Skip to content

Skip to table of contents

পাঠ ২২

আপুনি কেনেকৈ শুভবাৰ্তা জনাব পাৰে?

আপুনি কেনেকৈ শুভবাৰ্তা জনাব পাৰে?

আপুনি বাইবেলৰ সত্যতা শিকি থকাৰ সময়ত আপুনি হয়তো এইদৰে ভাবিব পাৰে, ‘এই কথাবোৰ আনেও জনা উচিত!’ সঁচাকৈ এই বিষয়ে সকলোৱে জনাটো অতি প্ৰয়োজন। এই বিষয়ে আনক জনাবলৈ আপোনাৰ হয়তো ভয় লাগিব পাৰে। কিন্তু আপুনি নিজৰ ভয় কেনেকৈ দূৰ কৰিব পাৰে আৰু আনক উৎসাহেৰে বাইবেলৰ বিষয়ে জনাব পাৰে? আহক চাওঁ।

১. আপুনি নিজৰ পৰিয়াল আৰু বন্ধুসকলক বাইবেলৰপৰা শিকা কথাবোৰ কেনেকৈ জনাব পাৰে?

যীচুৰ শিষ্যসকলে কৈছিল, “আমি যিহকে দেখিলোঁ, শুনিলোঁ, তাকে নকৈ থাকিব নোৱাৰোঁ।” (পাঁচনিৰ কৰ্ম্ম ৪:২০) যীচুৰপৰা শিকা কথাবোৰ শিষ্যসকলক বহুত ভাল লাগিছিল। সেইবাবে, তেওঁলোকে আনকো জনাব বিচাৰিছিল। আপুনিও আনক জনাব বিচাৰেনে? যদি বিচাৰে, তেনেহʼলে সুযোগ বিচাৰি নিজৰ পৰিয়াল আৰু বন্ধুসকলক জনাওক। কিন্তু এইদৰে কৰাৰ সময়ত মৰমেৰে আৰু সন্মানেৰে কথা পাতক।—কলচীয়া ৪:৬ পঢ়ক।

কথা-বতৰা আৰম্ভ কৰাৰ কিছুমান উপায়

  • আপুনি নিজৰ পৰিয়ালৰ কোনো এজন ব্যক্তিৰ লগত কথা পতাৰ সময়ত এইদৰে কʼব পাৰে, “এই সপ্তাহত মই এটা ভাল কথা শিকিলোঁ, তাৰ পাছত বাইবেলৰপৰা শিকা কোনো এটা বিষয় জনাওক।”

  • যদি আপোনাৰ কোনো এজন বন্ধু বেমাৰ হৈ আছে বা বহুত চিন্তাত আছে, তেনেহʼলে আপুনি তেওঁক শান্ত্বনা দিবলৈ বাইবেলৰ কোনো এটা পদৰ বিষয়ে জনাওক।

  • কামৰ ঠাইত যদি কোনোবাই আপোনাৰ খা-খবৰ লয়, তেনেহʼলে সুযোগ বিচাৰি তেওঁক বাইবেল অধ্যয়ন বা মণ্ডলীৰ সভাত কি শিকিলে, তাৰ বিষয়ে জনাওক।

  • নিজৰ বন্ধুসকলক jw.org ৱেবছাইট দেখুৱাওক।

  • যেতিয়া আপোনাৰ বাইবেল অধ্যয়ন হয়, তেতিয়া আনকো বহিবলৈ কওক বা jw.org ৱেবছাইটত বাইবেল অধ্যয়নৰ বাবে কেনেকৈ অনুৰোধ কৰিব পাৰি, তাৰ বিষয়ে জনাওক।

২. মণ্ডলীৰ লগত মিলি প্ৰচাৰ কৰাটো কিয় এক ভাল লক্ষ্য হয়?

যীচুৰ শিষ্যসকলে কেৱল নিজৰ চিনাকি লোকসকলক শুভবাৰ্তা জনাইছিল নে? নহয়। বাইবেলত লিখা আছে যে ‘যীচুৱে যি যি নগৰ আৰু ঠাইলৈ গৈছিল, সেই ঠাইলৈ তেওঁ নিজৰ শিষ্যসকলক দুজন দুজনকৈ পঠিয়াইছিল।’ (লূক ১০:১) এই ব্যৱস্থাৰ বাবে যীচুৰ শিষ্যসকলে বেছিভাগ লোকক প্ৰচাৰ কৰিব পাৰিলে আৰু তেওঁলোকে একেলগে মিলি প্ৰচাৰ কৰাৰ বাবে আনন্দ লাভ কৰিলে। (লূক ১০:১৭) আপুনিও মণ্ডলীৰ লগত মিলি প্ৰচাৰ কৰিব বিচাৰেনে? এইদৰে কৰিবলৈ আপুনি এটা লক্ষ্য ৰাখিব পাৰে।

