Skip to content

Skip to table of contents

এক অধ্যায়

ঈশ্বৰৰ বিষয়ে সত্যতা কি?

ঈশ্বৰৰ বিষয়ে সত্যতা কি?
  • ঈশ্বৰে আপোনাক সঁচাকৈ যত্ন লয়নে?

  • ঈশ্বৰ দেখিবলৈ কেনেকুৱা বাৰু? তেওঁৰ এটা নাম আছেনে?

  • আপুনি ঈশ্বৰৰ সৈতে চলিব পাৰিবনে?

১, ২. আমি কিয় প্ৰশ্ন সুধিব লাগে?

আপুনি কেতিয়াবা কণ কণ ল’ৰা-ছোৱালীয়ে প্ৰশ্ন কৰা লক্ষ্য কৰিছেনে? বহুতো ল’ৰা-ছোৱালীয়ে আকৌ কথা ক’বলৈ আৰম্ভ কৰাৰ লগে লগে প্ৰশ্ন কৰিবলৈ ধৰে। চকুযোৰি বহলকৈ মেলি, আপোনালৈ একেথৰে চাই, এইদৰে প্ৰশ্ন কৰা হয়তো আপুনি লক্ষ্য কৰিছে: আকাশখন নীলা কিয়? তৰাবোৰ কিয় তিৰবিৰাই থাকে? চৰাইবোৰক গান গাবলৈ কোনে শিকালে? আপুনি এই প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ যিমানেই চেষ্টা নকৰে কিয়, কিন্তু ই সহজ নহয়। আপোনাৰ উত্তৰ যিমানেই সঠিক নহওক কিয়, ই আৰু এটা প্ৰশ্নলৈ লৈ যাব পাৰে: কিয়?

মাত্ৰ কণ কণ ল’ৰা-ছোৱালীয়ে প্ৰশ্ন কৰে এনে নহয়। আমি ডাঙৰ হৈ অহাৰ লগে লগে, আমাৰ মনলৈও বহুতো প্ৰশ্ন আহে। এনে প্ৰশ্ন মনলৈ অহাৰ বিভিন্ন কাৰণ থাকিব পাৰে। যেনে, আমি জানিব বিচাৰোঁ যে আমি আমাৰ জীৱন কেনেকৈ অতিবাহিত কৰিব লাগে আৰু কেনেকৈ বিপদৰপৰা হাত সাৰিব পাৰি। আমাৰ বহুতৰে আকৌ বাল্যকালৰপৰাই কিছুমান বিষয় জনাৰ জিজ্ঞাসা থাকে। কিন্তু লক্ষ্য কৰিবলগীয়া বিষয় যে আজি বহুতোলোকে প্ৰশ্ন কৰিবলৈ বাদ দিছে, তাতে আকৌ আমাৰ জীৱনৰ লগত জড়িত থকা কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন। কিছুমান লোকে প্ৰশ্ন সোধে যদিও তাৰ উত্তৰ পাবলৈ চেষ্টা নকৰে।

৩. আজি বহুতোলোকে জীৱনৰ গুৰুত্বপূৰ্ণ প্ৰশ্নবোৰৰ উত্তৰ পাবলৈ কিয় বাদ দিছে?

এই কিতাপখনৰ বেটুপাতত উল্লেখ কৰা প্ৰশ্নটোলৈ চিন্তা কৰক বা এই অধ্যায়ৰ আৰম্ভণিত লিখা প্ৰশ্নবোৰলৈ লক্ষ্য কৰক। এইবোৰ হৈছে, আমাৰ জীৱনৰ লগত জড়িত থকা আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন। কিন্তু গুৰুত্বপূৰ্ণ হোৱাৰ সত্ত্বেও, আজি বহুতোলোকে এই প্ৰশ্নবোৰৰ উত্তৰ পাবলৈ চেষ্টা নকৰে। ইয়াৰ কাৰণ কি হ’ব পাৰে? এই প্ৰশ্নবোৰৰ উত্তৰ বাইবেলত পোৱা যাবনে? কিছুমান লোকে ভাবে যে বাইবেলত পোৱা ইয়াৰ উত্তৰবোৰ বুজিবলৈ বৰ কঠিন। আন কিছুমানে আকৌ ভয় কৰে যে যদি তেওঁলোকে এনে প্ৰশ্ন সোধে, তেনেহ’লে শুনোতাই হয়তো উপহাস কৰিব পাৰে। আন কিছুমানে ভাবে যে এই প্ৰশ্নবোৰৰ উত্তৰ কেৱল ধৰ্ম্মীয় নেতা আৰু জ্ঞানী পুৰুষসকলেহে দিব পাৰিব। এই বিষয়ে আপুনি কি ভাবে?

৪, ৫. জীৱনৰ এনে কি গুৰুত্বপূৰ্ণ প্ৰশ্ন আমাৰ মনলৈ আহিব পাৰে আৰু ইয়াৰ উত্তৰ কিয় বিচৰা উচিত?

