Skip to content

Skip to table of contents

‘আপুনি পৰীক্ষাত যেন নপৰে’

‘আপুনি পৰীক্ষাত যেন নপৰে’

‘আপুনি পৰীক্ষাত যেন নপৰে’

“পৰীক্ষাত যেন নপৰা, এই নিমিত্তে পৰ দি প্ৰাৰ্থনা কৰা; আত্মা ইচ্ছুক, কিন্তু শৰীৰ দুৰ্ব্বল।”​—⁠মথি ২৬:⁠৪১.

ঈশ্বৰৰ পুত্ৰ যীচু খীষ্ট তেওঁৰ পাৰ্থিৱ জীৱনকালৰ সমাপ্তিৰ সময়ছোৱাত অত্যন্ত হেঁচাৰ সম্মুখীন হৈছিল। কিয়নো যীচুৱে জানিছিল যে অনতিপলমে তেওঁক আটক কৰি যাতনাস্তম্ভত আঁৰি তেওঁক বধ কৰা হʼব। তেওঁ ইয়াকো জানিছিল যে তেওঁ লোৱা প্ৰত্যেকটো নিৰ্ণয় আৰু পদক্ষেপে তেওঁৰ পিতৃৰ নাম মহিমা কৰিব। তদুপৰি তেওঁ জানিছিল যে সমস্ত মানৱজাতিৰ ভৱিষ্যত জীৱনৰ বাবে তেতিয়াই সিদ্ধান্ত লোৱা আৱশ্যক। তেনে হেঁচাৰ সম্মুখীন হোৱাৰ অৱস্থাত তেওঁ কি কৰিলে?

যীচুৱে তেওঁৰ শিষ্যসকলৰ সৈতে গেৎচিমানী বাগিছালৈ গʼল। যীচুৰ বাবে সেই স্থান প্ৰিয় আছিল। তাত তেওঁ শিষ্যসকলৰ পৰা অলপ আঁতৰলৈ গৈ তেওঁৰ স্বৰ্গীয় পিতৃৰ পৰা সহায় বিচাৰি সম্পূৰ্ণ হৃদয়েৰে আন্তৰিকতাৰে এবাৰ নহয় তিনিবাৰকৈ প্ৰাৰ্থনা কৰিলে। যীচুৱে সিদ্ধ হোৱাৰ স্বত্ত্বেও, নিজৰ বলেৰে হেঁচাবোৰক সফলতাৰে সম্মুখীন হʼব পাৰে বুলি কেতিয়াও ভবা নাছিল।​—⁠মথি ২৬:⁠৩৬-​৪৪.

বৰ্তমান সময়ত আমিও অত্যন্ত হেঁচাৰ সম্মুখীন হʼবলগীয়া হৈছে। আমি যে দুষ্ট ব্যৱস্থাৰ একেবাৰে শেষকালত বাস কৰিছোঁ তাৰ প্ৰমাণস্বৰূপে ব্ৰচাৰখনৰ আৰম্ভণীতে যথেষ্ট প্ৰমাণসমূহৰ বিষয়ে আলোচনা কৰিলোঁ। চয়তানৰ এই জগতত প্ৰলোভন আৰু হেঁচা ক্ৰমান্বয়ে বৃদ্ধি পাই আহিছে। আমাৰ যিসকলে সত্য ঈশ্বৰৰ নাম মহিমা আৰু তেওঁক উপাসনা কৰোঁ বুলি দাবী কৰে, তেওঁলোকৰ কোনো এজনে লোৱা সিদ্ধান্ত আৰু নিৰ্ণয়ে আমাৰ প্ৰত্যকজনে ব্যক্তিগতভাৱে নতুন জগতৰ বাবে ৰাখা আশাত প্ৰভাৱিত কৰিব পাৰে। আমি যিহোৱাক প্ৰেম কৰোঁ। গতিকে আমি আমাৰ জীৱনৰ শেষ উশাহলৈকে বা এই জগতৰ ৰীতি-ব্যৱস্থাৰ ‘শেষলৈকে সহিব’ বিচাৰোঁ। (মথি ২৪:⁠১৩) কিন্তু আমি কেনেকৈ সময়ৰ গুৰুত্বতা বজাই ৰাখি পৰ দি থাকিব পাৰোঁ?

