Skip to content

Skip to table of contents

যেতিয়া ঈশ্বৰৰ জ্ঞান সমুদায় পৃথিবীত পৰিপূৰ্ণ হব

যেতিয়া ঈশ্বৰৰ জ্ঞান সমুদায় পৃথিবীত পৰিপূৰ্ণ হব

অধ্যায় ১৯

যেতিয়া ঈশ্বৰৰ জ্ঞান সমুদায় পৃথিবীত পৰিপূৰ্ণ হব

ধৰি লওঁক এজন মহান চিত্ৰকৰে অলপ আগতে এখন সুন্দৰ চিত্ৰকৰ্ম শেষ কৰিছে। তেওঁ ইয়াক উচিতৰূপে অতি উত্তম বুলি বিবেচনা কৰিছে​—⁠এক শ্ৰেষ্ঠ শিল্প! কিন্তু ৰাতিৰ ভিতৰতে এজন ঈৰ্ষাপৰায়ন প্ৰতিদন্দ্বীয়ে ইয়াক নষ্ট কৰি দিয়ে। ই স্বাভাৱিক যে ইয়াৰ বাবে চিত্ৰশিল্পীজনে গভীৰ দুখৰ কাৰণ হব। তেওঁ সেই দুষ্টক কাৰাবাস হোৱাটো চাবলৈ কিমান যে আগ্ৰহী হব! আৰু আপুনি কল্পনা কৰিব পাৰে যে সেই চিত্ৰশিল্পীয়ে তেওঁৰ সৃষ্টিক পুৰ্বৰ সৌন্দৰ্য্যত পুনৰস্থাপিত কৰিবলৈ আশা কৰিব।

সেই চিত্ৰশিল্পীৰ দৰে, যিহোৱাই পৃথিবীক তৈয়াৰ কৰি আৰু তাত মানৱজাতিক স্থাপন কৰা এক শ্ৰেষ্ঠ অৱদান। পুৰুষ আৰু স্ত্ৰীক স্ৰজাৰ পাছত, তেওঁৰ সকলো পাৰ্থিব কাৰ্য্যক “অতি উত্তম” বুলি ঘোষণা কৰিছিল। (আদিপুস্তক ১:৩১) আদম আৰু হৱা, ঈশ্বৰৰ নিজৰ সন্তান আছিল আৰু তেওঁ তেওঁলোকক প্ৰেম কৰিছিল। ঈশ্বৰে তেওঁলোকৰ বাবে এটা সুখী, উজ্জ্বল ভৱিষ্যৰ চিন্তা কৰিছিল। সঁচাকৈ চয়তানে তেওঁলোকক বিদ্ৰোহী কৰি তুলিছিল, কিন্তু ঈশ্বৰৰ অপূৰ্ব সৃষ্টি সম্পূৰ্ণভাৱে ক্ষতিগ্ৰস্ত নহল।​—⁠আদিপুস্তক ৩:​২৩, ২৪; ৬:​১১, ১২.

ঈশ্বৰে বিষয়বিলাকক সংশোধন কৰিবলৈ সিদ্ধান্ত কৰিলে। তেওঁৰ উদ্দেশ্য প্ৰথমে যিদৰে আছিল সেইদৰে আমাক বাস কৰাবলৈ তেওঁ অতি আগ্ৰহী। আমাৰ অল্পকলীয়া আৰু দুশ্চিন্তাগ্ৰস্ত জীৱন “প্ৰকৃত জীৱন” নহয়, কিয়নো ই যিহোৱাৰ যি উদ্দেশ্য আছিল তাতকৈ অনেক বেছি। যিটো “প্ৰকৃত জীৱন” ঈশ্বৰে আমাৰ বাবে বিচাৰে সেয়া হৈছে শুদ্ধ পৰিস্থিতিত “অনন্ত জীৱন।”​—⁠১ তীমথিয় ৬:​১২, ১৯.

