Skip to content

Skip to table of contents

ঈশ্বৰৰ প্ৰতিজ্ঞাৰ অনুসৰি এখন নতুন জগত

ঈশ্বৰৰ প্ৰতিজ্ঞাৰ অনুসৰি এখন নতুন জগত

ঈশ্বৰৰ প্ৰতিজ্ঞাৰ অনুসৰি এখন নতুন জগত

ঈশ্বৰৰ প্ৰেৰিত বাক্য অৰ্থাৎ বাইবেলে আমাক আশা প্ৰদান কৰি এইদৰে কৈছে: “তেওঁৰ প্ৰতিজ্ঞাৰ দৰে, আমি নতুন আকাশ-মণ্ডল আৰু নতুন পৃথিবীলৈ অপেক্ষা কৰি আছোঁ; সেইবোৰত ধাৰ্ম্মিকতা নিবাস কৰে।”​—⁠২ পিতৰ ৩:⁠১৩.

সেই “নতুন আকাশ-মণ্ডল” কি? বাইবেলত উল্লেখ কৰা সেই আকাশ-মণ্ডল ৰাজকীয় শাসনক নিৰ্দ্দেশিত কৰিছে। (পাঁচনিৰ কৰ্ম্ম ৭:⁠৪৯) “নতুন আকাশ-মণ্ডল” হৈছে এক নতুন চৰকাৰ যি সমুদায় পৃথিৱীত শাসন কৰিব। ইয়াক এইবাবে নতুন বুলি কোৱা হৈছে, কিয়নো এই চৰকাৰে বৰ্তমান অস্তিত্বত থকা মানৱ চৰকাৰবোৰক আঁতৰ কৰিব; তদুপৰি ঈশ্বৰৰ উদ্দেশ্য অনুসৰি নতুনকৈ উন্নত কৰাৰ বাবেও ইয়াক নতুন বুলি কোৱা হৈছে। এইখনেই হৈছে সেই ৰাজ্য যাৰ বিষয়ে যীচুৱে প্ৰাৰ্থনা কৰিবলৈ শিকাইছিল। (মথি ৬:⁠১০) যিহেতু যিহোৱা ঈশ্বৰ স্বয়ং এই ৰাজ্যৰ উৎস আৰু তেওঁ স্বৰ্গত থকাৰ বাবে ইয়াক ‘স্বৰ্গৰাজ্য’ বুলিও কোৱা হʼল।​—⁠মথি ৭:⁠২১.

উল্লেখ কৰা ‘নতুন পৃথিৱী’ কি? ইয়াক পুনৰাই এখন নতুন পৃথিৱী নিৰ্ম্মাণ কৰাক বুজোৱা নাই। কিয়নো বাইবেলে স্পষ্টকৈ বৰ্ণনা কৰিছে যে এই পৃথিৱীখন চিৰকালৰ বাবে থাকিব। ‘নতুন পৃথিৱী’ হৈছে এক নতুন মানৱ সমাজ। ইয়াক এইবাবে নতুন বুলি কোৱা হৈছে, কিয়নো সেই সময়ত সকলো দুষ্টতাক সমূলিকৈ লুপ্ত কৰা হʼব। (হিতোপদেশ ২:⁠২১, ২২) সেই সময়ত যিসকলে জীয়াই থাকিব সেই সকলোৱে সৃষ্টিকৰ্ত্তাৰ আজ্ঞা পালন আৰু তেওঁক সন্মান, তদুপৰি তেওঁলোকে ঈশ্বৰে বিচৰা অনুসৰি জীৱন-যাপন কৰিব। (গীত ২২:⁠২৭) বৰ্তমান সময়ত ঈশ্বৰে বিচৰা আৱশ্যকতাৰ বিষয়ে শিকিবলৈ আৰু সেই সামঞ্জস্যত জীৱন-যাপন কৰিবলৈ সকলো জাতিৰ লোকসকলক আমন্ত্ৰণ কৰা হৈছে। আপুনি সেই অনুসাৰে জীৱন-যাপন কৰিছেনে?

ঈশ্বৰৰ নতুন পৃথিৱীত সকলোৱে তেওঁৰ শাসনক সন্মান কৰিব। গতিকে ঈশ্বৰৰ প্ৰতি থকা প্ৰেমে আপোনাক তেওঁৰ আজ্ঞাবোৰ পালন কৰিবলৈ প্ৰেৰিত নকৰেনে? (১ যোহন ৫:⁠৩) আপোনাৰ ঘৰখন, স্কুল আৰু জীৱনৰ আন আন ক্ষেত্ৰবোৰত তেনেদৰে আজ্ঞা পালন কৰা বুলি প্ৰমাণ দেখিবলৈ পাইছেনে?

