Skip to content

Skip to table of contents

“পৰস্পৰে আগ্ৰহযুক্ত প্ৰেম ৰাখা”

“পৰস্পৰে আগ্ৰহযুক্ত প্ৰেম ৰাখা”

“পৰস্পৰে আগ্ৰহযুক্ত প্ৰেম ৰাখা”

“সকলোৰে শেষ ওচৰ চাপিছে; . . . পৰস্পৰে আগ্ৰহযুক্ত প্ৰেম ৰাখা।”​—⁠১ পিতৰ ৪:⁠৭, ৮.

যীচুৱে জানিছিল যে তেওঁৰ জীৱনৰ শেষৰ কিছুঘন্টা শিষ্যসকলৰ সৈতে অতিবাহিত কৰাটো অধিক গুৰুত্বপূৰ্ণ। আগলৈ তেওঁলোকৰ সৈতে কি ঘটিবলগীয়া আছে সেই বিষয়েও তেওঁ জানিছিল। তেওঁলোকে এক মহৎ কাৰ্য্য সম্পন্ন কৰিবলগীয়া আছিল, কিন্তু তেওঁলোকেও তেওঁৰ দৰে ঘৃণা আৰু অত্যাচাৰৰ পাত্ৰ হʼব। (যোহন ১৫:⁠১৮-২০) সেই শেষ নিশা যীচুৱে তেওঁৰ শিষ্যসকলক “পৰস্পৰে প্ৰেম” কৰিবলৈ কেইবা বাৰো সোঁৱৰাই দিছিল।​—⁠যোহন ১৩:⁠৩৪, ৩৫; ১৫:⁠১২, ১৩, ১৭.

সেই নিশা আন শিষ্যসকলৰ সৈতে উপস্থিত থকা পাঁচনি পিতৰে যীচুৱে সোঁৱৰাই দিয়া কথাশাৰীৰ অৰ্থ ভালকৈ বুজি পাইছিল। সেয়েহে কিছু বছৰৰ পিছত যিৰূচালেম ধ্বংস হোৱাৰ অলপ সময়ৰ পূৰ্বেই পিতৰে প্ৰেমৰ গুৰুত্বতাৰ বিষয়ে পুনৰাই উল্লেখ কৰিছিল। তেওঁ খ্ৰীষ্টানসকলক পৰামৰ্শ দি এইদৰে কৈছিল: “সকলোৰে শেষ ওচৰ চাপিছে; . . . পৰস্পৰে আগ্ৰহযুক্ত প্ৰেম ৰাখা।” (১ পিতৰ ৪:⁠৭, ৮) বৰ্তমানৰ ৰীতি-ব্যৱস্থাৰ “শেষ-কালত” বাস কৰা সকলৰ বাবে পিতৰে কোৱা কথাশাৰীয়ে এক গভীৰ অৰ্থ ৰাখে। (২ তীমথিয় ৩:⁠১) “আগ্ৰহযুক্ত প্ৰেম” কি? আমাৰ পৰস্পৰৰ মাজত তেনে প্ৰেম ৰাখাটো কিয় গুৰুত্বপূৰ্ণ? আমি কেনেকৈ তেনে ধৰণৰ প্ৰেম প্ৰতিফলিত কৰিব পাৰোঁ?

“আগ্ৰহযুক্ত প্ৰেম”​—⁠ইয়াৰ অৰ্থ কি?