ঈশ্বৰৰ জ্ঞানে যিহোৱাৰ প্ৰতি দ্বায়িত্ববোধ আছে। (যাকোব ৪:১৭) কিন্তু সেই আশীৰ্ব্বাদৰ বিষয়ে চিন্তা কৰক যি আপুনি উপভোগ কৰিব যদি আপুনি সেই জ্ঞানক প্ৰয়োগ কৰে আৰু অনন্ত জীৱনৰ বাবে যত্ন কৰে। তেওঁৰ বাক্য বাইবেলত, যিহোৱা ঈশ্বৰে নিচেই কাষত থকা পৰমদেশীয় পৃথিবীত জীৱন কিদৰে হব তাৰ এটা সুন্দৰ দৃশ্য অঙ্কিত কৰে। অৱশ্য, আমি যিহোৱাৰ লোক হোৱাৰ বাবে বা মাত্ৰ এটা পুৰস্কাৰৰ বাবে ঈশ্বৰক সেৱা নকৰো। আমি ঈশ্বৰক সেৱা কৰো কিয়নো আমি তেওঁক প্ৰেম কৰো। (মাৰ্ক ১২:​২৯, ৩০) ইয়াৰ উপৰিও, যিহোৱাক সেৱা কৰাৰ দ্বাৰা আমি জীৱনক অৰ্জন নকৰো। অনন্ত জীৱন ঈশ্বৰৰ এটা দান। (ৰোমীয়া ৬:২৩) এনে এক জীৱন সমন্ধে স্মৰণ কৰিলে আমাৰ লাভ হব কিয়নো পৰমদেশৰ আশাই আমাক মনত পেলায় যে যিহোৱা কেনেধৰণ ঈশ্বৰ​—⁠যিজনে স্নেহময়ৰে “তেওঁক বিচৰা লোকৰ পুৰস্কাৰ দিওঁতা হয়।” (ইব্ৰী ১১:⁠৬) আমাৰ মন আৰু হৃদয়ত প্ৰকৃত এক উজ্বল আশা যি আমাক চয়তানৰ জগতত দুখ-কষ্ট সহিবলৈ সক্ষম কৰাব।​—⁠যিৰিমিয়া ২৩:⁠২০.

আহক আমাৰ চিন্তাধাৰা বাইবেল ভিত্তিক ভৱিষ্যত পাৰ্থিৱ পৰমদেশৰ অনন্ত জীৱনৰ আশাৰ ওপৰত কেন্দ্ৰীভূত কৰোহঁক। যেতিয়া পৃথিবীত ঈশ্বৰৰ জ্ঞান পৰিপূৰ্ণ হব তেতিয়া জীৱন কেনেদৰে হব?

হৰমাগিদোনৰ পাছত​—⁠এখন পৰমদেশীয় পৃথিবী

যিদৰে আগতে দেখুৱা হৈছে, যিহোৱা ঈশ্বৰে অতি সোনকালে বৰ্তমানৰ দুষ্ট ৰীতি-ব্যৱস্থাক ধ্বংস কৰিব। জগতখন অতি বেগেৰে আগবাঢ়ি গৈছে যাক বাইবেলে হৰমাগিদোন, বা আৰমাগেডন বুলি কৈছে। এই শব্দটো বহু ব্যক্তিয়ে এক ব্যপক পাৰমাণবিক বিনাশ বুলি চিন্তা কৰিব পাৰে যি যুদ্ধ জাতিবিলাকৰ দ্বাৰা হব, কিন্তু হৰমাগিদোন তেনে ধৰণৰ একো নহয়। যিদৰে প্ৰকাশিত বাক্য ১৬:​১৪-১৬ পদত দেখুৱাইছে, হৰমাগিদোন “সৰ্ব্বশক্তিমান ঈশ্বৰৰ সেই মহা-দিনৰ যুদ্ধ।” এইটো এনে এক যুদ্ধ যʼত “গোটেই জগতৰ ৰজা সকলক,” বা জাতিবিলাক জড়িত হব। যিহোৱা ঈশ্বৰৰ পুত্ৰ, নিযুক্তি ৰজাই অতি সোনকালে হৰমাগিদোনৰ যুদ্ধত প্ৰবেশ কৰিব। ফলাফল একেবাৰে নিশ্চিত। যিসকলে ঈশ্বৰৰ ৰাজ্যৰ বিৰুধীতা কৰে আৰু চয়তানৰ দুষ্ট ব্যৱস্থাৰ অংশ, সেই সকলো বিনষ্ট হব। মাত্ৰ যিহোৱাৰ বিশ্বাসীসকলে ৰক্ষা পাব।​—⁠প্ৰকাশিত বাক্য ৭:​৯, ১৪; ১৯:​১১-২১.

কল্পনা কৰক যে আপুনি সেই ব্যাপক ধ্বংসৰ পৰা ৰক্ষা পাইছে। ঈশ্বৰৰ প্ৰতিজ্ঞাৰ নতুন জগতৰ পৃথিবীত জীৱন কেনেধৰণৰ হব? (২ পিতৰ ৩:১৩) আমাৰ অনুমান কৰাৰ প্ৰয়োজন নহয়, কিয়নো বাইবেলে আমাক কয় যে ই অতি আনন্দদায়ক হব। আমি জানিব পাৰো যে চয়তান আৰু পিশাচবোৰক নিষ্ক্ৰিয় কৰা হব আৰু যীচু খ্ৰীষ্টৰ হাজাৰ বছৰ ৰাজত্ব কালত সিহঁতক কৰ্মহীন এক অগাধ ঠাইত বন্দী কৰি ৰখা হব। সেই দুষ্ট, হিংসুক প্ৰাণীয়ে অদৃশ্য হৈ অশান্তি সৃষ্টি কৰিবলৈ আৰু ঈশ্বৰৰ বিৰুদ্ধে আমাক অধৰ্ম্ম কাৰ্য্য উৎসাহ দিয়াৰ চেষ্টা নকৰিব। কিমান যে শান্তি হব!​—⁠প্ৰকাশিত বাক্য ২০:​১-৩.

