Skip to content

Skip to table of contents

পাঠ ৪৪

যিহোৱা সকলো উৎসৱৰপৰা আনন্দিত হয়নে?

যিহোৱা সকলো উৎসৱৰপৰা আনন্দিত হয়নে?

আমি জীৱনত আনন্দ-ফূৰ্তি কৰাটো যিহোৱাই বিচাৰে। লোকসকলে উৎসৱত নিজৰ পৰিয়াল আৰু বন্ধুসকলৰ লগত মিলি আনন্দ-ফূৰ্তি কৰে। কিন্তু সকলো ধৰণৰ উৎসৱৰপৰা যিহোৱা আনন্দিত হয়নে? এই বিষয়ে নিৰ্ণয় লোৱাৰ সময়ত আমি কেনেকৈ দেখুৱাব পাৰোঁ যে আমি যিহোৱাক প্ৰেম কৰোঁ? a

১. যিহোৱাই সকলো ধৰণৰ উৎসৱৰপৰা আনন্দিত হয়নে?

আপোনালোকে এই বিষয়ে জানি হয়তো আচৰিত হʼব যে যিহোৱাই সকলো ধৰণৰ উৎসৱৰপৰা আনন্দিত নহয়। কিয় বাৰু? কিয়নো এই উৎসৱবোৰ বাইবেল আধাৰিত নহয় আৰু এইবোৰ মিছা ধৰ্মৰপৰা আহিছে। কিছুমান উৎসৱত হয়তো যাদুবিদ্যা আৰু দুষ্ট স্বৰ্গদূত জড়িত থাকে আৰু আন কিছুমান উৎসৱ মিছা শিক্ষাৰ ওপৰত আধাৰিত। যেনে, মৃত্যুৰ পাছত আত্মা জীয়াই থাকে। আনহাতে, কিছুমান লোকে অন্ধবিশ্বাস আৰু ভাগ্যৰ ওপৰত বিশ্বাস কৰাৰ বাবে উৎসৱবোৰ পালন কৰে। (যিচয়া ৬৫:১১) কিন্তু যিহোৱাই নিজৰ লোকসকলক এইদৰে সতৰ্ক কৰিছে, “তোমালোকে সিহঁতৰ মাজৰ পৰা ওলাই আহি পৃথক হোৱা, আৰু কোনো অশুচিকে নুচুবা।”২ কৰিন্থীয়া ৬:১৭. b

২. মানুহক বেছিকৈ আদৰ বা সন্মান কৰা দিৱসৰ বিষয়ে যিহোৱাই কেনে অনুভৱ কৰে?

ৰজা, মহাৰজা, নেতা আৰু সৈনিকসকলৰ স্মৰণত কিছুমান দিৱস পালন কৰা হয় আৰু তেওঁলোকক আদৰ বা সন্মান কৰা হয়। আন কিছুমান দেশত স্বাধীনতা দিৱস হিচাপে পালন কৰা হয় বা ৰাষ্ট্ৰীয় প্ৰতীক আৰু চিনবোৰক ভক্তি কৰা হয়। (১ যোহন ৫:২১) কিছুমান দিৱসত ৰাজনৈতিক বা সামাজিক সংগঠনক তেওঁলোকৰ কামৰ বাবে প্ৰশংসা কৰা হয়। কিন্তু যিহোৱাই ‘মানুহত ভাৰসা’ নকৰিবলৈ আমাক উৎসাহিত কৰিছে। (যিৰিমিয়া ১৭:৫ পঢ়ক।) চিন্তা কৰক, যদি ঈশ্বৰৰ ইচ্ছাৰ অনুসৰি নচলা কোনো মানুহ বা সংগঠনক প্ৰয়োজনতকৈ বেছি আদৰ বা সন্মান কৰোঁ, তেনেহʼলে যিহোৱাক কেনেকুৱা লাগিব।

৩. উৎসৱবোৰত লোকসকলে এনে কি কাম কৰে, যিবোৰ যিহোৱাই ঘিণ কৰে?