নিঃসন্দেহ, আপুনিও জীৱনৰ গুৰুত্বপূৰ্ণ প্ৰশ্নবোৰৰ উত্তৰ পাবলৈ ইচ্ছা কৰে। আপোনাৰ মনলৈও বহুতো প্ৰশ্ন আহিব পাৰে, যেনে: ‘জীৱনৰ উদ্দেশ্য কি? জন্ম হোৱা আৰু বুঢ়া হৈ এদিন মৰি যোৱা, এয়ে আমাৰ জীৱনৰ উদ্দেশ্য নেকি? আমাৰ সৃষ্টিকৰ্ত্তা দেখিবলৈ কেনেকুৱা বাৰু?’ বাস্তৱতে এনে ধৰণৰ প্ৰশ্ন কৰাটো ভাল। আমি আপোনাক উৎসাহিত কৰিছোঁ যে যেতিয়ালৈকে আপুনি এই প্ৰশ্নবোৰৰ সঠিক উত্তৰ বিচাৰি নাপায়, তেতিয়ালৈকে হতাশ নহ’ব। মহান শিক্ষক যীচু খ্ৰীষ্টই এইদৰে কৈছিল: “খোজা, তেহে তোমালোকক দিয়া হব; বিচাৰা, তেহে পাবা; টুকৰিওৱা, তেহে তোমালোকলৈ দুৱাৰ মুকলি কৰা হব।”—মথি ৭:৭.

যদি আপুনি জীৱনৰ লাগতিয়াল প্ৰশ্নবোৰৰ উত্তৰ ‘বিচাৰি’ থাকে, তেনেহ’লে কেতিয়াও বিমুখ নহ’ব। (হিতোপদেশ ২:১-৫) এনে কৰোঁতে আনে যিয়েই নকওক কিয়, কিন্তু মনত ৰাখিব যে এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ আপুনি বাইবেলত বিচাৰি পাব। এই উত্তৰবোৰ বুজিবলৈ কঠিন নহয়। আপুনি অনুভৱ কৰিব যে এই উত্তৰবোৰে আপোনাৰ জীৱনলৈ প্ৰকৃত আনন্দ আৰু ভৱিষ্যতৰ বাবে উজ্জ্বল আশা কঢ়িয়াই আনিব। ইয়াৰ উপৰিও বৰ্তমান সময়ত আপোনাৰ জীৱন সুখ আৰু আনন্দেৰে ভৰি পৰিব। গতিকে আহক, আমি এনে এটা প্ৰশ্নৰ বিষয়ে আলোচনা কৰোঁ, যিয়ে আজি বহুতোলোকক চিন্তিত কৰি তুলিছে।

ঈশ্বৰে আপোনাক সঁচাকৈ যত্ন লয়নে?

৬. বহুতোলোকে কিয় ভাবে যে ঈশ্বৰে মানুহৰ দুখ-কষ্টৰ প্ৰতি কোনো যত্ন নলয়?

‘ঈশ্বৰে আমাৰ কেতিয়াও যত্ন নলয়’, এইদৰে হয়তো বহুতোলোকে ক’ব পাৰে। তেওঁলোকে যুক্তি দৰ্শায় যে ‘যদি ঈশ্বৰে আমাৰ যত্ন লোৱা হ’লে, পৃথিৱীৰ আজি এনে পৰিস্থিতি হ’লহেঁতেননে?’ আজি আমাৰ চাৰিওফালে যুদ্ধ, এজনে-আনজনৰ প্ৰতি ঘৃণা আৰু হিংসাত্মক কাৰ্য্য দিনক দিনে বৃদ্ধি পাইছে। আমি আমাৰ জীৱনত বেমাৰ, দুখ-কষ্ট আৰু পৰিয়ালৰ লোকৰ মৃত্যু হোৱা দেখিবলৈ পাইছোঁ। গতিকে বহুতোলোকে প্ৰশ্ন কৰে যে ‘যদি ঈশ্বৰে সঁচাকৈ আমাৰ যত্ন লয়, তেনেহ’লে তেওঁ কিয় দুখ-কষ্টৰ অনুমতি দিছে?’

৭. (ক) ধৰ্ম্ম গুৰুসকলৰ বাবে বহুতোলোকে আজি ঈশ্বৰক কেনেকৈ নিৰ্দয়ী বুলি ভাবে? (খ) আমাৰ ওপৰত অহা দুখ-কষ্টৰ বিষয়ে বাইবেলে প্ৰকৃততে কি শিকায়?