প্ৰথম শতাব্দী আৰু বৰ্তমান সময়ৰ তেওঁৰ শিষ্যসকলে সম্মুখীন হʼবলগীয়া হেঁচাৰ বিষয়ে যীচুৱে এইদৰে কৈছিল: “পৰীক্ষাত যেন নপৰা, এই নিমিত্তে পৰ দি প্ৰাৰ্থনা কৰা।” (মথি ২৬:⁠৪১) এই বাক্যশাৰীৰ অৰ্থ কি? আপুনি কেনে হেঁচাৰ সম্মুখীন হয়? আপুনি কেনেকৈ ‘পৰ দি থাকিব’ পাৰে?

কেনে কাৰ্য্য কৰিবলৈ প্ৰলোভিত হʼব পাৰে?

‘চয়তানৰ ফান্দত’ পৰিবলৈ আমাৰ প্ৰত্যেকে দৈনন্দিন পৰীক্ষাৰ সম্মুখীন হয়। (২ তীমথিয় ২:⁠২৬) বাইবেলে আমাক এইদৰে সতৰ্ক কৰিছে যে পৰীক্ষাত পেলোৱাৰ বাবে চয়তানৰ মুখ্য লক্ষ্যবিন্দু হৈছে যিহোৱাৰ উপাসকসকল। (১ পিতৰ ৫:⁠৮; প্ৰকাশিত বাক্য ১২:⁠১২, ১৭) কি উদ্দেশ্যৰে চয়তানে তেনে কৰিবলৈ চেষ্টা কৰে? সি আমাৰ প্ৰাণ লʼবলৈ তেনে নকৰে। যদি আমি ঈশ্বৰৰ বিশ্বাসী হৈ মৃত্যুবৰণ কৰোঁ তেনেহʼলে সি জয়ী হʼব নোৱাৰে। তদুপৰি চয়তানে জানে যে যিহোৱাৰ উপযুক্ত সময়ত তেওঁ মৃত্যু হোৱা বিশ্বাসীসকলক পুনৰুত্থান কৰিব।​—⁠লূক ২০:⁠৩৭, ৩৮.

চয়তানে আমাৰ বৰ্তমানৰ জীৱনটোতকৈ অধিক মূল্যৱান যি ঈশ্বৰৰ প্ৰতি থকা অখণ্ডতাক ধ্বংস কৰিব বিচাৰে। সকলোকে যিহোৱাৰ উপাসনা কৰাৰ পৰা বঞ্চিত কৰাত যে সক্ষম হʼব পাৰে বুলি কৰা দাবীক সি প্ৰমাণ কৰিবলৈ নেৰানেপেৰাকৈ চেষ্টা কৰিছে। যদি আমি প্ৰলোভিত হৈ ঈশ্বৰৰ প্ৰতি অবিশ্বাসী অৰ্থাৎ শুভবাৰ্ত্তা প্ৰচাৰ কাৰ্য্য বন্ধ আৰু খ্ৰীষ্টান উচ্চ নৈতিক স্তৰৰ অনুসাৰে জীৱন-যাপন কৰিবলৈ ত্যাগ কৰোঁ, তেন্তে সেইটো হৈছে চয়তানৰ বিজয়! (ইফিচীয়া ৬:⁠১১-​১৩) সেয়েহে “পৰীক্ষকে” আমাৰ সম্মুখত প্ৰলোভন ৰাখে।​—⁠মথি ৪:⁠৩.

চয়তানৰ “প্ৰতাৰণাপূৰ্ণ পদ্ধতি” হৈছে নানাবিধ। (ইফিচীয়া ৬:⁠১১, যীউচ্‌ নিউ টেষ্টামেন্ট্‌) সি হয়তো ভৌতিকবাদ, সন্ত্ৰাস, সন্দেহ বা সুখাভিলাস পদ্ধতিৰে আমাক প্ৰলোভিত কৰিব পাৰে। কিন্তু তাৰ সকলোতকৈ সফলতাপ্ৰাপ্ত পদ্ধতিটো হৈছে আমাক নিৰুৎসাহিত কৰা। এজন ধূৰ্ত্ত সুবিধাবাদী ব্যক্তি হোৱাৰ বাবে সি জানে যে নিৰাশতাই আমাক দুৰ্ব্বল আৰু ক্ষতিকৰণ কৰিব পাৰে। (হিতোপদেশ ২৪:⁠১০) এতেকে যেতিয়া আমি বিশেষকৈ মানসিকৰূপে “ভগ্ন” হৈ পৰোঁ তেতিয়া সি আমাক সত্য উপাসনা ত্যাগ দিবলৈ প্ৰলোভিত কৰে।​—⁠গীত ৩৮:⁠৮.