সেই সময়ত, সকলো ধৰণৰ বেমাৰ নাইকিয়া হব। (যিচয়া ৩৩:২৪) তেতিয়া খোৰাবোৰে সুস্থ ভৰিত থিয় হব, খোজ কাঢ়িব, দৌৰিব আৰু আনন্দত নাচিব। তেওঁলোকৰ মৌনতা সংসাৰত বহু বছৰ ধৰি জীৱন কটোৱাৰ পাছত, কলাসকলে তেওঁলোকৰ চাৰিওফালে আনন্দৰ ধ্বনি শুনিব। অন্ধসকলে ৰং আৰু আকৃতিৰ সুন্দৰ জগতখনক নিজ চকুৰে দেখি বিস্ময় মানিব। (যিচয়া ৩৫:​৫, ৬) অৱশেষত, তেওঁলোকে তেওঁলোকৰ আপোনজনৰ মুখ দেখিবলৈ পাব! সম্ভৱতঃ ক্ষন্তেকৰ বাবে আনন্দৰ চকুলোৰে তেওঁলোকৰ দৃষ্টি অস্পষ্ট হৈ যাব।

ক্ষন্তেক চিন্তা কৰক! আৰু কেতিয়াও চছমা লগাব নালাগিব, কেতিয়াও খোঁৰাৰ পেং আৰু লাখুটি নাথাকিব, কেতিয়াও ঔষধ নাথাকিব, কেতিয়াও দন্ত ক্লিনিক বা চিকিৎসালয় নাথাকিব! আৰু কেতিয়াও মানসিক ৰোগ আৰু বিষাদে মানুহক সুখৰ পৰা বঞ্চিত নকৰিব। কোনো ব্যক্তিৰ শৈশৱ কাল ৰোগগ্ৰস্ত নহব। বৃদ্ধ অৱস্থাক পৰিবৰ্তন কৰা হব। (ইয়োব ৩৩:২৫) আমি তেতিয়া স্বাস্থ্যবান আৰু শক্তিশালী হৈ উঠিম। প্ৰত্যেক ৰাতিপুৱা আমি টোপনিৰ পৰা সতেজ হৈ নব উদ্যমসহ প্ৰাণশক্তিপূৰ্ণ আৰু ৰোমাঞ্চকৰ জীৱন ও সন্তোষজনক কামৰ এক নতুন দিনৰ বাবে আগ্ৰহী হম।

১০ হৰমাগিদোনত ৰক্ষা পোৱা সকলৰ বাবে বহুতো কৰিবলগীয়া কাৰ্য্য থাকিব। তেওঁলোকে পৃথিবীখনক এটা পৰমদেশলৈ ৰূপান্তৰিত কৰিব। দূষিত পুৰণি ব্যৱস্থাৰ সকলো অৱশিষ্টবোৰক গুচাই পেলোৱা হব। অস্বাস্থ্যকৰ অঞ্চল আৰু ভগ্নাৱশেষ ঠাইবোৰক বাগিছা আৰু উদ্যানত ৰূপান্তৰিত কৰা হব। সকলোৱে আৰামদায়ক, মনোৰম ঘৰত আনন্দ লাভ কৰিব। (যিচয়া ৬৫:২১) কালক্ৰমে, পৃথিবীৰ সেইসকলো অংশ পৰমদেশৰ বিস্তাৰিত নোহোৱা পৰ্য্যন্ত বৃদ্ধি হব যিদৰে গোটেই এদন বাগিছা সৃষ্টিকৰ্ত্তাই উদ্যানত স্থাপন কৰিছিল। পুনৰ স্থাপনৰ সেই কাৰ্য্যত ভাগ লবলৈ কিমান যে সন্তোষ্টজনক হব!

১১ এই সকলোবোৰ ঐশ্বৰীক পৰিচালনাৰ দ্বাৰা কৰা হব যাতে পৰিবেশৰ একো হানি নহয়। মানুহে জীৱ-জন্তুবোৰৰ সৈতে শান্তিৰে থাকিব। সিহঁতক নিজৰ আনন্দৰ বাবে হত্যা কৰাৰ পৰিবৰ্ত্তে, মানুহে নিজৰ দ্বায়ীত্বশীল তত্ত্বাবধান কাৰ্য্যক পৃথিবীত পুনৰ আৰম্ভ কৰিব আৰু সিহঁতৰ প্ৰতি উত্তম যত্ন লব। কল্পনা কৰক ৰাংকুকুৰ আৰু ভেৰা, সিংহ আৰু দামুৰী একেলগে চৰি আছে​—⁠আৰু ঘৰচীয়া জন্তুবোৰ সম্পূৰ্ণৰূপে সুৰক্ষিত। আনকি এটি সৰু শিশুৱে বনৰীয়া জন্তুবোৰৰ পৰা ভয়ৰ কোনো কাৰণ নহব, নতুবা নতুন জগতৰ শান্তি ভঙ্গ কৰিবলৈ হিংস্ৰ, নিষ্ঠুৰ লোকসকল আৰু নাথাকিব। (যিচয়া ১১:​৬-৮) কি যে শান্তিপূৰ্ণ নতুন এটা জগত সেয়া হব!