কেতিয়াবা আকৌ ধৰ্ম্ম গুৰুসকলেও শিকায় যে ঈশ্বৰ নিৰ্দয়ী বা মানুহৰ প্ৰতি তেওঁ কেতিয়াও যত্ন নলয়। কেনেকৈ বাৰু? কাৰোবাৰ জীৱনত কিবা দুৰ্ঘটনা ঘটিলে, ধৰ্ম্ম গুৰুসকলে ক’ব বিচাৰে যে এয়া হৈছে ঈশ্বৰৰ ইচ্ছা। ইয়াৰ দ্বাৰা তেওঁলোকে আজি পৃথিৱীত হৈ থকা সকলো ধৰণৰ দুখ-কষ্টৰ বাবে ঈশ্বৰক জগৰীয়া কৰিব বিচাৰে। ইয়াৰ বাবে ঈশ্বৰক জগৰীয়া কৰা উচিত হ’বনে? বাইবেলে প্ৰকৃততে ইয়াৰ বিষয়ে কি শিকায়? যাকোব ১:১৩ পদত এইদৰে বৰ্ণনা কৰিছে, “কিন্তু যেতিয়া পৰীক্ষিত হয়, তেতিয়া ঈশ্বৰৰ দ্বাৰাই মই পৰীক্ষিত হৈছোঁ, এই বুলি কোনেও নকওক; কিয়নো মন্দ বিষয়ত ঈশ্বৰ নিজেও অপৰীক্ষিত, আৰু কাৰো পৰীক্ষা তেওঁ নকৰেও।” গতিকে, ইয়াৰপৰা বুজা যায় যে এই পৃথিৱীত হৈ থকা বেয়া কামবোৰৰ বাবে ঈশ্বৰক কেতিয়াও জগৰীয়া কৰিব নোৱাৰি। (ইয়োব ৩৪:১০-১২ পঢ়ক।) এইটো সত্য যে ঈশ্বৰে কিছুমান ঘটনা ঘটিবলৈ অনুমতি দিয়ে। কিন্তু মন কৰিবলগীয়া বিষয় যে ঈশ্বৰে কিছুমান ঘটনা ঘটিবলৈ অনুমতি দিয়া আৰু বেয়া কামবোৰৰ বাবে যে তেওঁ জগৰীয়া, এই দুয়োটা বেলেগ বেলেগ বিষয়।

৮, ৯. (ক) আপুনি কেনেকৈ পাৰ্থক্য দেখুৱাব যে ঈশ্বৰে দুখ-কষ্টৰ অনুমতি দিয়া আৰু তেওঁ ইয়াৰ বাবে জগৰীয়া এই দুয়োটা বেলেগ বিষয়? (খ) মানৱ জাতিক বেয়া পথত চলিবলৈ অনুমতি দিয়াৰ বাবে ঈশ্বৰক আমি কিয় জগৰীয়া কৰিব নোৱাৰোঁ?

এই কথাষাৰ বুজিবলৈ আহক আমি এজন মৰমিয়াল পিতৃৰ এটা দৃষ্টান্ত চাওঁ। তেওঁৰ এটা ল’ৰা আছে। কিন্তু যেনেকৈ এই ল’ৰা ডাঙৰ হ’বলৈ ধৰে, সি পিতৃৰ কথা নুশুনা হৈছে আৰু এদিন বিদ্ৰোহী হৈ ঘৰ এৰি যাবলৈ থিৰাং কৰিছে। এই সিদ্ধান্তৰ বাবে পিতৃয়েও তাক বাধা নিদিয়ে। এই পুত্ৰই বেয়াতকৈ বেয়া কাম কৰিবলৈ ধৰে আৰু তাৰ যি মন যায় তাকে কৰিবলৈ লয়। পৰিণামস্বৰূপে, সি নিজকে কিছুমান জঞ্জালত ফঁচাই লয়। এই সমস্যাবোৰৰ বাবে আমি তেওঁৰ পিতৃক জগৰীয়া কৰিব পাৰোঁনে? কেতিয়াও নোৱাৰোঁ। (লূক ১৫:১১-১৩) ঠিক সেইদৰে, যেতিয়া কোনো এজন ব্যক্তিয়ে বেয়া কাম কৰিবলৈ নিৰ্ণয় লয় আৰু তাৰ যি ইচ্ছা তাকে কৰে, তেতিয়া ঈশ্বৰে তাক কোনো বাধা নিদিয়ে। গতিকে, বেয়া কামবোৰৰ বাবে যদি ব্যক্তিজনে কিবা সমস্যাত পৰে, তাৰ বাবে ঈশ্বৰ জগৰীয়ানে? কেতিয়াও নহয়। গালাতীয়া ৬:৭ পদত এইদৰে কৈছে, “কিয়নো মানুহে যিহকে বয়, তাকেহে দাব।” সেইয়েহে, আমাৰ দুখ-কষ্ট আৰু যিকোনো সমস্যাৰ বাবে আমি ঈশ্বৰক জগৰীয়া কৰাটো কেতিয়াও উচিত নহ’ব।

মানৱ জাতিক বেয়া পথত চলিবলৈ অনুমতি দিয়াৰ বাবে ঈশ্বৰৰ নিশ্চয় কিবা কাৰণ আছে। আমাৰ ঈশ্বৰ বুদ্ধিমান আৰু জ্ঞানী হোৱাৰ বাবে তেওঁ আমাক ইয়াৰ কাৰণ বৰ্ণনা কৰাৰ কোনো প্ৰয়োজন নাই। কিন্তু আমাৰ প্ৰতি থকা তেওঁৰ প্ৰেমৰ বাবেহে আমাক বৰ্ণনা কৰিছে। এই বিষয়ে আপুনি ১১ অধ্যায়ত বেছিকৈ জানিব পাৰিব। আমি মনত ৰখা উচিত যে আমি ভুগী থকা দুখ-কষ্টৰ বাবে ঈশ্বৰ কেতিয়াও জগৰীয়া নহয়। ইয়াৰ বিপৰীতে, তেওঁ আমাক সকলো সমস্যাৰপৰা উদ্ধাৰৰ আশা দিছে।—যিচয়া ৩৩:২.

