Skip to content

Skip to table of contents

পাঠ ১১

বাইবেলৰপৰা আপুনি কেনেকৈ লাভৱান হʼব পাৰে?

বাইবেলৰপৰা আপুনি কেনেকৈ লাভৱান হʼব পাৰে?

আপোনাৰ লগত কেতিয়াবা এইদৰে হৈছেনে যে আৰম্ভণিতে কোনো এটা ডাঙৰ কাম কৰিবলৈ আপোনাক কঠিন লাগিছিল? কিন্তু প্ৰতিদিনে অলপ অলপ কৰাৰ বাবে আপুনি সেই কামটো সহজে শেষ কৰিব পাৰিলে। বাইবেলো এইদৰেই পঢ়িব পাৰি। আৰম্ভণিতে আপোনাক বাইবেলখন ডাঙৰ কিতাপ যেন লাগিব পাৰে। কিয়নো তাত বহুতো অধ্যায় আৰু পৃষ্ঠা আছে। যদি আপুনি প্ৰতিদিনে অলপ অলপকৈ পঢ়ে, তেনেহʼলে এদিন গোটেই বাইবেলখন পঢ়ি শেষ কৰিব পাৰিব। কিন্তু আপুনি হয়তো ভাবিব পাৰে, ‘মই কʼৰপৰা আৰম্ভ কৰিম?’ এই পাঠত আমি আলোচনা কৰিম যে আপুনি এনে কি কৰিব পাৰে, যাতে বাইবেলখন পঢ়ি আপোনাক ভাল লাগিব আৰু আপুনি বহুতো কথা শিকিব পাৰিব।

১. আমি প্ৰতিদিনে কিয় বাইবেল পঢ়া উচিত?

যদি আপুনি প্ৰতিদিনে ‘যিহোৱাৰ ব্যৱস্থা’ বা বাইবেল পঢ়ে, তেনেহʼলে আপুনি আনন্দত থাকিব আৰু নিজৰ সকলো কামত সফলতা লাভ কৰিব। (গীতমালা ১:১-৩ পঢ়ক।) আৰম্ভণিতে প্ৰতিদিনে কেৱল পাঁচৰপৰা দহ মিনিটলৈকে বাইবেল পঢ়ক। এইদৰে কৰিলে লাহে লাহে বাইবেল পঢ়িবলৈ আপোনাক ভাল লাগিব।

২. আপুনি বাইবেলখন কেনেকৈ ভালদৰে বুজিব পাৰে?

বাইবেলখন পঢ়াৰ সময়ত অলপ সময় ৰওক আৰু চিন্তা কৰক যে আপুনি যি পঢ়িছে, তাৰ অৰ্থ কি? এক কথাত কʼবলৈ গʼলে বাইবেল পঢ়ক আৰু “ধ্যান” কৰক। (যিহোচূৱা ১:৮) কিন্তু আমি কেনেকৈ ধ্যান কৰিব পাৰোঁ? পঢ়াৰ সময়ত আপুনি ভাবিব পাৰে, ‘মই যি পঢ়িলোঁ, তাৰপৰা মই যিহোৱাৰ বিষয়ে কি শিকিব পাৰোঁ? মই নিজৰ জীৱনত এয়া কেনেকৈ পালন কৰিব পাৰোঁ? মই আনক সহায় কৰিবলৈ এই পদটো দেখুৱাব পাৰোঁনে?’

৩. আপুনি বাইবেল পঢ়িবলৈ কেতিয়া সময় উলিয়াব পাৰে?

বাইবেল পঢ়াৰ বাবে সময় উলিয়াবলৈ আপোনাক কঠিন লাগেনে? বহুতোলোকক এইদৰেই লাগে। বাইবেলত এইদৰে লিখা আছে, “সুসময়ক কিনি লবা।” (ইফিচীয়া ৫:১৬) এয়া আপুনি কেনেকৈ কৰিব পাৰে? আপুনি প্ৰতিদিনে বাইবেল পঢ়াৰ বাবে এক নিৰ্দিষ্ট সময় নিৰ্ধাৰিত কৰিব পাৰে। কিছুমান লোকে ৰাতিপুৱা, কিছুমানে দুপৰীয়া আৰু আন কিছুমানে গধূলি বাইবেল পঢ়ে। কিন্তু আপুনি কোনটো সময়ত বাইবেল পঢ়িব পাৰে?