বহুতে এইদৰে ভাবে যে প্ৰেম হৈছে এনে এক অনুভূতি যিটো স্বাভাৱিকৰূপে প্ৰকাশ পোৱা আৱশ্যক। কিন্তু পিতৰে কোনো সাধাৰণ প্ৰকাৰৰ প্ৰেমৰ বিষয়ে কোৱা নাছিল; দৰাচলতে তেওঁ এক অভিজাত বা উৎকৃষ্ট প্ৰকাৰৰ প্ৰেমৰ বিষয়ে উল্লেখ কৰিছিল। ১ পিতৰ ৪:⁠৮ পদত উল্লেখ কৰা “প্ৰেম” শব্দটো গ্ৰীক ভাষাৰ আঘাপী শব্দৰ পৰা অনুবাদ কৰা হৈছে। সেই উক্তিটোৱে এনে নিঃস্বাৰ্থপৰ প্ৰেমক বুজাইছে যি মূলনীতিৰ দ্বাৰা পৰিচালিত। এটা উদ্ধৃতিত এইদৰে কোৱা হৈছে: “আঘাপী প্ৰেম পৰিচালনা কৰাৰ বাবে উপযুক্ত, কিয়নো ই আৱেগীকতাৰে নহয় কিন্তু নিশ্চিত সিদ্ধান্তৰ দ্বাৰা কাৰ্য্য কৰিবলৈ প্ৰেৰিত কৰে।” যিহেতু আমি উত্তৰাধিকাৰৰূপে স্বাৰ্থপৰতা মনোবৃত্তি লাভ কৰিছোঁ, সেইবাবে আমাক ঈশ্বৰৰ সিদ্ধান্তৰ অনুসাৰে পৰস্পৰে প্ৰেম প্ৰকাশ কৰিবলৈ বাৰম্বাৰভাৱে স্মৰণ কৰাই দিয়া হৈছে।​—⁠আদিপুস্তক ৮:⁠২১; ৰোমীয়া ৫:⁠১২.

ইয়াত এইটো কোৱা নাই যে আমি কৰ্তব্য বোধেৰে পৰস্পৰে প্ৰেম দেখুৱা আৱশ্যক। কিয়নো আঘাপী প্ৰেম আৱেগিক আৰু অনুভূতি শূন্য নহয়। পাঁচনি পিতৰে কৈছিল যে আমি নিশ্চয়ে “পৰস্পৰে আগ্ৰহযুক্ত প্ৰেম ৰাখা” উচিত। * ইয়াৰ উপৰিও এনে প্ৰেমৰ বাবে প্ৰচেষ্টাৰ আৱশ্যক।

আমাৰ প্ৰেম কেৱল সুবিধা অনুসৰি সীমিত বা কেৱল কিছুমান লোককেহে প্ৰকাশ কৰা উচিত, এনে নহয়। প্ৰকৃত খ্ৰীষ্টান প্ৰেম আনকি প্ৰত্যাহ্বাজনক পৰিস্থিতো বিস্তাৰিতভাৱে দেখুৱা উচিত। (২ কৰিন্থীয়া ৬:⁠১১-১৩) নিঃসন্দেহ, এনে ধৰণৰ প্ৰেম আমি সকলোৱে বিকশিত আৰু সেই অনুসাৰে কাৰ্য্য কৰা আৱশ্যক। তদুপৰি আমাৰ পৰস্পৰ মাজতো এনে প্ৰেম দেখুৱা আৱশ্যক। কিয় দেখুৱা আৱশ্যক? ইয়াৰ বাবে অন্ততঃ তিনটা কাৰণ আছে।

আমি কিয় পৰস্পৰে প্ৰেম কৰা উচিত?

প্ৰথম কাৰণটো হৈছে, “কিয়নো প্ৰেম ঈশ্বৰৰ পৰা হয়।” (১ যোহন ৪:⁠৭) যিহোৱা ঈশ্বৰ হৈছে এই চিৰস্থায়ী গুণটোৰ উৎস আৰু তেওঁ আমাক প্ৰথমে প্ৰেম কৰিলে। এই বিষয়ে পাঁচনি যোহনে এইদৰে কৈছে: “ঈশ্বৰৰ একজাত পুত্ৰৰ দ্বাৰাই আমি জীৱন লাভ কৰিবলৈ ঈশ্বৰে যে তেওঁক জগতলৈ পঠালে।” (১ যোহন ৪:⁠৯) মানৱৰূপে জন্ম গ্ৰহণ কৰি পৰচৰ্য্যা কাৰ্য্যক সম্পন্ন আৰু যাতনা স্তম্ভত নিজৰ প্ৰাণ আহুতি দিবলৈ ঈশ্বৰৰ পুত্ৰক “পঠালে,” যাতে “আমি জীৱন লাভ” কৰিব পাৰোঁ। ঈশ্বৰে দেখুৱা এই মহান প্ৰেমৰ অভিব্যক্তিটোৰ প্ৰতি আমি কেনে প্ৰতিক্ৰিয়া দেখুৱা উচিত? এই বিষয়ে যোহনে এইদৰে কৈছে: “ঈশ্বৰে আমাক যদি এনে প্ৰেম কৰিলে, তেন্তে আমিও পৰস্পৰে প্ৰেম কৰা উচিত।” (১ যোহন ৪:⁠১১) লক্ষ্য কৰক যে যোহনে লিখিছিল, “ঈশ্বৰে আমাক যদি এনে প্ৰেম কৰিলে”​—⁠ইয়াত আপুনি বুলি নহয় কিন্তু আমাক বুলি কোৱা হৈছে। ইয়াত স্পষ্টকৈ এইটো প্ৰকাশ পাইছে: যদি ঈশ্বৰে আমাৰ সঙ্গী উপাসকবিলাকক প্ৰেম কৰিলে, তেন্তে আমিও তেওঁলোকক তেনেদৰে প্ৰেম কৰা উচিত।

