Skip to content

Skip to table of contents

পাঠ ২০

যিহোৱাই মণ্ডলীৰ চোৱা-চিতা কেনেকৈ কৰে?

যিহোৱাই মণ্ডলীৰ চোৱা-চিতা কেনেকৈ কৰে?

যিহোৱাই নিজৰ সকলো কাম সুন্দৰকৈ আৰু পৰিপাটিকৈ কৰে। (১ কৰিন্থীয়া ১৪:৩৩, ৪০) সেইবাবে, তেওঁৰ সেৱকসকলেও এইদৰেই কৰে। মণ্ডলীৰ কামবোৰ কেনেকৈ সুন্দৰকৈ আৰু পৰিপাটিকৈ কৰা হয়? মণ্ডলীত প্ৰতিজন ব্যক্তিৰ কি কি দায়িত্ব আছে? আহক চাওঁ।

১. মণ্ডলীৰ মুৰব্বী কোন হয়?

‘খ্ৰীষ্ট মণ্ডলীৰ মূৰ’ অৰ্থাৎ মুৰব্বী হয়। (ইফিচীয়া ৫:২৩) যীচুৱে স্বৰ্গৰপৰা যিহোৱাৰ সাক্ষীসকলৰ সকলো কাম চোৱা-চিতা কৰে। কেনেকৈ বাৰু? এই কামৰ বাবে তেওঁ ‘বিশ্বাসী বুদ্ধিমান দাসক’ নিযুক্ত কৰিছে। (মথি ২৪:৪৫-৪৭ পঢ়ক।) এই সৰু সমূহ প্ৰাচীনসকলৰ দ্বাৰা গঠিত হৈছে আৰু তেওঁলোক বহুবছৰৰপৰা যিহোৱাৰ সেৱা কৰি আহিছে। এই সমূহক প্ৰশাসন গোষ্ঠী বুলিও কোৱা হয়। যেতিয়া খ্ৰীষ্টান মণ্ডলীৰ আৰম্ভ হৈছিল, তেতিয়া যিৰূচালেমত পাঁচনি আৰু প্ৰাচীনসকলে সকলো মণ্ডলীক নিৰ্দেশনা দিছিল। ঠিক সেইদৰে, আজিও প্ৰশাসন গোষ্ঠীয়ে গোটেই পৃথিৱীৰ মণ্ডলীবোৰক নিৰ্দেশনা দিয়ে। (পাঁচনিৰ কৰ্ম্ম ১৫:২) কিন্তু প্ৰশাসন গোষ্ঠীৰ ভাইসকল মণ্ডলীৰ মুৰব্বী নহয়। যিহোৱা আৰু যীচুৰ ইচ্ছা কি, তাৰ বিষয়ে তেওঁলোকে বাইবেলৰপৰা জানিবলৈ চেষ্টা কৰে আৰু সেই অনুসৰি তেওঁলোকে মণ্ডলীবোৰক নিৰ্দেশনা দিয়ে।

২. মণ্ডলীৰ প্ৰাচীনসকলে কি কি কাম কৰে?

প্ৰাচীনসকলে বহুবছৰৰপৰা যিহোৱাৰ সেৱা কৰি আছে। তেওঁলোকে ভাই-ভনীসকলক বাইবেলৰপৰা শিক্ষা দিয়ে আৰু তেওঁলোকক উৎসাহিত কৰে। এই কামৰ বাবে প্ৰাচীনসকলে কোনো দৰমহা নাপায়। প্ৰাচীনসকলে “আৱশ্যকতাৰ কাৰণে নহয়, কিন্তু ইচ্ছাৰে, ঈশ্বৰৰ দৰে; কুচ্ছিত লাভৰ অৰ্থেও নহয়, কিন্তু সন্তুষ্ট মনেৰে” সেৱা কৰে। (১ পিতৰ ৫:১, ২) মণ্ডলীৰ কিছুমান ভাইয়ে প্ৰাচীনক সহায় কৰে। তেওঁলোকক পৰিচাৰক বুলি কোৱা হয়। তেওঁলোকে আগলৈ গৈ এজন প্ৰাচীন হিচাপে সেৱা কৰাৰ সুযোগ থাকে।

