Skip to content

Skip to table of contents

ভাগ ৪-ত আপুনি কি শিকিলে?

ভাগ ৪-ত আপুনি কি শিকিলে?

নিজৰ শিক্ষকৰ লগত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  1. ১. হিতোপদেশ ১৩:২০ পঢ়ক।

    •   ভাবি-চিন্তি বন্ধু বাছনি কৰাটো কিয় প্ৰয়োজন?

      (পাঠ ৪৮ চাওক।)

  2. ২. যদি আপুনি এগৰাকী স্বামী বা পত্নী হয়, তেনেহʼলে বাইবেলত কি পৰামৰ্শ দিয়া হৈছে?

    যদি আপুনি পিতৃ-মাতৃ বা লʼৰা-ছোৱালী হয়, তেনেহʼলে বাইবেলত আপোনাৰ বাবে কি পৰামৰ্শ দিয়া হৈছে?

    (পাঠ ৪৯ আৰু ৫০ চাওক।)

  3. ৩. যিহোৱা কেনেধৰণৰ কথা-বতৰাৰপৰা আনন্দিত হয়? কেনেধৰণৰ কথা-বতৰা যিহোৱা ভাল নাপায়?

    (পাঠ ৫১ চাওক।)

  4. ৪. আমি কি পিন্ধিম আৰু কেনেকৈ সাজি-কাচি থাকিম, এই বিষয়ে বাইবেলৰ কোনটো সিদ্ধান্ত মনত ৰাখিব পাৰোঁ?

    (পাঠ ৫২ চাওক।)

  5. ৫. যিহোৱাই আনন্দিত হোৱা মনোৰঞ্জন আমি কৰিব বিচাৰোঁ। কিন্তু ইয়াৰ বাবে আমি কি কৰিব লাগিব?

    (পাঠ ৫৩ চাওক।)

  6. ৬. মথি ২৪:৪৫-৪৭ পঢ়ক।

    •   “বিশ্বাসী বুদ্ধিমান দাস” কোন হয়?

      (পাঠ ৫৪ চাওক।)

  7. ৭. মণ্ডলীক সহায় কৰিবলৈ আপুনি কেনেকৈ নিজৰ সময়, শক্তি আৰু টকা-পইচা ব্যৱহাৰ কৰিব পাৰে?

    (পাঠ ৫৫ চাওক।)

  8. ৮. গীতমালা ১৩৩:১ পঢ়ক।

    •   মণ্ডলীত একতা বজাই ৰাখিবলৈ আপুনি কি কৰিব পাৰে?

      (পাঠ ৫৬ চাওক।)

  9. ৯. যেতিয়া আমাৰপৰা গভীৰ পাপ হৈ যায়, তেতিয়া আমি যিহোৱাৰপৰা সহায় পাবলৈ কি কৰিব পাৰোঁ?

    (পাঠ ৫৭ চাওক।)

  10. ১০. প্ৰথম বংশাৱলি ২৮:৯ পঢ়ক।

    •   যেতিয়া লোকসকলে সত্য উপাসনাক বিৰোধ কৰে বা যিহোৱাক এৰি দিয়ে, তেতিয়া আপুনি যিহোৱাৰ বিশ্বাসী হৈ আছে বুলি কেনেকৈ দেখুৱাব পাৰে?

    •   যিহোৱাৰ বিশ্বাসী হৈ থাকিবলৈ আৰু মিছা ধৰ্মৰপৰা আঁতৰি থাকিবলৈ আপুনি কিবা সাল-সলনি কৰাৰ প্ৰয়োজন আছেনে?

      (পাঠ ৫৮ চাওক।)

  11. ১১. তাড়নাৰ সন্মুখীন হʼবলৈ আপুনি এতিয়াৰেপৰা কি কৰিব পাৰে?

    (পাঠ ৫৯ চাওক।)

  12. ১২. যিহোৱাৰ লগত নিজৰ বন্ধুত্ব দৃঢ় কৰিবলৈ আপুনি কি কৰিবলৈ চিন্তা কৰিছে?

    (পাঠ ৬০ চাওক।)