দ্বিতীয়টো কাৰণ হৈছে, ‘সকলোৰে শেষ ওচৰ চপাৰ’ বাবে আমি বিশেষকৈ আৱশ্যক হোৱাৰ সময়ত আমাৰ আধ্যাত্মিক ভাই-ভনীসকলক সহায় কৰি এজনে আনজনৰ প্ৰতি প্ৰেম দেখুৱাটো হৈছে এক অত্যাৱশ্যকীয় বিষয়। (১ পিতৰ ৪:⁠৭) আমি “শেষ-কালত ভয়ঙ্কৰ” সময়ত বাস কৰিছোঁ। (২ তীমথিয় ৩:⁠১) গতিকে জগতৰ অৱস্থা, প্ৰাকৃতিক দুৰ্য্যোগ আৰু বিৰোধীতাই আমাক পীড়িত কৰিব পাৰে। এনে ক্লেশদায়ক পৰিস্থিতিত আমি এজনে আনজনৰ কাষ চপা আৱশ্যক। আমাৰ আন্তৰিক প্ৰেমৰ এনাজৰীৰে সকলোকে একেলগে বান্ধি ৰাখি “পৰস্পৰে হিত চিন্তা” কৰিবলৈ প্ৰেৰিত কৰিব।​—⁠১ কৰিন্থীয়া ১২:⁠২৫, ২৬.

তৃতীয়টো হৈছে, আমাৰ প্ৰতি সুবিধা লবলৈ ‘চয়তানক কোনো ঠাই’ নিদিবৰ বাবে এজনে আনজনক প্ৰেম কৰা আৱশ্যক। (ইফিচীয়া ৪:⁠২৬) চয়তানে সঙ্গী উপাসকবিলাকৰ অসিদ্ধতা অৰ্থাৎ তেওঁলোকৰ দুৰ্ব্বলতা, দোষ আৰু ভ্ৰান্তিবোৰক প্ৰতিৰোধক হিচাবে ব্যৱহাৰ কৰিবলৈ সুবিধা বিচাৰি ফুৰে। কেতিয়াবা সঙ্গী উপাসকসকলে কোৱা অবিবেচক কথা বা নিৰ্দয়পূৰ্ণ কাৰ্য্য কৰাৰ বাবে আমি মণ্ডলী ত্যাগ কৰিব বিচাৰোঁনে? (হিতোপদেশ ১২:⁠১৮) যদি আনৰ প্ৰতি আন্তৰিক প্ৰেম আছে, তেতিয়াহʼলে আমি কেতিয়াও তেনে নকৰিম! কিয়নো তেনে ধৰণৰ প্ৰেমে শান্তি বজাই ৰাখি ঐক্যতাৰে ঈশ্বৰৰ সেৱা একে মনেৰে কৰাত সহায় কৰে।​—⁠চফনিয়া ৩:⁠৯.

কেনেকৈ প্ৰকাশ কৰিব যে আপুনি আনক প্ৰেম কৰে

নিজ ঘৰখনৰ ভিতৰতে প্ৰথমে প্ৰেম দেখুৱা আৱশ্যক। যীচুৱে কৈছিল যে তেওঁৰ প্ৰকৃত শিষ্যবিলাকক তেওঁবিলাকৰ পৰস্পৰৰ মাজত থকা প্ৰেমৰ দ্বাৰা চিনাক্ত কৰিব পাৰি। (যোহন ১৩:⁠৩৪, ৩৫) কেৱল মণ্ডলীতেই নহয় কিন্তু পৰিয়াল অৰ্থাৎ বৈবাহিক সঙ্গী, মাক-দেউতাক আৰু লʼৰা-ছোৱালীৰ মাজতো প্ৰেম প্ৰকাশ পোৱা উচিত। পৰিয়ালৰ সদস্যসকলৰ মাজত প্ৰেম আছে বুলি অনুভৱ কৰাটোৱেই যথেষ্ট নহয়; আমি সঠিক কাৰ্য্য কৰি প্ৰেম প্ৰকাশ কৰা আৱশ্যক।