১০. দুষ্টতাৰ বাবে যি প্ৰভাৱ পৰিছে, তাক ঈশ্বৰে সম্পূৰ্ণৰূপে ধ্বংস কৰিব বুলি আমি কিয় ভাৰসা কৰিব পাৰোঁ?

১০ ঈশ্বৰ পবিত্ৰ হোৱাৰ বাবেও আমি তেওঁক জগৰীয়া কৰিব নোৱাৰোঁ। (যিচয়া ৬:৩) পবিত্ৰ হোৱাৰ অৰ্থ হৈছে ঈশ্বৰ সিদ্ধ আৰু তেওঁত কোনো দুষ্টতা নাই। সেইবাবে আমি তেওঁক সম্পূৰ্ণ ভাৰসা কৰিব পাৰোঁ। এনে ভাৰসা আনকি আমি ডাঙৰ ডাঙৰ নেতাসকলৰ ওপৰতো কৰিব নোৱাৰোঁ। কাৰণ, আমি লক্ষ্য কৰিছোঁ যে আজি বেছিভাগ নেতাই ভ্ৰষ্টাচাৰ আৰু দুৰ্নীতিপৰায়ণ। কেতিয়াবা কিছুমান নেতাই ভাল কাম কৰিবলৈ চেষ্টা কৰে যদিও সফল হ’ব পৰা নাই। কিন্তু যেতিয়া আমি ঈশ্বৰৰ বিষয়ে কথা কওঁ, আমি জানো যে তেওঁ সৰ্ব্বশক্তিমান আৰু তেওঁ আমাৰ সকলো সমস্যা দূৰ কৰিব পাৰে। ঈশ্বৰে এই দুষ্ট ব্যৱস্থাৰ ওপৰত কাৰ্য্য কৰাৰ সময়ত তেওঁ দুষ্টতাক সম্পূৰ্ণৰূপে ধ্বংস কৰিব।—গীতমালা ৩৭:৯-১১ পঢ়ক।

আমাৰ সৈতে হোৱা অন্যায়বোৰ দেখি ঈশ্বৰে কেনে অনুভৱ কৰে?

১১. (ক) পৃথিৱীজুৰি হৈ থকা অন্যায়বোৰ দেখি ঈশ্বৰে কেনে অনুভৱ কৰে? (খ) আপোনাৰ আলৈ-আথানি দেখি ঈশ্বৰে কেনে অনুভৱ কৰে?

১১ খন্তেক চিন্তা কৰক! আপোনাৰ জীৱনত আৰু গোটেই পৃথিৱীজুৰি হৈ থকা ঘটনাবোৰৰ বাবে ঈশ্বৰে কেনে অনুভৱ কৰে? ঈশ্বৰৰ বিষয়ে বাইবেলে কৈছে যে তেওঁ, “ন্যায়-বিচাৰ ভাল পায়।” (গীতমালা ৩৭:২৮) ইয়াৰপৰা বুজা যায় যে ঈশ্বৰে ভাল আৰু বেয়াৰ বিষয়ে চিন্তা কৰে। তেওঁ সকলো ধৰণৰ অন্যায় বিচাৰ ঘৃণা কৰে। অতীতত যেতিয়া এই পৃথিৱী দুষ্টতাৰে ভৰি পৰিছিল, তাৰ বিষয়ে বাইবেলে বৰ্ণনা কৰিছে যে এইবোৰ দেখি ঈশ্বৰৰ “মনত বিষাদ” লাগিল। (আদিপুস্তক ৬:৫-৭) ঈশ্বৰ আজিও সলনি হোৱা নাই। (মলাখী ৩:৬) গোটেই পৃথিৱীজুৰি হৈ থকা দুখ-কষ্টবোৰ দেখি ঈশ্বৰে এতিয়াও ভাল নাপায়। লোকসকলৰ আলৈ-আথানি দেখি তেওঁক বেজাৰ লাগে। বাইবেলে উল্লেখ কৰিছে যে “তোমালোকৰ কাৰণে তেওঁ চিন্তা কৰে।”—১ পিতৰ ৫:৭ পঢ়ক।

বাইবেলে শিক্ষা দিয়ে যে গোটেই বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্ত্তা যিহোৱা হৈছে প্ৰেমময় ঈশ্বৰ

১২, ১৩. (ক) আমাৰ মাজত প্ৰেমৰ নিচিনা ভাল গুণবোৰ কিয় আছে আৰু প্ৰেম থকাৰ বাবে আমি পৃথিৱীত হৈ থকা অন্যায় তথা দুখ-কষ্টৰ বাবে কেনে অনুভৱ কৰোঁ? (খ) আপুনি কিয় নিশ্চিত হ’ব পাৰে যে আজি এই পৃথিৱীত হৈ থকা সমস্যাবোৰৰ বাবে ঈশ্বৰে নিশ্চয় কিবা কৰিব?

