পাঁচ অধ্যায়
মুক্তিপণ—ঈশ্বৰৰ এক মহান উপহাৰ
-
মুক্তিপণ কি হয়?
-
মুক্তিপণ কেনেকৈ দিয়া হ’ল?
-
মুক্তিপণে আপোনাৰ বাবে কি অৰ্থ ৰাখিব পাৰে?
-
ইয়াৰ প্ৰতি আপুনি কেনেকৈ কৃতজ্ঞতা দেখুৱাব পাৰে?
১, ২. (ক) এটা উপহাৰ আপোনাৰ বাবে কেতিয়া বহুমূলীয়া হৈ পৰে? (খ) মুক্তিপণস্বৰূপ বলিদানক কিয় পৃথিৱীৰ ভিতৰত আটাইতকৈ মূল্যৱান উপহাৰ বুলি ক’ব পাৰি?
আজিলৈকে আপুনি যিমান উপহাৰ পাইছে তাৰ ভিতৰত কোনটো উপহাৰ আপোনাৰ বাবে অতি মূল্যৱান? উপহাৰটো দামী হ’লেই যে মূল্যৱান হ’ব এনে নহয়। এটা উপহাৰৰ মূল্য টকা-পইচাৰ লগত তুলনা কৰিব নোৱাৰি। তাৰ পৰিৱৰ্তে, যেতিয়া উপহাৰ এটাই আপোনালৈ আনন্দ কঢ়িয়াই আনে বা আপোনাৰ প্ৰয়োজনীয়তা পূৰ কৰে, তেতিয়া সেই উপহাৰ আপোনাৰ বাবে বহুমূলীয়া হৈ পৰে।
২ কিন্তু এনে এটা উপহাৰো আছে, যাক পৃথিৱীৰ আন কোনো উপহাৰৰ লগত তুলনা কৰিব নোৱাৰি। সেই উপহাৰ গোটেই মানৱ জাতিৰ বাবে ঈশ্বৰে দিছে। ক’বলৈ গ’লে যিহোৱা ঈশ্বৰেতো আমাক বহুত কিছু দিছে। কিন্তু এই সকলোবোৰৰ ভিতৰত আটাইতকৈ মূল্যৱান উপহাৰ হৈছে আমাৰ বাবে দিয়া তেওঁৰ একমাত্ৰ পুত্ৰ, যীচু খ্ৰীষ্টৰ মুক্তিপণস্বৰূপ বলিদান। (মথি ২০:২৬ পঢ়ক।) এই অধ্যায়ত আমি পৃথিৱীৰ ভিতৰত আটাইতকৈ মূল্যৱান উপহাৰ, মুক্তিপণৰ বিষয়ে শিকিবলৈ পাম। এই উপহাৰে আপোনাৰ জীৱনলৈ অসীম আনন্দ কঢ়িয়াই আনিব আৰু আপোনাৰ সকলো প্ৰয়োজনীয়তা পূৰ কৰিব। ঈশ্বৰে কৰা মুক্তিপণৰ ব্যৱস্থা হৈছে আপোনাৰ প্ৰতি তেওঁৰ মহান প্ৰেমৰ উদাহৰণ।
মুক্তিপণ কি হয়?
৩. মুক্তিপণ কি হয় আৰু ইয়াক বুজিবলৈ হ’লে আমাক কিহৰ বিষয়ে জনাৰ প্ৰয়োজন আছে?
৩ এক কথাত ক’বলৈ গ’লে মুক্তিপণ হৈছে, গোটেই মানৱ জাতিক পাপ আৰু মৃত্যুৰপৰা উদ্ধাৰ কৰিবলৈ যিহোৱা ঈশ্বৰে কৰা এক ব্যৱস্থা। (ইফিচীয়া ১:৭) মুক্তিপণৰ বিষয়ে বাইবেলে কি শিকায়? ইয়াৰ উত্তৰ পাবলৈ হ’লে আমি এদন বাগিচাত কি হৈছিল তাৰ বিষয়ে পুনৰ আলোচনা কৰাৰ প্ৰয়োজন। আদমে পাপ কৰাৰ ফলত প্ৰকৃততে কি হেৰুৱালে তাক আমি জানিব লাগিব আৰু তেতিয়াহে মুক্তিপণৰ এই বহুমূলীয়া উপহাৰৰ প্ৰতি আমি কৃতজ্ঞতা দেখুৱাব পাৰিম।
৪. আদমৰ সিদ্ধ জীৱন কেনেকুৱা আছিল?
