Skip to content

Skip to table of contents

তেওঁলোকৰ জীৱন ৰক্ষা কৰিবলৈ মনোযোগ দিয়ক

তেওঁলোকৰ জীৱন ৰক্ষা কৰিবলৈ মনোযোগ দিয়ক

তেওঁলোকৰ জীৱন ৰক্ষা কৰিবলৈ মনোযোগ দিয়ক

যিৰূচালেম মন্দিৰৰ ওপৰত অহা ধ্বংসৰ বিষয়ে যীচুৱে ইহুদীসকলক আগতীয়াকৈ সতৰ্ক কৰিছিল। তেওঁ যদিও সঠিক তাৰিখ বা সময়ৰ বিষয়ে কোৱা নাছিল, তথাপিও তেওঁ ধ্বংসৰ পূৰ্বেই ঘটিবলগীয়া ঘটনাসমূহৰ বিষয়ে বৰ্ণনা কৰিছিল। তেওঁ শিষ্যসকলক পৰ দি থাকি বিপদপন্ন স্থানৰ পৰা আঁতৰি যাবলৈ আগ্ৰহ কৰিছিল।

যীচুৱে এইদৰে ভৱিষ্যতবাণী কৰিছিল: “যেতিয়া যিৰূচালেমক সৈন্যবিলাকেৰে বেৰি ধৰা দেখিবা, তেতিয়া তাৰ ধ্বংস ওচৰ চাপিলহি বুলি জানিবা।” আগলৈ তেওঁ এইদৰে কৈছিল: “যি ধ্বংসকাৰী ঘিণলগীয়া বস্তুৰ . . . যেতিয়া পবিত্ৰ ঠাইত থকা দেখিবা, . . . তেতিয়া যিহূদিয়াত থকা মানুহবিলাক পৰ্ব্বতলৈ পলাই যাওক।” যীচুৱে তেওঁৰ শিষ্যবিলাকক ভৌতিক বস্তুৰ প্ৰতি আকৰ্ষিত হোৱাৰ পৰা বিৰত থাকিবলৈ উৎসাহিত কৰিছিল। তেওঁলোকৰ জীৱন ৰক্ষা পাবলৈ তাৰ পৰা পলাই যোৱাটো অত্যাৱশ্যক আছিল।​—⁠লূক ২১:⁠২০, ২১; মথি ২৪:⁠১৫, ১৬.

বিদ্ৰোহী ইহুদীবিলাকক দমন কৰিবলৈ সা.যু. ৬৬ চনত সেনাপতি চেছটিয়াচ গেলচ্‌ৰ অধীনত ৰোমান সৈন্যই যিৰূচালেম আক্ৰমণ কৰিবলৈ আহে। আনকি তেওঁ চহৰত প্ৰবেশ কৰি মন্দিৰ বেৰি ধৰে। চহৰখনত আলোড়নৰ সৃষ্টি হয়। যিসকলে পৰ দি আছিল তেওঁলোকে নিকটৱৰ্তী হোৱা ধ্বংসক দেখিবলৈ পালে। কিন্তু তাৰ পৰা পলাই যোৱা সম্ভৱ আছিলনে? অপ্ৰত্যাশিতভাৱে সেনাপতি চেছটিয়াচ গেলচে নিজৰ সৈন্য-বাহিনী লৈ যিৰূচালেমৰ পৰা আঁতৰি যায়। ইহুদী বিদ্ৰোহীসকলে তেওঁলোকৰ পিচে পিচে খেদি যায়। যিৰূচালেম আৰু সকলো যিহূদা প্ৰদেশত থকাসকলৰ বাবে তাৰ পৰা পলাই যাবলৈ সেয়াই উপযুক্ত সময় নাছিলনে বাৰু!

পিছৰ বছৰত অৰ্থাৎ সা.যু. ৬৭ চনত যিৰূচালেম আক্ৰমণ কৰিবলৈ ৰোমান সৈন্যই ভেছপেজেন্‌ আৰু তেওঁৰ পুতেক টেইটাছ্‌ৰ অধীনত পুনৰাই ঘূৰি আহে। সমস্ত দেশখন যুদ্ধৰ কবলত পৰে। সা.যু. ৭০ চনৰ আৰম্ভণীতে ৰোমান সৈন্যই যিৰূচালেমৰ চাৰিওফালে গড় বান্ধি ঘেৰি ধৰে। পলাই যোৱা সকলো পথ বন্ধ হৈ পৰে। (লূক ১৯:⁠৪৩, ৪৪) দেশখনৰ ভিতৰত সংঘৰ্ষ আৰম্ভ হয় আৰু এজনে আনজনক হত্যা কৰিবলৈ ধৰে। বাছি থকা লোকবিলাকৰ কিছুমানক ৰোমান সৈন্যই বধ কৰে বা বন্দী কৰি লৈ যায়। যিৰূচালেম চহৰ আৰু ইয়াৰ মন্দিৰ সম্পূৰ্ণকৈ ধ্বংস হয়। প্ৰথম শতব্দীৰ ইহুদী ইতিহাসবিদ যোচেফাছ্‌ৰ অনুসাৰে দহ লাখতকৈ অধিক ইহুদী পীড়িত আৰু মৃত্যু বৰণ কৰে। সেই মন্দিৰ পুনৰাই আৰু কেতিয়াও বনোৱা নহʼল।