বেছিকৈ “সুৰা-পান, ৰং-ৰস, পানাৰ্থক আমোদ-প্ৰমোদ” কৰাটোক বাইবেলে ভুল বুলি কৈছে। (১ পিতৰ ৪:৩) কিছুমান উৎসৱত আনন্দ-ফূৰ্তি কৰিবলৈ বেছিকৈ মদ পান কৰা হয় আৰু অশ্লীল কাম কৰা হয়। যদি আমি যিহোৱাৰ বন্ধু হৈ থাকিব বিচাৰোঁ, তেনেহʼলে আমি এনেধৰণৰ কামৰপৰা আঁতৰি থাকিব লাগিব।

গভীৰভাৱে ধ্যান কৰক

উৎসৱ আৰু দিৱসৰ বিষয়ে ভাবি-চিন্তি নিৰ্ণয় লʼলে আমি যিহোৱাক আনন্দিত কৰিব পাৰিম। এয়া আমি কেনেকৈ কৰিব পাৰোঁ? আহক এই বিষয়ে আলোচনা কৰোঁ।

৪. যিহোৱাই ভাল নোপোৱা উৎসৱবোৰৰপৰা আঁতৰি থাকক

ইফিচীয়া ৫:৯ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • কোনো উৎসৱ পালন কৰা বা নকৰাৰ বিষয়ে নিৰ্ণয় লোৱাৰ আগতে আমি কি চালি-জাৰি চোৱা উচিত?

  • আপোনাৰ এলেকাত লোকসকলে কি কি উৎসৱ পালন কৰে?

  • সেই উৎসৱবোৰৰপৰা যিহোৱাই আনন্দিত হয় বুলি আপুনি ভাবেনে?

উদাহৰণস্বৰূপে, জন্মদিন পালন কৰাৰ বিষয়ে যিহোৱাই কেনে অনুভৱ কৰে? এই বিষয়ে আপুনি কেতিয়াবা ভাবিছেনে? যিহোৱাৰ কোনো সেৱকে জন্মদিন পালন কৰিছিল বুলি বাইবেলত কʼতো উল্লেখ নাই। বাইবেলত কেৱল দুজন ব্যক্তিৰ জন্মদিনৰ বিষয়ে উল্লেখ আছে। কিন্তু তেওঁলোক যিহোৱাৰ সেৱক নাছিল। আদিপুস্তক ৪০:২০-২২ আৰু মথি ১৪:৬-১০ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • এই দুয়োটা জন্মদিনত কি কথা মিল আছিল?

  • বাইবেলৰ এই দুটা ঘটনা পঢ়ি আপুনি কি বুজিব পাৰিলে, যিহোৱাই জন্মদিনৰ বিষয়ে কেনে অনুভৱ কৰে?

কিন্তু আপুনি হয়তো ভাবিব পাৰে, ‘মই জন্মদিন বা কোনো উৎসৱ পালন কৰোঁ বা নকৰোঁ, এয়া যিহোৱাৰ বাবে কোনো অৰ্থ ৰাখেনে?’ যাত্ৰাপুস্তক ৩২:১-৮ পঢ়ক, তাৰ পাছত ভিডিঅʼখন চাওক আৰু নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • যিহোৱাই কি ভাল পায়, সেয়া আমি কিয় পৰীক্ষা কৰি থকা উচিত?

  • আমি এয়া কেনেকৈ কৰিব পাৰোঁ?

যিহোৱাই কেনেধৰণৰ উৎসৱ বা দিৱস ভাল নাপায়?

