Skip to content

Skip to table of contents

এই সকলোবোৰৰ অৰ্থ কি?

এই সকলোবোৰৰ অৰ্থ কি?

এই সকলোবোৰৰ অৰ্থ কি?

যীচু খ্ৰীষ্টই এইদৰে কৈছিল: “এই জগতৰ শেষ হোৱাৰ চিন” হৈছে যুদ্ধ, আকাল, মহামাৰী আৰু ভূমিকম্প।​—⁠মথি ২৪:⁠১-৮; লূক ২১:⁠১০, ১১.

১৯১৪ চনৰ পৰা ৰাষ্ট্ৰ আৰু জাতিগত যুদ্ধই জগতখনক জৰা-জীৰ্ণ অৱস্থালৈ ঠেলি নিছে। প্ৰায়ে এনেবোৰ যুদ্ধত পাদুৰিবৰ্গৰ হাত থকা আৰু বৰ্তমান সময়ত ব্যাপকভাৱে সন্ত্ৰাসবাদৰ আক্ৰমণ দেখিবলৈ পোৱা গৈছে।

বৈজ্ঞানিক ক্ষেত্ৰত উন্নতি হোৱাৰ স্বত্ত্বেও বিশ্বজুৰি কোটি কোটি লোকে অধিককৈ আকালৰ অভিজ্ঞতা হৈছে। আকালৰ বাবে প্ৰত্যেক বছৰে অসংখ্য লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে।

মহামাৰী হৈছে যীচুৱে দিয়া এটা চিহ্ন যি গোটেই পৃথিৱীতে ব্যাপকৰূপে বিয়পি পৰিছে। প্ৰথম বিশ্ব যুদ্ধৰ পিছত হোৱা ইনফ্লুয়েঞ্জা মহামাৰীৰ ফলত ২,১০,০০,০০০ জনে প্ৰাণ হেৰুৱালে। অতীতত হোৱা প্লেগ কেৱল সীমিত এলেকাত দেখিবলৈ পোৱা গৈছিল, কিন্তু বৰ্তমান ইয়াৰ দ্বাৰা গোটেই বিশ্বৰ একেইদৰে অদূৰত থকা দ্বীপবোৰতো পীড়িত হৈছে। এতিয়া এইড্‌ছ ৰোগে গোটেই বিশ্বত বিয়পি পৰিছে। তদুপৰি উন্নতিশীল দেশবোৰত যক্ষ্মা, মেলেৰিয়া, নৈৰ অন্ধতা (অনকʼছাৰিকিয়াছিছ) আৰু চাগাৰ ৰোগত অধিককৈ আক্ৰান্ত হোৱা দেখিবলৈ পোৱা গৈছে।

ৰিপোৰ্টৰ অনুসাৰে প্ৰত্যেক বছৰে ভিন্ন প্ৰবলতাৰে হাজাৰ হাজাৰ ভূমিকম্প হৈছে। আধুনিক সঁজুলি আৰু আগতীয়াকৈ ভূমিকম্প অহাৰ জাননী দিয়া উন্নত সৰঞ্জাম থকাৰ স্বত্ত্বেও ভূমিকম্পৰ ফলত ঘন জনসংখ্যা থকা ঠাইবোৰত অধিককৈ ক্ষতি হোৱাৰ ৰিপোৰ্ট পোৱা গৈছে।

তদুপৰি বাইবেলত এইদৰে ভৱিষ্যতবাণী কৰা হৈছিল: “শেষ-কালত ভয়ঙ্কৰ সময় উপস্থিত হব, ইয়াকে জানিবা। কিয়নো সেই কালত মানুহবিলাকে নিজকে প্ৰীতি কৰোঁতা; ধন-লুভীয়া, দৰ্পী, অহঙ্কাৰী, নিন্দক, পিতৃ-মাতৃক নমনা, উপকাৰ নমনা, অপবিত্ৰ, স্নেহহীন, নিৰ্দ্দয়, অপবাদক, ইন্দ্ৰিয় দমন নকৰা, প্ৰচণ্ড, সাধুক ঘিণাওঁতা, বিশ্বাস-ঘাতক, আপোনমইমত, গপাল, ঈশ্বৰ-প্ৰিয়তকৈ বৰং সুখ-প্ৰিয়, ভক্তিৰ আকাৰধাৰী কিন্তু তাৰ শক্তি অস্বীকাৰকাৰী হব; এনেবিলাক মানুহৰ পৰা তুমি বিমুখ হোৱা।”​—⁠২ তীমথিয় ৩:⁠১-​৫.