প্ৰশাসন গোষ্ঠীয়ে কিছুমান প্ৰাচীনক চাৰ্কিট ওভাৰচিয়াৰ হিচাপে নিযুক্ত কৰে। তেওঁলোকে বেলেগ বেলেগ মণ্ডলীলৈ গৈ ভাই-ভনীসকলক বাইবেলৰপৰা পৰামৰ্শ দিয়ে আৰু তেওঁলোকক উৎসাহিত কৰে। পৰিচাৰক আৰু প্ৰাচীনসকলৰ কি কি গুণ থাকিব লাগে, তাৰ বিষয়ে বাইবেলত উল্লেখ আছে। সেই গুণবোৰ ধ্যান দি চাৰ্কিট ওভাৰচিয়াৰে পৰিচাৰক আৰু প্ৰাচীনসকলক নিযুক্ত কৰে।—১ তীমথিয় ৩:১-১০, ১২; তীত ১:৫-৯.

৩. মণ্ডলীত প্ৰতিজন সাক্ষীৰ দায়িত্ব কি?

মণ্ডলীত প্ৰতিজন সাক্ষীয়ে ‘যিহোৱাৰ নামৰ প্ৰশংসা কৰে।‘ (গীতমালা ১৪৮:১২, ১৩ পঢ়ক।) কিন্তু তেওঁলোকে এয়া কেনেকৈ কৰে? তেওঁলোকে সভাত ভাষণ দি, গীত গাই, উত্তৰ দি আৰু প্ৰচাৰ কৰি যিহোৱাৰ প্ৰশংসা কৰে।

গভীৰভাৱে ধ্যান কৰক

যীচু এজন ভাল মুৰব্বী বুলি আমি কিয় কʼব পাৰোঁ? প্ৰাচীনসকলে যীচুৰ দৰে কি কি কৰিব পাৰে? আমি প্ৰাচীন আৰু যীচুৰ কথা কিয় শুনিব লাগে? আহক এই বিষয়ে আলোচনা কৰোঁ।

৪. যীচু এজন ভাল মুৰব্বী

যীচুৱে আমাক এনে এটা কথা কৈছে, যাৰপৰা আমি শান্ত্বনা লাভ কৰোঁ। মথি ১১:২৮-৩০ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • আমি যীচুৰ অধীনত থাকি কেনে অনুভৱ কৰাটো তেওঁ বিচাৰে?

প্ৰাচীনসকলে কেনেকৈ যীচুৰ দৰে হʼবলৈ চেষ্টা কৰে? ভিডিঅʼখন চাওক

প্ৰাচীনসকলে নিজৰ দায়িত্ব কেনেকৈ পালন কৰিব লাগে, তাৰ বিষয়ে বাইবেলত স্পষ্টকৈ উল্লেখ আছে।

যিচয়া ৩২:২ আৰু ১ পিতৰ ৫:১-৩ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • প্ৰাচীনসকলে যীচুৰ দৰে ভাই-ভনীসকলক উৎসাহিত কৰে। এই কথা জানি আপোনাক কেনেকুৱা লাগে?

  • প্ৰাচীনসকলে যীচুৰ দৰে আৰু কি কি কাম কৰে?

৫. যীচুৱে প্ৰাচীনসকলক নিৰ্দেশনা দিয়ে

প্ৰাচীনসকলে নিজৰ দায়িত্ব কেনেকৈ পালন কৰাটো যীচুৱে বিচাৰে? ভিডিঅʼখন চাওক

প্ৰাচীনসকলে নিজৰ দায়িত্ব ভালদৰে পালন কৰিবলৈ যীচুৰপৰা বহুতো কথা শিকিব পাৰে। মথি ২৩:৮-১২ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • বাইবেলৰ অনুসৰি এজন প্ৰাচীন কেনেধৰণৰ হোৱা উচিত? আপুনি কি ভাবে, ধৰ্মগুৰুসকলে বাইবেলৰ এই কথা পালন কৰেনে?