গভীৰভাৱে ধ্যান কৰক

আপুনি নিজৰ ভয় কেনেকৈ দূৰ কৰিব পাৰে আৰু শুভবাৰ্তা জনাই কেনেকৈ আনন্দ লাভ কৰিব পাৰে, আহক এই বিষয়ে আলোচনা কৰোঁ।

৩. যিহোৱা আপোনাৰ লগত আছে

কিছুমান লোকে প্ৰচাৰ কৰিব বিচাৰে, কিন্তু লোকসকলে তেওঁৰ বিষয়ে কি ভাবিব আৰু কেনেদৰে ব্যৱহাৰ কৰিব, সেই বিষয়ে ভাবি ভয় কৰে।

  • শিকা কথাবোৰ আনক জনাবলৈ আপোনাক ভয় লাগেনে? আপোনাক কিয় ভয় লাগে?

ভিডিঅʼখন চাওক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • সেই ডেকা ভাই-ভনীসকলে নিজৰ ভয় দূৰ কৰিবলৈ কি কৰিলে?

যিচয়া ৪১:১০ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • যদি প্ৰচাৰ কৰিবলৈ আপোনাক ভয় লাগে, তেনেহʼলে প্ৰাৰ্থনাই আপোনাক কেনেকৈ সহায় কৰিব পাৰে?

আপুনি জানেনে?

বহুতো সাক্ষীয়ে আৰম্ভণিতে প্ৰচাৰ কৰিব নোৱাৰিম বুলি ভাবিছিল। চাৰ্গীৰ উদাহৰণলৈ মন কৰক, তেওঁ নিজকে অযোগ্য বুলি ভাবিছিল। সেইবাবে, লোকসকলৰ লগত কথা পাতিবলৈ তেওঁক ভয় লাগিছিল। তাৰ পাছত তেওঁ বাইবেল অধ্যয়ন কৰিবলৈ ধৰিলে। তেওঁ এইদৰে কৈছে, “মোক ভয়তো লাগিছিল, তথাপিও মই শিকা কথাবোৰ আনক জনালোঁ। মই আচৰিত হʼলোঁ, কিয়নো মই যিমানেই লোকসকলক জনাইছিলোঁ, সিমানেই মোৰ ভয় নাইকিয়া হʼল। এইদৰে কৰাৰ বাবে মোৰ আত্মবিশ্বাস বাঢ়িলে আৰু বাইবেলৰ ওপৰত মোৰ বিশ্বাস দৃঢ় হʼল।”

৪. সন্মানেৰে কথা পাতক

শুভবাৰ্তা জনোৱাৰ সময়ত আপুনি কি কʼব, কেৱল তাৰ ওপৰত ধ্যান নিদি কেনেকৈ কʼব, তাৰ ওপৰতো ধ্যান দিয়া উচিত। ২ তীমথিয় ২:২৪ আৰু ১ পিতৰ ৩:১৫ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • বাইবেলৰ বিষয়ে আনক জনোৱাৰ সময়ত এই পদবোৰত দিয়া পৰামৰ্শ আপুনি কেনেকৈ পালন কৰিব পাৰে?

  • কেতিয়াবা আপোনাৰ বন্ধু বা পৰিয়ালৰ লোকসকলে আপোনাৰ কথাত সন্মত নহʼবও পাৰে। এনে পৰিস্থিতিত আপুনি কি কৰিব পাৰে? আপুনি কি কৰা উচিত নহয়?

  • কোনো এটা বিষয় বিশ্বাস কৰিবলৈ আনক জোৰ দিয়াৰ পৰিৱৰ্তে সন্মানেৰে আলোচনা কৰাটো কিয় গুৰুত্বপূৰ্ণ? আপুনি এইদৰে কিয় ভাবে?

