Skip to content

Skip to table of contents

অধ্যায় ৬

শাস্ত্ৰপদ কেনেকৈ প্ৰয়োগ কৰিব পাৰি, তাক বৰ্ণনা কৰক

শাস্ত্ৰপদ কেনেকৈ প্ৰয়োগ কৰিব পাৰি, তাক বৰ্ণনা কৰক

যোহন ১০:৩৩-৩৬

সাৰাংশ: কেৱল শাস্ত্ৰপদ এটা পঢ়ি, আন এটা বিষয়লৈ যোৱাটো উচিত নহয়। আপুনি নিশ্চিত কৰা উচিত হʼব যে আপুনি পঢ়া শাস্ত্ৰপদ আৰু কʼব বিচৰা বিষয়টোৰ মাজত থকা সম্বন্ধৰ বিষয়ে শ্ৰোতাসকলে বুজি পাইছে।

ইয়াক কেনেকৈ কৰিব:

  • মূল শব্দবোৰ পৃথক কৰক। এটা শাস্ত্ৰপদ পঢ়াৰ পাছত মূল বিষয়টোৰ লগত জড়িত থকা শব্দবোৰ জোৰ দিয়ক। আপুনি এই শব্দবোৰ বাৰে বাৰে কোৱা অথবা এটা প্ৰশ্ন সোধাৰ যোগেদি মূল শব্দবোৰ চিনাক্ত কৰিবলৈ শ্ৰোতাসকলক উৎসাহিত কৰিব পাৰে।

  • বিষয়টোৰ ওপৰত জোৰ দিয়ক। যদি আপুনি শাস্ত্ৰপদ পঢ়াৰ বাবে এটা স্পষ্ট কাৰণ তুলি ধৰে, তেনেহʼলে শাস্ত্ৰপদটোৰ মূল শব্দবোৰ সেই কাৰণটোৰ লগত কেনেকৈ জড়িত আছে, তাৰ বিষয়ে বৰ্ণনা কৰক।

  • শাস্ত্ৰপদৰ প্ৰয়োগ সহজভাৱে কৰক। মূল বিষয়টোৰ লগত জড়িত নথকা অপ্ৰয়োজনীয় তথ্যবোৰ তুলি ধৰা উচিত নহয়। বিষয়টোৰ ওপৰত শ্ৰোতাসকলৰ কিমান জ্ঞান আছে, তাৰ আধাৰত নিৰ্ণয় লওক যে আপুনি কিমান তথ্য তুলি ধৰিব। এইদৰে কৰিলে আপোনাৰ শ্ৰোতাসকলে বিষয়টো ভালদৰে বুজিবলৈ সক্ষম হʼব।