Skip to content

প্ৰশাসন গোষ্ঠীৰপৰা এখন চিঠি—২০১৭

প্ৰশাসন গোষ্ঠীৰপৰা এখন চিঠি—২০১৭

প্ৰিয় ভাই-ভনীসকল,

খ্ৰীষ্টপূৰ্ব সপ্তম শতিকাত ভৱিষ্যতবক্তা যিহিষ্কেলে এক আচৰিত দৰ্শন দেখিবলৈ পাইছিল। এই দৰ্শনত তেওঁ এক বিশাল স্বৰ্গীয় ৰথ দেখিছিল আৰু এই ৰথ গোটেই বিশ্বৰ ওপৰত অধিকাৰ থকা যিহোৱা ঈশ্বৰে নিয়ন্ত্ৰণ কৰিছে। এই ৰথৰ বিশেষত্ব হৈছে ইয়াৰ গতি। এই ৰথ বিজুলীৰ গতিৰে আগবাঢ়ি যাব পাৰে। আনকি, দিশ পৰিৱৰ্তন কৰাৰ সময়তো ইয়াৰ গতিবেগ কম নহয়।—যিহি. ১:৪, ৯, ১২, ১৪, ১৬-২৭.

এই দৰ্শনে আমাক মনত পেলাই দিয়ে যে যিহোৱা ঈশ্বৰৰ সংগঠনৰ স্বৰ্গীয় অংশই সদায় দ্ৰুত গতিত আগবাঢ়ি থাকে। কিন্ত্ত, পৃথিৱীত থকা অংশৰ বিষয়েনো কি ক’ব পাৰি? বিগত সেৱা বছৰৰ কাৰ্য্যবোৰে প্ৰমাণ কৰে যে যিহোৱা ঈশ্বৰে পৃথিৱীত থকা তেওঁৰ লোকসকলক দ্ৰুত গতিত আগবঢ়াই নিছে।

আমেৰিকাত থকা বেথেল পৰিয়ালৰ সদস্যসকলে নতুনকৈ নিৰ্মাণ কৰা মুখ্য কাৰ্য্যালয়লৈ যোৱাৰ বাবে ব্যস্ত হৈ আছে। কিছুমান লোকক ব্ৰুকলীনৰপৰা ৱাৰউইকৰ নতুন কাৰ্য্যালয়লৈ যোৱাৰ আৰু কিছুমান সদস্যক বেথেলৰ আন আন ঘৰবোৰত থকাৰ বাবে ব্যৱস্থা কৰা হৈছে। ইয়াৰ লগতে কিছুমান সদস্যক প্ৰচাৰৰ বাবে বিভিন্ন ঠাইলৈ পঠোৱা হৈছে। আন আন দেশৰ কিছুমান বেথেল পৰিয়ালৰ সদস্যই নতুন শাখা কাৰ্য্যালয় নিৰ্মাণ কৰা, শাখা কাৰ্য্যালয়ক পুনৰ নিৰ্মাণ কৰা, কেইবাটাও শাখা কাৰ্য্যালয় যোগ কৰা বা নতুন ঠাইলৈ যোৱা আদি কামত ব্যস্ত হৈ আছিল। আপোনাৰ বিষয়েনো কি ক’ব পাৰি? যদিও আপুনি আন ঠাইলৈ যোৱা নাই, কিন্ত্ত নিশ্চয় আপুনিও কিবা নহয় কিবা প্ৰকাৰে ব্যস্ত হৈ আছে।