৪ যিহোৱা ঈশ্বৰে আদমক সিদ্ধ জীৱন দি সৃষ্টি কৰিছিল। সিদ্ধ জীৱনৰ অৰ্থ কি বাৰু? তেওঁক সিদ্ধ শৰীৰ আৰু শুদ্ধ মন দি সৃষ্টি কৰা হৈছিল আৰু ইয়াৰ বাবে তেওঁৰ কেতিয়াও বেমাৰ, বৃদ্ধ অৱস্থা আৰু মৃত্যু নহ’লহেঁতেন। এজন সিদ্ধ মানৱ হোৱাৰ বাবে যিহোৱাৰ লগত তেওঁৰ এক বিশেষ সম্পৰ্কও আছিল। বাইবেলে আদমক “ঈশ্বৰৰ পুত্ৰ” বুলি বৰ্ণনা কৰিছে। (লূক ৩:৩৮) এজন মৰমিয়াল পিতৃৰ লগত পুত্ৰৰ যেনেকৈ এক ঘনিষ্ঠ সম্পৰ্ক থাকে, ঠিক সেইদৰে যিহোৱাৰ লগত আদমৰো এক বিশেষ সম্পৰ্ক আছিল। যিহোৱাই তেওঁৰ এই মৰমিয়াল পুত্ৰৰ লগত কথা-বতৰা হৈছিল আৰু তেওঁক প্ৰয়োজন সাপেক্ষে নিৰ্দ্দেশনাও দিছিল। যিহোৱা ঈশ্বৰে আদমক এনে কাম দিছিল যাৰ যোগেদি তেওঁ আনন্দ লাভ কৰিব পাৰে। এজন পুত্ৰৰূপে আদমৰ কি দায়িত্ব আৰু তেওঁৰপৰা ঈশ্বৰে কি আশা কৰে তাৰ বিষয়ে যিহোৱাই আদমক বৰ্ণনা কৰিছিল।—আদিপুস্তক ১:২৮-৩০; ২:১৬, ১৭.
৫. আদমক ঈশ্বৰৰ প্ৰতিমূৰ্ত্তিৰে সৃষ্টি কৰাৰ অৰ্থ কি?
৫ আদমক ‘ঈশ্বৰৰ প্ৰতিমূৰ্ত্তিৰে’ সৃষ্টি কৰা হৈছিল। (আদিপুস্তক ১:২৭) কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে আদম দেখিবলৈ ঈশ্বৰৰ নিচিনা আছিল। যেনেকৈ আমি প্ৰথম অধ্যায়ৰপৰা শিকিলোঁ যে যিহোৱা ঈশ্বৰ আত্মিক হয় আৰু সেইবাবে আমি তেওঁক দেখা নাপাওঁ। (যোহন ৪:২৪) * আমাৰ নিচিনাকৈ যিহোৱাৰ কোনো তেজ-মঙহ থকা শৰীৰ নাই। আদমক ঈশ্বৰৰ প্ৰতিমূৰ্ত্তিৰে সৃষ্টি কৰাৰ অৰ্থ হৈছে যে তেওঁক ঈশ্বৰৰ বিশেষ গুণবোৰৰ সৈতে সৃষ্টি কৰা হৈছিল। প্ৰধানকৈ এই গুণবোৰ হৈছে প্ৰেম, প্ৰজ্ঞা, ন্যায় আৰু শক্তি। ঈশ্বৰৰ লগত আদমৰ আৰু এক বিশেষ মিল আছিল আৰু সেয়া হৈছে, আদম স্বতন্ত্ৰ ইচ্ছাৰ অধিকাৰী আছিল। আদম এটা ৰব্টৰ দৰে নাছিল, কিন্তু তেওঁ ভাল আৰু বেয়া তথা সকলো নিৰ্ণয় নিজেই কৰিব পাৰিছিল। আদমে ঈশ্বৰৰ আজ্ঞাকাৰী হৈ থকা হ’লে, তেওঁ প্ৰমোদবনত অনন্ত কাল জীয়াই থাকিব পাৰিলেহেঁতেন।
৬. আদমে পাপ কৰাৰ ফলত কি হেৰুৱালে আৰু ইয়াৰপৰা তেওঁৰ ভৱিষ্যতৰ সতি-সন্ততিসকলে কেনেকৈ প্ৰভাৱিত হ’ল?