১০ বৈবাহিক সঙ্গীয়ে কেনেকৈ এজনে আনজনৰ প্ৰতি প্ৰেম দেখুৱাব পাৰে? নিজৰ পত্নীক বাস্তৱতে প্ৰেম কৰা এজন স্বামীয়ে কেৱল ঘৰতেই নহয় কিন্তু ৰাজহুৱাভাৱেও নিজৰ পত্নীক কাৰ্য্য, কথা আৰু তাইৰ প্ৰতি স্নেহ দেখুৱাৰ দ্বাৰা প্ৰেম প্ৰকাশ কৰে। স্বামীয়ে পত্নীৰ ব্যক্তিগত মৰ্য্যদা বজাই ৰাখি তাইৰ ভাৱধাৰা, দৃষ্টিভঙ্গী আৰু অনুভূতিৰ প্ৰতি বিবেচনা কৰে। (১ পিতৰ ৩:⁠৭) তেওঁ নিজৰ পত্নীৰ হিতসাধকৰ প্ৰতি নিজতকৈ অধিক গুৰুত্ব দিয়ে আৰু ভৌতিক, আধ্যাত্মিক আৰু আৱেগীকৰূপে চোৱা-চিতা কৰিবলৈ যি কৰা আৱশ্যক সেই সকলো কৰে। (ইফিচীয়া ৫:⁠২৫, ২৮) প্ৰকৃততে প্ৰেম কৰা এগৰাকী পত্নীয়ে সকলো সময়তে নিজৰ স্বামীলৈ “ভয়” অৰ্থাৎ সম্ভ্ৰম শ্ৰদ্ধা ৰাখে। (ইফিচীয়া ৫:⁠৩৩) পত্নীয়ে স্বামীৰ সহায়কৰ্ত্তা আৰু বশীভূত হৈ কোনো অনাৱশ্যকীয় দাবী নকৰে কিন্তু আধ্যাত্মিক বিষয়বোৰৰ প্ৰতি মনোযোগ দি তেওঁৰ সৈতে সহযোগ কৰে।​—⁠আদিপুস্তক ২:⁠১৮; মথি ৬:⁠৩৩.

১১ পিতৃ-মাতৃসকল, আপোনালোকে নিজৰ লʼৰা-ছোৱালীৰ প্ৰতি কেনেকৈ প্ৰেম দেখুৱাব পাৰে? তেওঁলোকৰ ভৌতিক আৱশ্যকতাৰ প্ৰতি চোৱা-চিতা কৰিবলৈ কৰা পৰিশ্ৰমৰ দ্বাৰা আপোনাৰ প্ৰেম প্ৰকাশ পায়। (১ তীমথিয় ৫:⁠৮) কিন্তু লʼৰা-ছোৱালীৰ প্ৰতি খাদ্য, বস্ত্ৰ আৰু ঘৰৰ ব্যৱস্থা কৰাটোৱেই যথেষ্ট নহয়। যদি তেওঁলোকে প্ৰেমত ডাঙৰ-দীঘল আৰু সত্য ঈশ্বৰৰ উপাসনা কৰাটো বিচাৰে, তেনেহʼলে পিতৃ-মাতৃয়ে লʼৰা-ছোৱালীৰ আধ্যাত্মিক আৱশ্যকতাসমূহো পূৰণ কৰা আৱশ্যক। (হিতোপদেশ ২২:⁠৬) যাৰ অৰ্থ হৈছে পৰিয়ালৰ সৈতে একেলগে বাইবেল অধ্যয়ন, পৰিচৰ্য্যা কাৰ্য্যত ভাগ লোৱা আৰু খ্ৰীষ্টান সভাত উপস্থিত হোৱা। (দ্বিতীয় বিবৰণ ৬:⁠৪-৭) অপৰিৱৰ্তিতৰূপে এনেবোৰ কাৰ্য্য কৰিবলৈ বিশেষকৈ এই কঠিন সময়ত যথেষ্ট ত্যাগৰ আৱশ্যক। লʼৰা-ছোৱালীৰ আধ্যাত্মিক আৱশ্যকতা পূৰণ কৰিবলৈ কৰা আপোনাৰ প্ৰচেষ্টা হৈছে এক প্ৰেমৰ অভিব্যক্তিত আৰু এইদৰে প্ৰকাশ কৰে যে আপুনি তেওঁলোকৰ চিৰকলীয়া হিতৰ বাবে আগ্ৰহী।​—⁠যোহন ১৭:⁠৩.

