Skip to content

Skip to table of contents

তেওঁলোকে সতৰ্কবাণীৰ প্ৰতি মনোযোগ নিদিলে

তেওঁলোকে সতৰ্কবাণীৰ প্ৰতি মনোযোগ নিদিলে

তেওঁলোকে সতৰ্কবাণীৰ প্ৰতি মনোযোগ নিদিলে

সতৰ্কবাণীক আওকাণ কৰাৰ পৰিণাম শোচনীয় হʼল।

১৯৭৪ চনত অষ্ট্ৰেলিয়াৰ ডাৰউইন চহৰখনত উৎসৱ উদ্‌যাপনৰ বাবে আনন্দ-উল্লাখেৰে তৈয়াৰী চলিছিল, তেনে সময়তে নিকটৱৰ্তী হোৱা প্ৰবল ঘূৰ্ণীবতাহৰ বাবে সতৰ্ক কৰি চাইৰেন বাজি উঠিল। কিন্তু ডাৰউইন চহৰখনত যোৱা ৩০ বছৰ ধৰি কোনো ঘূৰ্ণীবতাহে ক্ষতি সাধান কৰিব পৰা নাই। তেনেহʼলে কিহৰ ভয়? নগৰৰ অধিক সংখ্যক বাসিন্দাই সেই ঘূৰ্ণীবতাহ কিমান ভয়ানক আছিল তাৰ বিষয়ে তেতিয়ালৈকে বুজি নাপালে যেতিয়ালৈকে প্ৰচণ্ড ঘূৰ্ণীবতাহে ঘৰৰ মূধচ, পকী দেৱাল আদি বিধস্ত নকৰিলে। পিছদিনা ৰাতিপুৱা গোটেই চহৰখন সম্পূৰ্ণকৈ এখন পৰিত্যক্ত জনশূন্য স্থানলৈ পৰিণত হৈছিল।

নবেম্বৰ ১৯৮৫ চনত কলম্বিয়াত এটা জ্বালামুখী উদ্গিৰণ হয়। গলিত বৰফ আৰু অনিয়ন্ত্ৰিত বোকামাটিয়ে আৰমেৰ’ চহৰত থকা ২০,০০০ তকৈ অধিক বাসিন্দাক জীৱন্তে সমাধিস্ত কৰিলে। তেওঁলোকক আগতীয়াকৈ সতৰ্ক কৰা নাছিলনে? কেইবামাহো ধৰি পৰ্ব্বতখন কম্পিত হৈ আছিল। যিহেতু লোকসকলে জ্বালামুখীৰ দাঁতিৰ অঞ্চলত বাস কৰাৰ বাবে আৰমেৰ’ চহৰৰ অধিক সংখ্যক বাসিন্দাই তেনে কম্পনক আওকাণ কৰি আহিছিল। তাত থকা অধিকাৰীসকলে যদিও অতি শীঘ্ৰেই ধ্বংস আহিবলগীয়া আছিল বুলি সংবাদ পাইছিল, তথাপিও তেওঁলোকে তাত থকা বাসিন্দাসকলক সতৰ্ক কৰা নাছিল। অনাতাঁৰ যোগেদি লোকসকলক সাধাৰণভাৱে কোৱা হʼল। গীৰ্জাত থকা লাউড্‌ স্পিকাৰৰ দ্বাৰা লোকসকলক সুস্থিৰতা বজাই ৰাখিবলৈ উৎসাহিত কৰিছিল। সন্ধ্যাৰ সময়ত দুবাৰকৈ বিস্ময়জনক বিস্ফোৰণ হʼল। আপুনি তাত বাস কৰা হʼলে নিজৰ সা-সম্পত্তি এৰি তাৰ পৰা পলাই গʼলহেঁতেননে? কিন্তু বহু পলম হোৱাৰ পূৰ্বেই কম সংখ্যক লোকে তাৰ পৰা পলাই গʼল।

ভূতত্ত্ববিজ্ঞানীসকলে কʼত ভূমিকম্প হʼব সেই বিষয়ে প্ৰায়ে সঠিককৈ পূৰ্বানুমান কৰি জাননী দিয়ে। তেওঁলোকে সঠিককৈ কেতিয়া ভূমিকম্প হʼব পাৰে তাৰ বিষয়ে কেতিয়াবা আগজাননী দিব পাৰে। ১৯৯৯ চনত গোটেই বিশ্বত থকা দেশবোৰত হোৱা ভূমিকম্পৰ ফলত প্ৰায় ২০,০০০ জনে নিজৰ প্ৰাণ হেৰুৱালে। মৃত্যু হোৱাসকলে ভাবিছিল যে তেওঁলোকলৈ তেনেদৰে কেতিয়াও নঘটিব।

স্বয়ং ঈশ্বৰৰ পৰা অহা সতৰ্কবাণীৰ প্ৰতি আপুনি কেনেদৰে প্ৰতিক্ৰিয়া দেখুৱায়?