৫. আমি শুভবাৰ্তা জনালে আনন্দ লাভ কৰোঁ

যিহোৱাই যীচুক শুভবাৰ্তা জনোৱাৰ দায়িত্ব দিছিল। এই কামটো যীচুৱে কেনে দৃষ্টিৰে চাইছিল? যোহন ৪:৩৪ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • ভাল আহাৰ খালে আমি সুস্থ হৈ থাকোঁ আৰু আনন্দ লাভ কৰোঁ। ঈশ্বৰৰ ইচ্ছা পূৰ কৰা অৰ্থাৎ শুভবাৰ্তা জনোৱাটো যীচুৱে আহাৰ খোৱাৰ লগত কিয় তুলনা কৰিছিল?

  • আপুনি কি ভাবে, শুভবাৰ্তা জনালে আমি কেনেকৈ আনন্দ লাভ কৰোঁ?

উপায়

  • লোকসকলৰ লগত কথা-বতৰা কেনেকৈ আৰম্ভ কৰিব পাৰি, তাৰ বিষয়ে সপ্তাহৰ মাজত হোৱা সভাত শিকোৱা হয়। মন কৰক যে এই সভাত আপুনি কি শিকিব পাৰে।

  • সপ্তাহৰ মাজত হোৱা সভাত বিদ্যাৰ্থীৰ ভাগ প্ৰস্তুত কৰাৰ বিষয়ে আপুনি চিন্তা কৰিব পাৰে। বিদ্যাৰ্থীৰ বাবে দিয়া ভাগবোৰ কৰিলে আপোনাৰ সাহস বাঢ়িব আৰু আপুনি লোকসকলক ভালদৰে প্ৰচাৰ কৰিব পাৰিব।

  • লোকসকলে সাধাৰণতে সোধা কিছুমান প্ৰশ্ন আৰু কথা এই কিতাপৰ “কিছুমান লোকে কয়” আৰু “কোনোবাই সুধিব পাৰে” ভাগত উল্লেখ আছে। চিন্তা কৰক যে আপুনি সেই প্ৰশ্নবোৰৰ উত্তৰ কেনেকৈ দিব পাৰে।

কোনোবাই সুধিব পাৰে: “আপুনি কেনেকুৱা আছে?”

  • ইয়াৰ সুযোগ লৈ আপুনি বাইবেলৰপৰা শিকা কোনো এটা বিষয় কেনেকৈ জনাব পাৰে?

আমি কি শিকিলোঁ

শুভবাৰ্তা জনাই আমি আনন্দ লাভ কৰোঁ আৰু লোকসকলৰ লগত কথা-বতৰা আৰম্ভ কৰা ইমান কঠিন নহয়।

আপুনি কেনেকৈ উত্তৰ দিব?

  • শুভবাৰ্তা জনোৱাটো কিয় অতি গুৰুত্বপূৰ্ণ?

  • শুভবাৰ্তা জনোৱাৰ সময়ত আপুনি কেনেকৈ সন্মানেৰে কথা পাতিব পাৰে?

  • যদি প্ৰচাৰ কৰিবলৈ আপোনাক ভয় লাগে, তেনেহʼলে আপুনি কি কৰিব পাৰে?

লক্ষ্য

বেছিকৈ জানক

আমি jw.org যোগাযোগ কাৰ্ডৰ যোগেদি চাৰিটা উপায়েৰে সহজে কেনেকৈ সাক্ষ্য দিব পাৰোঁ, আহক চাওঁ।

JW.ORG যোগাযোগ কাৰ্ডৰ প্ৰদৰ্শন (১:৪৩)

শুভবাৰ্তা জনাবলৈ কি চাৰিটা গুণে আপোনাক সহায় কৰিব পাৰে, আহক চাওঁ।

“আপুনি প্ৰচাৰক হʼবলৈ সাজু আছেনে?” (প্ৰহৰীদুৰ্গ, চেপ্টেম্বৰ ২০২০)

বাইবেলৰ এটা কাহিনীলৈ মন কৰক, যদিও আমাৰ বয়স কম, তথাপি এই কাহিনীয়ে আমাক শুভবাৰ্তা জনাবলৈ সাহস দিব।

যিহোৱাই আপোনাক সাহস দিব (১১:৫৯)

আপোনাৰ পৰিয়ালত যিসকলে যিহোৱাৰ বিষয়ে নাজানে, তেওঁলোকক আপুনি বাইবেলৰ বিষয়ে কেনেকৈ জনাব পাৰে, আহক চাওঁ।

“বিশ্বাসত নথকা সম্বন্ধীয়সকলৰ মন জয় কৰক” (প্ৰহৰীদুৰ্গ-হিন্দী, ১৫ মাৰ্চ, ২০১৪)