৬ আদমে পাপ কৰাৰ ফলত তেওঁ এক শকত মূল্য দিবলগীয়া হ’ল আৰু সেয়া হৈছে, মৃত্যুৰ বাবে প্ৰাণদণ্ড। পাপৰ পৰিণামস্বৰূপে আদমে ঈশ্বৰৰপৰা পোৱা সকলো আশীৰ্ব্বাদ আৰু সিদ্ধ মানৱ জীৱন হেৰুৱালে। (আদিপুস্তক ৩:১৭-১৯) দুখৰ বিষয় যে আদমে মাত্ৰ নিজৰ মূল্যৱান জীৱন হেৰুৱালে এনে নহয়, কিন্তু তেওঁ আহিবলগীয়া সতি-সন্ততিসকলৰো জীৱন নাশ কৰিলে। ঈশ্বৰৰ বাক্যই বৰ্ণনা কৰিছে: “এতেকে যেনেকৈ এজন মানুহৰ [আদম] দ্বাৰাই পাপ, আৰু পাপৰ দ্বাৰাই মৃত্যু জগতত সোমাল, আৰু সকলোৱে পাপ কৰাত, সেই মৃত্যু সকলো মানুহলৈকে ব্যাপি গল।” (ৰোমীয়া ৫:১২) আদমে পাপ কৰাৰ ফলত আমি সকলোৱে পাপৰ ভাগী হলোঁ। বাইবেলে উল্লেখ কৰিছে যে পাপৰ পৰিণামস্বৰূপে আদমে নিজৰ লগতে গোটেই মানৱ জাতিক পাপ আৰু মৃত্যুৰ অধীনত ‘বিক্ৰী’ কৰিলে। (ৰোমীয়া ৭:১৪) আদম আৰু হৱাই স্ব-ইচ্ছাৰে ঈশ্বৰৰ আজ্ঞা উলংঘন কৰাৰ বাবে তেওঁলোকৰ উদ্ধাৰৰ কোনো আশা নাছিল। কিন্তু আদমৰ বংশধৰ তথা আমাৰ বাবে কিবা আশা আছেনে?
৭, ৮. মুক্তিপণৰ অৰ্থ কি?
৭ ঈশ্বৰে গোটেই মানৱ জাতিক পাপৰপৰা উদ্ধাৰ কৰিবলৈ মুক্তিপণৰ ব্যৱস্থা কৰিলে। এতিয়া প্ৰশ্ন হ’ব পাৰে যে মুক্তিপণ কি হয়? মুক্তিপণ হৈছে কাৰোবাক বন্দীৰপৰা মুকলি কৰিবলৈ বা কিবা কিনিবলৈ ব্যৱহাৰ কৰা মূল্য। মুক্তিপণৰ তুলনা সৰু ল’ৰা এটাক অপহৰণকাৰীৰপৰা মুক্তিৰ বিনিময়ত দিয়া মূল্যৰ লগত কৰিব পাৰি। বাইবেলত ইয়াৰ তুলনা জৰিমনাৰ লগতো কৰিছে।
উদাহৰণস্বৰূপে, যদি এজন ব্যক্তিৰ দ্বাৰা কিবা দুৰ্ঘটনা ঘটে, তেনেহ’লে তেওঁক ক্ষতিপূৰণ হিচাপে সম্পূৰ্ণ মূল্য দিবলগীয়া হয়।৮ আদমে পাপ কৰাৰ ফলত আমি যি হেৰুৱাবলগীয়া হ’ল, তাক পুনৰাই কেনেকৈ পোৱা যাব আৰু আমাক পাপ তথা মৃত্যুৰ কবলৰপৰা কেনেকৈ মুক্ত কৰা হ’ব? যিহোৱাই মুক্তিপণৰ দ্বাৰা এই ব্যৱস্থা কৰিছে। কিন্তু মুক্তিপণে আপোনাৰ বাবে কি অৰ্থ ৰাখিব পাৰে?
যিহোৱাই মুক্তিপণৰ ব্যৱস্থা কেনেকৈ কৰিলে
৯. কেনেধৰণৰ মুক্তিপণৰ প্ৰয়োজন আছিল?
