Skip to content

Skip to table of contents

“সোধ-বিচাৰৰ সময় আহিল”

“সোধ-বিচাৰৰ সময় আহিল”

“সোধ-বিচাৰৰ সময় আহিল”

বাইবেলৰ অন্তিম কিতাপ অৰ্থাৎ প্ৰকাশিত বাক্যত আমাক জাননী দিয়া হৈছে যে এজন স্বৰ্গদূতে মাজ আকাশত উড়ি “প্ৰচাৰ কৰিবলৈ অনন্ত শুভবাৰ্ত্তা পাই, বৰ মাতেৰে কলে।” তেওঁ উচ্চস্বৰত এইদৰে কৈছে: “ঈশ্বৰক ভয় কৰি, তেওঁৰ গৌৰৱ স্বীকাৰ কৰাহঁক; তেওঁৰ সোধ-বিচাৰৰ সময় আহিল।” (প্ৰকাশিত বাক্য ১৪:⁠৬, ৭) ‘সোধ-বিচাৰৰ সময়ত’ সন্মিলিত আছে ঈশ্বৰৰ ন্যায় বিচাৰৰ বিষয়ে ঘোষণা আৰু কাৰ্য্যকৰণ কৰা। এক “সময়” হৈছে আপেক্ষিকভাৱে একেবাৰে সংক্ষিপ্ত কাল। সেই সোধ-বিচাৰৰ সময়ৰ সমাপ্তি “শেষ-কালত” হʼব আৰু বৰ্তমান আমি সেই সময়ত বাস কৰিছোঁ।​—⁠২ তীমথিয় ৩:⁠১.

ধাৰ্ম্মিকতাক প্ৰেম কৰা সকলৰ বাবে এই “সোধ-বিচাৰৰ সময়” হৈছে এক আনন্দজনক শুভবাৰ্ত্তা। এইটো হৈছে এনে এটা সময় যʼত ঈশ্বৰে এই জগতত ভুগী থকা সকলো দুখ-কষ্টৰ পৰা তেওঁৰ উপাসকসকলক মুক্ত কৰিব।

বৰ্তমান সময়ত ঈশ্বৰৰ “সোধ-বিচাৰৰ সময়” এই জগতৰ দুষ্ট ৰীতি-ব্যৱস্থাক ধ্বংস কৰাৰ সৈতে সমাপ্তি হোৱাৰ পূৰ্বে আমি সকলোকে এইদৰে সজোৰে কৈছোঁ: “ঈশ্বৰক ভয় কৰি, তেওঁৰ গৌৰৱ স্বীকাৰ” কৰক। আপুনিও তেনেদৰে কৰিছেনে? ইয়াত কেৱল “মই ঈশ্বৰক বিশ্বাস কৰোঁ” বুলি কোৱাটোৱেই যথেষ্ট নহয়। (মথি ৭:⁠২১-​২৩; যাকোব ২:⁠১৯, ২০) ঈশ্বৰৰ প্ৰতি ৰাখা সঠিক প্ৰকাৰৰ সমীহে তেওঁৰ প্ৰতি সশ্ৰদ্ধা ভয় প্ৰতিফলিত কৰিবলৈ উৎসাহিত কৰিব। এনে ভয়ে আমাক বেয়াৰ পৰা আঁতৰি থাকিবলৈ প্ৰেৰিত কৰা উচিত। (হিতোপদেশ ৮:⁠১৩) তদুপৰি ইয়ে আমাক ভালক প্ৰেম আৰু বেয়াক ঘিণ কৰিবলৈ সহায় কৰা উচিত। (আমোচ ৫:⁠১৪, ১৫) যদি আমি ঈশ্বৰৰ মহিমা কৰোঁ তেনেহʼলে আমি তেওঁৰ কথাৰ প্ৰতি মনোযোগ দিম আৰু গভীৰ সন্মান কৰিম। আমি আন কাৰ্য্যবোৰত অধিক সময় অতিবাহিত কৰাৰ পৰিৱৰ্তে নিয়মীয়াকৈ ঈশ্বৰৰ বাক্য অধ্যয়ন কৰিম। আমি আমাৰ সম্পূৰ্ণ হৃদয় আৰু সদায়ে ঈশ্বৰক ভাৰসা কৰিম। (গীত ৬২:⁠৮; হিতোপদেশ ৩:⁠৫, ৬) যিসকলে তেওঁক প্ৰকৃততে প্ৰেম কৰে, তেওঁলোকে তেওঁক আকাশ আৰু পৃথিৱীৰ সৃষ্টিকৰ্ত্তা, বিশ্বজনীন সৰ্ব্বোপৰি জনা বুলি চিনাক্ত কৰে আৰু নিজৰ জীৱন তেওঁৰ সাৰ্ব্বভৌমৰ অধীন কৰে। যদি আমি জানিব পাৰিছোঁ যে এই বিষয়ে আমাক অধিক মনোযোগ দিয়া আৱশ্যক, তেনেহʼলে আঁহক আমি অনতিপলমে তেনে কৰোঁহঁক।