মানৱজাতি ৰূপান্তৰিত

১২যিচয়া ১১:৯ পদে আমাক কয় যে কিয় গোটেই পৃথিবী আৰু কোনো ক্ষতি কৰা নহব। ইয়াত কয়: “সমুদ্ৰ যেনেকৈ পানীৰে ঢকা, তেনেকৈ পৃথিবী যিহোৱা বিষয়ক জ্ঞানেৰে পৰিপূৰ্ণ হব।” ই মানহব বিষয়ে প্ৰাসঙ্গিক কিয়নো জীৱ-জন্তুৱে “যিহোৱাৰ জ্ঞান” লৈ পৰিবৰ্ত্তন হব নোৱাৰে, যিহেতু সিহঁত সহজাত প্ৰবৃত্তিৰ দ্বাৰা নিয়ন্ত্ৰিত। কিন্তু আমাৰ সৃষ্টিকৰ্ত্তাৰ জ্ঞানে মানুহক নিশ্চয়ে পৰিবৰ্ত্তন কৰিব। নিঃসন্দেহ, আপোনাৰ জীৱনত ঈশ্বৰ বিষয়ক জ্ঞান প্ৰয়োগ কৰাৰ ফলস্বৰূপে আপুনি ইতিমধ্যে কিছুমান পৰিবৰ্ত্তন নিজেই কৰিছে। লাখ লাখ মানুহে সেইদৰে কৰিছিল। সেইবাবে, এই ভৱিষ্যবাণীৰ দ্বাৰা যিহোৱাক সেৱাকৰাসকলৰ মাজত ইতিমধ্যে পৰিপূৰ্ণ হবলৈ আৰম্ভ কৰিছে। তথাপি, ই সেই সময়ক নিদেৰ্শ কৰে যেতিয়া গোটেই পৃথিবীত মানুহে সকলো পাশৱিক বা হিংস্ৰক অভ্যাসক এৰি দিব আৰু চিৰকালৰ বাবে শান্তিপ্ৰিয়।

১৩ কি যে অপূৰ্ব হব যেতিয়া পৃথিবীত ঈশ্বৰৰ জ্ঞান পৰিপূৰ্ণ হব! ৰজা যীচু খ্ৰীষ্ট আৰু তেওঁৰ ১,৪৪,০০০ সহকাৰী শাসনকৰ্ত্তাৰ পৰিচালনাৰ অধীনত এটা ব্যাপক শিক্ষাৰ কাৰ্য্যক্ৰম হব। নতুন “পুস্তকবিলাক” তেতিয়া ব্যৱহাৰ কৰা হব। স্পষ্টৰূপে এইবিলাক ঈশ্বৰৰ লিখিত নিদেৰ্শাৱলী যিটো পৃথিবীৰ নিবাসীসকলক শিক্ষা দিবলৈ ভিত্তিৰূপে ব্যৱহাৰ কৰিব। (প্ৰকাশিত বাক্য ২০:১২) মানৱজাতিয়ে যুদ্ধ নহয়, কিন্তু শান্তি শিকিব। সকলো ধ্বংসকাৰী অস্ত্ৰ-শস্ত্ৰ চিৰকালৰ বাবে নিৰ্মূল হব। (গীতমালা ৪৬:⁠৯) নতুন জগতৰ নিবাসীসকল নিজৰ সঙ্গী মানৱৰ সৈতে প্ৰেম, আদৰ আৰু সন্মান কৰিবলৈ শিক্ষাপ্ৰাপ্ত হব।

১৪ মানৱজাতি এক সংযুক্ত পৰিয়ালত পৰিণত হব। একতা আৰু ভাতৃত্বৰ বাবে কোনো বাধা নাথাকিব। (গীতমালা ১৩৩:​১-৩) চুৰৰ ভয়ত কোনেও ঘৰত তলা নলগাব। প্ৰত্যেকৰ হৃদয়ত, ঘৰত আৰু পৃথিবীৰ সকলো অংশত শান্তি বিৰাজমান হব।​—⁠মীখা ৪:⁠৪.