৯ আদমে সিদ্ধ জীৱন হেৰুৱাৰ বাবে সকলো মানৱ অসিদ্ধ হৈ পৰিল। গতিকে এজন অসিদ্ধ ব্যক্তিয়ে নিজৰ জীৱন বলিদান কৰি কেতিয়াও সিদ্ধ জীৱন কিনিব নোৱাৰে। (গীতমালা ৪৯:৭, ৮) মুক্তিপণৰ বাবে এনে এক জীৱনৰ প্ৰয়োজন আছিল, যাৰ মূল্য আদমে হেৰুৱা সিদ্ধ জীৱনৰ সমতুল্য হ’ব লাগিছিল। এই সিদ্ধান্তৰ বিষয়ে ঈশ্বৰৰ বাক্যত এইদৰে উল্লেখ আছে, “প্ৰাণৰ সলনি প্ৰাণ।” (দ্বিতীয় বিবৰণ ১৯:২১) আদমে হেৰুৱা সিদ্ধ জীৱনৰ সমতুল্য বলিদান কেনেকৈ দিয়া হ’ব? নিশ্চয়, সেই সিদ্ধ জীৱন পাবলৈ হ’লে ‘মুক্তিৰ মূল্যস্বৰূপ’ এটা সিদ্ধ জীৱনৰ প্ৰয়োজন আছিল।—১ তীমথিয় ২:৬.
১০. যিহোৱাই কেনেকৈ মুক্তিপণৰ ব্যৱস্থা কৰিছিল?
১০ যিহোৱাই মুক্তিপণৰ ব্যৱস্থা কেনেকৈ কৰিছিল? ঈশ্বৰে নিজৰ এজন সিদ্ধ আত্মিক পুত্ৰক এই পৃথিৱীলৈ পঠিয়ালে। মন কৰিবলগীয়া বিষয় যে যিহোৱাই তেওঁৰ আত্মিক পুত্ৰসকলৰ ভিতৰত যিকোনো এজনক পঠোৱা নাছিল। ঈশ্বৰে তেওঁৰ অতি মৰমৰ আৰু একমাত্ৰ পুত্ৰক এই পৃথিৱীলৈ পঠিয়াইছিল। (১ যোহন ৪:৯, ১০ পঢ়ক।) ঈশ্বৰৰ এই পুত্ৰই স্ব-ইচ্ছাৰে স্বৰ্গ ত্যাগ কৰি পৃথিৱীলৈ আহিবলৈ মান্তি হ’ল। (ফিলিপীয়া ২:৭) আমি চতুৰ্থ অধ্যায়ত শিকিলোঁ যে যিহোৱাই আচৰিতৰূপে তেওঁৰ পুত্ৰৰ জীৱন মৰিয়ম নামৰ তিৰোতা গৰাকীৰ গৰ্ভত স্থানান্তৰ কৰিছিল। ঈশ্বৰৰ পবিত্ৰ আত্মাৰ সহায়ত যীচু এজন সিদ্ধ ব্যক্তিৰূপে জন্ম গ্ৰহণ কৰিছিল আৰু সেইবাবে তেওঁ পাপী নাছিল।—লূক ১:৩৫.
১১. এজন ব্যক্তিয়ে গোটেই মানৱ জাতিৰ বাবে কেনেকৈ মুক্তিপণ আগবঢ়াব?
১১ এজন ব্যক্তিয়ে গোটেই মানৱ জাতিৰ বাবে মুক্তিপণ আগবঢ়োৱাটো সম্ভৱনে১ কৰিন্থীয়া ১৫:৪৫) যীচুৰ জীৱন সিদ্ধ আছিল আৰু তেওঁ কেতিয়াও পাপ কৰা নাছিল। শেষৰ আদম, অৰ্থাৎ যীচুৱে মৃত্যুৰপৰা আমাক উদ্ধাৰ কৰিবলৈ নিজৰ সিদ্ধ জীৱন বলিদান কৰি আদমৰ স্থান দখল কৰিলে। আদমে কৰা পাপৰ মূল্য হিচাপে যীচুৱে নিজৰ সিদ্ধ জীৱন বলিদান কৰিলে আৰু ঈশ্বৰৰ আজ্ঞাকাৰী হৈ থাকিল। যীচুৱে নিজৰ সিদ্ধ জীৱন বলিদান কৰি আদমৰ সতি-সন্ততিসকলৰ বাবে আশা কঢ়িয়াই আনিলে।—ৰোমীয়া ৫:১৯; ১ কৰিন্থীয়া ১৫:২১, ২২.
