Skip to content

Skip to table of contents

অধ্যায় ২০

প্ৰভাৱশালী সামৰণি

প্ৰভাৱশালী সামৰণি

উপদেশক ১২:১৩, ১৪

সাৰাংশ: আপোনাৰ ভাষণৰ শেষৰফালে, শিকা বিষয়বোৰ গ্ৰহণ কৰিবলৈ আৰু নিজৰ জীৱনত পালন কৰিবলৈ শ্ৰোতাসকলক উৎসাহিত কৰক।

ইয়াক কেনেকৈ কৰিব:

  • মূল বিষয়টো জড়িত কৰি সামৰণি কৰক। মূল বিষয়বোৰ আৰু ভাষণৰ বিষয় পুনৰ উল্লেখ কৰক।

  • শ্ৰোতাসকলক অনুপ্ৰাণিত কৰক। শ্ৰোতাসকলে কি কৰা উচিত, তাক উল্লেখ কৰক আৰু এনে কৰাৰ কিছুমান যুক্তিসংগত কাৰণ তুলি ধৰক। আন্তৰিকতাৰে আৰু নিশ্চয়তাৰে বৰ্ণনা কৰক।

  • ভাষণৰ সামৰণি সৰল আৰু চমু হোৱা উচিত। নতুনকৈ কোনো মূল বিষয় তুলি ধৰা উচিত নহয়। শ্ৰোতাসকলক পদক্ষেপ লʼবলৈ উৎসাহিত কৰাৰ বাবে প্ৰয়োজন অনুসৰি চমুকৈ কওক।