১২ তদুপৰি পিতৃ-মাতৃয়ে নিজৰ সন্তানৰ আৱেগীক আৱশ্যকতাও পূৰণ কৰা অতি আৱশ্যক। কিয়নো লʼৰা-ছোৱালীৰ মন সহজে ভাঙি পৰিব পাৰে; তেওঁলোকৰ হৃদয় অতি কোমল আৰু সেয়েহে তেওঁলোকক আপুনি প্ৰেমেৰে আশ্বাস দিয়া প্ৰয়োজন। লʼৰা-ছোৱালীক কওক যে আপুনি তেওঁলোকক প্ৰেম কৰে আৰু তেওঁলোক আপোনাৰ অতি স্নেহৰ। এনে ধৰণৰ অভিব্যক্তিসমূহে আশ্বাস দিব যে পিতৃ-মাতৃয়ে তেওঁলোকক প্ৰেম কৰে আৰু তেওঁলোকৰ দৃষ্টিত লʼৰা-ছোৱালী অতি মূল্যৱান। লʼৰা-ছোৱালীয়ে কৰা প্ৰচেষ্টাক যে মাক-দেউতাকে মূল্যাঙ্কন কৰে তাক প্ৰকাশ কৰিবলৈ পিতৃ-মাতৃয়ে স্নেহপূৰ্ণ আৰু অকৃত্ৰিমভাৱে প্ৰশংসা কৰা উচিত। লʼৰা-ছোৱালীক প্ৰেমেৰে প্ৰশিক্ষণ দিয়ক, এনেদৰে দিয়া প্ৰেমৰ শুধৰণীয়ে কʼব যে তেওঁলোকে কেনে ব্যক্তি হোৱাটো আপুনি অপেক্ষা কৰে। (ইফিচীয়া ৬:⁠৪) প্ৰেমৰ এনে হিতজনক অভিব্যক্তিয়ে পৰিয়ালটোক সুখী আৰু ঐক্যতাবদ্ধ কৰি এই শেষকালত সম্মুখীন হোৱা সকলো প্ৰকাৰৰ হেঁচাৰ সৈতে সফলতাৰে যুঁজ কৰিবলৈ উত্তমভাৱে প্ৰস্তুত কৰিব।

১৩ প্ৰেমে আমাক আনৰ অসিদ্ধতাবোৰক উপেক্ষা কৰিবলৈ প্ৰেৰিত কৰে। লক্ষ্য কৰক, পিতৰে তেওঁৰ পাঠকসকলক উৎসাহিত কৰি এইদৰে কৈছিল যে, “পৰস্পৰে আগ্ৰহযুক্ত প্ৰেম ৰাখা।” এনে কৰাটো কিয় গুৰুত্বপূৰ্ণ এই বিষয়ে কাৰণ দৰ্শাই আগলৈ তেওঁ এইদৰে কৈছিল: “কিয়নো প্ৰেমে পাপসমূহ ঢাকে।” (১ পিতৰ ৪:⁠৮) ইয়াত উল্লেখ কৰা ‘ঢাকা’ শব্দটোৰ অৰ্থ এইটো নহয় যে গুৰুত্বৰ পাপসমূহক ‘ঢাকা।’ এনেবোৰ গভীৰ পাপৰ বিষয়ে মণ্ডলীৰ দায়িত্বত থকা ব্যক্তিসকলক জনোৱা আৱশ্যক আৰু তেওঁলোকে সেইবোৰক উপযুক্তভাৱে শাস্ত্ৰীয় আধাৰত সমাধান কৰিব। (লেবীয়া পুস্তক ৫:⁠১; হিতোপদেশ ২৯:⁠২৪) গুৰুত্বৰ পাপ কৰা ব্যক্তিজনক একেৰাহে হানি বা নিৰ্দ্দোষীজনক পীড়িত কৰিবলৈ অনুমতি দিয়াটো এক অশাস্ত্ৰীয় আৰু নিৰ্দ্দয়াৰ কাৰ্য্য হʼব।​—⁠১ কৰিন্থীয়া ৫:⁠৯-১৩.

