অধ্যায় ৩
প্ৰশ্নৰ ব্যৱহাৰ
মথি ১৬:১৩-১৬
সাৰাংশ: শ্ৰোতাসকলৰ আগ্ৰহ জগাবলৈ আৰু আগ্ৰহ বজাই ৰাখিবলৈ তথা যুক্তি দৰ্শাবলৈ আৰু গুৰুত্বপূৰ্ণ বিষয়টো জোৰ দিবলৈ কৌশলতাৰে প্ৰশ্ন সোধক।
ইয়াক কেনেকৈ কৰিব:
-
আগ্ৰহ জন্মাওক আৰু আগ্ৰহ বজাই ৰাখক। শ্ৰোতাসকলক অলংকাৰপূৰ্ণ প্ৰশ্ন সোধক অৰ্থাৎ এনে প্ৰশ্ন সোধক, যাৰ দ্বাৰা তেওঁলোকে বেছিকৈ চিন্তা কৰিবলৈ আৰু বেছিকৈ জানিবলৈ অনুপ্ৰাণিত হয়।
-
কোনো বিষয়ৰ ওপৰত যুক্তি দৰ্শাওক। বক্তৃতাটোৰ যুক্তি বুজিবলৈ শ্ৰোতাসকলক ধাৰাবাহিকভাৱে কেইবাটাও প্ৰশ্ন সোধক, যাতে তেওঁলোকে এক যুক্তিসংগত মীমাংসাত উপনীত হʼব পাৰে।
-
গুৰুত্বপূৰ্ণ বিষয়বোৰৰ ওপৰত জোৰ দিয়ক। এটা মূল বিষয় তুলি ধৰাৰ আগতে কৌতুহল জগোৱাৰ বাবে এটা প্ৰশ্ন সোধক। এটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰাৰ পাছত অথবা আপোনাৰ প্ৰদৰ্শন আগবঢ়োৱাৰ পাছত পুনৰ আলোচনা কৰাৰ বাবে কিছুমান প্ৰশ্ন ব্যৱহাৰ কৰক।