আনন্দদায়ক পুনৰুত্থান

১৫ সেই হাজাৰ বছৰ ধৰি, পুনৰুত্থান হব। যিসকলে ইচ্ছাকৃতভাৱে ঈশ্বৰৰ পবিত্ৰ আত্মা, বা সক্ৰিয় শক্তিৰ বিৰুদ্ধে পাপ কৰে বা মন অনুতপ্ত নকৰি ইয়াৰ প্ৰকাশ বা পৰিচালনাৰ বিপৰীতে কাৰ্য্য কৰে তেওঁলোকক পুনৰুত্থান কৰা নহব। (মথি ২৩:​১৫, ৩৩; ইব্ৰী ৬:​৪-৬) অৱশ্যে, ঈশ্বৰে নিৰ্ণয় কৰিব যে কোনে তেনেধৰণৰ পাপ কৰে। কিন্তু দুই দল সমূহক পুনৰুত্থান কৰা হব​—⁠“ধাৰ্ম্মিক আৰু অধাৰ্ম্মিক।” (পাঁচনিৰ কৰ্ম্ম ২৪:১৫) যিহেতু সকলোবোৰ ক্ৰম অনুসাৰে হব, এইটো নিষ্পত্তি কৰা যুক্তিসঙ্গ যে পৃথিবীত পুনৰ জীৱনৰ বাবে প্ৰথমে ধাৰ্ম্মিকবিলাকক আদৰণি জনোৱা হব যিসকলে নিষ্ঠাৰে যিহোৱাৰ সেৱা কৰিছিল।​—⁠ইব্ৰী ১১:​৩৫-৩৯.

১৬ যুদ্ধ, দুৰ্যোগ আৰু মৃত্যুৰ খবৰ শুনাৰ পৰিবৰ্ত্তে, যিহোৱাৰ সেৱকসকলে পুনৰুত্থানৰ অপূৰ্ব বাৰ্ত্তা শুনিবলৈ পাব। হেবল, হনোক, নোহ, অব্ৰাহাম, চাৰা, ইয়োব, মোচি, ৰাহাব, ৰূথ, দায়ুদ, এলিজা, ইষ্টেৰৰ দৰে ন্যায় বিশ্বাসী পুৰুষ আৰু নাৰীসকল প্ৰত্যাৱৰ্ত্তন সমন্ধে জানি ৰোমাঞ্চিত হব। তেওঁলোকে কি যে উত্তেজনাপূৰ্ণ ঐতিহাসিক তথ্যসমূহ বৰ্ণনা কৰিব যেতিয়া তেওঁলোকে অনেক বাইবেল বৃত্তান্তৰ পৃষ্টভূমিৰ বিৱৰণি দিব! ইয়াত কোনো সন্দেহ নাই যে তেওঁলোক আৰু ধাৰ্ম্মিক ব্যক্তি যিসকলৰ অলপ আগতে মৃত্যু হৈছিল তেওঁলোকে চয়তানৰ বিধি ব্যৱস্থা শেষ হোৱাৰ বিষয়ে আৰু যিহোৱাই কেনেকৈ তেওঁৰ পবিত্ৰ নাম পবিত্ৰকৃত আৰু তেওঁৰ সাৰ্ব্বভৌমত্বক প্ৰমাণ কৰিলে তাৰ বিষয়ে জানিবলৈ উদ্যোগী হব।

১৭ পুনৰুত্থানৰ পাছৰ পৰ্য্যায়ত এই বিশ্বাসী লোকসকল কিমান যে সহায়ক হব, যেতিয়া কোটি কোটি “অধাৰ্ম্মিকলোক” মৃত্যুৰ বান্ধোনৰ পৰা মুক্তি পাব! মানৱজাতিৰ বেছিভাগ মানুহেই যিহোৱাৰ বিষয়ে জানিবলৈ কোনো সুবিধা নাপালে। চয়তানে ‘তেওঁলোকৰ জ্ঞান-চকু অন্ধ’ কৰিছিল। (২ কৰিন্থীয়া ৪:⁠৪) কিন্তু দিয়াবলৰ কাৰ্য্যবিলাকক নিষ্ফল কৰি দিয়া হব। অধাৰ্ম্মিকসকল এখন সুন্দৰ আৰু শান্তিময় পৃথিবীলৈ ঘুৰি আহিব। তেওঁলোকৰ আদৰণি জনাব এজাক মানুহে যিসকলে যিহোৱা আৰু তেওঁৰ আধিপত্য পুত্ৰ, যীচু খ্ৰীষ্টৰ বিষয়ে তেওঁলোকক শিক্ষা দিবলৈ সু-সংগঠিত। যেতিয়া কোটি কোটি পুনৰুত্থিত ব্যক্তিসকলে তেওঁলোকৰ সৃষ্টিকৰ্ত্তাক জানি প্ৰেম কৰিব, তেনেকৈ পৃথিবীত যিহোৱা বিষয়ক জ্ঞান এক অভূতপূৰ্ব উপায়ে পৰিপূৰ্ণ হব।

১৮ পুনৰুত্থানে আমাৰ হৃদয়ত কিমান যে আনন্দ দিব! আমাৰ শত্ৰু, মৃত্যুৰ বাবে কোনে যান্ত্ৰণাত ভুগা নাই? বাস্তৱিকতে, কোনে সম্পূৰ্ণৰূপে বেদনাত ভাঙি পৰাৰ অনুভৱ কৰা নাই যেতিয়া কোনো আপোনজনক বেমাৰ, বৃদ্ধ অৱস্থা, দুৰ্ঘটনা, বা অত্যাচাৰ বাবে তেওঁলোকৰ প্ৰেম বা বন্ধুত্বৰ বন্ধন ছিঙি যায়? তাৰ সলনি, পৰমদেশত পুনৰ্ম্মিলনৰ আনন্দ কল্পনা কৰক। পিতৃ আৰু মাতৃ, পুত্ৰ আৰু কণ্যা, বন্ধু আৰু সম্বন্ধীয়সকলে দৌৰি এজনে আনজনক আকোঁৱালি লব আৰু আনন্দত হাঁহিব আৰু আনন্দত কান্দিব।

অৱশেষত সিদ্ধতা!