১২ আমি কেনেকৈ ক’ব পাৰোঁ যে ঈশ্বৰে দুখ-কষ্টক ভাল নাপায়? অন্য এটা প্ৰমাণৰ বিষয়ে লক্ষ্য কৰক। বাইবেলৰপৰা আমি শিকিবলৈ পাওঁ যে ঈশ্বৰে নিজৰ প্ৰতিমূৰ্ত্তিৰে মানুহক সৃষ্টি কৰিছিল। (আদিপুস্তক ১:২৬) আমাৰ ব্যক্তিগত ভাল গুণবোৰৰপৰা ক’ব পাৰোঁ যে ঈশ্বৰৰো ভাল গুণ আছে। উদাহৰণস্বৰূপে, যদি এজন নিৰীহ ব্যক্তিৰ লগত অন্যায় হৈ থকা দেখে, তেনেহ’লে আপোনাৰ কেনে লাগে? যদি এই অন্যায়বোৰ দেখি আপোনাৰ বেয়া লাগে, তেনেহ’লে নিশ্চিত হওক যে ঈশ্বৰকো এইবোৰৰ বাবে বহুগুণে বেজাৰ লাগে।

১৩ ঈশ্বৰে যি গুণবোৰৰ সৈতে আমাক সৃষ্টি কৰিছে, তাৰ ভিতৰত এটা হৈছে প্ৰেম। ইয়াৰপৰা আমি বুজিব পাৰোঁ যে ঈশ্বৰৰো এই গুণ আছে। বাইবেলে বৰ্ণনা কৰিছে যে “ঈশ্বৰ প্ৰেম।” (১ যোহন ৪:৮) আমি প্ৰেম দেখুৱাওঁ কাৰণ এই গুণ হৈছে ঈশ্বৰৰ। যদি আপোনাৰ শক্তি আৰু সামৰ্থ থকাহেঁতেন, আজি পৃথিৱীৰ চাৰিওফালে হৈ থকা অন্যায় আৰু দুখ-কষ্টৰ অন্ত কৰিবলৈ এই প্ৰেমে আপোনাক প্ৰেৰণা নকৰিবনে? নিঃসন্দেহ, আপুনি নিশ্চয় কৰিব! সেইদৰে আপুনি নিশ্চিত হ’ব পাৰে যে “ঈশ্বৰ প্ৰেম” হোৱাৰ বাবে তেওঁ অতি সোনকালে এই পৃথিৱীত হৈ থকা সকলো দুখ-কষ্ট আৰু অন্যায়ৰ অন্ত কৰিব। এই কিতাপৰ আৰম্ভণিত উল্লেখ কৰা প্ৰতিজ্ঞাবোৰ কোনো সপোন বা কল্পনা নহয়। ঈশ্বৰৰ এই প্ৰতিজ্ঞাবোৰ নিশ্চয় পূৰ হ’ব! কিন্তু এই প্ৰতিজ্ঞাবোৰত ভাৰসা কৰিবলৈ হ’লে আপুনি সেই ঈশ্বৰৰ বিষয়ে জনাৰ প্ৰয়োজন, যিজনে এই প্ৰতিজ্ঞাবোৰ কৰিছে।

ঈশ্বৰে বিচাৰে যে আপুনি তেওঁৰ বিষয়ে জ্ঞান লওক

যদি আপুনি কাৰোবাৰ সৈতে পৰিচয় হ’ব বিচাৰে, তেনেহ’লে আপুনি আপোনাৰ নামটো উল্লেখ নকৰিবনে? ঈশ্বৰে নিজৰ নাম বাইবেলত প্ৰকাশ কৰিছে

১৪. ঈশ্বৰৰ নাম কি আৰু আমি কিয় এই নাম ব্যৱহাৰ কৰা উচিত?

১৪ যদি আপুনি কাৰোবাৰ সৈতে পৰিচয় হ’ব বিচাৰে, তেনেহ’লে কি কৰিব? আপুনি নিজৰ নামটো উল্লেখ কৰি পৰিচয় নিদিবনে? নিশ্চয় দিব! তেনেহ’লে ঈশ্বৰৰ এটা ব্যক্তিগত নাম থাকিব পাৰে নেকি? আজি বহুতো ধৰ্ম্মই শিকায় যে তেওঁৰ নাম হৈছে “ঈশ্বৰ” বা “প্ৰভু”। কিন্তু এইবোৰ ঈশ্বৰৰ নাম নহয়, কেৱল উপাধিহে। যেনেকৈ, “ৰজা” বা “ৰাষ্ট্ৰপতি” এইবোৰ নাম নহয়। বাইবেলে আমাক শিকায় যে ঈশ্বৰৰ বহুতো উপাধি আছে, তাৰে ভিতৰত কেইটামান হৈছে, “ঈশ্বৰ” আৰু “প্ৰভু”। ইয়াৰ উপৰিও লক্ষ্য কৰক যে বাইবেলে ঈশ্বৰৰ এটা ব্যক্তিগত নামৰ বিষয়ে উল্লেখ কৰিছে। গীতমালা ৮৩:১৮ পদত কৈছে, “যিহোৱা নামেৰে বিখ্যাত যি তুমি, অকল তুমিয়েই যে সমুদায় পৃথিবীৰ ওপৰত সৰ্ব্বোপৰি জনা, তাক সিহঁতে জানক।” যদি আপোনাৰ বাইবেলত ঈশ্বৰৰ নামটো উল্লেখ নাই তেনেহ’লে ইয়াৰ কাৰণ জানিবলৈ “ঈশ্বৰৰ নাম—ইয়াৰ ব্যৱহাৰ আৰু অৰ্থ” নামৰ অতিৰিক্ত লেখত চাওক। মন কৰিবলগীয়া বিষয় যে বাইবেলৰ লেখকসকলেও তেওঁলোকৰ লিখনিত ঈশ্বৰৰ নামটো হাজাৰ হাজাৰ বাৰ উল্লেখ কৰিছে। ঈশ্বৰে বিচাৰে যে আপুনি তেওঁৰ ব্যক্তিগত নাম জানক আৰু প্ৰাৰ্থনা কৰোঁতে এই নাম ব্যৱহাৰ কৰক। বাইবেলত ঈশ্বৰে নিজৰ নাম উল্লেখ কৰাৰ যোগেদি তেওঁ নিজৰ পৰিচয় দিছে।