আমি যেনেকৈ শেষকালৰ গভীৰতালৈ সুমাই পৰিছোঁ, আমাক নিৰুৎসাহিত কৰা কাৰণসমূহো বৃদ্ধি পাইছে আৰু তাৰ পৰা আমি ৰেহাই পাব নোৱাৰোঁ। (“নিৰুৎসাহী কৰি তুলা কাৰণসমূহ” নামৰ বক্সটো চাওক।) নিৰুৎসাহী কৰি তুলাৰ যিয়ে কাৰণ নহওক কিয়, ই আমাক দুৰ্ব্বল কৰিব পাৰে। এতেকে যদি আমি শাৰীৰিক, মানসিক আৰু আৱেগীকৰূপে দুৰ্ব্বল হৈ পৰোঁ তেন্তে আধ্যাত্মিক দায়িত্বসমূহ অৰ্থাৎ বাইবেল অধ্যয়ন, খ্ৰীষ্টান সভাত উপস্থিত আৰু প্ৰচাৰ কাৰ্য্যত ভাগ লবলৈ “সুসময়ক কিনি” লোৱাটো আমাৰ বাবে এক প্ৰত্যাহ্বানজনক বিষয় হʼব পাৰে। (ইফিচীয়া ৫:⁠১৫, ১৬) মনত ৰাখক পৰীক্ষকে বিচাৰে যে আপুনি যেন ঈশ্বৰৰ উপাসনা ত্যাগ দিয়ে। কিন্তু এতিয়া আপুনি ক্ৰমান্বয়ে মন্থৰ হৈ পৰা বা আমি বাস কৰা সময়ৰ গুৰুত্বতাক হেৰুৱাৰ সময় নহয়! (লূক ২১:⁠৩৪-৩৬) আপুনি কেনেকৈ পৰীক্ষাবোৰক প্ৰতিৰোধ কৰি পৰ দি থাকিব পাৰে? এই বিষয়ে চাৰিটা পৰামৰ্শ বিবেচনা কৰক যিয়ে আপোনাক পৰ দি থাকিবলৈ সহায় কৰিব।

‘নিৰন্তৰে প্ৰাৰ্থনা কৰি থাকক’

যিহোৱাত সম্পূৰ্ণ ভাৰসা কৰি একেৰাহে প্ৰাৰ্থনা কৰক। গেৎচিমানী বাগিছাত যীচুৱে কৰা প্ৰাৰ্থনাৰ বিষয়ে স্মৰণ কৰক। অত্যন্ত হেঁচাৰ সম্মুখীন হৈ তেওঁ কি কৰিলে? তেওঁ যিহোৱাৰ সহায় বিচাৰি ইমানেই আন্তৰিকতাৰে প্ৰাৰ্থনা কৰিছিল যে, “গোট বান্ধি মাটিলৈ বৈ যোৱা তেজৰ নিচিনাকৈ, তেওঁৰ ঘাম তেজময় হৈ গল।” (লূক ২২:⁠৪৪) ক্ষন্তেক সেই বিষয়ে চিন্তা কৰক। যীচুৱে চয়তানক ভালদৰে জানিছিল। চয়তানে ঈশ্বৰৰ উপাসকবিলাকক প্ৰলোভিত কৰিবলৈ কৰা তাৰ সকলোবোৰ ফান্দৰ বিষয়ে যীচুৱে স্বৰ্গৰ পৰা লক্ষ্য কৰিছিল। তথাপিও পৰীক্ষকে তেওঁৰ সম্মুখত যেনেকুৱাই প্ৰলোভন নাৰাখক কিয়, সেইবোৰক সহজে পৰাভূত কৰিব পাৰে বুলি তেওঁ কেতিয়াও ভবা নাছিল। ঈশ্বৰৰ পুত্ৰ যীচু এজন সম্পূৰ্ণ সিদ্ধ ব্যক্তিত হোৱাৰ স্বত্ত্বেও ঈশ্বৰৰ সহায় বিচাৰিছিল, আমি ঈশ্বৰৰ পৰা তাতকৈ অধিক সহায় বিচৰাটো উচিত নহʼবনে বাৰু!​—⁠১ পিতৰ ২:⁠২১.