১৯ হাজাৰ বছৰৰ কালছোৱাত, এটা অপূৰ্ব অলৌকিক কাৰ্য্য সংঘটিত হৈ থাকিব। মানৱজাতিৰ বাবে, সম্ভৱতঃ যীচুখ্ৰীষ্টৰ হাজাৰ বছৰ ৰাজত্বত ই অতি ৰোমাঞ্চিতজনক ঘটনা হব। প্ৰত্যেকে বিশ্বাসী আৰু আজ্ঞাকাৰী পুৰুষ আৰু স্ত্ৰীৰ মুক্তিস্বৰূপ বলিদান যাতে লাভ উঠাব পাৰে তাৰ বাবে যিহোৱাই তেওঁৰ পুত্ৰক নিৰ্দেশ দিব। এইদৰে সকলো পাপক গুচুৱা হব আৰু মানৱজাতিক সিদ্ধ কৰি তুলিব।​—⁠১ যোহন ২:২; প্ৰকাশিত বাক্য ২১:​১-৪.

২০ সিদ্ধতা! ইয়াৰ অৰ্থ কি? ইয়াৰ অৰ্থ যিদৰে যে আদম আৰু হৱায়ে যিহোৱা ঈশ্বৰৰ বিৰুদ্ধে পাপ কৰাৰ পূৰ্বেই যি আনন্দত জীৱন-যাপন কৰিছিল, সেই আনন্দৰ জীৱনলৈ ঘুৰি অহা। শাৰীৰিক, মানসিক, আৱেগীক, নৈতিক, আধ্যাত্মিক​—⁠সম্ভাব্য যিকোনো উপায়ে​—⁠সিদ্ধ মানৱৰ সম্পূৰ্ণৰূপে ঈশ্বৰৰ মানসমূহ পূৰ্ণ হব। কিন্তু তেতিয়াহলে সকলো লোক এক সমান হবনে? নিশ্চয় নহয়! যিহোৱাৰ সৃষ্টি​—⁠বৃক্ষ, ফুল, জীৱ-জন্তু​—⁠সকলোয়ে আমাক শিকায় যে তেওঁ সকলোকে প্ৰেম কৰে। সিদ্ধ মানৱৰ বিভিন্ন ব্যক্তিত্ব আৰু দক্ষতা থাকিব। প্ৰত্যেকে জীৱন উপভোগ কৰিব যিদৰে ঈশ্বৰে বিচাৰিছিল। প্ৰকাশিত বাক্য ২০:৫ পদে কয়: “সেই হাজাৰ বছৰ পূৰ নহয়মানে, মৃত্যুবিলাকৰ অৱশিষ্ট লোক নিজীলে।” হৰমাগিদোনত ৰক্ষা পোৱা বৰ লোকসমূহৰ দৰে, পুনৰুত্থিত ব্যক্তিসকলো তেতিয়া পূৰ্ণৰূপে জীৱিত হব যেতিয়া তেওঁলোকে নিষ্পাপ সিদ্ধতা প্ৰাপ্ত কৰিব।

২১ সিদ্ধ মানৱে এটা শেষ পৰীক্ষাৰ সন্মূখীন হব। হাজাৰ বছৰৰ শেষত, চয়তান আৰু পিশাচবোৰক অলপ সময়ৰ বাবে সেই অগাধ ঠাইৰ পৰা মুক্তি দিয়া হব আৰু লোকসকলক যিহোৱাৰ পৰা বিমূখ কৰিবলৈ শেষ চেষ্টাৰ বাবে অনুমতি দিব। কিছুমানে লোকে ভুল ইচ্ছাক ঈশ্বৰৰ প্ৰতি থকা প্ৰেমতকৈ বেছি গুৰুত্ব দিব, কিন্তু এই বিদ্ৰোহীক সোনকালে শেষ কৰা হব। যিহোৱাই এই স্বাৰ্থপৰ ব্যক্তিসকলক চয়তান আৰু দুষ্ট দূতবিলাকক নাশ কৰিব। সকলো অন্যায়কাৰী বিলাক চিৰকালৰ বাবে নিমূৰ্ল হব।​—⁠প্ৰকাশিত বাক্য ২০:​৭-১০.

আপুনি কি কৰিব?