১৫. যিহোৱা নামৰ অৰ্থ কি?

১৫ ঈশ্বৰে নিজকে যি নাম দিছে ইয়াৰ এক গভীৰ অৰ্থ আছে। যিহোৱা নামৰ অৰ্থ হৈছে, তেওঁ কৰা সকলো প্ৰতিজ্ঞা ফলিয়াব পাৰে আৰু নিজৰ যি উদ্দেশ্য তাক পূৰ কৰিব পাৰে। * ঈশ্বৰৰ ব্যক্তিগত নামটোৱেই হৈছে অদ্বিতীয় আৰু এই নাম ধাৰণ কৰিবলৈ কেৱল তেওঁৰহে অধিকাৰ আছে। যিহোৱা হৈছে এজন অদ্বিতীয় ঈশ্বৰ। ইয়াৰ অৰ্থ হৈছে তেওঁৰ নিচিনা এই পৃথিৱীত আন কোনো নাই। কিন্তু ই কেনেকৈ হ’ব পাৰে?

১৬, ১৭. এই উপাধিবোৰৰপৰা আমি যিহোৱাৰ বিষয়ে কি শিকিব পাৰোঁ: (ক) “সৰ্ব্বশক্তিমান”? (খ) “চিৰস্থায়ী ৰজা”? (গ) ‘সৃষ্টিকৰ্ত্তা’?

১৬ গীতমালা ৮৩:১৮ পদত যিহোৱাৰ বিষয়ে এইদৰে বৰ্ণনা কৰিছে, “অকল তুমিয়েই যে সমুদায় পৃথিবীৰ ওপৰত সৰ্ব্বোপৰি জনা, তাক সিহঁতে জানক।” ইয়াৰ উপৰিও, যিহোৱাক “সৰ্ব্বশক্তিমান” বুলিও কোৱা হৈছে। প্ৰকাশিত বাক্য ১৫:৩ পদত এইদৰে কৈছে, “হে সৰ্ব্বশক্তিমান প্ৰভু পৰমেশ্বৰ, তোমাৰ কৰ্ম্ম মহৎ আৰু আচৰিত; হে চিৰস্থায়ী ৰজা, তোমাৰ পথ ন্যায় আৰু সত্য।” সৰ্ব্বশক্তিমান, এই উপাধিয়ে বুজায় যে গোটেই পৃথিৱীৰ ওপৰত তেওঁৱেই একমাত্ৰ শক্তিশালী। তেওঁৰ শক্তি অসীম, তেওঁৰ লগত কাৰো তুলনা কৰিব নোৱাৰি। যিহোৱা ঈশ্বৰৰ আন এক উপাধি হৈছে “চিৰস্থায়ী ৰজা।” এই উপাধিয়ে আমাক উনুকিয়াই দিয়ে যে তেওঁ আন এক কাৰণৰ বাবেও অদ্বিতীয় আৰু সেয়া হৈছে, কেৱল তেওঁৱেই অনাদি কালৰপৰা অস্তিত্বত আছে। গীতমালা ৯০:২ পদত যিহোৱাৰ বিষয়ে প্ৰকাশ কৰিছে যে “অনাদি কালৰ পৰা অনন্ত কাললৈকে তুমিয়েই ঈশ্বৰ।” ঈশ্বৰৰ এনে গুণবোৰ দেখি আমি আচৰিত নহওঁনে? আমি তেওঁলৈ শ্ৰদ্ধাৰে মূৰ নোদোঁৱামনে?

১৭ তেওঁ অদ্বিতীয় হোৱাৰ আন এটা কাৰণ হৈছে যে তেওঁৱেই আমাৰ একমাত্ৰ সৃষ্টিকৰ্ত্তা। প্ৰকাশিত বাক্য ৪:১১ পদত এইদৰে বৰ্ণনা কৰিছে: “হে আমাৰ প্ৰভু ঈশ্বৰ, তুমিয়েই প্ৰশংসা, সমাদৰ আৰু পৰাক্ৰম পোৱাৰ যোগ্য; কিয়নো তুমিয়েই সকলোকে স্ৰজিলা; তোমাৰ ইচ্ছাৰ কাৰণেই সেই সকলো হল; সকলো সৃষ্ট হল।” স্বৰ্গত থকা আত্মিক প্ৰাণীয়ে হওক বা ৰাতি আকাশত তিৰবিৰাই থকা তৰাই হওক, গছত লগা ফল-ফুলেই হওক বা নদী আৰু পুখুৰীত থকা মাছেই নহওক কিয়, এই পৃথিৱীত যিমান বস্তু আছে এই সকলোবোৰ যিহোৱাই সৃষ্টি কৰিছে।

আপুনি যিহোৱাৰ সৈতে চলিব পাৰিবনে?