গোটেই পৃথিৱীত থকা যিহোৱা ঈশ্বৰৰ লোকসকলে তেওঁৰ সংগঠনৰ লগত খোজত খোজ মিলাই আগবাঢ়ি যাবলৈ আগতকৈ বহু বেছি ব্যস্ত হৈ পৰা দেখি প্ৰশাসন গোষ্ঠীয়ে আনন্দ আৰু উৎসাহিত হৈছে। য’ত প্ৰচাৰকৰ বেছি প্ৰয়োজন তাত গৈ থাকিবলৈ বহুতোলোকে নিৰ্ণয় লৈছে। আন কিছুমান লোকে নতুন উপায় অৱলম্বন কৰি সেৱা কৰিবলৈ আগবাঢ়ি গৈছে। যেনে আন এক ভাষাত প্ৰচাৰ কৰা। বহুতোলোকে নতুন পদ্ধতিৰে ঘোষণা কৰাৰ বাবে চেষ্টা কৰিছে, যি আগতে তেওঁলোকে কেতিয়াও কৰা নাই। কিছুমান লোকে আন আন উপায়েৰে নিজৰ সেৱা আগবঢ়ায় নিছে। বয়সস্থ, অসুস্থ তথা সকলো বিশ্বাসী খ্ৰীষ্টানে জীৱনৰ দৌৰত বিশ্বাসেৰে দৌৰি আছে। তেওঁলোকে যিহোৱাৰ সেৱাত আগবাঢ়ি গৈছে আৰু এইদৰে চয়তান যে মিছলীয়া হয়, তাক প্ৰমাণ কৰা কাৰ্য্যত অংশ লৈছে।—১ কৰি. ৯:২৪.

আপুনি সম্পূৰ্ণ বিশ্বাস ৰাখিব পাৰে যে যিহোৱা ঈশ্বৰৰ সেৱাত আপুনি যি উৎসাহ দেখুৱাইছে, সেয়া ঈশ্বৰে কেতিয়াও নাপাহৰে। (ইব্ৰী ৬:১০) আপুনি স্ব-ইচ্ছাৰে যি কাৰ্য্য কৰিবলৈ আগবাঢ়িছে, সেই কাৰ্য্যই আমাক অব্ৰাহাম আৰু চাৰাৰ কথা মনত পেলায় দিয়ে। যেতিয়া অব্ৰাহামে কল্‌দীয়াৰ ঊৰ চহৰ এৰি নিজৰ পৰিয়ালৰ সৈতে কনান দেশলৈ যাত্ৰা কৰিছিল, তেতিয়া তেওঁৰ বয়স ৭০ বছৰতকৈয়ো বেছি আছিল। অব্ৰাহামে পৰৱৰ্তী ১০০ বছৰ তম্বুত জীৱন অতিবাহিত কৰিছিল। অব্ৰাহাম আৰু তেওঁৰ পত্নীয়ে স্ব-ইচ্ছাৰে ঈশ্বৰৰ কাৰ্য্য কৰাৰ বিষয়ে যি উৎসাহ দেখুৱাইছিল, সঁচাকৈ সেয়া এক লেখত ল’বলগীয়া বিষয়।—আদি. ১১:৩১; পাঁচ. ৭:২, ৩.

আপুনিও এনে উৎসাহ দেখুৱাইছেনে? সমস্যাৰ মাজত থকাৰ সত্ত্বেও আপোনালোকে যীচুৱে দিয়া কাৰ্য্যক ধৈৰ্য্যৰে কৰি আছে। যীচুৱে এইদৰে কৈছিল: “এই হেতুকে তোমালোক যোৱা; আৰু সকলো জাতিকে শিষ্য কৰি, পিতৃ, পুত্ৰ, আৰু পবিত্ৰ আত্মাৰ নামেৰে তেওঁবিলাকক বাপ্তাইজ কৰা।”—মথি ২৮:১৯.

আনকি যীচুৱেও “যোৱা,” এই শব্দ ব্যৱহাৰ কৰিছিল। গতিকে ইয়াৰপৰা আমি বুজিব পাৰোঁ যে আমাক আগবাঢ়ি যোৱা আৰু কাম কৰি থকা উচিত। বিগত বছৰত যীচুৰ শিষ্যসকলে উৎসাহেৰে যি কৰিলে, তাক দেখি আমি কিমান যে আনন্দিত হওঁ! ইয়ে প্ৰমাণ কৰে যে যিহোৱা ঈশ্বৰে গোটেই পৃথিৱীত হৈ থকা ৰাজ্যৰ শুভবাৰ্ত্তা ঘোষণা কৰা কাৰ্য্যক আশীৰ্ব্বাদ কৰিছে।—মাৰ্ক ১৩:১০.