বাইবেলত বহু আগৰে পৰা শেষ কালত ঘটিবলগীয়া ঘটনাবোৰৰ বৈশিষ্ট্যতাৰ বিষয়ে স্পষ্টকৈ বৰ্ণনা কৰিছে। সেই সম্পৰ্কে বাইবেলে ‘নোহৰ দিনৰ’ বিষয়ে বিবেচনা কৰিবলৈ আমাক উৎসাহিত কৰিছে। “জলপ্লাবনৰ আগেয়ে” লোকবিলাকে যদিও সেই সময়ত বৃদ্ধি হোৱা অত্যাচাৰৰ বিষয়ে ভাবিছিল, তথাপিও সামাজিক কাৰ্য্যবোৰত অতি ব্যস্ত হৈ আছিল। ঈশ্বৰে তেওঁৰ উপাসক নোহক দিয়া সতৰ্কবাণীৰ প্ৰতি আন লোকসকলে “সকলোকে উটুৱাই নিনিয়ালৈকে জ্ঞান নাপালে।” (মথি ২৪:⁠৩৭-৩৯) আপুনি সেই সতৰ্কবাণীৰ প্ৰতি মনোযোগ দিলেহেঁতেননে? আপুনি এতিয়া তেনে এক সতৰ্কবাণীৰ প্ৰতি মনোযোগ দিবনে?

যদি অব্ৰাহামৰ ভতিজা লোটৰ সময়ত মৃত সাগৰৰ দাঁতিত অৱস্থিত থকা চদোম নগৰত বাস কৰা হʼলে আপুনি কি কৰিলেহেঁতেন? সেই ঠাইখন দেখাত অতি মনোৰম আছিল। নগৰখন সমৃদ্ধিশীল আছিল। তাত বাস কৰা লোকবিলাকৰ কোনো চিন্তা নাছিল। লোটৰ সময়ত লোকবিলাকে “ভোজন-পান কৰিছিল, কিনা-বেচা কৰিছিল, ৰুইছিল, আৰু ঘৰ সাজি আছিল।” তেওঁলোকে বাস কৰা সমাজখন অনৈতিকতাপূৰ্ণ আছিল। লোটে যেতিয়া বেয়া অভ্যাসৰ বিষয়ে সেই ঠাইত থকা লোকসকলক সতৰ্ক কৰিছিল তেতিয়া আপুনি সেই সতৰ্কবাণীৰ প্ৰতি মনোযোগ দিলেহেঁতেননে? লোটে যেতিয়া চদোম নগৰখনক ঈশ্বৰে ধ্বংস কৰিব বুলি কৈছিল তেতিয়াও আপুনি তেওঁৰ কথাৰ প্ৰতি মনোযোগ দিলেহেঁতেননে? নতুবা আপুনি লোটৰ জোঁৱায়েকবিলাকৰ দৰে তেওঁৰ কথা কৌতুক বুলি ভাবি হাঁহি উৰুৱাই দিলেহেঁতেননে? আপুনি তাৰ পৰা পলাই গৈ লোটৰ পত্নীৰ দৰে পিছলৈ উভটি চালেহেঁতেননে? সেই নগৰত থকা লোকসকলে সতৰ্কবাণীৰ প্ৰতি কোনো মনোযোগ নিদিলে, কিন্তু লোটে যিদিনাই নগৰখনৰ পৰা ওলাই গʼল “সেই দিনাই আকাশৰ পৰা জুই আৰু গন্ধক বৰষি সকলোকে বিনষ্ট কৰিলে।”​—⁠লূক ১৭:⁠২৮, ২৯.

আমাৰ সময়টো বহুতে সতৰ্কবাণীৰ প্ৰতি মনোযোগ নিদিব। সেয়েহে এই উদাহৰণবোৰ আমাক সাৱধান কৰিবলৈ ঈশ্বৰৰ বাক্য বাইবেলত লিপিবদ্ধ কৰা হʼল আৰু ই আমাক এইদৰে উৎসাহিত কৰিছে পৰ দি থাকক!

[২২ পৃষ্ঠাৰ বক্স/ছবিসমূহ]

বাস্তৱতে বিশ্বজুৰি জল-প্লাৱন হৈছিলনে?

বহুতো সমালোচকে হোৱা নাছিল বুলি কয়। কিন্তু বাইবেলে কৈছে যে বাস্তৱতে জল-প্লাৱন হৈছিল।

যীচু খ্ৰীষ্টই স্বয়ং জল-প্লাৱনৰ বিষয়ে প্ৰমাণ দিলে, কিয়নো সেই সময়ত তেওঁ স্বৰ্গৰ পৰা সকলোবোৰ লক্ষ্য কৰি আছিল।

[২৩ পৃষ্ঠাৰ বক্স/ছবিসমূহ]

চদোম আৰু ঘমোৰা নগৰখন বাস্তৱতে ধ্বংস হৈছিলনে?

পুৰাতত্ত্বই এই ঘটনাৰ বিষয়ে প্ৰমাণ দিছে।

ইতিহাসেও ইয়াৰ বিষয়ে উল্লেখ কৰিছে।

যীচু খ্ৰীষ্টই এই ঘটনাটোৰ বিষয়ে উল্লেখ কৰিছে আৰু কি ঘটিছিল সেই সম্পৰ্কে বাইবেলৰ ১৪ খন বিভিন্ন পুস্তকত উল্লেখ কৰা হৈছে।