? এজন ব্যক্তিৰ দ্বাৰা গোটেই মানৱ জাতি কেনেকৈ অসিদ্ধ হ’ল, তাৰ বিষয়ে আপোনাৰ নিশ্চয় মনত আছে। আদমে পাপ কৰাৰ ফলত নিজৰ সিদ্ধ জীৱন হেৰুৱালে আৰু তাৰ পৰিণতিস্বৰূপে আদমে সেই সিদ্ধ জীৱন নিজৰ সতি-সন্ততিসকলক দিব নোৱাৰিলে। কিন্তু ইয়াৰ বিপৰীতে আদমে উত্তৰাধিকাৰীৰূপে নিজৰ সতি-সন্ততিসকলক পাপ আৰু মৃত্যুহে দিলে। যীচুক, “শেষৰ আদম” বুলি বাইবেলত উল্লেখ কৰিছে। (১২. যীচুৱে দুখ-কষ্ট আৰু যাতনা সহন কৰাৰ পাছতো কি প্ৰমাণ কৰিলে?
১২ যীচুৱে মৃত্যুৰ আগমুহূৰ্ত্তলৈকে কেনেধৰণৰ যাতনা ভুগিবলগীয়া আছিল তাৰ বিষয়ে বাইবেলত বিতংভাবে বৰ্ণনা আছে। যীচুক চাবুকেৰে কোবোৱা হৈছিল, হাত আৰু ভৰিত গজাল মাৰি তেওঁক যাতনা স্তম্ভত মৃত্যুদণ্ড দিছিল। (যোহন ১৯:১, ১৬-১৮, ৩০; “সত্য খ্ৰীষ্টানসকলে উপাসনাত ক্ৰুচ ব্যৱহাৰ কৰা উচিতনে?” নামৰ অতিৰিক্ত লেখত চাওক) যীচুক কিয় ইমান যাতনা ভুগিবলগীয়া হৈছিল? চয়তানে দাবী কৰিছিল যে যিহোৱাৰ কোনো দাসে যাতনাৰ সময়ত তেওঁৰ প্ৰতি বিশ্বাসী হৈ নাথাকে আৰু ইয়াৰ বিষয়ে এই কিতাপৰ আন এক অধ্যায়ত বহুলভাৱে বৰ্ণনা কৰা হৈছে। কিন্তু আনন্দৰ কথা যে ইমান দুখ-কষ্ট আৰু যাতনা সহন কৰাৰ পাছতো যীচুৱে চয়তানৰ দাবীৰ এক সুন্দৰ উত্তৰ দিছিল। যীচুৱে প্ৰমাণ কৰি দেখুৱালে যে স্বতন্ত্ৰ ইচ্ছাৰ অধিকাৰী হোৱা এজন সিদ্ধ ব্যক্তিৰ ওপৰত চয়তানৰ ফালৰপৰা যিমানেই পৰীক্ষা নাহক কিয়, তেওঁ ঈশ্বৰৰ আজ্ঞাকাৰী হৈ থাকিব পাৰে। নিঃসন্দেহ, যিহোৱাই তেওঁৰ একমাত্ৰ পুত্ৰই আজ্ঞাকাৰী হৈ থকাৰ বাবে বৰ আনন্দ পাইছিল।—হিতোপদেশ ২৭:১১.
১৩. মুক্তিপণ কেনেকৈ দিয়া হৈছিল?
১৩ মুক্তিপণ কেনেকৈ দিয়া হ’ল? যিহূদী কেলেণ্ডাৰৰ অনুসৰি ৩৩ খ্ৰীষ্টাব্দৰ, নীচান মাহৰ ১৪ তাৰিখে যিহোৱাই তেওঁৰ সিদ্ধ আৰু নিষ্পাপ পুত্ৰক বলিদান ইব্ৰী ১০:১০) কিন্তু মৃত্যুৰ তৃতীয় দিনাখন যিহোৱাই তেওঁৰ পুত্ৰক আত্মিক জীৱনৰ বাবে পুনৰ জীৱিত কৰিলে। ইয়াৰ পাছত স্বৰ্গত কি হ’ল লক্ষ্য কৰক। আদমৰ সতি-সন্ততিসকলৰ বিনিময়ৰ মূল্য হিচাপে, যীচুৱে মুক্তিপণৰূপে দিয়া নিজৰ সিদ্ধ জীৱনৰ মূল্য ঈশ্বৰলৈ আগবঢ়ালে। (ইব্ৰী ৯:২৪) যিহোৱা ঈশ্বৰে যীচুৱে আগবঢ়োৱা মুক্তিৰ মূল্যস্বৰূপে দিয়া বলিদানক গ্ৰহণ কৰিলে। গোটেই মানৱ জাতিক পাপ আৰু মৃত্যুৰ দাসত্বৰপৰা উদ্ধাৰ কৰিবলৈ এই বলিদান অতি প্ৰয়োজন আছিল।—ৰোমীয়া ৩:২৩, ২৪ পঢ়ক।
হ’বলৈ দিলে। এইদৰে যীচুৱে নিজৰ সিদ্ধ মানৱ জীৱন “একেবাৰে উৎসৰ্গ” কৰিলে। (মুক্তিপণে আপোনাৰ বাবে কি অৰ্থ ৰাখিব পাৰে
১৪, ১৫. পাপৰপৰা ক্ষমা পাবলৈ আমি কি কৰা উচিত?