১০ স্মৰণ কৰক যে যীচুৱে তেওঁৰ শিষ্যবিলাকক ‘নিৰন্তৰে প্ৰাৰ্থনা কৰি থাকা’ বুলি কোৱাৰ পিছত তেওঁ এইদৰে কৈছিল: “আত্মা ইচ্ছুক, কিন্তু শৰীৰ দুৰ্ব্বল।” (মথি ২৬:⁠৪১) যীচুৱে ইয়াত কোনবিলাকৰ শৰীৰৰ বিষয়ে উল্লেখ কৰিছিল? অৱশ্যেই তেওঁৰ নিজৰ শৰীৰৰ বিষয়ে নহয়; কিয়নো সিদ্ধ মানৱ শৰীৰ হোৱাৰ বাবে তেওঁত কোনো দুৰ্ব্বলতা নাছিল। (১ পিতৰ ২:⁠২২) কিন্তু তেওঁৰ শিষ্যসকলৰ অৱস্থা তেওঁৰ সৈতে একেই নাছিল। কিয়নো উত্তৰাধিকাৰীৰূপে পোৱা অসিদ্ধ আৰু পাপময় মনোবৃত্তিৰ বাবে তেওঁলোকে প্ৰলোভনবোৰক প্ৰতিৰোধ কৰিবলৈ বিশেষভাৱে চেষ্টা কৰিবলগীয়া হৈছিল। (ৰোমীয়া ৭:⁠২১-২৪) সেয়েহে তেওঁ তেওঁলোকক আৰু তেওঁলোকৰ পিছত অহা সকলো প্ৰকৃত খ্ৰীষ্টানক পৰীক্ষাৰ সম্মুখীন হোৱাৰ সময়ত একেৰাহে প্ৰাৰ্থনা কৰিবলৈ উৎসাহিত কৰিছিল। (মথি ৬:⁠১৩) যিহোৱাই তেনে ধৰণৰ প্ৰাৰ্থনাৰ অৱশ্যেই উত্তৰ দিয়ে। (গীত ৬৫:⁠২) কেনেকৈ? অন্ততঃ দুই প্ৰকাৰে।

১১ সৰ্ব্বপ্ৰথমে, ঈশ্বৰে চয়তানৰ প্ৰলোভনসমূহক চিনি পাবলৈ সহায় কৰে। তাৰ প্ৰলোভনবোৰ হৈছে এন্ধাৰময় ৰাস্তাত সিঁচৰিত হৈ থকা ফান্দবোৰৰ নিচিনা। যদি আপুনি সেইবোৰক দেখি নাপায় তেন্তে তাত পৰিব পাৰে। কিন্তু বাইবেল আৰু বাইবেল আধাৰিত প্ৰকাশনসমূহৰ দ্বাৰা যিহোৱাই চয়তানৰ ফান্দবোৰত পোহৰ পেলাইছে আৰু এইদৰে আমাক সেইবোৰৰ পৰা বিৰত থকাত সহায় কৰে। বছৰৰ পিছত বছৰ ধৰি ছপা কৰা সাহিত্য আৰু প্ৰত্যেক বছৰে অধিৱেশন আৰু সন্মিলনৰ কাৰ্য্যক্ৰমৰ দ্বাৰা মানুহলৈ ভয়, যৌন অনৈতিকতা, ভৌতিকবাদ আৰু চয়তানৰ আন আন প্ৰলোভনসমূহৰ পৰা আমাক সাৱধান কৰি আহিছে। (হিতোপদেশ ২৯:⁠২৫; ১ কৰিন্থীয়া ১০:⁠৮-১১; ১ তীমথিয় ৬:⁠৯, ১০) চয়তানৰ তেনে ফান্দবোৰৰ পৰা আমাক সতৰ্ক কৰাৰ বাবে আপুনি যিহোৱাৰ প্ৰতি কৃতজ্ঞ নহয়নে? (২ কৰিন্থীয়া ২:⁠১১) এই সকলোবোৰ সতৰ্কবাণী হৈছে আপুনি প্ৰলোভনৰ পৰা ৰক্ষা পাবলৈ সহায় বিচাৰি কৰা প্ৰাৰ্থনাবোৰৰ উত্তৰ।

