Skip to content

Skip to table of contents

অধ্যায় ২

আলোচনা কৰাৰ পদ্ধতি

আলোচনা কৰাৰ পদ্ধতি

২ কৰিন্থীয়া ২:১৭

সাৰাংশ: সহজ-সৰল আৰু আন্তৰিকতাৰে কথা-বতৰা হওক, যিয়ে প্ৰকাশ কৰিব যে আপোনাৰ আলোচনাৰ বিষয় আৰু শ্ৰোতাসকলৰ প্ৰতি আপুনি কেনে অনুভৱ কৰে।

ইয়াক কেনেকৈ কৰিব:

  • প্ৰাৰ্থনা আৰু যত্ন সহকাৰে প্ৰস্তুতি কৰক। আপুনি যাতে নিজৰ ওপৰত ধ্যান দিয়াৰ পৰিৱৰ্তে, বাৰ্ত্তাৰ ওপৰত ধ্যান দিব পাৰে, তাৰ বাবে প্ৰাৰ্থনা কৰক। আগবঢ়াবলগীয়া মূল বিষয়বোৰ আপুনি স্পষ্টভাৱে মনত ৰাখক। বিষয়বোৰ নিজৰ শব্দেৰে প্ৰকাশ কৰক। লিখা কথাবোৰ আখৰে আখৰে পঢ়া উচিত নহʼব।

  • হৃদয়ৰপৰা কওক। আপোনাৰ শ্ৰোতাসকলে বাৰ্ত্তাটো শুনাৰ কিয় প্ৰয়োজন, তাৰ বিষয়ে চিন্তা কৰক। তেওঁলোকৰ ওপৰত মনোযোগ দিয়ক। তেতিয়াহে আপোনাৰ আঙ্গি-ভঙ্গি আৰু আকাৰে-ইঙ্গিতে আন্তৰিকতা আৰু বন্ধুত্বভাব প্ৰকাশ পাব।

  • আপোনাৰ শ্ৰোতাসকললৈ চাওক। যদি চকুৱে চকুৱে চাই কথা কোৱাটো অসন্মানজনক নহয়, তেনেহʼলে শ্ৰোতাসকলৰ চকুলৈ চাই কথা কওক। ভাষণ দিয়াৰ সময়ত সকলোলৈ চকু ফুৰোৱাৰ পৰিৱৰ্তে, এবাৰত কেৱল এজন ব্যক্তিকহে চাওক।