স্বৰ্গদূতজনে কোৱা সোধ-বিচাৰৰ দিনটোক “যিহোৱাৰ মহাদিন” বুলিও কোৱা হয়। যিহোৱা ঈশ্বৰে তেওঁৰ ভৱিষ্যতবক্তাৰ দ্বাৰা দিয়া সতৰ্কবাণীৰ প্ৰতি আওকাণ কৰাৰ বাবে সেই ‘দিনটো’ প্ৰাচীন যিৰূচালেমৰ বাসিন্দাসকলৰ ওপৰত সা.যু.পূ. ৬০৭ চনত আহিছিল। তেওঁলোকে নিজৰ মনত যিহোৱাৰ দিনটো পিচুৱাই থাকি নিজৰ জীৱনটো বিপদগ্ৰস্ত কৰিলে। যিহোৱাই তেওঁলোকক এইদৰে সতৰ্ক কৰিছিল: “সেয়ে ওচৰ, অতি বেগেৰে আহিছে।” (চফনিয়া ১:⁠১৪) আন এবাৰ “যিহোৱাৰ দিন” সা.যু.পূ. ৫৩৯ চনত প্ৰাচীন বাবিলৰ ওপৰত আহিছিল। (যিচয়া ১৩:⁠১, ৬) বাবিলীয়াসকলে তেওঁলোকৰ প্ৰতিৰক্ষা ব্যৱস্থা আৰু দেৱ-দেৱীৰ ওপৰত ভাৰসা কৰি যিহোৱাৰ ভৱিষ্যতবক্তাই দিয়া সতৰ্কবাণীৰ প্ৰতি আওকাণ কৰিলে। কিন্তু একে ৰাতিয়ে বাবিল মাদীয়া আৰু পাৰসীবিলাকৰ দ্বাৰা পৰাস্ত হʼল।

আজি আমি কিহৰ সম্মুখীন হৈ আছোঁ? পুনৰাই একেবাৰে কাষত উপস্থিত হোৱা সেই ভয়ঙ্কৰ সময়টো হৈছে ‘যিহোৱাৰ সেই দিন।’ (২ পিতৰ ৩:⁠১১-১৪) ‘মহা-বাবিলৰ’ ওপৰত সোধ-বিচাৰৰ ঘোষণা কৰা হৈছে। প্ৰকাশিত বাক্য ১৪:⁠৮ পদৰ অনুসাৰে এজন স্বৰ্গদূতে এইদৰে ঘোষণা কৰিছে: “মহা-বাবিল পৰিল, পৰিল।” তেনেদৰে ইতিমধ্যেই ঘটিল। যিহোৱাৰ উপাসকসকলক তাই আৰু আবদ্ধ কৰি ৰাখিব নোৱাৰে। তাই নিজেই ভ্ৰষ্টাচাৰ আৰু যুদ্ধত জড়িত হোৱাটো বৃহৎভাৱে প্ৰকাশ পালে। বৰ্তমান তাইৰ শেষ ধ্বংস একেবাৰে ওচৰ চাপিল। সেইবাবে বাইবেলে সকলো ঠাইত থকা লোকসকলক এইদৰে আগ্ৰহ কৰিছে: “তোমালোকে যেন তাইৰ পাপৰ ভাগী নোহোৱা, আৰু তাইৰ উৎপাতৰ ভাগ নোপোৱা, আৰু তাইৰ [মহা-বাবিলৰ] পৰা ওলাই আহাঁ। কিয়নো তাইৰ পাপ আকাশত লাগিললৈ; আৰু তাইৰ অপৰাধ ঈশ্বৰে সোঁৱৰণ কৰিলে।”​—⁠প্ৰকাশিত বাক্য ১৮:⁠৪, ৫.