সা.যু. ৭০ চনৰ সময়ত যদি খ্ৰীষ্টানসকলে যিৰূচালেমত থকা হʼলে তেওঁলোক তাত থকা আনবিলাকৰ নিচিনাকৈ মৃত্যু বা দাসত্বৰ বন্দী হʼবলগীয়া হʼলহেঁতেন। প্ৰাচীন ইতিহাসৰ ৰিপোৰ্টৰ অনুসাৰে যিৰূচালেম আৰু যিহূদাত থকা খ্ৰীষ্টানসকলে ঈশ্বৰৰ সতৰ্কবাণী শুনি যৰ্দ্দন নদীন পূব দিশত থকা পৰ্ব্বতলৈ পলাই গৈছিল। তেওঁলোকৰ কিছুমানে পেৰিয়া অন্তৰ্গত থকা পেলা অঞ্চলত বসতি কৰিব ধৰিলে। তেওঁলোকে পুনৰাই আৰু যিহূদা প্ৰদেশলৈ উভটি নগʼল। যীচুৱে কোৱা সতৰ্কবাণী শুনাৰ বাবে তেওঁলোকৰ জীৱন ৰক্ষা পৰিল।

প্ৰতিষ্ঠিত উৎসৰ পৰা অহা সতৰ্কবাণীৰ প্ৰতি আপুনি গভীৰভাৱে মনোযোগ দিয়েনে?

সতৰ্কবাণী শুনাৰ পিছতো বহুতে তেনেদৰে কেতিয়াও নঘটিব বুলি সতৰ্কবাণীৰ প্ৰতি গভীৰভাৱে মনোযোগ নিদিয়ে। কিন্তু সতৰ্কবাণীৰ প্ৰতি মনোযোগ দিয়াৰ দ্বাৰা আপোনাৰ জীৱন হয়তো ৰক্ষা পাব পাৰে।

১৯৭৫ চনত চীন দেশত হʼবলগীয়া এক ধ্বংসাত্মক ভূমিকম্পৰ সম্পৰ্কে সতৰ্কবাণী দিয়া হৈছিল। সেই অনুসাৰে চৰকাৰ আৰু ৰাইজে এক জৰুৰী পদক্ষেপ লʼলে আৰু ফলস্বৰূপে বহুতো লোকৰ প্ৰাণ ৰক্ষা পৰিল।

১৯৯১ চনৰ এপ্ৰিল মাহত ফিলিপিন্স দেশৰ পিনাটোব্‌ পৰ্ব্বতৰ নামনিত থকা গাওঁবোৰক সংবাদ দিয়া হʼল যে পৰ্ব্বতটোৰ পৰা আগ্নেয় ছাই নিৰ্গত হৈছে। দুমাহ ধৰি পৰ্ব্বতৰ গতিবিধি লক্ষ্য কৰাৰ পিছত ফিলিপিন্সত থকা জ্বালামুখ তত্ত্ব আৰু ভূকম্পবিজ্ঞান প্ৰতিষ্ঠানে নিকটৱৰ্তী বিপদৰ সম্পৰ্কে সতৰ্কবাণী দিয়ে। অনতিপলমে হাজাৰ হাজাৰ লোকে সেই অঞ্চল ত্যাগ কৰে। জুন মাহৰ ১৫ তাৰিখৰ ৰাতিপুৱা এক বিৰাট বিস্ফোটৰ সৈতে কোটি কোটি টন পৰিমাণৰ গলিত পদাৰ্থ উৰ্দ্ধমুখে নিৰ্গত হৈ গোটেই অঞ্চলটো বিয়পি পৰে। সতৰ্কবাণীৰ প্ৰতি মনোযোগ দিয়াৰ বাবে বহুতৰে জীৱন ৰক্ষা পৰিল।

বাইবেলে বৰ্তমান সময়ৰ জগতখনৰ ধ্বংসৰ বিষয়ে সতৰ্কবাণী দিছে। আমি এই জগতৰ একেবাৰে ধ্বংসৰ সময়ত জীয়াই আছোঁ। ধ্বংস যিমানেই ওচৰ চাপি আহিছে আপুনি সিমানেই পৰ দি আছেনে? আপুনি বিপদগ্ৰস্ত এলেকাৰ বাহিৰত থাকিবলৈ উপযুক্ত পদক্ষেপ লৈছেনে? সময়ৰ গুৰুত্বতাক বুজি আপুনিও আনক একেইদৰে সতৰ্ক কৰিছেনে?

[২০ পৃষ্ঠাৰ ছবি]

পিনাটোব্‌ পৰ্ব্বতৰ পৰা আগ্নেয় ছাই ওলোৱা সময়ত দিয়া সতৰ্কবাণীৰ প্ৰতি মনোযোগ দিয়াৰ বাবে বহুতৰে জীৱন ৰক্ষা পৰিল

[২১ পৃষ্ঠাৰ ছবি]

যিসকল খ্ৰীষ্টান ব্যক্তিয়ে যীচুৱে দিয়া সতৰ্কবাণীৰ প্ৰতি মনোযোগ দিলে তেওঁলোক সা.যু. ৭০ চনত হোৱা যিৰূচালেমৰ ধ্বংসত ৰক্ষা পৰিলে