Skip to content

Skip to table of contents

অধ্যায় ১০

কণ্ঠস্বৰ উঠা-নমা

কণ্ঠস্বৰ উঠা-নমা

মথি ১০:২৭

সাৰাংশ: আপোনাৰ ধ্বনি, স্বৰ আৰু কথাৰ গতি পৰিৱৰ্তন কৰাৰ যোগেদি আপুনি মূল বিষয়টো স্পষ্টভাৱে বৰ্ণনা কৰক আৰু শ্ৰোতাসকলৰ ভাৱনা জাগ্ৰত কৰক।

ইয়াক কেনেকৈ কৰিব:

  • প্ৰয়োজন অনুসৰি আপোনাৰ ধ্বনি বঢ়াওক বা কমাওক। এটা মূল বিষয় তুলি ধৰিবলৈ আৰু শ্ৰোতাসকলক উৎসাহিত কৰিবলৈ উচ্চ ধ্বনিৰে কওক। যেতিয়া শাস্ত্ৰৰপৰা যিহোৱাই লোকসকলক দিয়া কোনো ন্যায়দণ্ডৰ বিষয়ে পঢ়া হয়, তেতিয়াও এইদৰে কৰক। আশা, ভয় অথবা চিন্তা প্ৰকাশ কৰাৰ সময়ত আপুনি লাহেকৈ কোৱা উচিত।

  • প্ৰয়োজন অনুসৰি আপোনাৰ স্বৰ বঢ়াওক বা কমাওক। যদি আপোনাৰ ভাষাত উচিত হয়, তেনেহʼলে উৎসাহ প্ৰকাশ কৰিবলৈ, কিবা বস্তুৰ আকাৰ অথবা দূৰত্ব বুজাবলৈ আপুনি জোৰেৰে কʼব পাৰে। দুখ, বেদনা বা চিন্তা আদি প্ৰকাশ কৰিবলৈ আপুনি লাহেকেও কʼব পাৰে।

  • প্ৰয়োজন অনুসৰি আপোনাৰ কথাৰ গতি বঢ়াওক বা কমাওক। উত্তেজনামূলক বিষয় প্ৰকাশ কৰিবলৈ কথাৰ গতি বঢ়াওক। এটা গুৰুত্বপূৰ্ণ বিষয় প্ৰকাশ কৰিবলৈ লাহে লাহে কওক।