আপুনি মান্তি নহʼবনে যে আমি ‘ভয়ঙ্কৰ সময়ত’ জীয়াই আছোঁ?

আপুনি লক্ষ্য কৰিব পাৰিছেনে যে লোকবিলাকে আগতকৈ অধিক স্বাৰ্থপৰ, ধন-লুভীয়া আৰু অহঙ্কাৰী হৈ পৰিছে?

আজি কোনেও মান্তি নহʼব যে জগতখন কেৱল স্বাৰ্থপৰেই নহয় কিন্তু অকৃতজ্ঞ, অস্বীকাৰমূলক মনোবৃত্তি, বিশ্বাস-ঘাতক লোকেৰে ভৰি পৰিছে?

লʼৰা-ছোৱালীয়ে পিতৃ-মাতৃৰ আজ্ঞা নমনা আৰু স্নেহহীনতা নাটকীয়ভাৱে বিশ্বব্যাপী বৃদ্ধি হোৱাটো আপুনি লক্ষ্য কৰিব পাৰিছেনে?

বাস্তৱতে আমি এনে এখন জগতত বাস কৰিছোঁ যʼত লোকসকল ঈশ্বৰ-প্ৰিয়তকৈ বৰং সুখ-প্ৰিয় হৈ পৰিছে। সেয়েহে বাইবেলে ‘শেষ কালত’ এনে মনোবৃত্তি দেখা দিব বুলি বৰ্ণনা কৰিছে।

আমি বাস কৰা সময়ক চিনাক্ত কৰিবলৈ আন কোনো প্ৰমাণৰ আৱশ্যকনে? তদুপৰি যীচুৱে ভৱিষ্যতবাণী কৰিছিল যে সেই একেই সময়ত ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা গোটেই জগততে ঘোষণা কৰা হʼব। (মথি ২৪:⁠১৪) সেই শুভবাৰ্ত্তা প্ৰচাৰ কৰা হʼলনে?

যিহোৱাৰ ৰাজ্যৰ শুভবাৰ্ত্তাৰ বিষয়ে ঘোষণা কৰা বাইবেল আধাৰিত প্ৰহৰীবুৰুজ আলোচনীখন আন মাহেকীয়া আলোচনীতকৈ অধিক ভাষাত নিয়মীয়াকৈ ছপা কৰা হৈছে।

প্ৰত্যেক বছৰে যিহোৱাৰ সাক্ষীসকলে ব্যক্তিগতভাৱে আনক ঈশ্বৰৰ ৰাজ্যৰ বাৰ্ত্তা প্ৰচাৰ কৰিবলৈ এক কোটিতকৈ অধিক ঘন্টা অতিবাহিত কৰে।

প্ৰকাশনসমূহে বৰ্ণনা কৰিছে যে বৰ্তমান সময়ত যিহোৱাৰ সাক্ষীসকলে বাইবেলখন প্ৰায় ৪০০ টা ভাষাত প্ৰকাশ কৰিছে, যʼত এনেবোৰ ভাষা সন্মিলিত আছে যিবোৰ ভাষাৰ জনসংখ্যা একেবাৰে নগণ্য। যিহোৱাৰ সাক্ষীসকলে সকলো জাতিকে শুভবাৰ্ত্তা প্ৰচাৰ কৰিছে; ইয়াৰ উপৰিও তেওঁলোকে এনেবোৰ দ্বীপ আৰু এলেকাত প্ৰচাৰ কৰিছে যিবোৰ ৰাজনৈতিক মানচিত্ৰত একেবাৰে সৰু আকাৰত দেখা যায়। বেছি ভাগ দেশত তেওঁলোকে নিয়মীয়াকৈ বাইবেলৰ পৰা শিক্ষাদান কাৰ্য্যক্ৰম পৰিচালনা কৰিছে।