মহা-বাবিল কি? এইটো হৈছে গোটেই জগতত থকা ধৰ্ম্মীয় প্ৰতিষ্ঠানসমূহ যিবিলাকৰ বৈশিষ্টতা প্ৰাচীন বাবিলৰ সৈতে একেই। (প্ৰকাশিত বাক্য ১৭, ১৮ অধ্যায়) বাবিলৰ সৈতে মিল খোৱা কিছুমান বৈশিষ্টতাক বিবেচনা কৰক:

• প্ৰাচীন বাবিলৰ ধৰ্ম্মীয় পুৰোহিতবিলাকে জাতিবিলাকৰ ৰাজনৈতিক বিষয়ত নিবিড়ভাৱে জড়িত হৈ আছিল। আজিও ধৰ্ম্মীয় নেতাবিলাকে তেনেদৰে জড়িত হৈ আছে।

• বাবিলৰ পুৰোহিতবিলাকে প্ৰায়ে যুদ্ধৰ বাবে লোকসকলক উৎসাহিত কৰিছিল। বৰ্তমান সময়তো ধৰ্ম্মই বাৰে বাৰে যুদ্ধত আগভাগ লৈ যুদ্ধলৈ যোৱাৰ সময়ত সৈনিকবিলাকক আশীৰ্ব্বাদ কৰে।

• শিক্ষা আৰু অভ্যাসবোৰে প্ৰাচীন বাবিলক গভীৰ অনৈতিকতালৈ পৰিচালিত কৰিছিল। একেইদৰে আজি ধৰ্ম্মীয় নেতাবিলাকে বাইবেলৰ নৈতিক স্তৰসমূহৰ প্ৰতি আওকাণ কৰি যাজক আৰু পুৰোহিত উভয়ে গভীৰ অনৈতিকতাত ডুব গৈছে। মন কৰিবলগীয়া এই যে বাবিলে জগতৰ ৰাজনৈতিক প্ৰণালীৰ সৈতে বৃহৎভাৱে ব্যভিচাৰ কৰাৰ বাবে প্ৰকাশিত বাক্যত তাইক এজনী বেশ্যা বুলি আখ্যা দিছে।

• তদুপৰি বাইবেলে কৈছে যে সেই মহা-বাবিল “গৰ্ব্ব আৰু ধনাৰম্বৰ” অৰ্থাৎ লজ্জাহীন ভোগ-বিলাসেৰে জীৱন-যাপন কৰিছে। প্ৰাচীন বাবিলৰ মন্দিৰৰ সংগঠনসমূহে অত্যাধিক ভূমিৰ অধিকাৰী আৰু তাৰ পুৰোহিতবিলাকে বাণিজ্যিক ক্ষেত্ৰত উচ্চস্থান অধিকাৰ কৰি আছিল। বৰ্তমান সময়তো উপাসনা স্থানৰ উপৰিও মহা-বাবিলে বৃহৎভাৱে বাণিজ্যিক ক্ষেত্ৰ অধিকাৰ কৰি আছে। তাইৰ শিক্ষা আৰু ধৰ্ম্মীয় উৎসৱৰ বন্ধৰ দিনবোৰৰ দ্বাৰা নিজলৈ আৰু ব্যৱসায় জগতত থকা আনসকলৰ বাবে লাভসমূহ কঢ়িয়াই আনিছে।

• প্ৰাচীন বাবিল চহৰত মূৰ্ত্তিপূজা, তন্ত্ৰ-মন্ত্ৰ আৰু যাদুবিদ্যাৰ অভ্যাস সাধাৰণ বিষয় আছিল, বৰ্তমান সময়তো সেইবোৰে বহুতো ঠাইত একেই স্থান অধিকাৰ কৰি আছে। মৃত্যুক আন এক প্ৰকাৰ জীৱনলৈ সলনি হোৱা বুলি দৃষ্টি কৰা হয়। প্ৰাচীন বাবিল চহৰখনত দেৱ-দেৱীবিলাকৰ সন্মানৰ অৰ্থে অসংখ্য মঠ-মন্দিৰ আৰু আৰাধনালয় বনোৱা হৈছিল, কিন্তু যিহোৱাৰ উপাসকবিলাকক বিৰোধ কৰিছিল। সেই একেই বিশ্বাস আৰু অভ্যাস বৰ্তমান সময়ৰ মহা-বাবিলতো দেখিবলৈ পোৱা গৈছে।

