Skip to content

Skip to table of contents

অধ্যায় ১৮

শ্ৰোতাসকলে যাতে শিক্ষা লাভ কৰিব পাৰে

শ্ৰোতাসকলে যাতে শিক্ষা লাভ কৰিব পাৰে

১ কৰিন্থীয়া ৯:১৯-২৩

সাৰাংশ: বিষয়টো এনেধৰণে প্ৰস্তুত কৰক যাতে শ্ৰোতাসকলে গভীৰভাৱে চিন্তা কৰিবলৈ উৎসাহিত হয়। তেওঁলোকে কোনো প্ৰয়োজনীয় কথা শিকিছে বুলি অনুভৱ কৰা উচিত।

ইয়াক কেনেকৈ কৰিব:

  • শ্ৰোতাসকলে ইতিমধ্যে বিষয়টোৰ ওপৰত কি জানে, তাৰ বিষয়ে চিন্তা কৰক। আগতে শুনা কথাবোৰ পুনৰ কোৱাৰ পৰিৱৰ্তে, বিষয়টো এক নতুন দৃষ্টিভংগীৰে চাবলৈ শ্ৰোতাসকলক সহায় কৰক।

  • অনুসন্ধান আৰু ধ্যান কৰক। যদি সম্ভৱ হয়, তেনেহʼলে পৰিচিত নোহোৱা বিষয় অথবা শেহতীয়া ঘটনা বৰ্ণনা কৰি মূল বিষয়টো তুলি ধৰক। আপোনাৰ বিষয়বস্তু আৰু আপুনি আগবঢ়াব বিচৰা তথ্যবোৰ ইটো-সিটোৰ লগত জড়িত আছে নে নাই, তাৰ বিষয়ে গভীৰভাৱে ধ্যান কৰক।

  • আপোনাৰ বাৰ্ত্তাৰ উপকাৰিতা বৰ্ণনা কৰক। শাস্ত্ৰ আধাৰিত বিষয়বোৰে শ্ৰোতাসকলক দৈনন্দিন জীৱনত কেনেকৈ সহায় কৰিব পাৰে, তাৰ বিষয়ে বৰ্ণনা কৰক। শ্ৰোতাসকলৰ লগত জড়িত থকা কোনো নিৰ্দিষ্ট পৰিস্থিতি, তেওঁলোকৰ দৃষ্টিভংগী আৰু প্ৰয়োজনীয়তাৰ বিষয়ে আলোচনা কৰক।