱিষ্যতবাণী কেনেকৈ পূৰ্ণ হয়?

৮. (ক) কেতিয়া আৰু কি ঘটনাৰ সৈতে ৬৯ “সপ্তাহ” আৰম্ভ হয়? (খ) ৬৯ “সপ্তাহ” কি ঘটে আছিল আৰু ইয়াৰ সমাপ্তিত কি হৈছিল?

৯. (ক) কিদৰে গীতমালা ২:২ পদটো সম্পূৰ্ণ হৈছিল? (খ) আৰু অন্য কি কি ভৱিষ্যতবাণী যীচুত সম্পূৰ্ণ হৈছিল? (তালিকা চাওঁক।)

১০. কিদৰে যিহোৱা ঈশ্বৰে সাক্ষ্য দিলে যে যীচু তেওঁৰ প্ৰতিজ্ঞাত অভিষিক্ত জনা?

১১. যীচুৱেই যে মচীহ আছিল তাৰ কি কি প্ৰমাণ আছে?

১২, ১৩. (ক) আমি কেনেকৈ জানিব পাৰো যে যীচু পৃথিবীত অহাৰ পূৰ্বেই স্বৰ্গত তেওঁৰ অস্তিত্ব আছিল? (খ) “বাক্য” বুলি কাক কোৱা হৈছে আৰু মানৱৰূপে জন্মৰ হোৱাৰ আগতে তেওঁ কি কৰিছিল?

১৪. যীচুক কিয় “অদৃশ্য ঈশ্বৰৰ প্ৰতিমূৰ্ত্তি” বুলি কোৱা হয়?

১৫. যীচু কেনেকৈ এটা সিদ্ধ সন্তানৰূপে জন্মগ্ৰহণ কৰিছিল?

১৬, ১৭. (ক) যীচুৱে অলৌকিক কৰ্ম্ম কৰিবলৈ শক্তি কʼৰ পৰা পাইছিল আৰু সেইবোৰৰ কিছুমান কি আছিল? (খ) যীচুৱে প্ৰদৰ্শন কৰা গুণসমূহ কি কি?

১৮. যীচু খ্ৰীষ্টক বৰ্তমান আমি কিদৰে গুৰুত্ব দিয়া উচিত?

১৯. অদুৰ ভৱিষ্যতে যীচুৱে কি কাৰ্য্যত হস্তক্ষেপ কৰিব?

২০. যীচুৱে হাজাৰ বছৰ ৰাজত্বকালত, মানৱজাতিৰ বাবে কি কৰিব?

[Chart on page 37]

মচীহ সম্বন্ধে কিছুমান উল্লেখযোগ্য ভৱিষ্যতবাণী

ভৱিষ্যতবাণী ঘটনা পৰিপূৰ্ণতা

তেওঁৰ অতীতৰ জীৱন

যিচয়া ৭:১৪ এজনী কুমাৰীৰ গৰ্ভত জন্ম মথি ১:১৮-২৩

যিৰিমিয়া ৩১:১৫ তেওঁৰ জন্মৰ পিছত শিশুবিলাকক হত্যা মথি ২:১৬-১৮

তেওঁৰ পৰিচাৰ্য্য

যিচয়া ৬১:১, ২ ঈশ্বৰৰ দ্বাৰা তেওঁৰ কাৰ্য্য-নিযুক্তি লূক ৪:১৮-২১

যিচয়া ৯:১, ২ পৰিচাৰ্য্যৰ দ্বাৰাই লোকসমূহে মথি ৪:১৩-১৬

মহা জ্যোতি দেখিবলৈ পাইছিল

গীতমালা ৬৯:৯ যিহোৱাৰ ঘৰৰ বাবে যোহন ২:১৩-১৭

উদ্যোগী আছিল

যিচয়া ৫৩:১ বিশ্বাস কৰা নাছিল যোহন ১২:৩৭, ৩৮

জখৰিয়া ৯:৯; গাধ পোৱালিৰ ওপৰত আহি মথি ২১:১-৯

গীতমালা ১১৮:২৬ যিৰূচালেমত প্ৰৱেশ;

ৰজাৰূপে আৰু যিহোৱাৰ নামেৰে

আহিবলগীয়া জনৰ অভিবাদন জনোৱা

তেওঁৰ প্ৰতি বিশ্বাসঘাতক আৰু মৃত্যু

গীতমালা ৪১:৯; ১০৯:৮ এজন অবিশ্বাসী পাঁচনিয়ে; পাঁচনিৰ কৰ্ম্ম ১:১৫-২০

যীচুক বিশ্বাসঘাতক কৰা

আৰু পিছলৈ সলনি কৰা হয়

জখৰিয়া ১১:১২ ৩০ চেকল ৰূপৰ বাবে মথি ২৬:১৪, ১৫

বিশ্বাসঘাতকতা

গীতমালা ২৭:১২ তেওঁৰ বিৰুদ্ধে মিছা সাক্ষী মথি ২৬:৫৯-৬১

ব্যৱহাৰ কৰিছিল

গীতমালা ২২:১৮ বহুতে তেওঁৰ কাপোৰৰ বাবে যোহন ১৯:২৩, ২৪

চিঠি খেলা হৈছিল

যিচয়া ৫৩:১২ অধৰ্ম্মীবোৰৰ লগত লেখত পৰিল মথি ২৭:৩৮

গীতমালা ২২:৭, ৮ মৃত্যুৰ সময়ত নিন্দা কৰা হʼল মাৰ্ক ১৫:২৯-৩২

গীতমালা ৬৯:২১ চিৰ্‌কা দিয়া হৈছিল মাৰ্ক ১৫:২৩, ৩৬

যিচয়া ৫৩:৫; বিন্ধা হৈছিল যোহন ১৯:৩৪, ৩৭

জখৰিয়া ১২:১০

যিচয়া ৫৩:৯ ধনৱানৰ সৈতে মৈদাম মথি ২৭:৫৭-৬০

গীতমালা ১৬:৮-১১, ftn. ক্ষয় পোৱাৰ আগতে জীৱিত কৱা পাঁচনিৰ কৰ্ম্ম

২:২৫-৩২;

১৩:৩৪-৩৭

[Caption on page 35]

ঈশ্বৰে যীচুক ৰুগীয়াক আৰোগ্য কৰিবলৈ শক্তি দিছিল