২২ যিসকলে যিহোৱা ঈশ্বৰক প্ৰেম কৰে আৰু পৰমদেশ পৃথিবীত বাস কৰে তেওঁলোকৰ সন্মূখত অনন্ত কাল থাকিব। আমাৰ বাবে তেওঁলোকৰ আনন্দ আমি কল্পনা কৰিব পাৰো আৰু আপুনিও তাত ভাগ লব পাৰে। সঙ্গীত, কলা, শিল্প​—⁠সিদ্ধ মানৱজাতিৰ মহৎ কাৰ্য্য, পুৰণি এই জগতৰ শ্ৰেষ্ঠ পণ্ডিতসকলৰ অৱদানতকৈ বেছি হব! অৱশেষত, মানৱজাতি সিদ্ধ হব আৰু তেওঁলোকৰ সন্মূখত সীমাহীন সময় থাকিব। কল্পনা কৰক এজন সিদ্ধ মানৱৰূপে আপুনি কি কি কৰিবলৈ সক্ষম হব। এইটোও ভাবক যে আপুনি আৰু সঙ্গী মানৱে যিহোৱাৰ সৃষ্টি​—⁠বিশ্বব্ৰহ্মাণ্ড থকা কোটি কোটি হাতীপতিৰ পৰা লৈ সূক্ষ্ম অনুৰ কণিকা পৰ্য্যন্ত শিকিব পাৰিব। মানৱজাতি যি কামবিলক সাধন কৰিব আমাৰ মৰমীয়াল স্বৰ্গীয় পিতা, যিহোৱাৰ হৃদয়ক আৰু অধিক আনন্দিত কৰিব।​—⁠গীতমালা ১৫০:​১-৬.

২৩ জীৱন তেতিয়া আমনিদায়ক নহব। যিমানে সময় অতিবাহিত হব সেয়া অধিক আকৰ্ষণীয় হৈ উঠিব। আপুনি দেখিব যে ঈশ্বৰৰ জ্ঞানৰ কোনো অন্ত নাই। (ৰোমীয়া ১১:৩৩) চিৰকাল ধৰি আৰু অধিক শিকিব আৰু নতুন দিগন্তক আৱিষ্কাৰ কৰিব। (উপদেশক ৩:১১) যেতিয়া আপুনি এইদৰে যিহোৱা ঈশ্বৰৰ বিষয়ে জ্ঞান অৰ্জন কৰে, আপুনি জীয়াই থাকিব​—⁠মাত্ৰ কিছু বছৰৰ বাবে নহয় কিন্তু অনন্তকাল!​—⁠গীতমালা ২২:⁠২৬.

২৪ এক পৰমদেশ পৃথিবীৰ অপূৰ্ব ভৱিষ্যতৰ বাবে আপুনি কৰা যিকোনো চেষ্টা বা ত্যাগ স্বীকাৰ উপযুক্ত নহবনে? নিঃসন্দেহ এইটো হব! হয় যিহোৱাই সেই উজ্জ্বল ভৱিষ্যতৰ চাবি আপোনালৈ আগবঢ়াইছে। সেই চাবি হৈছে ঈশ্বৰৰ জ্ঞান। আপুনি ইয়াক ব্যৱহাৰ কৰিবনে?

২৫ যদি আপুনি যিহোৱাক প্ৰেম কৰে, তেনেহলে আপুনি তেওঁৰ ইচ্ছা পালন কৰিবলৈ আনন্দিত হব। (১ যোহন ৫:⁠৩) যেতিয়া আপুনি সেই পথক অনুসন্ধান কৰিব, আপোনাৰ কি যে আশীৰ্ব্বাদৰ অভিজ্ঞতা হব! যদি আপুনি ঈশ্বৰৰ জ্ঞানক প্ৰয়োগ কৰে, আনকি ই আপোনালৈ এই অশান্তি জগততো এটা অধিক সুখৰ জীৱন আনিব পাৰে। আৰু ভৱিষ্যতৰ অসীম পুৰস্কাৰবিলাক আছে, কিয়নো ই হʼল সেই জ্ঞান যি অনন্ত জীৱন লৈ যায়! আপোনাৰ বাবে এতিয়া কাৰ্য্য কৰাৰ সঠিক সময়। ঈশ্বৰৰ জ্ঞানৰ সামঞ্জস্যত জীয়াই থাকিবলৈ দৃঢ় সংকল্প কৰক। যিহোৱাৰ প্ৰতি আপোনাৰ প্ৰেম প্ৰদৰ্শন কৰক। তেওঁৰ পবিত্ৰ নামক সন্মান কৰক আৰু চয়তান এটা মিছলীয়া বুলি প্ৰমাণ কৰক। ক্ৰমাশঃ, সত্য বিদ্যা আৰু জ্ঞানৰ মূল, যিহোৱা ঈশ্বৰে তেওঁৰ মহান আৰু প্ৰেমময় হৃদয়ত আপোনাৰ বাবে আনন্দিত হব। (যিৰিমিয়া ৩১:৩; চফনিয়া ৩:১৭) আৰু তেওঁ অনন্তকালৰ বাবে আপোনাক প্ৰেম কৰিব!