১২ দ্বিতীয়তে, যিহোৱাই পৰীক্ষাত সহন কৰিবলৈ শক্তি প্ৰদান কৰি আমাৰ প্ৰাৰ্থনাৰ উত্তৰ দিয়ে। তেওঁৰ বাক্য বাইবেলে এইদৰে কৈছে: “ঈশ্বৰে . . . তোমালোকলৈ শক্তিৰ অতিৰিক্ত পৰীক্ষা ঘটিবলৈ নিদিব; কিন্তু যাতে তোমালোকে সহিব পাৰিবা, তাৰ কাৰণে পৰীক্ষাই সৈতে সাৰিবৰ উপায়ো কৰিব।” (১ কৰিন্থীয়া ১০:⁠১৩) যদি আমি তেওঁত সম্পূৰ্ণকৈ ভাৰসা ৰাখোঁ, তেন্তে আমি আধ্যাত্মিকভাৱে দুৰ্ব্বল হৈ পৰি প্ৰলোভনবোৰৰ দ্বাৰা পৰাস্ত হʼবলৈ ঈশ্বৰে কেতিয়াও অনুমতি নিদিব। তেওঁ আমাৰ বাবে কেনেকৈ “সাৰিবৰ উপায়ো কৰিব”? ঈশ্বৰে তেওঁক ‘খোজাবিলাকক পবিত্ৰ আত্মা দিয়ে।’ (লূক ১১:⁠১৩) সেই পবিত্ৰ আত্মাই আমাক এনেবোৰ শাস্ত্ৰীয় সিদ্ধান্তৰ বিষয়ে সোঁৱৰাই দিয়ে যিয়ে আমাক যি সঠিক সেই সম্পৰ্কে উপযুক্ত নিৰ্ণয় লোৱাত সহায় কৰিব পাৰে। (যোহন ১৪:⁠২৬; যাকোব ১:⁠৫, ৬) তদুপৰি পবিত্ৰ আত্মাই আমাক তেনেবোৰ গুণ বিকশিত কৰিবলৈ সহায় কৰে যিবোৰৰ দ্বাৰা আমি বেয়া মনোবৃত্তিৰ ওপৰত জয়ী হʼব পাৰিম। (গালাতীয়া ৫:⁠২২, ২৩) আনকি ঈশ্বৰৰ পবিত্ৰ আত্মাই সঙ্গী উপাসকসকলক ‘আমাৰ শক্তিশালী সহায়কৰ্ত্তা’ হʼবলৈ প্ৰেৰিত কৰে। (কলচীয়া ৪:⁠১১) যিহোৱা ঈশ্বৰে এনে প্ৰেমময় পদ্ধতিৰে আপোনাৰ প্ৰাৰ্থনাৰ উত্তৰ দিয়াৰ বাবে আপুনি তেওঁৰ প্ৰতি কৃতজ্ঞতাপূৰ্ণ নহয়নে?

বাস্তৱিকতাৰে প্ৰতীক্ষা কৰক

১৩ পৰ দি থাকিবলৈ আমি কৰা অপেক্ষা বাস্তৱিক হোৱা আৱশ্যক। কিয়নো আমাৰ জীৱনলৈ অহা হেঁচাসমূহৰ বাবে এটা সময়ত আমি চিন্তাত ব্যাকুল হৈ পৰিব পাৰোঁ। কিন্তু সদায়ে মনত ৰাখা উচিত যে ঈশ্বৰে প্ৰতিজ্ঞা কৰিছে যে আমি এই পুৰণি ৰীতি-ব্যৱস্থাত সম্মুখীন হোৱা সকলো প্ৰকাৰৰ সমস্যাৰ পৰা মুক্তি পাম। আনকি বাইবেলৰ সময়তো ঈশ্বৰৰ উপাসকবিলাকে বিলাই-বিপত্তি, উৎপীড়ন, দৰিদ্ৰতা, নিৰুৎসাহ আৰু বেমাৰ-আজাৰৰ সম্মুখীন হৈছিল।​—⁠পাঁচনিৰ কৰ্ম্ম ৮:⁠১; ২ কৰিন্থীয়া ৮:⁠১, ২; ১ থিচলনীকীয়া ৫:⁠১৪; ১ তীমথিয় ৫:⁠২৩.

১৪ বৰ্তমান সময়ত আমিও সেই একেইদৰে সমস্যাসমূহৰ সম্মুখীন হʼব লাগিব। আমি হয়তো উৎপীড়ন, আৰ্থিক দুচিন্তা, নিৰুৎসাহ, বেমাৰ আৰু আন আন দুখ-কষ্টৰ সম্মুখীন হʼবলগীয়া হʼব পাৰে। যদি ঈশ্বৰে আমাক অলৌকিকভাৱে সকলো সমস্যাৰ পৰা ৰক্ষা কৰে, তেন্তে চয়তানে যিহোৱাক দিয়া ধিক্কাৰৰ উত্তৰ দিব নোৱাৰিব। (হিতোপদেশ ২৭:⁠১১) যিহোৱাই তেওঁৰ উপাসকসকলক প্ৰলোভিত আৰু পৰীক্ষিত, আনকি বিৰোধীবিলাকৰ হাতত মৃত্যু হʼবলৈ অনুমতি দিছে।​—⁠যোহন ১৬:⁠২.

