Skip to content

Skip to table of contents

অধ্যায় ১৫

সম্পূৰ্ণ নিশ্চয়তাৰে প্ৰকাশ কৰক

সম্পূৰ্ণ নিশ্চয়তাৰে প্ৰকাশ কৰক

১ থিচলনীকীয়া ১:৫

সাৰাংশ: আপুনি যি কৈছে, সেয়া সত্য আৰু গুৰুত্বপূৰ্ণ হয় বুলি নিশ্চয়তাৰে বৰ্ণনা কৰক।

ইয়াক কেনেকৈ কৰিব:

  • ভালদৰে প্ৰস্তুতি কৰক। মূল বিষয়বোৰ কি আৰু বাইবেলে কেনেকৈ প্ৰমাণ কৰে যে এইবোৰ সত্য হয়, ইয়াৰ বিষয়ে বুজি নোপোৱালৈকে আপুনি অধ্যয়ন কৰি থাকক। মূল বিষয়বোৰ সৰল শব্দেৰে বৰ্ণনা কৰিবলৈ চেষ্টা কৰক। শ্ৰোতাসকলক ইয়ে কেনেকৈ সহায় কৰিব, তাৰ ওপৰত ধ্যান কৰক। পবিত্ৰ আত্মাৰ বাবে প্ৰাৰ্থনা কৰক।

  • নিশ্চয়তা প্ৰকাশ কৰা শব্দ ব্যৱহাৰ কৰক। প্ৰকাশনত লিখা কথাবোৰ আখৰে আখৰে পঢ়াৰ পৰিৱৰ্তে, নিজৰ শব্দেৰে প্ৰকাশ কৰক। এনেধৰণৰ শব্দ বাছনি কৰক, যিয়ে দেখুৱাব যে আপুনি যি কৈছে, তাৰ বিষয়ে আপুনি নিশ্চিত।

  • আন্তৰিকতাৰে আৰু অকপটেৰে বৰ্ণনা কৰক। সকলোৱে শুনাকৈ কওক। যদি অপ্ৰীতিকৰ নহয়, তেনেহʼলে শ্ৰোতাসকলৰ চকুলৈ চাই ভাষণ দিয়ক।