১৮. কিছুমান লোকে কিয় ভাবে যে তেওঁলোকে কেতিয়াও ঈশ্বৰৰ সৈতে চলিব নোৱাৰে, কিন্তু বাইবেলে ইয়াৰ বিষয়ে কি শিকায়?

১৮ যিহোৱাৰ এই মহান আৰু আচৰিত গুণবোৰ দেখি বহুতোলোকে তেওঁক ভয় কৰে। তেওঁলোকে ভাবে যে ক’ত সৰ্ব্বশক্তিমান ঈশ্বৰ আৰু ক’ত মই। তেওঁৰ সৈতে চলা কেতিয়াও সম্ভৱ নহয়। আমি এনেকৈ ভবা উচিতনে? নিশ্চয় নহয়! কিয়নো বাইবেলে আমাক ইয়াৰ বিপৰীতে শিক্ষা দিয়ে। যিহোৱাৰ বিষয়ে বাইবেলে এইদৰে কৈছে: “তেওঁ আমাৰ কাৰো পৰা দূৰ নহয়।” (পাঁচনিৰ কৰ্ম্ম ১৭:২৭) ইয়াৰ উপৰিও বাইবেলে আমাক উৎসাহিত কৰে: “ঈশ্বৰৰ ওচৰলৈ চাপি আহাঁ; তাতে তেৱোঁ তোমালোকৰ ওচৰলৈ চাপিব।”—যাকোব ৪:৮.

১৯. (ক) ঈশ্বৰৰ সৈতে চলিবলৈ হ’লে আপুনি কি কৰা উচিত আৰু ইয়াৰ লাভ কি? (খ) ঈশ্বৰৰ কোনটো গুণে আপোনাক আকৰ্ষণ কৰিছে?

১৯ আপুনি ঈশ্বৰৰ সৈতে কেনেকৈ চলিব? প্ৰথমতে, আপুনি এতিয়া যি কৰি আছে তাকে কৰি থাকক, অৰ্থাৎ ঈশ্বৰৰ বিষয়ে শিকি থাকক। যীচুৱে কৈছিল: “একমাত্ৰ সত্য ঈশ্বৰ যি তুমি, তোমাক আৰু তুমি পঠোৱা যীচু খ্ৰীষ্টক জনা, এয়েই অনন্ত জীৱন।” (যোহন ১৭:৩) নিশ্চয়, যিহোৱা আৰু যীচু খ্ৰীষ্টৰ বিষয়ে শিকিলে আমি “অনন্ত জীৱন” পাম। আমি আগতে শিকিলোঁ যে “ঈশ্বৰ প্ৰেম” আৰু ইয়াৰ লগতে যিহোৱাৰ এনে বহুতো আকৰ্ষণীয় গুণ আছে। (১ যোহন ৪:১৬) উদাহৰণস্বৰূপে, বাইবেলে বৰ্ণনা কৰিছে যে “যিহোৱাই কৃপা আৰু দয়াৰে পৰিপূৰ্ণ ঈশ্বৰ, ক্ৰোধত ধীৰ, দয়া আৰু সত্যতাত মহান।” (যাত্ৰাপুস্তক ৩৪:৬) তেওঁ “মঙ্গলময় আৰু ক্ষমাৱান।” (গীতমালা ৮৬:৫) ঈশ্বৰ “দীৰ্ঘ-সহিষ্ণু।” (২ পিতৰ ৩:৯) তেওঁ “বিশ্বাসী।” (১ কৰিন্থীয়া ১:৯) যেনেকৈ আপুনি বাইবেল অধ্যয়ন কৰি গৈ থাকিব আপুনি যিহোৱাৰ বহুতো আকৰ্ষণীয় গুণৰ বিষয়ে শিকিবলৈ পাব।

২০-২২. (ক) আমি ঈশ্বৰক দেখি নোপোৱাৰ অৰ্থ এইটো নেকি যে আমি তেওঁৰ সৈতে চলিব নোৱাৰিম? বৰ্ণনা কৰক। (খ) কিছুমান লোকে আপোনাৰ বিষয়ে কি চিন্তা কৰিব পাৰে, কিন্তু আপুনি কি কৰা উচিত?

২০ এইটো সত্য যে ঈশ্বৰ আত্মিক হোৱাৰ বাবে আপুনি তেওঁক দেখা নাপায়। (যোহন ১:১৮; ৪:২৪; * ১ তীমথিয় ১:১৭) কিন্তু আপুনি ঈশ্বৰৰ বিষয়ে বাইবেলৰপৰা শিকি থাকিলে তেওঁৰ বিষয়ে জানিবলৈ আপোনাক কঠিন নহ’ব। ইয়াৰ বিষয়ে গীত ৰচকে বৰ্ণনা কৰিছে যে আপুনি “যিহোৱাৰ সৌন্দৰ্য্য দেখিবলৈ” পাব। (গীতমালা ২৭:৪; ৰোমীয়া ১:২০) আপুনি ঈশ্বৰৰ বিষয়ে শিকি থাকিলে তেওঁৰ অস্তিত্বৰ বিষয়ে বুজিব পাৰিব। এই শিক্ষাই আপোনাক ঈশ্বৰৰ প্ৰতি প্ৰেম আৰু তেওঁৰ লগত গভীৰ সম্পৰ্ক গঢ়ি তোলাত সহায় কৰিব।