১৫ তেতিয়া হʼলে যিহোৱাই কিহৰ বিষয়ে প্ৰতিজ্ঞা কৰিছে? আৰম্ভণীতে দেখিবলৈ পালোঁ যে যেতিয়ালৈকে তেওঁত সম্পূৰ্ণ ভাৰসা ৰাখিম, তেতিয়ালৈকে আমি সম্মুখীন হোৱা প্ৰলোভনবোৰক সফলতাৰে প্ৰতিৰোধ কৰিবলৈ তেওঁ উপায় কৰিব। (হিতোপদেশ ৩:⁠৫, ৬) ঈশ্বৰে তেওঁৰ পবিত্ৰ আত্মা আৰু তেওঁৰ সংগঠনৰ জড়িয়তে আমাক আধ্যাত্মিক নিৰাপত্তা প্ৰদান আৰু তেওঁৰ সৈতে নিবিড় সম্পৰ্ক বজাই ৰাখিবলৈ সহায় কৰে। আমাৰ যদিও মৃত্যু হয় আমি জয়ী হʼম আৰু সেই সম্পৰ্ক তেতিয়াও অটুট থাকিব। তেওঁৰ উপাসকবিলাকক পুৰস্কাৰ দিয়াত আনকি মৃত্যুয়েও ঈশ্বৰক কোনো বাধা দিব নোৱাৰে। (ইব্ৰী ১১:⁠৬) যিসকলে ঈশ্বৰক প্ৰেম কৰে তেওঁলোকক যিহোৱা ঈশ্বৰে একেবাৰে নিকটৱৰ্তী হোৱা সেই নতুন জগতত বাকী থকা আচৰিত প্ৰতিজ্ঞাসমূহৰ আশীৰ্ব্বাদ দিয়াত কেতিয়াও বিফল নহʼব।​—⁠গীত ১৪৫:⁠১৬.

বাদ-বিবাদৰ বিষয়টো মনত ৰাখক

১৬ আমি শেষলৈকে সহনশীল হৈ থাকিবলৈ, ঈশ্বৰে দুষ্টতাক অনুমতি দিয়াৰ সেই গুৰুত্বপূৰ্ণ বাদ-বিবাদৰ বিষয়টো অৱশ্যেই মনত ৰাখা উচিত। কোনো কোনো সময়ত যদিও নিজৰ সমস্যাবোৰত বিহ্বল আৰু ঈশ্বৰৰ উপাসনা কৰাটোক ত্যাগ কৰিবলৈ প্ৰলোভিত হওঁ, তথাপিও আমি মনত ৰাখা উচিত যে চয়তানে যিহোৱাৰ সাৰ্ব্বভৌমত্বৰ ওপৰত প্ৰত্যাহ্বান জনাইছিল। তদুপৰি সেই প্ৰবঞ্চকজনে ঈশ্বৰৰ উপাসকসকলে বজাই ৰাখা ভক্তি আৰু অখণ্ডতাৰ ওপৰতো সন্দেহ উৎপন্ন কৰিলে। (ইয়োব ১:⁠৮-১১; ২:⁠৩, ৪) সেই বাদ-বিবাদৰ বিষয়টো সমাধান কৰিবলৈ যিহোৱা ঈশ্বৰে যি পথ অৱলম্বন কৰিলে সেইটো আমাৰ জীৱনটোতকৈ অধিক গুৰুত্বপূৰ্ণ। সেইটো কেনেকৈ?

১৭ দুখ-কষ্ট ভুগীবলৈ ঈশ্বৰে অস্থায়ীভাৱে অনুমতি দিলে যাতে আন লোকবিলাকে সত্যতাৰ পথ গ্ৰহণ কৰিব পাৰে। এই বিষয়ে ক্ষন্তেক বিবেচনা কৰক: আমি যেন জীৱন লাভ কৰোঁ এইবাবে যীচুৱে নিজৰ প্ৰাণ আহুতি দিলে। (যোহন ৩:⁠১৬) সেইবাবে আমি কৃতজ্ঞ নহওঁ নে? কিন্তু আমি অনন্ত জীৱন লাভ কৰিবলৈ অলপ সময়ৰ বাবে দুখ-কষ্ট ভুগীবলৈ ইচ্ছুক নে? শেষলৈকে সহন কৰিবলৈ আমি নিশ্চয়ে যিহোৱাৰ বুদ্ধি যে আমাতকৈ মহান তাক চিনি পোৱা আৱশ্যক। (যিচয়া ৫৫:⁠৯) চিৰকালৰ বাবে বাদ-বিবাদৰ বিষয়টো সমাধান আৰু আমাৰ চিৰকলীয়া কল্যাণৰ বাবে উপযুক্ত সময়ত ঈশ্বৰে দুষ্টতাক শেষ কৰিব। এইদৰে বাদ-বিবাদৰ বিষয়টো সমাধান কৰাতকৈ আন কিহবা উত্তম হʼব পাৰেনে? ঈশ্বৰত কোনো অন্যায় নাই!​—⁠ৰোমীয়া ৯:⁠১৪-২৪.