তেওঁৰ উদ্দেশ্য আৰু তেওঁক অসন্মান কৰাসকলক শাস্তি দিবলৈ ঈশ্বৰে প্ৰাচীন সময়ত শক্তিশালী ৰাজনৈতিক আৰু সৈন্য-সামন্ত থকা দেশবোৰক কৌশলেৰে ব্যৱহাৰ কৰিছিল। সেয়েহে সা.যু.পূ. ৭৪০ চনত অচূৰীয়াবিলাকৰ দ্বাৰা চমৰিয়া নগৰখন ধ্বংস কৰিলে। বাবিলীয়াসকলৰ দ্বাৰা সা.যু.পূ. ৬০৭ চন আৰু ৰোমান সৈন্যৰ দ্বাৰা সা.যু. ৭০ চনত যিৰূচালেম ধ্বংস কৰাইছিল। সা.যু.পূ. ৫৩৯ চনত মাদীয়া আৰু পাৰসীবিলাকৰ দ্বাৰা বাবিল চহৰ ধ্বংস কৰিলে। আমাৰ সময়ত পশুৰূপী ৰাজনৈতিক চৰকাৰসমূহে “বেশ্যাক” ঘিণ কৰিব আৰু উলঙ্গ কৰি তাইৰ আচল ৰূপ প্ৰকট কৰিব বুলি ভৱিষ্যতবাণী কৰা হৈছে। সেই পশুৱে তাইক সম্পূৰ্ণকৈ ধ্বংস কৰিব।​—⁠প্ৰকাশিত বাক্য ১৭:⁠১৬.

জগতৰ চৰকাৰে বাস্তৱতে তেনে কাৰ্য্য কৰিবনে? বাইবেলে বৰ্ণনা কৰিছে যে ‘ঈশ্বৰে তেওঁবিলাকৰ মনত প্ৰবৃত্তি জন্মাব।’ (প্ৰকাশিত বাক্য ১৭:⁠১৭) এই কাৰ্য্য কোনো মন্থৰ গতিত বা লাহে লাহে নহয় কিন্তু হঠাতে আৰু আচৰিতভাৱে হʼব।

আপুনি কেনে পদক্ষেপ লোৱা আৱশ্যক? নিজকে এইদৰে সোধক: ‘মই এতিয়াও এনে ধৰ্ম্মীয় সংগঠনৰ সৈতে জড়িত হৈ আছোঁনে, যাৰ শিক্ষা আৰু অভ্যাসবোৰ প্ৰাচীন বাবিলৰ সৈতে মিল খাই?’ যদি আপুনি তেনে সংগঠনৰ সদস্য নহয়, তেন্তে নিজকে এইদৰে সোধক: ‘মই বাবিলীয়া মনোবৃত্তিক মোৰ ওপৰত প্ৰভাৱিত হʼবলৈ দিছোঁনে?’ ই কেনে ধৰণৰ মনোবৃত্তি? সেইবোৰ হৈছে নিম্ন নৈতিক স্তৰসমূহ গ্ৰহণ, ভৌতিক বস্তুৰ প্ৰতি অধিক মোহ আৰু ঈশ্বৰৰ পৰিৱৰ্তে সুখ-বিলাসক প্ৰেম বা ইচ্ছাকৃতভাৱে (আনকি সৰু সৰু বিষয়বোৰত) যিহোৱাৰ বাক্যক উপেক্ষা কৰা। আপোনাৰ উত্তৰবোৰক বিবেচনাপূৰ্বক চিন্তা কৰক।

যিহোৱা ঈশ্বৰৰ অনুমোদন পাবলৈ আমি আমাৰ আন্তৰিক ইচ্ছা আৰু কাৰ্য্যৰে প্ৰমাণ দিয়া উচিত যে আমি বাস্তৱতে সেই মহা-বাবিলৰ কোনো অংশ বা ভাগ নহওঁ। কিয়নো আমাৰ ওচৰত পলম কৰি থকাৰ সময় নাই। ধ্বংস যে আকস্মিকভাৱে আহিব সেই বিষয়ে আমাক সতৰ্ক কৰি বাইবেলে এইদৰে কৈছে: ‘জাঁতৰ নিচিনা শিল এচটা তুলি লৈ, সাগৰত পেলোৱা হʼব, এই দৰে বাবিল মহা-নগৰ পাছত আৰু কেতিয়াও পোৱা নাযাব।’​—⁠প্ৰকাশিত বাক্য ১৮:⁠২১.