  • এই উৎসৱ বাইবেল আধাৰিত হয়নে? এই উৎসৱবোৰৰ আৰম্ভণি কেনেকৈ হʼল, তাৰ বিষয়ে অনুসন্ধান কৰক।

  • এই দিৱসবোৰত কোনো মানুহ, সংগঠন বা ৰাষ্ট্ৰীয় প্ৰতীকবোৰক প্ৰয়োজনতকৈ বেছি সন্মান দিয়া হয়নে? আমি সকলোতকৈ বেছি যিহোৱাক সন্মান কৰোঁ আৰু গোটেই পৃথিৱীত হৈ থকা সমস্যাবোৰ তেৱেঁই শেষ কৰিব বুলি আমি বিশ্বাস কৰোঁ।

  • এই উৎসৱবোৰত পালন কৰা ৰীতি-নীতি আৰু আচাৰ-ব্যৱহাৰ বাইবেলৰ মানদণ্ডৰ অনুসৰি হয়নে? আমি নিজৰ আচাৰ-ব্যৱহাৰত শুদ্ধ হৈ থকা উচিত।

৫. নিজৰ বিশ্বাসৰ বিষয়ে সন্মানেৰে জনাওক

যিহোৱাই ভাল নোপোৱা কোনো উৎসৱ পালন কৰিবলৈ কোনোবাই হেঁচা দিলে, তেওঁলোকক মানা কৰিবলৈ কঠিন হʼব পাৰে। কিন্তু আমি তেওঁলোকক প্ৰেমেৰে বুজাব লাগিব আৰু ধৈৰ্য্য ধৰিব লাগিব। এইদৰে আমি কেনেকৈ কৰিব পাৰোঁ, এই বিষয়ে জানিবলৈ ভিডিঅʼখন চাওক

মথি ৭:১২ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • এই পদৰ অনুসৰি নিজৰ পৰিয়ালৰ লোকসকলক কোনো এটা উৎসৱ পালন কৰিব নালাগে বুলি কোৱাটো উচিত হʼবনে?

  • নিজৰ পৰিয়ালৰ লোকসকলৰ লগত উৎসৱ পালন নকৰিলেও তেওঁলোকক আপুনি এতিয়াও প্ৰেম কৰে আৰু তেওঁলোকৰ বিষয়ে চিন্তা কৰে বুলি কেনেকৈ দেখুৱাব পাৰে?

৬. আমি আনন্দ-ফূৰ্তি কৰাটো যিহোৱাই বিচাৰে

নিজৰ পৰিয়াল আৰু বন্ধুসকলৰ লগত একেলগে মিলি আনন্দ-ফূৰ্তি কৰাটো যিহোৱাই বিচাৰে। উপদেশক ৩:১২, ১৩ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • এই পদবোৰৰ অনুসৰি আমি কি কৰাটো যিহোৱাই বিচাৰে?

আমি একেলগে মিলি সময় অতিবাহিত কৰা আৰু আনন্দ-ফূৰ্তি কৰাটো যিহোৱাই বিচাৰে। ইয়াৰ প্ৰমাণ আমি আমাৰ আন্তঃৰাষ্ট্ৰীয় অধিৱেশনত দেখিবলৈ পাওঁ। ভিডিঅʼখন চাওক

গালাতীয়া ৬:১০ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • আনৰ বাবে ভাল কাম কৰিবলৈ আমি উৎসৱৰ বাবে অপেক্ষা কৰাটো উচিত নে?

  • আপুনি কেতিয়া বেছি আনন্দিত হয়, হৃদয়েৰে দিয়াৰ সময়ত নে কোনো উৎসৱত কিবা নহয় কিবা দিবলগীয়া হোৱাৰ সময়ত?