সেই নতুন পৃথিৱীত মানৱ সমাজে সত্য ঈশ্বৰৰ উপাসনাত একত্ৰিত হʼব। আপুনি আকাশ আৰু পৃথিৱী সৃষ্টি কৰোঁতাজনক উপাসনা কৰেনে? আপোনাৰ উপাসনা সকলো জাতি, বংশ, ভাষাৰ পৰা অহা সঙ্গী উপাসকসকলৰ সৈতে বাস্তৱতে একত্ৰিত নে?​—⁠গীত ৮৬:⁠৯, ১০; যিচয়া ২:⁠২-৪; চফনিয়া ৩:⁠৯.

[১৭ পৃষ্ঠাৰ বক্স]

এই সকলোবোৰৰ বাবে ঈশ্বৰে স্বয়ং প্ৰতিজ্ঞা কৰিছে

তেওঁ হৈছে অস্তিত্বত থকা আমাৰ আকাশ আৰু পৃথিৱী গ্ৰহৰ সৃষ্টিকৰ্ত্তা। তেওঁক যীচুৱে “একমাত্ৰ সত্য ঈশ্বৰ” বুলি চিনাক্ত কৰিছে।​—⁠যোহন ১৭:⁠৩.

অধিক সংখ্যক লোকে তেওঁলোকে নিজেই নিৰ্ম্মাণ কৰা দেৱ-দেৱীক সন্মান কৰে। অসংখ্য লোকে প্ৰাণবিহীন মূৰ্ত্তিবোৰক প্ৰণিপাত কৰে। আন কিছুমানে মানৱ প্ৰতিষ্ঠান, ভৌতিকবাদৰ ওপৰত আধাৰিত দৰ্শনশাস্ত্ৰ বা তেওঁলোকৰ নিজ আগ্ৰহকাতক প্ৰশংসা কৰে। আনকি তেওঁলোকৰ বিশ্বাস বাইবেলৰ ওপৰত আধাৰিত বুলি দাবী কৰা সকলেও “সত্য ঈশ্বৰ” বুলি চিনাক্ত কৰা জনৰ নাম সন্মান নকৰে।​—⁠যিৰিমিয়া ১০:⁠১০.

নিজৰ বিষয়ে স্বয়ং সৃষ্টিকৰ্ত্তাজনে এইদৰে কৈছে: “মই যিহোৱা, এয়েই মোৰ নাম।” (যিচয়া ৪২:⁠৫, ৮) এই নামটো মূল বাইবেলত প্ৰায় ৭,০০০ বাৰ দেখিবলৈ পোৱা যায়। যীচু খ্ৰীষ্টই তেওঁৰ শিষ্যসকলক এইদৰে প্ৰাৰ্থনা কৰিবলৈ শিকাইছিল: “হে আমাৰ স্বৰ্গত থকা পিতৃ, তোমাৰ নাম পুজনীয় হওক।”​—⁠মথি ৬:⁠৯.

সত্য ঈশ্বৰৰ কেনে ধৰণৰ ব্যক্তিত্ব আছে? তেওঁ নিজকে “কৃপা আৰু দয়াৰে পৰিপূৰ্ণ ঈশ্বৰ, ক্ৰোধত ধীৰ, দয়া আৰু সত্যতাত মহান” আৰু যিকলে ইচ্ছাকৃতভাৱে তেওঁৰ আজ্ঞা উলঙ্ঘন কৰে তেওঁলোকক ঈশ্বৰে কোনো প্ৰকাৰেই শাস্তিৰ পৰা কেতিয়াও ৰেহাই নিদিয়ে বুলি বৰ্ণনা কৰিছে। (যাত্ৰাপুস্তক ৩৪:⁠৬, ৭) মানুহৰ সৈতে কৰা ব্যৱহাৰত স্পষ্টকৈ সেই বাক্যশাৰীৰ সত্যতা প্ৰকাশ পাইছে।

সেই নাম ধাৰণ কৰা আৰু সেই নামক প্ৰতিনিধিত্ব কৰা ব্যক্তিজনক পবিত্ৰ বুলি জ্ঞান কৰা উচিত। এতেকে বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্ত্তাজনৰ প্ৰতি আমি আজ্ঞাকাৰী হোৱা আৰু একমাত্ৰ তেওঁহে আমাৰ উপাসনা পোৱাৰ যোগ্য। আপুনি ব্যক্তিগতভৱে তেওঁৰ আজ্ঞাকাৰী আৰু উপাসনা কৰেনে?