১৪ বাস্তৱতে বেছিভাগ সময়ত আমাৰ সঙ্গী বিশ্বাসী ভাই-ভনীৰ ভুলবোৰ একেবাৰে নগণ্য হয়। কোনো কোনো সময়ত আমাৰ সকলোৱে এজনে আনজনক কথা বা কাৰ্য্যৰ দ্বাৰা মানসিক আঘাত কৰোঁ। (যাকোব ৩:⁠২) আমি আনৰ ভুলবোৰৰ বিষয়ে সকলোকে কʼবলৈ খৰখেদা কৰোঁনে? এনে কাৰ্য্যই মণ্ডলীত কেৱল মনোমালিন্যৰ সৃষ্টি কৰিব। (ইফিচীয়া ৪:⁠১-৩) যদি আমি প্ৰেমৰ দ্বাৰা প্ৰেৰিত হওঁ, তেতিয়াহʼলে আমি সঙ্গী উপাসকসকলৰ “অহিতে চৰ্চ্চি” নুফুৰিম। (গীত ৫০:⁠২০) যিদৰে দেৱালৰ খলা-বমা অংশক প্ৰলেপ দি ঢাকি দিয়া হয়, তেনেদৰে প্ৰেমে আনৰ অসিদ্ধতাবোৰক প্ৰলেপ দি ঢাকি পেলায়।​—⁠হিতোপদেশ ১৭:⁠৯.

১৫ আনৰ আৱশ্যকতাৰ সময়ত সহায় কৰিবলৈ প্ৰেমে আমাক প্ৰেৰিত কৰে। এই শেষ কালত পৰিস্থিতি একেৰাহে অধিক বেয়ালৈ ধাল খাইছে, এতেকে এনে সময়ছোৱাত আমাৰ সঙ্গী ভাই-ভনীসকলক ভৌতিক সহায়ৰ আৱশ্যকতা হʼব পাৰে। (১ যোহন ৩:⁠১৭, ১৮) উদাহৰণস্বৰূপে, মণ্ডলীৰ কোনো এজন সদস্যই বেয়াকৈ আৰ্থিক অৱস্থাৰ সম্মুখীন বা চাকৰি হেৰুৱাইছেনে? আমি হয়তো আমাৰ পৰিস্থিতিৰ অনুসাৰে তেওঁক কিছু পৰিমাণে ভৌতিক সাহায্য আগবঢ়াব পাৰোঁ। (হিতোপদেশ ৩:⁠২৭, ২৮; যাকোব ২:⁠১৪-১৭) মণ্ডলীৰ কোনো সঙ্গী বৃদ্ধা বিধৱা ভনীৰ ঘৰ মেৰামতি কৰাৰ আৱশ্যকনে? এই ক্ষেত্ৰত আমি হয়তো কিছুমান কাৰ্য্যৰ দ্বাৰা সহায় কৰিবলৈ উপযুক্ত পদক্ষেপ লব পাৰোঁ।​—⁠যাকোব ১:⁠২৭.

