Skip to content

Skip to table of contents

অতিৰিক্ত লেখ

আমি উৎসৱ পালন কৰা উচিতনে?

আমি উৎসৱ পালন কৰা উচিতনে?

আজি গোটেই পৃথিৱীজুৰি পালন কৰা বিভিন্ন ধৰ্ম্মীয় উৎসৱ আৰু বন্ধৰ দিনবোৰৰ বিষয়ে বাইবেলত কোনো উল্লেখ নাই। তেনেহ’লে, এই উৎসৱবোৰৰ আৰম্ভণি কেনেকৈ হ’ল বাৰু? আজি প্ৰচলিত উৎসৱবোৰৰ বিষয়ে যদি আপুনি লাইব্ৰেৰীৰ কিতাপবোৰত অলপ অনুসন্ধান কৰে, তেনেহ’লে কিছুমান আকৰ্ষণীয় বিষয় জানিব পাৰিব। আহক আমি ইয়াৰে কিছুমান উদাহৰণলৈ মনোযোগ দিওঁ।

ঈষ্টাৰ পৰ্ব্ব। দী এনচাইক্লোপিডিয়া ব্ৰিটেনিকা (ইংৰাজী) নামৰ বিশ্বকোষখনে ইয়াৰ বিষয়ে এইদৰে বৰ্ণনা কৰিছে, “বাইবেলৰ নতুন নিয়মত ঈষ্টাৰ পৰ্ব্ব পালন কৰাৰ বিষয়ে কোনো উল্লেখ নাই।” তেনেহ’লে প্ৰশ্ন হয় যে ঈষ্টাৰ পৰ্ব্বৰ আৰম্ভণি কেনেকৈ হ’ল? ইয়াৰ আৰম্ভণি মিছা ধৰ্ম্মৰপৰা আহিছে। যদিও এই উৎসৱ যীচু খ্ৰীষ্টৰ পুনৰুত্থানৰ উপলক্ষ্যত পালন কৰা হয়, কিন্তু ইয়াৰ লগত জড়িত পৰম্পৰাবোৰ খ্ৰীষ্টান ধৰ্ম্মৰপৰা নহয়। ইয়াৰ পৰিৱৰ্তে, এই পৰ্ব্বৰ সকলো পৰম্পৰা মিছা ধৰ্ম্মৰ লগত জড়িত হৈ আছে।

নৱ বৰ্ষৰ উদ্‌যাপন। আজি গোটেই পৃথিৱীজুৰি বছৰৰ বেলেগ বেলেগ সময়ত নিজৰ পৰম্পৰা অনুসৰি নৱ বৰ্ষ উদ্‌যাপন কৰা হয়। এই উদ্‌যাপনৰ আৰম্ভণিৰ বিষয়ে দ্য ৱৰ্ল্ড বুক এনচাইক্লোপিডিয়াই (ইংৰাজী) এইদৰে বৰ্ণনা কৰিছে: “ৰোমান শাসক জুলিয়াছ চিজাৰে খ্ৰীষ্টপূৰ্ব ৪৬ জানুৱাৰী মাহৰ ১ তাৰিখৰ দিনটো নৱ বৰ্ষৰ দিন হিচাপে প্ৰতিষ্ঠা কৰিছিল। এই দিনটোক ৰোমানসকলে জপনা, দুৱাৰ আৰু সকলো বস্তুৰ আৰম্ভণিৰ দেৱতা, জেনাছ’ৰ প্ৰতি সমৰ্পিত কৰিছিল। জেনাছ’ দেৱতাৰ নামৰপৰাই জানুৱাৰী মাহ ৰখা হৈছিল। এই দেৱতাজনৰ দুখন মুখ আছিল—এখন মুখ আগফালে আৰু আনখন পিছফালে।” গতিকে, ইয়াৰপৰা ক’ব পাৰি যে নৱ বৰ্ষৰ আৰম্ভণি মিছা ধৰ্ম্মৰ পৰম্পৰাৰপৰা আহিছে।

ভেলেন্টিন দিৱস। দ্য ৱৰ্ল্ড বুক এনচাইক্লোপিডিয়াই (ইংৰাজী) এই উৎসৱৰ বিষয়ে এইদৰে বৰ্ণনা কৰিছে: “ভেলেন্টিন দিৱস, ভেলেন্টিন নামৰ দুজন খ্ৰীষ্টানৰ শ্বহীদ হোৱা দিনটোৰপৰা এই দিৱস পালন কৰা হয়। কিন্তু, এই উৎসৱৰ লগত জড়িত থকা পৰম্পৰাবোৰ হয়তো প্ৰাচীন ৰোমানসকলৰ লুপাৰকেলিয়া নামৰ উৎসৱৰপৰা আৰম্ভ হৈছে। এই উৎসৱ ফেব্ৰুৱাৰী মাহৰ ১৫ তাৰিখে পালন কৰা হৈছিল। স্ত্ৰী আৰু বিয়াৰ দেৱী জুনো আৰু প্ৰকৃতি দেৱতা, প্যানৰ সন্মানত এই উৎসৱ পালন কৰা হৈছিল।”

অন্যান্য উৎসৱবোৰ। আজি গোটেই পৃথিৱীজুৰি উদ্‌যাপন কৰা সকলো উৎসৱৰ বিষয়ে আলোচনা কৰাটো সম্ভৱ নহয়। কিন্তু আমি মনত ৰখা উচিত যে যি উৎসৱে কোনো মানৱ তথা মানৱীয় সংগঠনক মহিমা কৰে, তেনে উৎসৱক যিহোৱা ঈশ্বৰে কেতিয়াও গ্ৰহণ নকৰে। (যিৰিমিয়া ১৭:৫-৭; পাঁচনিৰ কৰ্ম্ম ১০:২৫, ২৬) আমি ইয়াকো মনত ৰখা উচিত যে ধৰ্ম্মীয় উৎসৱবোৰৰ আৰম্ভণিয়ে থিৰাং কৰিব যে এইবোৰে যিহোৱা ঈশ্বৰক সন্তুষ্ট কৰে নে নকৰে। (যিচয়া ৫২:১১; প্ৰকাশিত বাক্য ১৮:৪) ধৰ্ম্মৰ লগত সম্পৰ্ক নথকা উৎসৱবোৰ আৰু বন্ধৰ দিনবোৰৰ উদ্‌যাপনৰ প্ৰতি ঈশ্বৰৰ দৃষ্টিভংগী জানিবলৈ, এই কিতাপখনৰ ষোল অধ্যায়ত উল্লেখ কৰা কিছুমান সিদ্ধান্তই আপোনাক সহায় কৰিব।