গভীৰভাৱে ধ্যান কৰক

আপুনি বাইবেল পঢ়া কেনেকৈ ভাল লগা কৰি তুলিব পাৰে? আপুনি কেনেকৈ নিজৰ বাইবেল অধ্যয়ন ভালদৰে প্ৰস্তুতি কৰিব পাৰে? আহক এই বিষয়ে আলোচনা কৰোঁ।

যিদৰে চেষ্টা কৰিলে কিবা নতুন আহাৰো খাবলৈ আমাক ভাল লাগে, ঠিক সেইদৰে বাইবেল পঢ়িবলৈও আমাক ভাল লাগিব

৪. বাইবেল পঢ়াটো ভাল লাগিবলৈ আমি কি কৰিব পাৰোঁ

আমি যেতিয়া প্ৰথমবাৰৰ বাবে কিবা নতুন আহাৰ খাবলৈ আৰম্ভ কৰোঁ, তেতিয়া হয়তো আমাক খাবলৈ ভাল নালাগে। কিন্তু লাহে লাহে সেই আহাৰ খাবলৈ আমাক ভাল লাগিবলৈ ধৰে। ঠিক সেইদৰে, বাইবেল পঢ়িবলৈ অভ্যাস কৰিলে আমাক পঢ়িবলৈ ভাল লাগিব। ১ পিতৰ ২:২ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • আপুনি কি ভাবে, যদি আপুনি প্ৰতিদিনে বাইবেল পঢ়ে, তেনেহʼলে আপোনাক বাইবেল পঢ়িবলৈ ভাল লাগিবনে?

কিছুমান লোকক বাইবেল পঢ়িবলৈ কিয় ভাল লাগিবলৈ ধৰিলে, তাৰ বিষয়ে জানক। ভিডিঅʼখন চাওক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • এই কিশোৰ-কিশোৰীসকলক বাইবেল পঢ়িবলৈ কিয় মন যোৱা নাছিল?

  • প্ৰতিদিনে বাইবেল পঢ়িবলৈ তেওঁলোকে কি কৰিলে?

  • তেওঁলোকক বাইবেল পঢ়িবলৈ কিয় ভাল লাগিবলৈ ধৰিলে?

কিছুমান পৰামৰ্শ:

  • সঠিক তথ্য দিয়া আৰু সহজে বুজি পোৱা বাইবেল পঢ়ক। যদি আপোনাৰ ভাষাত নিউ ৱৰ্ল্ড ট্ৰানচলেশ্ব্যান্‌ বাইবেল আছে, তেনেহʼলে আপুনি পঢ়িব পাৰে।

  • আপুনি ভাল পোৱা ভাগটো প্ৰথমে পঢ়ক।বাইবেল পঢ়িবলৈ আৰম্ভ কৰক” তালিকাখন চাওক। তাত কিছুমান ভাল পৰামৰ্শ দিয়া হৈছে।

  • আপুনি কোন দিনাখন কি পঢ়িলে, তাক লিখি ৰাখক। এই কিতাপখনৰ “মোৰ বাইবেল পঢ়াৰ তালিকা” নামৰ তালিকাখন ব্যৱহাৰ কৰক।

  • JW লাইব্ৰেৰী এপৰপৰা পঢ়ক। নিজৰ ফোন বা টেবলেটত আপুনি বুজি পোৱা ভাষাত বাইবেল পঢ়িব পাৰে আৰু তাৰ অডিঅʼও শুনিব পাৰে।