১৬ সমীপৱৰ্তী লোকসকলৰ বাবেই কেৱল আমি আমাৰ প্ৰেম দেখুৱাতো সীমিত হোৱা উচিত নহয়। কোনো কোনো সময়ত অদূৰৰ আন দেশত কোনো প্ৰাকৃতিক দুৰ্য্যোগ বা জাতিগত সংঘৰ্ষৰ ফলত পীড়িত হোৱা ঈশ্বৰৰ উপাসকসকলৰ বাৰ্ত্তা আমি হয়তো শুনিব পাৰোঁ। তেওঁলোকক হয়তো খাদ্য, বস্ত্ৰ আৰু আন আন বস্তুসমূহৰ অতি প্ৰয়োজন হʼব পাৰে। তেওঁলোকে যিয়ে জাতি বা গোষ্ঠীৰ নহওক কিয় সেইটো আমাৰ বাবে গুৰুত্বপূৰ্ণ নহয়। কিয়নো আমি “সকলোকে সমাদৰ কৰা ভাইমাত্ৰকেই প্ৰেম” কৰোঁ। (১ পিতৰ ২:⁠১৭) যেনেকৈ প্ৰথম শতাব্দীৰ মণ্ডলীসমূহে কৰিছিল তেনেকৈ আমিও সাহায্য কৰিবলৈ ব্যৱস্থা কৰি সহায়ৰ বাবে আগ্ৰহেৰে আগবাঢ়ি আহোঁ। (পাঁচনিৰ কৰ্ম্ম ১১:⁠২৭-৩০; ৰোমীয়া ১৫:⁠২৬) আমি যেতিয়া এইদৰে প্ৰেম দেখুৱাওঁ তেতিয়া এই শেষ কালত আমাৰ ভাতৃত্ব বন্ধন অধিক শক্তিশালী হৈ উঠে।​—⁠কলচীয়া ৩:⁠১৪.

১৭ প্ৰেমে আমাক আনক ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা কʼবলৈ প্ৰেৰিত কৰে। যীচুৰ আৰ্হিক বিবেচনা কৰক। তেওঁ কিয় প্ৰচাৰ আৰু শিক্ষা দিয়া কাৰ্য্য কৰিছিল? লোকসমূহৰ আধ্যাত্মিক দৰিদ্ৰতা অৱস্থা দেখি তেওঁলোকলৈ তেওঁৰ “মৰম লাগিল।” (মাৰ্ক ৬:⁠৩৪) তেওঁলোকে এনে মিছা ধৰ্ম্মীয় ৰখীয়াসকলৰ দ্বাৰা উপেক্ষিত আৰু প্ৰবঞ্চিত হৈছিল, যিসকলে বাস্তৱতে তেওঁলোকক আধ্যাত্মিক সত্যতাৰ শিক্ষা আৰু আশা প্ৰদান কৰিব লাগিছিল। এতেকে যীচুৱে গভীৰ আন্তৰিক প্ৰেমৰ দ্বাৰা প্ৰেৰিত হৈ লোকসকলক “ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ” কৰি শান্ত্বনা প্ৰদান কৰিছিল।​—⁠লূক ৪:⁠১৬-২১, ৪৩.

১৮ বৰ্তমান সময়টো বহুতো লোকে আধ্যাত্মিকৰূপে উপেক্ষিত আৰু প্ৰবঞ্চিত হোৱাৰ বাবে আশাহীন হৈ পৰিছে। যদি আমি যীচুৰ দৰে নিজৰ সংবেদনাশীলতা শক্তি প্ৰখৰ কৰোঁ তেনেহʼলে আধ্যাত্মিক আৱশ্যক থকা সকলক ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা কʼবলৈ প্ৰেম আৰু সহানুভূতিৰে প্ৰেৰিত হʼম, যিসকলে সত্য ঈশ্বৰৰ বিষয়ে এতিয়াও শুনা নাই। (মথি ৬:⁠৯, ১০; মথি ২৪:⁠১৪) নিকটৱৰ্তী ধ্বংসৰ বাবে বাকী থকা অৱশিষ্ট সময়ৰ প্ৰতি লক্ষ্য ৰাখি জীৱনৰক্ষক প্ৰচাৰ কাৰ্য্য কৰাটো এতিয়া আগতকৈও আৰু অধিক গুৰুত্বপূৰ্ণ হৈ পৰিল।​—⁠১ তীমথিয় ৪:⁠১৬.

