Skip to content

Skip to table of contents

অধ্যায় ১২

স্নেহ আৰু সহানুভূতি

স্নেহ আৰু সহানুভূতি

১ থিচলনীকীয়া ২:৭, ৮

সাৰাংশ: আপুনি যে শ্ৰোতাসকলক প্ৰেম কৰে আৰু তেওঁলোকক সহায় কৰিব বিচাৰে, তাক দেখুৱাওক।

ইয়াক কেনেকৈ কৰিব:

  • আপোনাৰ শ্ৰোতাসকলৰ বিষয়ে চিন্তা কৰক। তেওঁলোকে সন্মুখীন হোৱা সমস্যাবোৰ মনত ৰাখি, আপোনাৰ হৃদয় প্ৰস্তুত কৰক। তেওঁলোকে সমস্যাবোৰৰ বিষয়ে কেনে অনুভৱ কৰে, তাৰ বিষয়ে কল্পনা কৰিবলৈ চেষ্টা কৰক।

  • যত্নেৰে শব্দ বাছনি কৰক। শ্ৰোতাসকলক উৎসাহ, সান্ত্বনা আৰু সবল কৰাৰ বাবে চেষ্টা কৰক। যিহোৱাৰ ওপৰত বিশ্বাস নকৰা লোকসকলৰ অনুভূতিক আঘাত দিব পৰা, অপ্ৰয়োজনীয় বিষয়বোৰ কোৱাৰপৰা বিৰত থাকক অথবা তেওঁলোকে যাৰ ওপৰত বিশ্বাস কৰে, তাৰ বিপৰীতে কোৱাৰপৰা আঁতৰি থাকক।

  • শ্ৰোতাসকলৰ প্ৰতি আপোনাৰ আগ্ৰহ প্ৰকাশ কৰক। শ্ৰোতাসকলৰ প্ৰতি যে আপুনি সঁচাকৈ আগ্ৰহী, তাক মৰমেৰে আৰু উচিত আঙ্গি-ভঙ্গিৰে প্ৰকাশ কৰক। আপোনাৰ মৌখিক অভিব্যক্তিৰ বিষয়ে মনোযোগ দিয়া উচিত। আপোনাৰ মুখত হাঁহি বিৰিঙি থকা উচিত।