ইয়াৰ উপৰিও আন ঘটনা ঘটিব। ‘সোধ-বিচাৰৰ দিনৰ’ আন এটা বৈশিষ্টতাত যিহোৱা ঈশ্বৰে পৃথিৱীত থকা সকলো ৰাজনৈতিক শাসন প্ৰণালী, ইয়াৰ শাসক আৰু যীচুৰ দ্বাৰা উপযুক্ত শাসন কৰা স্বৰ্গীয় ৰাজ্যক উপেক্ষা কৰা সকলোকে ন্যায় বিচাৰ কৰিব। (প্ৰকাশিত বাক্য ১৩:⁠১, ২; ১৯:⁠১৯-​২১) দানিয়েল ২:⁠২০-​৪৫ পদত লিপিবদ্ধ কৰা ভৱিষ্যতবাণীমূলক দৰ্শনত প্ৰাচীন বাবিলৰ পৰা বৰ্তমান সময়ৰ চৰকাৰসমূহক সোণ, ৰূপ, তাম, লো আৰু মাটিৰে নিৰ্ম্মিত এটা বিশালকায় মূৰ্ত্তিৰূপে দাঙি ধৰিছে। আমাৰ সময়ৰ সম্পৰ্কে ভৱিষ্যতবাণীত এইদৰে কোৱা হৈছিল: “স্বৰ্গৰ ঈশ্বৰে এক ৰাজ্য স্থাপন কৰিব; সেয়ে কেতিয়াও বিনষ্ট নহব।” সেই ৰাজ্যখনে যিহোৱাৰ ‘সোধ-বিচাৰৰ দিনা’ কি কৰিব সেই সম্পৰ্কে বাইবেলে এইদৰে কৈছে: “সেয়ে সেই আটাই ৰাজ্য ভাঙি সংহাৰ কৰি নিজে চিৰকাললৈকে থাকিব।”​—⁠দানিয়েল ২:⁠৪৪.

বাইবেলে সত্য উপাসকবিলাকক “জগতত থকা বিষয়বোৰক” অৰ্থাৎ সত্য ঈশ্বৰৰ পৰা দূৰত থকা জীৱনধাৰাক প্ৰেম নকৰিবলৈ সতৰ্ক কৰিছে। (১ যোহন ২:⁠১৫-১৭) আপোনাৰ নিৰ্ণয় আৰু কাৰ্য্যসমূহেৰে প্ৰকাশ কৰেনে যে আপুনি ঈশ্বৰৰ ৰাজ্যক সমৰ্থন কৰে? আপুনি ঈশ্বৰৰ ৰাজ্যৰ বিষয়বোৰক নিজৰ জীৱনত প্ৰথম স্থান দিয়েনে?​—⁠মথি ৬:⁠৩৩; যোহন ১৭:⁠১৬, ১৭.

[১৪ পৃষ্ঠাৰ বক্স]

এই ৰীতি-ব্যৱস্থাৰ কেতিয়া শেষ হʼব?

“যি সময়ত তোমালোকে নাভাবা, সেই সময়তে মানুহৰ পুত্ৰ আহিব।”​—⁠মথি ২৪:⁠৪৪.

“পৰ দি থাকা; কিয়নো সেই দিন বা সময় তোমালোকে নাজানা।”​—⁠মথি ২৫:⁠১৩.

“উচিত সময়তকৈ দেৰি নহব।”​—⁠হবক্কুক ২:⁠৩.

[১৪ পৃষ্ঠাৰ বক্স]

ধ্বংসৰ বিষয়ে জানিব পাৰিলে আপোনাৰ জীৱনধাৰাত কোনো প্ৰভাৱ পৰিবনে?

যদি আপুনি জানিব পাৰিছে যে ঈশ্বৰৰ ন্যায়-বিচাৰৰ দিন কেইবা বছৰলৈকে নিশ্চিতভাৱে নাহে, তেন্তে আপোনাৰ জীৱনধাৰাত কোনো পৰিৱৰ্তন হʼবনে? যদি এই পুৰাতন জগতৰ ধ্বংস অপেক্ষা কৰাৰ সময়তকৈ অধিক পলম হয়, তেন্তে ই আপুনি কৰা যিহোৱাৰ সেৱাত প্ৰভাৱিত কৰিবনে?​—⁠ইব্ৰী ১০:⁠৩৬-৩৮.