১৪ আমি সকলোৱে পাপৰ দাসত্বত থকাৰ সত্ত্বেও যীচুৱে দিয়া মুক্তিপণৰ বাবে বহুতো আশীৰ্ব্বাদ লাভ কৰিব পাৰোঁ। ঈশ্বৰে ব্যৱস্থা কৰা এই মহান উপহাৰৰ বাবে বৰ্তমান আৰু ভৱিষ্যতে আমি কি লাভ কৰিব পাৰিম, তাৰে বিষয়ে আহক আমি আলোচনা কৰোঁ।
১৫ পাপৰ বাবে ক্ষমা। জন্মৰেপৰা পাপী হোৱাৰ বাবে আমি সকলোৱে ভাল কাম কৰিবলৈ বহুত সংঘৰ্ষ কৰিবলগীয়া হয়। আমি কেতিয়াবা বাক্য বা কাৰ্য্যৰে পাপ কৰোঁ। কিন্তু যীচু খ্ৰীষ্টৰ বলিদানৰ দ্বাৰা আমাৰ “পাপমোচন” হ’ব পাৰে। (কলচীয়া ১:১৩, ১৪) আমি কৰা পাপবোৰৰ বাবে যদি ক্ষমা পাব বিচাৰোঁ, তেনেহ’লে আমাক আন্তৰিকতাৰে অনুতাপ কৰা উচিত। তদুপৰি, আমি যিহোৱালৈ বিনম্ৰভাৱে প্ৰাৰ্থনা কৰি তেওঁৰ পুত্ৰৰ মুক্তিপণস্বৰূপ বলিদানৰ আধাৰত আমি কৰা পাপৰ ক্ষমা বিচাৰিব পাৰোঁ।—১ যোহন ১:৮, ৯ পঢ়ক।
১৬. আমি কেনেকৈ শুদ্ধ বিবেকেৰে ঈশ্বৰক উপাসনা কৰিব পাৰোঁ আৰু শুদ্ধ বিবেক হ’লে কি লাভ আছে?
১৬ ঈশ্বৰৰ আগত শুদ্ধ বিবেক। দোষী বিবেকে আমাক হতাশ আৰু অকৰ্মণ্য কৰি তোলে। আমাৰ মনলৈ এনে ভাবনা আহিব পাৰে যে আমি কোনো কামৰ যোগ্য নহওঁ। কিন্তু যিহোৱাই তেওঁৰ পুত্ৰৰ মুক্তিপণস্বৰূপ বলিদানৰ যোগেদি আমাৰ পাপ ক্ষমা কৰে। গতিকে, অসিদ্ধ হোৱাৰ সত্ত্বেও আমি এক শুদ্ধ বিবেকেৰে ঈশ্বৰক উপাসনা কৰিব পাৰোঁ। (ইব্ৰী ৯:১৩, ১৪) যীচুৰ মুক্তিপণস্বৰূপ বলিদানৰ বাবে আমি ঈশ্বৰৰ লগত শুদ্ধ বিবেকেৰে কথা-বতৰা হ’ব পাৰোঁ অৰ্থাৎ কোনো বাধা নোহোৱাকৈ যিহোৱালৈ প্ৰাৰ্থনা কৰিব পাৰোঁ। (ইব্ৰী ৪:১৪-১৬) শুদ্ধ বিবেক হোৱাৰ বাবে আমাৰ মনলৈ শান্তি আহে, আত্ম-সন্মান বাঢ়ে আৰু আমি আনন্দ অনুভৱ কৰোঁ।
১৭. যীচুৰ বলিদানে আমাৰ বাবে কি কি আশীৰ্ব্বাদ কঢ়িয়াই আনিব?
