Skip to content

Skip to table of contents

অধ্যায় ৪

প্ৰভাৱকাৰীৰূপে শাস্ত্ৰপদৰ পৰিচয় দিয়ক

প্ৰভাৱকাৰীৰূপে শাস্ত্ৰপদৰ পৰিচয় দিয়ক

মথি ২২:৪১-৪৫

সাৰাংশ: কোনো এটা শাস্ত্ৰপদ পঢ়াৰ আগতে শ্ৰোতাসকলৰ মন প্ৰস্তুত কৰক।

ইয়াক কেনেকৈ কৰিব:

  • শাস্ত্ৰপদটো আপুনি কিয় পঢ়িছে, তাৰ বিষয়ে চিন্তা কৰক। প্ৰতিটো শাস্ত্ৰপদ পঢ়াৰ আগতে আপুনি এনে বিষয়ৰ প্ৰতি শ্ৰোতাসকলৰ ধ্যান আকৰ্ষণ কৰাওক, যাৰ দ্বাৰা তেওঁলোকে আপুনি তুলি ধৰিব বিচৰা বিষয়টো বুজিব পাৰে।

  • আলোচনাৰ আধাৰ যে বাইবেল হয়, তাক উল্লেখ কৰক। ঈশ্বৰৰ ওপৰত বিশ্বাস কৰা লোকসকলৰ লগত কথা-বতৰা হোৱাৰ সময়ত, বাইবেলখন ঈশ্বৰৰ বাক্য বুলি উল্লেখ কৰক। এইদৰে আপুনি দেখুৱাব যে আপুনি যি শিকাইছে, সেয়া ঈশ্বৰৰ চিন্তাধাৰা।

  • শাস্ত্ৰপদৰ প্ৰতি আগ্ৰহ জন্মাওক। এটা প্ৰশ্ন সোধক, যাৰ উত্তৰ শাস্ত্ৰপদে দিয়ে, এটা সমস্যাৰ বিষয়ে বৰ্ণনা কৰক, যাৰ সমাধান শাস্ত্ৰপদে আগবঢ়াব অথবা এটা সিদ্ধান্তৰ বিষয়ে উল্লেখ কৰক, যাৰ বিষয়ে বুজিবলৈ শাস্ত্ৰপদে সহায় কৰিব।