আমি সেই ন্যায়-বিচাৰৰ দিনৰ সঠিক সময় আৰু তাৰিখৰ বিষয়ে নজনাৰ বাবে ইয়ে আমাক নিস্বাৰ্থ আৰু সম্পূৰ্ণ হৃদয়েৰে যিহোৱাৰ সেৱা কৰিবলৈ প্ৰেৰিত কৰে। যিসকলে যিহোৱাক জানে তেওঁলোকে বুজি পাইছে যে শেষ মুহূৰ্ত্তত তেওঁৰ উপাসনা কৰিবলৈ আগবাঢ়ি অহাৰ দ্বাৰা ঈশ্বৰক প্ৰভাৱিত কৰিব নোৱাৰি, কিয়নো তেওঁ আমাৰ হৃদয় পৰীক্ষা কৰে।​—⁠যিৰিমিয়া ১৭:⁠১০; ইব্ৰী ৪:⁠১৩.

যিসকলে প্ৰকৃততে যিহোৱাক প্ৰেম কৰে তেওঁলোকে তেওঁৰ সকলো কাৰ্য্যক নিজৰ জীৱনত প্ৰথম স্থান দিয়ে। আন লোকসকলৰ দৰে প্ৰকৃত খ্ৰীষ্টানসকলেও চাকৰি কৰে। তথাপিও তেওঁলোকে কোনো ধনৱান ব্যক্তি হʼবলৈ নহয়, কিন্তু উপযুক্ত মাত্ৰাত ভৌতিক আৱশ্যকতাসমূহ পূৰণ কৰাৰ উপৰিও যেন তেওঁলোকৰ ওচৰত অলপ অধিককৈ থাকে যাতে তাৰ দ্বাৰা আনক সহায় কৰিব পাৰে, তাৰ বাবেহে চাকৰি কৰে। (ইফিচীয়া ৪:⁠২৮; ১ তীমথিয় ৬:⁠৭-১২) তদুপৰি তেওঁলোকে হিতজনক খেল-ধেমালিত ভাগ লৈ তেওঁলোকৰ দৈনন্দিন কাৰ্য্যৰ পৰা অলপ বিশ্ৰাম কৰি সতেজ হয়। তেওঁলোকে কোনোবা এজনক অনুকৰণ কৰি তেনে নকৰে। (মাৰ্ক ৬:⁠৩১; ৰোমীয়া ১২:⁠২) যীচু খ্ৰীষ্টৰ দৰে তেওঁলোকেও ঈশ্বৰৰ অনুসাৰে কাৰ্য্য কৰি আনন্দিত হয়।​—⁠গীত ৩৭:⁠৪; ৪০:⁠৮.

প্ৰকৃত খ্ৰীষ্টানসকলে চিৰকালে জীয়াই থাকি যিহোৱাক উপাসনা কৰিব বিচাৰে। এই আশা কোনো অবাস্তৱিক নহয় কিন্তু তেওঁলোকে সেই নিশ্চিত আশীৰ্ব্বাদৰ বাবে কিছুমানে অপেক্ষা কৰাতকৈ অলপ অধিক সময় অপেক্ষা কৰিব লাগিব।

[১৫ পৃষ্ঠাৰ বক্স/ছবিসমূহ]

সাৰ্ব্বভৌমত্বৰ বাদ-বিবাদৰ বিষয়টো

ঈশ্বৰে কিয় দুখ-কষ্টক ভুগী থাকিবলৈ অনুমতি দিছে, এই সম্পৰ্কে বুজি পাবলৈ সৰ্ব্বপ্ৰথমে আমি সাৰ্ব্বভৌমত্বৰ বাদ-বিবাদৰ বিষয়টো সঠিককৈ বুজি পোৱা আৱশ্যক। সাৰ্ব্বভৌমত্ব কি? এইটো হৈছে সৰ্ব্বোত্তম অধিকাৰ।