এজন মৰমিয়াল পিতৃয়ে যেনেকৈ নিজৰ সন্তানৰ প্ৰতি প্ৰেম প্ৰকাশ কৰে, তেনেকৈ স্বৰ্গীয় পিতৃয়ে তাতকৈ বহুগুণে আমাৰ প্ৰতি প্ৰেম প্ৰকাশ কৰে

২১ লাহে লাহে আপুনি বুজিব পাৰিব যে বাইবেলে আমাক কিয় যিহোৱাক পিতৃৰূপে গ্ৰহণ কৰিবলৈ শিক্ষা দিছে। (মথি ৬:৯) তেওঁ আমাক মাত্ৰ সৃষ্টি কৰি এৰি দিছে এনে নহয়, কিন্তু এজন মৰমিয়াল পিতৃৰ দৰে আমি যাতে জীৱনৰ সকলো সুখ আৰু আনন্দ উপভোগ কৰোঁ তাকেই তেওঁ বিচাৰে। (গীতমালা ৩৬:৯) বাইবেলে আমাক শিক্ষা দিয়ে যে আমি ঈশ্বৰৰ বন্ধু হ’ব পাৰিম। (যাকোব ২:২৩) কল্পনা কৰক যে আপুনিও গোটেই বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্ত্তাৰ লগত বন্ধুত্ব কৰিব পাৰিব!

২২ আপুনি বাইবেল অধ্যয়ন কৰাৰ বাবে, বহুতোলোকে হয়তো ভাল নাপাব আৰু তেওঁলোকে এই অধ্যয়ন বন্ধ কৰিবলৈ আপোনাক হেঁচা দিব। আপুনি ধৰ্ম্ম পৰিৱৰ্তন কৰিছে বুলি তেওঁলোকে হয়তো চিন্তা কৰিব পাৰে। কিন্তু আপুনি মনত ৰখা উচিত যে যিহোৱাৰ লগত আপোনাৰ বন্ধুত্ব হোৱাৰ যি সুযোগ আছে তাক কেতিয়াও এৰি নিদিব।

২৩, ২৪. (ক) আপুনি যি শিকিছে তাৰ বিষয়ে কিয় সঘনাই প্ৰশ্ন কৰা উচিত? (খ) দ্বিতীয় অধ্যায়ত কিহৰ বিষয়ে আলোচনা কৰা হ’ব?

২৩ এইটো সত্য যে আৰম্ভণিতে কিছুমান বিষয় হয়তো আপুনি বুজি নাপাবও পাৰে। কেতিয়াবা আকৌ আপুনি সংকোচ কৰি প্ৰশ্ন নুশুধিবও পাৰে। কিন্তু নম্ৰতাৰে যদি আমি জানিব বিচাৰোঁ, তেনেহ’লে আমাৰ বাবে ভাল হ’ব। যীচুৱে কৈছিল যে আমি সৰু ল’ৰা-ছোৱালীৰ দৰে নম্ৰ হোৱা উচিত। (মথি ১৮:২-৪) আমি জানো যে সৰু ল’ৰা-ছোৱালীয়ে বহুতো প্ৰশ্ন কৰে। ঈশ্বৰৰ ইচ্ছা এই যে আপোনাৰ প্ৰশ্নবোৰৰ উত্তৰ আপুনি বিচাৰি পাওক। বাইবেলে সেই লোকসকলক প্ৰশংসা কৰিছে, যিসকলে ঈশ্বৰৰ বিষয়ে জানিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল। কাৰণ সেই লোকসকলে যি শিকিছিল, সেইটো সত্য হয় নে নহয়, তাক জানিবলৈ শাস্ত্ৰ পৰীক্ষা কৰিছিল।—পাঁচনিৰ কৰ্ম্ম ১৭:১১ পঢ়ক।

২৪ যিহোৱাৰ বিষয়ে জনাৰ একমাত্ৰ উপায় হৈছে বাইবেলখনৰপৰা পৰীক্ষা কৰা। পৃথিৱীৰ সকলো কিতাপতকৈ এইখন বেলেগ। কেনেকৈ বাৰু? দ্বিতীয় অধ্যায়ত এই বিষয়ে আলোচনা কৰা হ’ব।

^ অনু. 15 ঈশ্বৰৰ নামৰ অৰ্থ আৰু উচ্চাৰণৰ বিষয়ে “ঈশ্বৰৰ নাম—ইয়াৰ ব্যৱহাৰ আৰু অৰ্থ” নামৰ অতিৰিক্ত লেখত উল্লেখ কৰা হৈছে।

^ অনু. 20 যোহন ৪:২৪ পদত উল্লেখ কৰা, “ঈশ্বৰেই আত্মা” এই উক্তিৰ অৰ্থ হৈছে যে ঈশ্বৰক দেখা পোৱা নাযায় আৰু তেওঁ স্বৰ্গত থাকে।