Skip to content

Skip to table of contents

অধ্যায় ১৪

মূল বিষয়বোৰ স্পষ্ট কৰক

মূল বিষয়বোৰ স্পষ্ট কৰক

ইব্ৰী ৮:১

সাৰাংশ: আপোনাৰ ভাষণ মনোযোগেৰে শুনিবলৈ শ্ৰোতাসকলক সহায় কৰক। প্ৰতিটো মূল বিষয়ৰ লগত, আপোনাৰ ভাষণৰ উদ্দেশ্য আৰু ভাষণৰ বিষয়বস্তু কেনেকৈ জড়িত আছে, তাক স্পষ্টৰূপে বৰ্ণনা কৰক।

ইয়াক কেনেকৈ কৰিব:

  • এক উদ্দেশ্য ৰাখক। প্ৰথমে বিবেচনা কৰক যে আপোনাৰ ভাষণৰ উদ্দেশ্য কি, শ্ৰোতাসকলক শিক্ষা দিয়া, বিশ্বাস জন্মোৱা নে অনুপ্ৰাণিত কৰা? সেই অনুসৰি আপোনাৰ ভাষণটো প্ৰস্তুত কৰক। মনত ৰখা উচিত হʼব যে মূল বিষয়বোৰে আপোনাৰ উদ্দেশ্য সফল কৰাত সহায় কৰিব।

  • ভাষণৰ বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰক। ভাষণৰ সময়ছোৱাত বিষয়টোৰ মূল শব্দবোৰ বাৰে বাৰে বৰ্ণনা কৰাৰ যোগেদি অথবা ইয়াৰ সমাৰ্থক শব্দ ব্যৱহাৰ কৰাৰ যোগেদি ভাষণৰ বিষয়টো তুলি ধৰক।

  • বিষয়টো স্পষ্ট আৰু সৰলভাৱে তুলি ধৰক। আপুনি যাতে নিৰ্ধাৰিত সময়ত প্ৰভাৱশালীৰূপে শিক্ষা দিব পাৰে, তাৰ বাবে বিষয়টোৰ লগত জড়িত থকা কেৱল মূল বিষয়বোৰ বাছনি কৰক। সকলো মূল বিষয় তুলি ধৰাৰ প্ৰয়োজন নাই, প্ৰতিটো মূল বিষয় স্পষ্টভাৱে বৰ্ণনা কৰক, এটা মূল বিষয়ৰপৰা আন এটা মূল বিষয় তুলি ধৰাৰ আগতে কিছু সময় ৰওক আৰু এটাৰ পাছত আনটো বিষয় সৰলভাৱে তুলি ধৰক।