  • নিউ ৱৰ্ল্ড ট্ৰানচলেশ্ব্যান্‌ বাইবেলত অতিৰিক্ত লেখ চাওক। ইয়াত মানচিত্ৰ, তালিকা আৰু শব্দকোষ আছে, যিবোৰে বাইবেলত উল্লেখ কৰা শব্দ আৰু ঘটনাবোৰ বুজিবলৈ আপোনাক সহায় কৰিব।

৫. বাইবেল অধ্যয়নৰ বাবে প্ৰস্তুতি কৰক

গীতমালা ১১৯:৩৪ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • বাইবেল পঢ়া আৰু অধ্যয়নৰ বাবে প্ৰস্তুতি কৰাৰ আগতে আমি কিয় প্ৰাৰ্থনা কৰা উচিত?

প্ৰতিটো পাঠ প্ৰস্তুতি কৰাৰ সময়ত তলত দিয়া পদ্ধতিবোৰ ব্যৱহাৰ কৰক। ইয়াৰ যোগেদি আপুনি পাঠটো ভালদৰে বুজিব পাৰিব।

  1. (ক) প্ৰতিটো পাঠৰ আৰম্ভণিৰ ভাগটো পঢ়ক।

  2. (খ) পদবোৰ পঢ়ক আৰু চিন্তা কৰক যে ইয়াত লিখা কথাবোৰ অনুচ্ছেদৰ লগত কেনেকৈ জড়িত আছে।

  3. (গ) প্ৰতিটো প্ৰশ্নৰ উত্তৰত দাগ দিয়ক। শিক্ষকৰ লগত এই পাঠ আলোচনা কৰাৰ সময়ত সহজে উত্তৰবোৰ বিচাৰি পাবলৈ আপুনি কিছুমান শব্দত দাগ দিব পাৰে।

আপুনি জানেনে?

যিহোৱাৰ সাক্ষীসকলে বেলেগ বেলেগ বাইবেল ব্যৱহাৰ কৰিছিল। কিন্তু তেওঁলোকক নিউ ৱৰ্ল্ড ট্ৰানচলেশ্ব্যান্‌ বাইবেলখন সকলোতকৈ বেছি ভাল লাগে। কিয়নো তাত সঠিকভাৱে অনুবাদ কৰা হৈছে, সেয়া বুজিবলৈ একেবাৰে সহজ আৰু তাত ঈশ্বৰৰ নামো উল্লেখ আছে।—ৱেবছাইটত দিয়া লেখ পঢ়ক, যিহোৱাৰ সাক্ষীসকলে নিজৰ এখন বাইবেল তৈয়াৰ কৰি লৈছেনে?

কিছুমান লোকে কয়: “বাইবেল পঢ়াটো ইমান সহজ নহয়। মোৰ ওচৰত সময়েই নাথাকে।”

  • এই বিষয়ে আপুনি কি ভাবে?

আমি কি শিকিলোঁ

বাইবেল পঢ়িবলৈ এটা সময় বান্ধি লওক, আপুনি পঢ়া বিষয়বোৰ বুজিবলৈ যিহোৱালৈ প্ৰাৰ্থনা কৰক আৰু প্ৰতিটো পাঠ প্ৰস্তুতি কৰক। এইদৰে কৰিলে আপুনি বাইবেলখন ভালদৰে বুজিব পাৰিব।

আপুনি কেনেকৈ উত্তৰ দিব?

  • বাইবেলখন ভালদৰে বুজি পাবলৈ আপুনি কি কৰিব পাৰে?

  • আপুনি বাইবেল পঢ়িবলৈ কেতিয়া সময় উলিয়াব পাৰে?

  • বাইবেল অধ্যয়নৰ বাবে আপুনি কিয় প্ৰস্তুতি কৰা উচিত?

লক্ষ্য

বেছিকৈ জানক

বহুবছৰ ধৰি বাইবেল পঢ়ি থকা কিছুমান লোকে বাইবেল পঢ়াৰ বিষয়ে ভাল পৰামৰ্শ দিছে।

গভীৰভাৱে অধ্যয়ন কৰক (২:০৬)