“সকলোৰে শেষ ওচৰ চাপিছে”

১৯ মনত ৰাখক যে পাঁচনি পিতৰে এজনে আনজনক প্ৰেম কৰিবলৈ উৎসাহিত কৰা পৰামৰ্শটোৰ সৈতে বাইবেলত এইদৰে উল্লেখ কৰিছে: “সকলোৰে শেষ ওচৰ চাপিছে।” (১ পিতৰ ৪:⁠৭) অনতিপলমে এই দুষ্টতাপূৰ্ণ জগতখন ধ্বংস হৈ ঈশ্বৰৰ এক ধাৰ্ম্মিকতাপূৰ্ণ জগত স্থাপন হʼব। (২ পিতৰ ৩:⁠১৩) এতেকে আজি আমাৰ হাতত আত্মসন্তুষ্টি হোৱাৰ সময় নাই। এই সংক্ৰান্তত যীচুৱে আমাক এইদৰে সতৰ্ক কৰিছিল: “অপৰিমিত ভোজনৰ দ্বাৰাই তোমালোকৰ হৃদয় যেন ভাৰগ্ৰস্ত নহয়, আৰু ফান্দৰ নিচিনা সেই দিন তোমালোকলৈ যেন অকস্মাতে নাহে, এই কাৰণে তোমালোকে নিজলৈ সাৱধানে থাকিবা।”​—⁠লূক ২১:⁠৩৪, ৩৫.

২০ গতিকে আঁহক আমি বৰ্তমান সময়ছোৱাত সকলো প্ৰকাৰে “পৰ দি” থাকিবলৈ পৰিশ্ৰম কৰোঁহঁক। (মথি ২৪:⁠৪২) ইয়াৰ বাবে আমি চয়তানে আমাৰ মন বিচলিত কৰিবলৈ কৰা তাৰ সকলো প্ৰলোভনৰ পৰা নিজকে প্ৰতিৰক্ষা কৰাটো অত্যাৱশ্যক। এই প্ৰেমবিহীন জগতত আমাৰ প্ৰেম চেঁচা হোৱাৰ পৰিৱৰ্তে আনক আমাৰ প্ৰকৃত প্ৰেম দেখুৱাবলৈ প্ৰচেষ্টা কৰা উচিত। সকলোতকৈ গুৰুত্বপূৰ্ণ হৈছে আমি আগতকৈও সত্য ঈশ্বৰৰ কাষ চপা প্ৰয়োজন, কিয়নো যিহোৱা ঈশ্বৰে মচীহ ৰাজ্যৰ দ্বাৰা অতি শীঘ্ৰেই এই পৃথিৱীৰ প্ৰতি থকা তেওঁৰ উদ্দেশ্যক পূৰ্ণ কৰিব।​—⁠প্ৰকাশিত বাক্য ২১:⁠৪, ৫.

[ফুটনোট]

^ আন বাইবেল অনুবাদত ১ পিতৰ ৪:⁠৮ পদটো, আমি নিশ্চয়ে পৰস্পৰে “অকপট,” “গভীৰ” অথবা “আন্তৰিকতাৰে” প্ৰেম দেখুৱা আৱশ্যক বুলি উল্লেখ কৰিছে।

অধ্যয়নৰ বাবে প্ৰশ্নসমূহ

• যীচুৱে শেষ নিশা শিষ্যসকলক কেনে পৰামৰ্শ দিছিল আৰু কিহে দেখুৱাইছে যে পিতৰে তাৰ অৰ্থ বুজি পাইছিল? (১-২ অনু.)

• “আগ্ৰহযুক্ত প্ৰেম” কি? (৩-৫ অনু.)

• আমি এজনে আনজনক কিয় প্ৰেম কৰা উচিত? (৬-৮ অনু.)

• কেনেকৈ প্ৰকাশ কৰিব যে আপুনি আনক প্ৰেম কৰে? (৯-১৮ অনু.)

• এই সময়ছোৱাত বিশেষকৈ আমি কিয় আত্মসন্তুষ্টি হোৱা উচিত নহয় আৰু আমি কি কৰিবলৈ দৃঢ় নিৰ্ণয় লোৱা আৱশ্যক? (১৯-২০ অনু.)

[২৯ পৃষ্ঠাৰ ছবি]

এটা ঐক্যতাবদ্ধ পৰিয়ালে এই শেষ কালত অহা যিকোনো হেঁচাত দৃঢ় হৈ সম্মুখীন হʼব পাৰে

[৩০ পৃষ্ঠাৰ ছবি]

আৱশ্যকতা থকা সকলক সহায় কৰিবলৈ প্ৰেমে আমাক প্ৰেৰিত কৰে

[৩১ পৃষ্ঠাৰ ছবি]

আনক ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰাটো হৈছে প্ৰেমৰ এক অভিব্যক্তি