Skip to content

Skip to table of contents

অধ্যায় ৭

সঠিক আৰু যুক্তিসংগত

সঠিক আৰু যুক্তিসংগত

লূক ১:৩

সাৰাংশ: শ্ৰোতাসকলে সঠিক মীমাংসাত উপনীত হʼবলৈ নিৰ্ভৰযোগ্য তথ্য ব্যৱহাৰ কৰক।

ইয়াক কেনেকৈ কৰিব:

  • নিৰ্ভৰযোগ্য তথ্য ব্যৱহাৰ কৰক। আপোনাৰ মন্তব্য ঈশ্বৰৰ বাক্যৰ আধাৰত হোৱা উচিত আৰু যদি সম্ভৱ হয়, তেনেহʼলে বাইবেলৰপৰা পোনপটীয়াকৈ পঢ়ক। যদি আপুনি কোনো বিজ্ঞান সম্বন্ধীয় তথ্য, খবৰ, এটা অনুভৱ অথবা আন কোনো প্ৰমাণ তুলি ধৰিব বিচাৰে, তেনেহʼলে সেইবোৰ নিৰ্ভৰযোগ্য আৰু শেহতীয়া হয় নে নহয়, তাৰ বিষয়ে আগতিয়াকৈ পৰীক্ষা কৰক।

  • তথ্যবোৰ সঠিকভাৱে ব্যৱহাৰ কৰক। শাস্ত্ৰপদটো কি প্ৰসঙ্গত কোৱা হৈছে, বাইবেলৰ মূল বাৰ্ত্তা আৰু ‘বিশ্বাসী বুদ্ধিমান দাসে’ আগবঢ়োৱা প্ৰকাশনৰ লগত মিল ৰাখি তথ্যবোৰ বৰ্ণনা কৰক। (মথি ২৪:৪৫) বাইবেলৰ আধাৰত নোহোৱা কোনো তথ্য ব্যৱহাৰ কৰিলে, মূল লিখনিৰপৰা কোনো পৰিৱৰ্তন নকৰাকৈ প্ৰস্তুত কৰক।

  • প্ৰমাণৰ সৈতে যুক্তি কৰক। কোনো শাস্ত্ৰপদ পঢ়াৰ পাছত অথবা কোনো এটা তথ্য তুলি ধৰাৰ পাছত, শ্ৰোতাসকলক কৌশলতাৰে প্ৰশ্ন সোধক বা বিষয়টো বৰ্ণনা কৰক, যাতে তেওঁলোকে নিজে এটা মন্তব্যত উপনীত হʼব পাৰে।