  1. ক. প্ৰাচীনসকলে যিহোৱাৰ লগত নিজৰ সম্পৰ্ক দৃঢ় কৰে আৰু নিজৰ পৰিয়ালকো এইদৰে কৰিবলৈ সহায় কৰে

  2. খ. প্ৰাচীনসকলে মণ্ডলীৰ ভাই-ভনীৰ বিষয়ে চিন্তা কৰে

  3. গ. প্ৰাচীনসকলে প্ৰচাৰত ভাগ লয়

  4. ঘ. প্ৰাচীনসকলে মণ্ডলীত শিক্ষা দিয়ে। তেওঁলোকে চাফ-চিকুণ আৰু আন কামতো ভাগ লয়

৬. আমি প্ৰাচীনসকলৰ কথা শুনা উচিত

বাইবেলত উল্লেখ আছে যে আমি কিয় প্ৰাচীনসকলৰ কথা শুনিব লাগে। ইব্ৰী ১৩:১৭ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • মণ্ডলীত দায়িত্ব থকা ভাইসকলৰ আজ্ঞা পালন কৰিবলৈ আৰু তেওঁলোকৰ অধীনত থাকিবলৈ বাইবেলে আমাক উৎসাহিত কৰিছে। এইদৰে কৰাটো আপুনি ভাল বুলি ভাবেনে? আপুনি এইদৰে কিয় ভাবে?

লূক ১৬:১০ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • আমি প্ৰাচীনসকলৰ সৰু-সুৰা আজ্ঞাও কিয় পালন কৰা উচিত?

কিছুমান লোকে কয়: “আমি অকলেই উপাসনা কৰিব পাৰোঁ, আনৰ লগত মিলি উপাসনা কৰাৰ কিয় প্ৰয়োজন।”

  • আপুনি কি ভাবে, যিহোৱাৰ লোকসকলৰ লগত মিলি উপাসনা কৰিলে কি লাভ আছে?

আমি কি শিকিলোঁ

যীচু মণ্ডলীৰ মুৰব্বী হয়। প্ৰাচীনসকলে তেওঁৰ অধীনত থাকি কাম কৰে। প্ৰাচীনসকলে আমাক উৎসাহিত কৰে আৰু আমাৰ বাবে এটা ভাল উদাহৰণ ৰাখে। সেইবাবে, আমি আনন্দেৰে প্ৰাচীনসকলৰ আজ্ঞা পালন কৰোঁ।

আপুনি কেনেকৈ উত্তৰ দিব?

  • মণ্ডলীৰ মুৰব্বী কোন হয়?

  • প্ৰাচীনসকলে ভাই-ভনীসকলক কেনেকৈ সহায় কৰে?

  • মণ্ডলীত প্ৰতিজন সাক্ষীৰ কি দায়িত্ব আছে?

লক্ষ্য

বেছিকৈ জানক

প্ৰশাসন গোষ্ঠী আৰু প্ৰাচীনসকলে সকলো খ্ৰীষ্টান ভাই-ভনীৰ বিষয়ে চিন্তা কৰে। আহক, এই বিষয়ে এখন ভিডিঅʼ চাওঁ।

প্ৰতিবন্ধকৰ সময়ছোৱাত ভাইসকলৰ বিশ্বাস দৃঢ় কৰিলে (৪:২২)

চাৰ্কিট ওভাৰচিয়াৰে কি কি কাম কৰে, তাৰ বিষয়ে জানক।

গাঁৱত চাৰ্কিট ওভাৰচিয়াৰৰ জীৱন-প্ৰণালী (৪:৫১)

খ্ৰীষ্টান ভনীসকলে মণ্ডলীত কি গুৰুত্বপূৰ্ণ কাম কৰে, তাৰ বিষয়ে জানক।

“যিহোৱাৰ সাক্ষী ভনীসকলেও শিকোৱাৰ কামত ভাগ লয়নে?” (প্ৰহৰীদুৰ্গ লেখ)

প্ৰাচীনসকলে কেনেকৈ ভাই-ভনীসকলক উৎসাহিত কৰে, তাৰ বিষয়ে জানক।

“খ্ৰীষ্টান প্ৰাচীনসকল—‘আমাৰ আনন্দৰ সহকৰ্মী’” (প্ৰহৰীদুৰ্গ-হিন্দী, জানুৱাৰী ১৫, ২০১৩)