বহুতোলোকে শুভবাৰ্ত্তা গ্ৰহণ কৰিছে। যোৱা বছৰত প্ৰচাৰকৰ সংখ্যা আছিল ৮৩,৪০,৮৪৭ আৰু প্ৰতিমাহে প্ৰায় ১,০১,১৫,২৬৪ টা বাইবেল অধ্যয়ন কৰা হৈছিল। নিঃসন্দেহ, স্বৰ্গীয় ৰথ দ্ৰুত গতিত আগবাঢ়িছে আৰু আপুনিও ইয়াৰ লগে লগে আগবাঢ়িছে। যিহোৱা ঈশ্বৰে উদ্ধাৰৰ দুৱাৰ বন্ধ কৰাৰ আগতে, বাকী থকা এই কম সময়ছোৱাত এইদৰে উত্তম কৰ্ম্ম কৰি থাকক।

২০১৭ চনৰ বাৰ্ষিক পাঠটো কি যে উপযুক্ত বিষয়: “যিহোৱাত ভাৰসা ৰাখা, আৰু সুকৰ্ম্ম কৰা।” (গীত. ৩৭:৩) যেতিয়া আপুনি এই আজ্ঞা পালন কৰি সুকৰ্ম্ম কৰি থাকে অৰ্থাৎ যিহোৱা ঈশ্বৰৰ পবিত্ৰ সেৱা কৰি থাকে, তেতিয়া আপুনি তেওঁৰ ওপৰত নিজৰ বিশ্বাস প্ৰকাশ কৰে। সদায় মনত ৰাখিব যে আপুনি কেতিয়াও অকলশৰীয়া নহয়। যীচুৱে কোৱা এই বাক্য সঁচা বুলি প্ৰমাণিত হ’ব: “চোৱা, জগতৰ শেষলৈকে মই সদায় তোমালোকৰ সঙ্গে সঙ্গে আছোঁ।”—মথি ২৮:২০.

আপুনি সম্পূৰ্ণ বিশ্বাস ৰাখিব পাৰে যে যিহোৱা ঈশ্বৰে আপোনাৰ সেৱা কাৰ্য্যত আশীৰ্ব্বাদ দি থাকিব। আপুনি তেওঁৰ সেৱা বেছিকৈ কৰিছে অথবা কমকৈ কৰিছে, সেয়া যিহোৱাৰ বাবে কোনো গুৰুত্বপূৰ্ণ বিষয় নহয়। কিন্ত্ত আপুনি ঈশ্বৰৰ সেৱাত উত্তম দিয়া আৰু তেওঁৰ কাৰ্য্যক সঠিক মনোবৃত্তিৰে কৰাটোহে তেওঁৰ দৃষ্টিত গুৰুত্বপূৰ্ণ বিষয়। আপুনি আগবঢ়োৱা এনে উপহাৰ তেওঁৰ হৃদয় স্পৰ্শ কৰে আৰু তেওঁ আনন্দিত হয়। (২ কৰি. ৯:৬, ৭) গতিকে, নিয়মিতভাৱে প্ৰাৰ্থনা কৰাৰ যোগেদি, ঈশ্বৰৰ বাক্য অধ্যয়ন কৰাৰ যোগেদি, খ্ৰীষ্টান সভাবোৰত উপস্থিত থকাৰ যোগেদি আৰু উৎসাহেৰে ঘোষণা কাৰ্য্যত ভাগ লোৱাৰ যোগেদি আপুনি মৰমিয়াল পিতৃ যিহোৱা ঈশ্বৰৰ কাষ চাপি থাকক।

দুষ্ট চয়তানৰ “কাল অলপ” আছে। আমি যাতে যিহোৱা ঈশ্বৰৰ বিশ্বাসী হৈ নাথাকোঁ, সেইবাবে চয়তানে আমাৰ ধ্যান বিচলিত কৰিবলৈ প্ৰাণপণে চেষ্টা কৰিছে। (প্ৰকা. ১২:১২) আপুনি যিহোৱা ঈশ্বৰৰ কাষত থাকক, তেতিয়া চয়তানৰ সকলো প্ৰচেষ্টা বিফল হ’ব। আমি আপোনাক বহুত প্ৰেম কৰোঁ আৰু এই অন্তিম সময়ছোৱাত আপুনি ঈশ্বৰৰ ৰাজ্যৰ কাৰ্য্যত যি সহায় আগবঢ়াইছে, তাৰ বাবে আমি আপোনাৰ সলাগ লওঁ।

আপোনাৰ ভাইসকল,

যিহোৱাৰ সাক্ষীসকলৰ প্ৰশাসন গোষ্ঠী