[১৮ পৃষ্ঠাৰ বক্স/ছবিসমূহ]

‘নতুন আকাশ-মণ্ডল আৰু নতুন পৃথিৱীয়ে’ কেনে পৰিৱৰ্তন আনিব?

পৃথিৱীখন পৰমদেশলৈ ৰূপান্তৰিত হʼব লূক ২৩:৪৩

বিশ্বব্যাপী মানৱ সমাজত যোহন ১৩:⁠৩৫;

সকলো জাতি বংশ আৰু সকলো প্ৰকাশিত বাক্য ৭:⁠৯, ১০

ভাষাৰ লোক প্ৰেমেৰে একত্ৰিত হʼব

বিশ্বব্যাপী শান্তি, সকলোৰে বাবে প্ৰকৃত নিৰাপত্তা গীত ৩৭:⁠১০, ১১;

থাকিব মীখা ৪:⁠৩, ৪

সন্তুষ্টিজনক কাৰ্য্য, প্ৰচুৰ মাত্ৰাত আহাৰ থাকিব যিচয়া ২৫:⁠৬; ৬৫:⁠১৭, ২১-২৩

ৰোগ, বেজাৰ আৰু মৃত্যুক চিৰকালৰ বাবে গ্ৰাস যিচয়া ২৫:⁠৮;

কৰা হʼব প্ৰকাশিত বাক্য ২১:⁠১, ৪

এনে এখন জগত যʼত সকলোৱে একমাত্ৰ সত্য প্ৰকাশিত বাক্য ১৫:⁠৩, ৪

ঈশ্বৰৰ উপাসনাত একত্ৰিত হʼব

[১৯ পৃষ্ঠাৰ বক্স/ছবিসমূহ]

আপুনি লাভৱান হʼবনে?

ঈশ্বৰে কেতিয়াও মিছা নকয়!​—⁠তীত ১:⁠২.

যিহোৱা ঈশ্বৰে এইদৰে কৈছে: “মোৰ মুখৰ পৰা ওলোৱা বাক্য . . . বৃথা মোৰ ওচৰলৈ উলটি নাহিব; কিন্তু যি ইচ্ছা কৰো, তাক সাম্ফল নকৰাকৈ, আৰু যিহৰ নিমিত্তে তাক পঠাওঁ, সেয়ে সিদ্ধ নোহোৱাকৈ উলটি নাহিব।”​—⁠যিচয়া ৫৫:⁠১১.

যিহোৱাই ইতিমধ্যেই এক ‘নতুন আকাশ-মণ্ডল আৰু নতুন পৃথিৱী’ নিৰ্ম্মাণ কৰিলে। তেওঁৰ স্বৰ্গীয় চৰকাৰে ইতিমধ্যেই শাসন কৰিছে। ‘নতুন পৃথিৱীৰ’ বাবে ইতিমধ্যেই ভেঁটি স্থাপন কৰা হʼল।

‘নতুন আকাশ-মণ্ডল আৰু নতুন পৃথিৱীয়ে’ মানৱজাতিৰ বাবে কেনে অত্যুত্তম ভৱিষ্যত কঢ়িয়াই আনিব এই বিষয়ে বৰ্ণনা কৰাৰ পিছত, প্ৰকাশিত বাক্যই বিশ্বব্ৰহ্মাণ্ডৰ সৰ্ব্বোপৰি ঈশ্বৰে স্বয়ং নিজৰ বিষয়ে কোৱা বাক্যক এইদৰে উদ্ধৃত কৰিছে: “চোৱা, মই সকলোকে নতুন কৰোঁ। তেওঁ আৰু কলে, লিখা, কিয়নো এইবোৰ কথা বিশ্বাসযোগ্য আৰু সত্য।”​—⁠প্ৰকাশিত বাক্য ২১:⁠১, ৫.

এতিয়া সকলোতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হৈছে সেই “নতুন আকাশ-মণ্ডল” অধিনত থকা ‘নতুন পৃথিৱীখনৰ’ যোগ্য হʼবলৈ আমি আৱশ্যক হোৱা সাল-সলনি কৰিছোঁনে?