  • খ্ৰীষ্টান পিতৃ-মাতৃয়ে নিজৰ লʼৰা-ছোৱালীক উপহাৰ দিবলৈ কোনো বিশেষ দিনৰ বাবে অপেক্ষা নকৰে। তেওঁলোকে যিকোনো সময়ত নিজৰ সন্তানক উপহাৰ দিয়ে। কেতিয়াবা কেতিয়াবা তেওঁলোকে নিজৰ সন্তানক আগতীয়াকৈ নজনোৱাকৈ উপহাৰ দিয়ে। সেইসময়ত লʼৰা-ছোৱালীয়ে বেছিকৈ আনন্দিত হয়। যদি আপোনাৰ লʼৰা-ছোৱালী আছে, তেনেহʼলে তেওঁলোকৰ বাবে আপুনি কি কৰিব পাৰে?

কিছুমান লোকে কয়: “আমি কেৱল নিজৰ পৰিয়াল আৰু বন্ধুসকলৰ লগত সময় অতিবাহিত কৰিব বিচাৰোঁ। কোনটো উৎসৱ কʼৰপৰা আহিছে, সেয়া আমি নাভাবোঁ?”

  • আপুনি কি উত্তৰ দিব?

আমি কি শিকিলোঁ

আমি নিজৰ পৰিয়াল আৰু বন্ধুসকলৰ লগত আনন্দ-ফূৰ্তি কৰা আৰু তেওঁ বেয়া পোৱা উৎসৱবোৰ পালন নকৰাটো যিহোৱাই বিচাৰে।

আপুনি কেনেকৈ উত্তৰ দিব?

  • কোনো এটা উৎসৱ যিহোৱাই ভাল পায় নে নাপায়, এয়া জানিবলৈ আমি নিজকে কি প্ৰশ্ন কৰিব পাৰোঁ?

  • আমি উৎসৱবোৰ পালন নকৰাৰ কাৰণ নিজৰ পৰিয়াল আৰু বন্ধুসকলক কেনেকৈ জনাব পাৰোঁ?

  • আমি আনন্দত থকা আৰু আনন্দ-ফূৰ্তি কৰাটো যিহোৱাই বিচাৰে বুলি আমি কিয় কʼব পাৰোঁ?

লক্ষ্য

বেছিকৈ জানক

সত্য খ্ৰীষ্টানসকলে কি কি উৎসৱ পালন নকৰে? আহক চাওঁ।

“যিহোৱাৰ সাক্ষীসকলে কিছুমান উৎসৱ কিয় পালন নকৰে?” (ৱেবছাইটত দিয়া লেখ)

জন্মদিন পালন কৰাটো ঈশ্বৰে গ্ৰহণ নকৰে বুলি আমি কিয় বিশ্বাস কৰোঁ? আহক ইয়াৰ চাৰিটা কাৰণ চাওঁ।

“যিহোৱাৰ সাক্ষীসকলে জন্মদিন কিয় পালন নকৰে?” (ৱেবছাইটত দিয়া লেখ)

যিহোৱাক প্ৰেম কৰা ল’ৰা-ছোৱালীয়ে উৎসৱৰ সময়ত যিহোৱাক কেনেকৈ আনন্দিত কৰিব পাৰে? আহক চাওঁ।

তুমি যিহোৱাৰ বাবে মূল্যৱান (১১:৩৫)

লাখ লাখ খ্ৰীষ্টানসকলে খ্ৰীষ্টমাচ পালন নকৰিবলৈ নিৰ্ণয় লৈছে। এই নিৰ্ণয়ৰ বিষয়ে তেওঁলোকে কি কয়? আহক চাওঁ।

“তেওঁলোকে খ্ৰীষ্টমাচতকৈ ভাল বস্তু পালে” (প্ৰহৰীদুৰ্গ লেখ)

a এই পাঠত উল্লেখ কৰা উৎসৱৰ অৰ্থ সমাৰোহ, বিশেষ দিন আৰু দিৱসো হʼব পাৰে।

b টোকা ৫ পঢ়ক। উৎসৱৰ লগত জড়িত পৰিস্থিতিবোৰ কেনেকৈ সন্মুখীন হʼব পাৰি, এই বিষয়ে ইয়াত উল্লেখ কৰা হৈছে।