প্ৰকৃততে ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা সমুদায় পৃথিৱীক ধৰ্ম্মান্তৰিত কৰিবলৈ নহয় কিন্তু সাক্ষী দিবলৈহে ঘোষণা কৰা হৈছে। সকলো ঠাইৰে লোকক আকাশ আৰু পৃথিৱী সৃষ্টি কৰোঁতা জনক গুৰুত্ব, তেওঁৰ ব্যৱস্থাক সন্মান আৰু সঙ্গী মানৱৰ প্ৰতি প্ৰেম প্ৰকাশ কৰিবলৈ সুযোগ দিয়া হৈছে।​—⁠লূক ১০:⁠২৫-​২৭; প্ৰকাশিত বাক্য ৪:⁠১১.

অনতিপলমে ঈশ্বৰৰ ৰাজ্যই এই পৃথিৱীখনৰ পৰা সকলোবোৰ দুষ্টতাক উচ্ছন্ন কৰি পৃথিৱীখনক এখন পৰমদেশলৈ ৰূপান্তৰিত কৰিব।​—⁠লূক ২৩:⁠৪৩.

[৬ পৃষ্ঠাৰ বক্স]

শেষকাল কাৰ বাবে?

এই শেষকাল মানৱজাতিৰ বাবে নহয়। কিয়নো যিসকলে ঈশ্বৰৰ ইচ্ছাৰ অনুসাৰে চলে, তেওঁলোকৰ বাবে বাইবেলত অনন্ত জীৱন জীয়াই থকাৰ আশা দাঙি ধৰিছে।​—⁠যোহন ৩:⁠১৬, ৩৬; ১ যোহন ২:⁠১৭.

এই শেষকাল পৃথিৱীৰ বাবে নহয়। ঈশ্বৰৰ বাক্যত প্ৰতিজ্ঞা কৰিছে যে এই পৃথিৱীখন চিৰকালৰ বাবে থাকিব।​—⁠গীত ৩৭:⁠২৯; ১০৪:⁠৫; যিচয়া ৪৫:⁠১৮.

দৰাচলতে এই শেষকাল অত্যাচাৰপূৰ্ণ পৰিস্থিতি, প্ৰেমবিহীন জগতৰ ৰীতি-নীতি আৰু এই ৰীতি-নীতিৰ অনুসাৰে চলা ব্যক্তিসকলৰ বাবে।​—⁠হিতোপদেশ ২:⁠২১, ২২.

[৭ পৃষ্ঠাৰ বক্স/ছবিসমূহ]

বাইবেলখন বাস্তৱতে ঈশ্বৰৰ বাক্যনে?

বাইবেলত ভৱিষ্যতবক্তাসকলে বাৰে বাৰে এইদৰে লিখিছিল: “যিহোৱাই এই কথা কৈছে।” (যিচয়া ৪৩:⁠১৪; যিৰিমিয়া ২:⁠২) তদুপৰি ঈশ্বৰৰ পুত্ৰ যীচুৱেও উল্লেখ কৰি কৈছিল যে তেওঁ ‘নিজৰ পৰা একো কোৱা নাছিল।’ (যোহন ১৪:⁠১০) সেই বিষয়ে বাইবেলে স্বয়ং স্পষ্টকৈ এইদৰে কৈছে: “গোটেই শাস্ত্ৰ ঈশ্বৰ-নিশ্বাসিত।”​—⁠২ তীমথিয় ৩:⁠১৬.