আপোনাৰ জ্ঞান পৰীক্ষা কৰক

“প্ৰকৃত জীৱন” কি?

হৰমাগিদোনৰ পাছত পৃথিবীত কি ঘটিব?

পৃথিবীত কোন লোকসকলৰ পুনৰুত্থান হব?

মানৱজাতি কেনেকৈ সম্পূৰ্ণ সিদ্ধ আৰু শেষত পৰীক্ষিত হব?

পৰমদেশৰ সমন্ধে আপোনাৰ আশা কি?

[Study Questions]

১, ২. যিহোৱাৰ সৃষ্টি কেনেকৈ ক্ষতিগ্ৰস্ত হৈছিল?

৩. “সত্য জীৱন” কি?

৪, ৫. (ক) পৰমদেশৰ আশা কেনেকৈ বাস্তৱতে পূৰ্ণ হব? (খ) ভৱিষ্যতৰ বাবে আমাৰ আশাৰ বিষয়ে আমি কিয় চিন্তা কৰা উচিত?

৬. হৰমাগিদোন কি আৰু মানৱজাতিৰ বাবে ইয়াৰ অৰ্থ কি হব?

৭. খ্ৰীষ্টৰ হাজাৰ বছৰৰ ৰাজত্বৰ কালত চয়তান আৰু তাৰ পিশাচবোৰ কʼত থাকিব আৰু ই মানৱজাতিক কেনেকৈ উপকৃত কৰিব?

৮, ৯. নতুন জগতত, দুখ যান্ত্ৰণা, বেমাৰ আৰু বৃদ্ধ অৱস্থাৰ কি হব?

১০. হৰমাগিদোনত ৰক্ষা পোৱাসকলে কি কাৰ্য্যভাৰ গ্ৰহণ কৰিব?

১১. পৃথিবীৰ পৰিবেশ আৰু জীৱ-জন্তুৰ সৈতে মানৱজাতিৰ ভৱিষ্যতৰ সম্পৰ্কে কেনেধৰণৰ হব?

১২. বৰ্তমান সময়ত, যিচয়া ১১:৯ পদটো কেনেকৈ পৰিপূৰ্ণ হৈছে আৰু ই কেনেকৈ পৰমদেশত সম্পূৰ্ণ হব?

১৩. পৃথিবীত কি শিক্ষামূলক কাৰ্য্যক্ৰম লোৱা হব?

১৪. যেতিয়া মানৱজাতি এক একত্ৰিত পৰিয়াল হব তেতিয়া পৃথিবী কেনেকৈ ভিন্নৰূপ হব?

১৫. কোন দুই প্ৰকাৰ লোকৰ পৃথিবীত পুনৰুত্থান হব?

১৬. (ক) পৃথিবীত কোন লোকসকলে “ধাৰ্ম্মিক” পুনৰুত্থানৰ ভাগী হব? (খ) প্ৰাচীন কালৰ, কোন বিশ্বাসী ব্যক্তিসকলক আপুনি লগ পাব বিচাৰে আৰু কিয়?

১৭. বিশ্বাসী লোকসকলে অন্য পুনৰুত্থিত হোৱা লোকসকলক কি সহায় কৰিব?

১৮. আপোনাৰ পুনৰুত্থিত হোৱা আপোনজনক আদৰণি জনাবলৈ আপুনি কেনে অনুভৱ কৰিব?

১৯. হাজৰ বছৰৰ কালছোৱাত কি অলৌকিক কাৰ্য্য সংঘটিত হব?

২০. (ক) সিদ্ধতা অৰ্থ কি? (খ) হৰমাগিদোনত ৰক্ষা পোৱা আৰু পুনৰুত্থিত ব্যক্তিসকল কেতিয়া সম্পূৰ্ণৰূপে জীৱত থাকিবলৈ আৰম্ভ কৰিব?

২১. (ক) খ্ৰীষ্টৰ হাজাৰ বছৰ ৰাজত্বৰ অন্তত কি ঘটিব? (খ) শেষত চয়তান আৰু তাৰ সমৰ্থনকাৰীসকলৰ কি হব?

২২. পৰমদেশত আপুনি কি কাম কৰিবলৈ উৎসাহেৰে অপেক্ষা কৰে?

২৩. কিয় পৰমদেশত জীৱন কেতিয়াও আমনিদায়ক নহব?

২৪, ২৫. কিয় ঈশ্বৰৰ বিষয়ক জ্ঞানৰ সামঞ্জস্যত আপুনি জীৱন-যাপন কৰা উচিত?

[Picture on page 188, 189]

আপুনি পৰমদেশত জীয়াই থাকিবলৈ আশা কৰেনে, যেতিয়া ঈশ্বৰৰ জ্ঞানেৰে পৃথিবীখন পৰিপূৰ্ণ হব?