১৭ আহিবলগীয়া প্ৰমোদবনত অনন্ত জীৱন। ৰোমীয়া ৬:২৩ পদত এইদৰে বৰ্ণনা কৰিছে: “কিয়নো পাপৰ বেচ মৃত্যু; কিন্তু ঈশ্বৰে দিয়া বৰ, আমাৰ প্ৰভু খ্ৰীষ্ট্ যীচুৰ দ্বাৰাই অনন্ত জীৱন।” আহিবলগীয়া প্ৰমোদবনত আমি কি কি আশীৰ্ব্বাদ লাভ কৰিব পাৰিম, ইয়াৰ বিষয়ে এই কিতাপৰ তিনি অধ্যায়ত আমি আলোচনা কৰিলোঁ। (প্ৰকাশিত বাক্য ২১:৩, ৪) যীচু খ্ৰীষ্টৰ বলিদানে ভৱিষ্যতে আমাৰ বাবে সুস্থ শৰীৰ আৰু অনন্ত কালৰ জীৱন সম্ভৱ কৰি তুলিছে। কিন্তু মনত ৰাখিবলগীয়া কথা যে যদি আমি এই আশীৰ্ব্বাদবোৰ পাব বিচাৰোঁ, তেনেহ’লে ঈশ্বৰে ব্যৱস্থা কৰা মুক্তিপণৰ উপহাৰৰ প্ৰতি কৃতজ্ঞতা দেখুৱা উচিত।
আপুনি মুক্তিপণৰ প্ৰতি কেনেকৈ কৃতজ্ঞতা দেখুৱাব?
১৮. মুক্তিপণৰ বাবে আমি যিহোৱাৰ প্ৰতি কিয় আন্তৰিকতাৰে কৃতজ্ঞতা দেখুৱা উচিত?
১৮ মুক্তিপণৰ বাবে আমি যিহোৱাৰ প্ৰতি কিয় আন্তৰিকতাৰে কৃতজ্ঞতা দেখুৱা উচিত? সাধাৰণতে, এটা উপহাৰ মূল্যৱান হৈ পৰে, যেতিয়া দিওঁতাজনে ইয়াৰ বাবে সময় আৰু টকা-পইচা খৰচ কৰে। এই উপহাৰ পোৱাৰ যোহন ৩:১৬ পদত বৰ্ণনা কৰিছে: “কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে, তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে।” মুক্তিপণে আমাৰ প্ৰতি থকা যিহোৱা ঈশ্বৰৰ গভীৰ প্ৰেমৰ কথা প্ৰকাশ কৰে। যীচুৱে স্ব-ইচ্ছাৰে নিজৰ জীৱন উৎসৰ্গ কৰাৰ বাবেও তেওঁৰ যে আমাৰ প্ৰতি প্ৰেম আছে, তাক ক’ব পাৰি। (যোহন ১৫:১৩ পঢ়ক।) মুক্তিপণৰ উপহাৰে প্ৰমাণ কৰিলে যে যিহোৱা ঈশ্বৰ আৰু যীচু খ্ৰীষ্টই আপোনাক ব্যক্তিগতভাৱে ভাল পায়।—গালাতীয়া ২:২০.
সময়ত আমি কেনে অনুভৱ কৰোঁ বাৰু? নিঃসন্দেহ, এই উপহাৰ হৈছে দিওঁতাজনৰ আমাৰ প্ৰতি থকা প্ৰেমৰ এক অভিব্যক্তি! আজিলৈকে আমি যিমান উপহাৰ পাইছোঁ এই সকলোৰে ভিতৰত মুক্তিপণ হৈছে অতি মূল্যৱান উপহাৰ। যিহোৱা ঈশ্বৰে আমাক এই উপহাৰ দিবলৈ তেওঁৰ একমাত্ৰ পুত্ৰক বলিদান কৰিলে।১৯, ২০. আপুনি কেনেকৈ মুক্তিপণৰ উপহাৰৰ প্ৰতি কৃতজ্ঞতা দেখুৱাব?
১৯ আপুনি কেনেকৈ মুক্তিপণৰ উপহাৰৰ প্ৰতি কৃতজ্ঞতা দেখুৱাব? প্ৰথমে, মুক্তিপণৰ ব্যৱস্থা কৰা মহান ঈশ্বৰ যিহোৱাৰ বিষয়ে জানিবলৈ চেষ্টা কৰক। (যোহন ১৭:৩) এই কিতাপখনৰ সহায়ত বাইবেল অধ্যয়ন কৰাৰ দ্বাৰা যিহোৱাৰ বিষয়ে আপুনি শিকিব পাৰিব। যিমানেই আপুনি যিহোৱাৰ বিষয়ে শিকিব, তেওঁৰ প্ৰতি আপোনাৰ প্ৰেম গভীৰ হ’ব আৰু সেই প্ৰেমে আপোনাক ঈশ্বৰক প্ৰসন্ন কৰিবলৈ প্ৰেৰণা কৰিব।—১ যোহন ৫:৩.
