Skip to content

Skip to table of contents

অধ্যায় ১৬

উৎসাহজনক আৰু ইতিবাচক

উৎসাহজনক আৰু ইতিবাচক

ইয়োব ১৬:৫

সাৰাংশ: সেই বিষয়বোৰৰ ওপৰত মনোযোগ কেন্দ্ৰীভূত কৰক, যিয়ে পৰিস্থিতি উন্নতি কৰিব আৰু শ্ৰোতাসকলে বেছিকৈ কৰিবলৈ অনুপ্ৰাণিত হʼব।

ইয়াক কেনেকৈ কৰিব:

  • শ্ৰোতাসকলৰ ইতিবাচক দিশবোৰ চাবলৈ চেষ্টা কৰক। আপোনাৰ সংগী বিশ্বাসীসকলেও যিহোৱা ঈশ্বৰক সন্তুষ্ট কৰিব বিচাৰে বুলি ভৰসা ৰাখক। কেতিয়াবা কেতিয়াবা পৰামৰ্শ আগবঢ়োৱাৰ প্ৰয়োজন আছে, কিন্তু যিমান সম্ভৱ হয়, হৃদয়ৰপৰা প্ৰশংসা কৰক।

  • নেতিবাচক বিষয়বোৰ কম কৰক। যদি নেতিবাচক বিষয়ে এক উদ্দেশ্য পূৰ কৰাত সহায় কৰে, কেৱল তেতিয়াহে ব্যৱহাৰ কৰক। গোটেই সময়ছোৱাত আপুনি আগবঢ়োৱা ভাষণটো ইতিবাচক হোৱা উচিত।

  • ঈশ্বৰৰ বাক্য ভালদৰে ব্যৱহাৰ কৰক। যিহোৱা ঈশ্বৰে মানৱজাতিৰ বাবে কি কৰিলে, কি কৰিছে আৰু ভৱিষ্যতে কি কৰিব, তাৰ ওপৰত ধ্যান আকৰ্ষণ কৰাওক। শ্ৰোতাসকলক আশা দিয়ক আৰু সাহস প্ৰদান কৰক।