“ঈশ্বৰৰ ওচৰলৈ চাপি আহাঁ”

১৮ সময়ৰ গুৰুত্বতা বজাই ৰাখিবলৈ হʼলে, আমি নিশ্চয়ে যিহোৱাৰ কাষ চপা আৱশ্যক। আমি কেতিয়াও পাহৰি যোৱা উচিত নহয় যে যিহোৱাৰ সৈতে থকা আমাৰ উত্তম সম্বন্ধক ধ্বংস কৰিবলৈ চয়তানে সকলো প্ৰকাৰৰ চেষ্টা কৰিছে। ধ্বংস কেতিয়াও নাহিব, সেয়েহে শুভবাৰ্ত্তা প্ৰচাৰ কৰা বা বাইবেলৰ নৈতিক স্তৰৰ অনুসাৰে আমি জীৱন-যাপন কৰা কোনো লাভ নাই বুলি চয়তানে হয়তো আমাক এইদৰে প্ৰত্যয় নিয়াব বিচাৰিব। মনত ৰাখাক, সি হৈছে এটা “মিছলীয়া আৰু তাৰ বাপেক।” (যোহন ৮:⁠৪৪) গতিকে আমি “চয়তানক প্ৰতিৰোধ” কৰিবলৈ দৃঢ় নিৰ্ণয় লোৱা আৱশ্যক। যিহোৱাৰ সৈতে থকা আমাৰ বহুমূলীয়া সম্বন্ধক আমি কেতিয়াও সাধাৰণভাৱে লোৱা উচিত নহয়। এই বিষয়ে বাইবেলে আমাক প্ৰেমপূৰ্বক এইদৰে কৈছে: “ঈশ্বৰৰ ওচৰলৈ চাপি আহাঁ; তাতে তেৱোঁ তোমালোকৰ ওচৰলৈ চাপিব।” (যাকোব ৪:⁠৭, ৮) আপুনি কেনেকৈ যিহোৱা ঈশ্বৰৰ কাষ চাপিব পাৰে?

১৯ ইয়াৰ বাবে প্ৰাৰ্থনাপূৰ্বক ধ্যান কৰা আৱশ্যক। যেতিয়া জীৱনৰ হেঁচাবোৰে আপোনাক বিহ্বল কৰে তেতিয়া অকপটভাৱে যিহোৱাক সকলোবোৰ কোৱা আৱশ্যক। আপুনি কোৱাত যিমানে নিৰ্দ্দিষ্ট হʼব সিমানে সহজে উত্তৰ পাব পাৰিব। উত্তৰবোৰ সদায়ে যে আপুনি বিচৰা অনুসাৰে পাব ,এনে নহয়, কিন্তু আপোনাৰ ইচ্ছাক তেওঁ সন্মান কৰি তেওঁৰ প্ৰতি অখণ্ডতা বজাই ৰাখাত সহায় কৰিব যাতে আপুনি সফলতাৰে সহনশীল হʼব পাৰিব। (১ যোহন ৫:⁠১৪) যেনেকৈ তেওঁৰ নিৰ্দ্দেশনাবোৰ চাব পাৰিব আপুনি সিমানেই অধিককৈ তেওঁৰ কাষ চাপিব পাৰিব। যিহোৱাৰ গুণসমূহ কিদৰে প্ৰতিফলিত আৰু প্ৰকাশ পাইছে সেই বিষয়ে জানিবলৈ বাইবেল পঢ়া আৱশ্যক। তেনেদৰে কৰা ধ্যানে আপোনাক তেওঁক আৰু ভালকৈ জানিবলৈ আৰু আপোনাৰ হৃদয়ত তেওঁৰ প্ৰতি থকা প্ৰেমক গভীৰ কৰি তুলিব। (গীত ১৯:⁠১৪) সেই প্ৰেমৰ তুলনাত আন একোৱেই আপোনাক সকলোবোৰ প্ৰলোভনক বিৰোধ কৰি পৰ দি থাকাত সহায় কৰিব নোৱাৰে।​—⁠১ যোহন ৫:⁠৩.

