Skip to content

Skip to table of contents

অধ্যায় ৮

শিক্ষাত দৃষ্টান্তৰ ব্যৱহাৰ

শিক্ষাত দৃষ্টান্তৰ ব্যৱহাৰ

মথি ১৩:৩৪, ৩৫

সাৰাংশ: শ্ৰোতাসকলৰ হৃদয় স্পৰ্শ কৰিবলৈ আৰু গুৰুত্বপূৰ্ণ বিষয়বোৰ শিকাবলৈ সহজ-সৰল দৃষ্টান্ত ব্যৱহাৰ কৰক।

ইয়াক কেনেকৈ কৰিব:

  • সহজ-সৰল দৃষ্টান্ত নিৰ্ব্বাচন কৰক। যীচুৰ দৰে, সৰু সৰু বিষয়েৰে গভীৰ বিষয়বোৰ বৰ্ণনা কৰক আৰু সহজ বিষয়েৰে কঠিন বিষয়বোৰ তুলি ধৰক। দৃষ্টান্তটো বুজিবলৈ যাতে কঠিন হৈ নপৰে, তাৰ বাবে অপ্ৰয়োজনীয় তথ্যবোৰ তুলি নধৰিব। শ্ৰোতাসকলে যাতে মিল নথকা দৃষ্টান্তটোৰ বাবে অন্যমনস্ক নহয়, তাৰ বাবে আপুনি নিশ্চিত কৰা উচিত হʼব যে দৃষ্টান্তটোৰ দিশবোৰ, আপুনি আগবঢ়োৱা শিক্ষাৰ লগত সঁচাকৈ মিল আছে নে নাই।

  • শ্ৰোতাসকলৰ বিষয়ে মনত ৰাখক। এনে কিছুমান দৃষ্টান্ত নিৰ্ব্বাচন কৰক, যʼত দৈনন্দিন জীৱনৰ কাম-কাজ আৰু শ্ৰোতাসকলে আগ্ৰহী হোৱা বিষয়বোৰ জড়িত আছে। কিন্তু মনত ৰখা উচিত হʼব যে আপুনি ব্যৱহাৰ কৰা দৃষ্টান্তই যাতে শ্ৰোতাসকলক লজ্জিত নকৰে অথবা মনত আঘাত নিদিয়ে।

  • মূল বিষয়টো শিকাওক। দৃষ্টান্তটোৰ মূল বিষয়বোৰৰ ওপৰত ধ্যান দিয়ক, সৰু সৰু বিষয়ৰ ওপৰত নহয়। নিশ্চিত কৰক যে আপোনাৰ শ্ৰোতাসকলে কেৱল দৃষ্টান্তটো মনত ৰখাই নহয়, কিন্তু ইয়াৰপৰা লাভ কৰা শিক্ষাও যেন মনত ৰাখিব পাৰে।