যুক্তৰাষ্ট্ৰৰ বাইবেল চোচাইটিৰ পৰা পোৱা ৰিপোৰ্টৰ অনুসাৰে, আন কোনো কিতাপ ২,২০০ তকৈ অধিক ভাষাত প্ৰকাশ পোৱা নাই। আন কোনো কিতাপেই বাইবেলৰ দৰে বৃহতভাৱে বিতৰণ হোৱা নাই। বৰ্তমান সময়ত বাইবেলখনৰ ৪০ কোটিতকৈ অধিক কপি বিতৰণ কৰা হৈছে। এইখনেই সেই কিতাপ নহয়নে, যিখনৰ পৰা মানৱজাতিলৈ দিয়া ঈশ্বৰৰ বাৰ্ত্তা অপেক্ষা কৰিব পাৰি?

সম্পূৰ্ণকৈ কৰা এটা আলোচনাত প্ৰমাণ পোৱা গʼল যে বাইবেলখন ঈশ্বৰৰ পবিত্ৰ আত্মাৰ দ্বাৰা প্ৰেৰিত হৈ লিখা হৈছে। অনুগ্ৰহ কৰি যিহোৱাৰ সাক্ষীসকলে প্ৰকাশ কৰা বাইবেল—ঈশ্বৰৰ বাক্য নে মানুহৰ? কিতাপখন চাওক।

যদি আপুনি বাইবেলখন প্ৰকৃততে ঈশ্বৰৰ বাক্য বুলি মূল্যাঙ্কন কৰি পঢ়ে, তেনেহʼলে আপুনি বাস্তৱতে লাভৱান হʼব।

[৮ পৃষ্ঠাৰ বক্স/ছবিসমূহ]

ঈশ্বৰৰ ৰাজ্য কি?

এইখন হৈছে এখন স্বৰ্গীয় চৰকাৰ যাৰ দ্বাৰা একমাত্ৰ সত্য ঈশ্বৰ যিহোৱা অৰ্থাৎ আকাশ আৰু পৃথিৱীৰ সৃষ্টিকৰ্ত্তাজনে শাসন কৰে।​—⁠যিৰিমিয়া ১০:⁠১০, ১২.

বাইবেলত কোৱা হৈছে যে একমাত্ৰ যীচু খ্ৰীষ্টকহে ঈশ্বৰে শাসন কৰিবলৈ অধিকাৰ দিছে। (প্ৰকাশিত বাক্য ১১:⁠১৫) পৃথিৱীত থকা সময়ছোৱাত যীচুৱে প্ৰকাশ কৰিলে যে তেওঁক ইতিমধ্যেই ঈশ্বৰে অধিকাৰ শক্তি প্ৰদান কৰিলে। সেই অধিকাৰ শক্তিৰ বাবে তেওঁ প্ৰাকৃতিক শক্তিক নিয়ন্ত্ৰণ, সকলো প্ৰকাৰৰ ৰোগ সুস্থ আৰু মৃতব্যক্তিকো পুনৰাই জীয়াই তুলিব পাৰিলে। (মথি ৯:⁠২-৮; মাৰ্ক ৪:⁠৩৭-৪১; যোহন ১১:⁠১১-৪৪) প্ৰেৰিত বাক্য বাইবেলত পূৰ্বেই ভৱিষ্যতবাণী কৰা হৈছিল যে ঈশ্বৰে তেওঁক “সকলো জাতিৰ, দেশৰ, আৰু ভাষাৰ লোকবিলাকে তেওঁৰ সেৱা কৰিবৰ নিমিত্তে তেওঁক ৰাজশাসন, মহিমা, আৰু ৰাজ্যভাৰ” প্ৰদান কৰিলে। (দানিয়েল ৭:⁠১৩, ১৪) সেই চৰকাৰখনক স্বৰ্গীয় ৰাজ্য বুলি কোৱা হʼল; এই ৰাজ্যখনৰ জড়িয়তে যীচু খ্ৰীষ্টই এতিয়া স্বৰ্গৰ পৰা শাসন কৰিছে।

[৭ পৃষ্ঠাৰ ছবিসমূহ]

বিশ্বজুৰি ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰা হৈছে