Skip to content

Skip to table of contents

অধ্যায় ১৩

তথ্যবোৰ ব্যৱহাৰ কৰাৰ লাভ স্পষ্ট কৰা

তথ্যবোৰ ব্যৱহাৰ কৰাৰ লাভ স্পষ্ট কৰা

হিতোপদেশ ৩:২১

সাৰাংশ: বিষয়টোৱে শ্ৰোতাসকলৰ জীৱনত কেনেকৈ প্ৰভাৱিত কৰিব, তাৰ বিষয়ে তেওঁলোকক বুজিবলৈ সহায় কৰক আৰু শিকা বিষয়বোৰ তেওঁলোকে নিজৰ জীৱনত কেনেকৈ প্ৰয়োগ কৰিব পাৰে, তাক বৰ্ণনা কৰক।

ইয়াক কেনেকৈ কৰিব:

  • শ্ৰোতাসকলৰ বিষয়ে চিন্তা কৰক। আপুনি আগবঢ়াব বিচৰা তথ্যবোৰ শুনাটো শ্ৰোতাসকলৰ বাবে কিয় প্ৰয়োজন, তাৰ ওপৰত ধ্যান কৰক। বিবেচনা কৰক যে বিষয়টোৰ কোনটো দিশ শ্ৰোতাসকলৰ বাবে বিশেষকৈ লাভজনক হʼব পাৰে।

  • ভাষণৰ গোটেই সময়ছোৱাত শ্ৰোতাসকলে কি কৰা উচিত, তাক দেখুৱাওক। আৰম্ভণিৰেপৰা প্ৰতিজন শ্ৰোতাই উপলব্ধি কৰা উচিত যে ‘এয়া মোৰ বাবে।’ প্ৰতিটো মূল বিষয় আগবঢ়াই লৈ যোৱাৰ সময়ত, ইয়াক কেনেকৈ প্ৰয়োগ কৰিব পাৰি, তাৰ বিষয়ে বৰ্ণনা কৰক। শ্ৰোতাসকলে কোনটো বিষয়ত কাৰ্য্য কৰাৰ প্ৰয়োজন তাক স্পষ্টৰূপে কওক।