Skip to content

Skip to table of contents

অধ্যায় ১৯

হৃদয় স্পৰ্শ কৰাৰ প্ৰচেষ্টা

হৃদয় স্পৰ্শ কৰাৰ প্ৰচেষ্টা

হিতোপদেশ ৩:১

সাৰাংশ: শিকা বিষয়বোৰৰ প্ৰতি মূল্যাংকন দেখুৱা আৰু সেই অনুসৰি কাৰ্য্য কৰা কিমান প্ৰয়োজন, তাক বুজিবলৈ শ্ৰোতাসকলক সহায় কৰক।

ইয়াক কেনেকৈ কৰিব:

  • নিজকে পৰীক্ষা কৰিবলৈ শ্ৰোতাসকলক সহায় কৰক। শ্ৰোতাসকলক এনে কিছুমান প্ৰশ্ন সোধক, যিয়ে সেই বিষয়ৰ ওপৰত তেওঁলোকৰ অনুভূতি কি, তাক পৰীক্ষা কৰিবলৈ সহায় কৰে।

  • শ্ৰোতাসকলে কৰা ভাল কাৰ্য্যৰ বাবে প্ৰশংসা কৰক। শ্ৰোতাসকলে কিয় ভাল কাৰ্য্য কৰি আছে, তাৰ কাৰণ পৰীক্ষা কৰিবলৈ তেওঁলোকক উৎসাহিত কৰক। যিহোৱা ঈশ্বৰৰ প্ৰতি প্ৰেম, ভাই-ভনীসকলৰ প্ৰতি প্ৰেম আৰু বাইবেলৰ শিক্ষাৰ প্ৰতি প্ৰেম আৰু বিকশিত কৰিবলৈ তেওঁলোকক সহায় কৰক। শ্ৰোতাসকলৰ লগত যুক্তি কৰক। তেওঁলোকক ভাষণ দি নাথাকিব। লজ্জিত কৰাৰ পৰিৱৰ্তে, ভাষণৰ শেষৰফালে তেওঁলোকক উৎসাহিত আৰু ভাল কাৰ্য্য কৰিবলৈ অনুপ্ৰাণিত কৰক।

  • যিহোৱা ঈশ্বৰলৈ ধ্যান আকৰ্ষণ কৰাওক। বাইবেলৰ শিক্ষা, সিদ্ধান্ত আৰু আজ্ঞাবোৰে কেনেকৈ যিহোৱা ঈশ্বৰৰ গুণবোৰ আৰু আমাৰ প্ৰতি থকা তেওঁৰ প্ৰেম প্ৰতিফলিত কৰে, তাৰ বিষয়ে তুলি ধৰক। কোনো এটা বিষয়ৰ ওপৰত যিহোৱা ঈশ্বৰে কেনে অনুভৱ কৰে, তাৰ বিষয়ে চিন্তা কৰিবলৈ আৰু তেওঁক আনন্দিত কৰা কাৰ্য্যবোৰ কৰিবলৈ শ্ৰোতাসকলক সহায় কৰক।