কিয়নো যিহোৱা ঈশ্বৰ হৈছে সৃষ্টিকৰ্ত্তা, গতিকে পৃথিৱীত বাস কৰা সকলোৰে ওপৰত শাসন কৰাৰ বাবে একমাত্ৰ তেওঁৰহে অধিকাৰ আছে। যিহেতু বাইবেলে কৈছে যে মানৱ ইতিহাসৰ আৰম্ভণীতে যিহোৱাৰ সাৰ্ব্বভৌমত্বক প্ৰত্যাহ্বান জনোৱা হʼল। যিহোৱা ঈশ্বৰ অত্যাধিকভাৱে নিয়ন্ত্ৰক আছিল বুলি চয়তানে দাবী কৰিলে আৰু এইদৰে সি মিছা মাতি প্ৰথম মানৱ দম্পতীক ঈশ্বৰৰ পৰা স্বাধীন হৈ তেওঁলোকৰ নিজ ইচ্ছা অনুসাৰে চলি তেওঁলোকে কোনো পৰিণাম ভুগীবলগীয়া নহয় বুলি কৈ ঈশ্বৰৰ আজ্ঞা উলঙ্ঘন কৰিবলৈ প্ৰেৰিত কৰিলে।​—⁠আদিপুস্তক ২, ৩ অধ্যয়।

ঈশ্বৰে অৱশ্যে তেতিয়াই বিৰোধীসকলক ধ্বংস কৰি নিজৰ শক্তি দেখুৱাব পাৰিলেহেঁতেন, কিন্তু তেনে কৰাৰ দ্বাৰা তেওঁ চয়তানে উত্থাপন কৰা বাদ-বিবাদৰ বিষয়টো সমাধান নহʼলহেঁতেন। যিহোৱা ঈশ্বৰে বিৰোধীসকলক সেই মুহূৰ্ত্ততে ধ্বংস কৰাৰ পৰিৱৰ্তে তেওঁ সৃষ্টি কৰা সকলো বুদ্ধিজীৱী প্ৰাণীয়ে তেওঁলোকৰ বিৰুদ্ধাচৰণৰ পৰিণাম কি ঘটিব তাক চাবলৈ বিৰোধকাৰীসকলক থাকিবলৈ অনুমতি দিলে। যদিও ইয়াত দুখ-কষ্ট ভুগাটো সন্মিলিত আছিল, তথাপিও ঈশ্বৰে আমাক জন্ম গ্ৰহণ কৰিবলৈ সুযোগ দিলে।

ইয়াৰ উপৰিও তেওঁ এক মূল্যৱান ত্যাগ কৰি এটা প্ৰবন্ধ কৰিলে, যাতে যিসকল মানুহে তেওঁৰ আজ্ঞা পালন আৰু তেওঁৰ পুত্ৰৰ মুক্তিপণ বলিদানত বিশ্বাস কৰে তেওঁলোকে পাপৰ পৰা মুক্তি পাই পৰমদেশত অনন্ত জীৱন জীয়াই থাকিব পাৰিব। যদি আৱশ্যক, তেওঁ মৃতবিলাকক পুনৰুত্থান কৰি ইয়াক সম্পন্ন কৰিব পাৰে।

বাদ-বিবাদৰ বিষয়টো সমাধান কৰিবলৈ সময় অনুমতি দিয়াৰ দ্বাৰা যিহোৱা ঈশ্বৰে উপাসকসকলক তেওঁৰ প্ৰতি থকা তেওঁলোকৰ প্ৰেম আৰু সকলো পৰিস্থিতিত অখণ্ডতা বজাই ৰাখিবলৈ সুযোগ প্ৰদান কৰিলে। বিশ্বব্যাপী আইনৰ প্ৰতি থকা সন্মানৰ বাবে ঈশ্বৰৰ সাৰ্ব্বভৌমত্বৰ সৈতে মানৱ অখণ্ডতাৰ বাদ-বিবাদৰ বিষয়টো সমাধান কৰাটো অতি আৱশ্যক। কিয়নো তাৰ অবিহনে শান্তি কেতিয়াও সম্ভৱ নহয়। *

[ফুটনোট]

^ ইয়াত উল্লেখ কৰা বাদ-বিবাদৰ বিষয় আৰু ইয়াৰ সৈতে জড়িত থকা কাৰণসমূহৰ সম্পৰ্কে বিস্তাৰিতভাৱে জানিবলৈ যিহোৱাৰ সাক্ষীসকলে প্ৰকাশ কৰা ঈশ্বৰৰ কাষ চাপা নামৰ কিতাপখন চাওক।

[ছবিসমূহ]

জগতত থকা সকলোবোৰ ৰাজনৈতিক ব্যৱস্থা শীঘ্ৰেই ধ্বংস হʼব