২০ যিহোৱাৰ নিকটৱৰ্তী হʼবলৈ আমি আমাৰ বিশ্বাসী সঙ্গীসকলৰ সৈতে নিবিড় সম্পৰ্ক বনাই ৰাখা আৱশ্যক। এই বিষয়ে আমি ব্ৰচাৰখনৰ শেষৰ লেখটোত আলোচনা কৰিম।

অধ্যয়নৰ বাবে প্ৰশ্নসমূহ

• জীৱনটোৰ শেষ সময়ছোৱাত অত্যন্ত হেঁচাৰ সম্মুখীন হোৱাৰ সময়ত যীচুৱে কি কৰিলে আৰু তেওঁৰ শিষ্যসকলক কি কৰিবলৈ উৎসাহিত কৰিছিল? (১-৪ অনু.)

• যিহোৱাৰ উপাসকসকলক চয়তানে কিয় নিজৰ লক্ষ্যবিন্দু কৰিছে আৰু কি কি প্ৰকাৰে সি আমাক প্ৰলোভিত কৰিব পাৰে? (৫-৮ অনু.)

• প্ৰলোভনবোৰক প্ৰতিৰোধ কৰিবলৈ আমি কিয় নিৰন্তৰে প্ৰাৰ্থনা (৯-১২ অনু.), বাস্তৱিকতাৰে প্ৰতীক্ষা (১৩-১৫ অনু.), বাদ-বিবাদৰ বিষয়টোক মনত (১৬-১৭ অনু.) আৰু “ঈশ্বৰৰ ওচৰলৈ চাপি আহাঁ” আৱশ্যক? (১৮-২০ অনু.)?

[২৫ পৃষ্ঠাৰ বক্স]

নিৰুৎসাহী কৰি তুলা কাৰণসমূহ

স্বাস্থ্য বা বয়স। যদি কোনো দীৰ্ঘদিনীয়া বেমাৰ বা বৃদ্ধাৱস্থাই আমাৰ পৰিস্থিতি সীমিত কৰিছে, তেন্তে আমি হয়তো যিহোৱাক সেৱা কৰিবলৈ নোৱাৰাৰ বাবে নিৰুৎসাহী হৈ পৰিব পাৰোঁ।​—⁠ইব্ৰী ৬:⁠১০.

নিৰাশা। ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰিবলৈ আমি কৰা পৰিশ্ৰমত লোকসকলে সঠিক প্ৰতিক্ৰিয়া নেদেখুৱাৰ বাবে আমি নিৰাশ হʼব পাৰোঁ।​—⁠হিতোপদেশ ১৩:⁠১২.

নিজকে অযোগ্য বুলি অনুভৱ কৰা। বহু বছৰ ধৰি বেয়া ব্যৱহাৰৰ অভিজ্ঞতা হোৱা এজন ব্যক্তিয়ে যিহোৱা এজন প্ৰেমী ঈশ্বৰ নহয় বুলি ভাবিব পাৰে।​—⁠১ যোহন ৩:⁠১৯, ২০.

মানসিক আঘাট পোৱা। যদি কোনোবা এজনে সঙ্গী বিশ্বাসী ভাই বা ভনীৰ পৰা গভীৰ মানসিৰূপে আঘাট পায়, তেতিয়া তেওঁ বা তাই ইমানেই বিহ্বল হৈ পৰিব পাৰে যে খ্ৰীষ্টান সভা বা প্ৰচাৰ কাৰ্য্যত ভাগ লবলৈ বন্ধ কৰে।​—⁠লূক ১৭:⁠১.

নিৰ্য্যাতন বা উৎপীড়ন। যিসকলৰ বিশ্বাস আপোনাৰ সৈতে একেই নহয় তেওঁলোকে আপোনাক বিৰোধ, যাতনা বা ঠাট্টা কৰিব পাৰে।​—⁠২ তীমথিয় ৩:⁠১২; ২ পিতৰ ৩:⁠৩, ৪.

[২৬ পৃষ্ঠাৰ ছবিসমূহ]

প্ৰলোভনৰ সৈতে সফলতাৰে সম্মুখীন হʼবলৈ ‘নিৰন্তৰে প্ৰাৰ্থনা’ কৰিবলৈ যীচুৱে আমাক উৎসাহিত কৰিছিল