২০ যীচুৰ মুক্তিপণস্বৰূপ বলিদানত বিশ্বাস কৰক। যীচুৱে এইদৰে কৈছিল: “পুত্ৰত বিশ্বাস কৰা জনৰ অনন্ত জীৱন আছে।” (যোহন ৩:৩৬) আমি কেনেকৈ যীচুত বিশ্বাস কৰিব পাৰোঁ? যীচুক কেৱল বিশ্বাস কৰিছোঁ বুলি ক’লেই যথেষ্ট নহয়। যাকোব ২:২৬ পদত বৰ্ণনা কৰিছে: ‘কৰ্ম্ম-বিহীন বিশ্বাস মৰা।’ প্ৰকৃত বিশ্বাস ‘কৰ্ম্মৰ’ দ্বাৰা অৰ্থাৎ আমাৰ কামৰ দ্বাৰাহে প্ৰতিফলিত হ’ব। যীচুক অনুকৰণ কৰাৰ যোগেদিও আমি তেওঁক বিশ্বাস কৰিব পাৰোঁ। আমি মনত ৰখা উচিত যে কেৱল কথাৰে নহয়, কিন্তু কামেৰেহে তেওঁক অনুকৰণ কৰিব লাগিব।—যোহন ১৩:১৫.
২১, ২২. (ক) প্ৰতি বছৰে উদ্যাপন কৰা যীচুৰ মৃত্যুৰ দিনত কিয় উপস্থিত থকা উচিত? (খ) ছয় আৰু সাত অধ্যায়ত কি বিষয় আলোচনা কৰা হ’ব?
২১ প্ৰতি বছৰে যীচুৰ মৃত্যুৰ উদ্যাপনৰ দিনত উপস্থিত থাকক। যীচুৱে, ১ কৰিন্থীয়া ১১:২০; মথি ২৬:২৬-২৮) এই উদ্যাপনক যীচু খ্ৰীষ্টৰ মৃত্যুৰ দিন হিচাপে পালন কৰা হয়। যীচুৱে এই উদ্যাপন পালন কৰিবলৈ কোৱাৰ কাৰণ কি বাৰু? নিজৰ সিদ্ধ জীৱন মুক্তিপণৰূপে বলিদান কৰাৰ বিষয়টো যাতে পাঁচনি আৰু সত্য খ্ৰীষ্টানসকলে মনত ৰাখিব পাৰে। এই উদ্যাপনৰ বিষয়ে যীচুৱে আজ্ঞা দিছিল: “মোক সুৱৰিবলৈ ইয়াকে কৰা।” (লূক ২২:১৯) যীচুৰ মৃত্যুৰ দিন উদ্যাপন কৰাৰ দ্বাৰা যিহোৱা ঈশ্বৰ আৰু যীচুৱে দেখুৱা মহান প্ৰেমৰ সোঁৱৰণ কৰা হয়। প্ৰতি বছৰে উদ্যাপন কৰা যীচুৰ মৃত্যুৰ দিনত উপস্থিত থকাৰ যোগেদি আমি ইয়াৰ প্ৰতি কৃতজ্ঞতা দেখুৱাব পাৰোঁ। *
৩৩ খ্ৰীষ্টাব্দৰ নীচান মাহৰ ১৪ তাৰিখ, এক বিশেষ ভোজৰ উদ্যাপন কৰিছিল। বাইবেলত ইয়াক, “প্ৰভুৰ ভোজ” বুলি উল্লেখ কৰিছে। (২২ যিহোৱাই প্ৰবন্ধ কৰা মুক্তিপণৰ ব্যৱস্থা আমাৰ বাবে সঁচাকৈ এক অমূল্য উপহাৰ। (২ কৰিন্থীয়া ৯:১৪, ১৫) মৃত লোকসকলেও এই অমূল্য উপহাৰৰপৰা লাভৱান হ’ব পাৰিব। ইয়াৰ বিষয়ে ৬ আৰু ৭ অধ্যায়ত বৰ্ণনা কৰা হ’ব।
^ অনু. 5 যোহন ৪:২৪ পদত উল্লেখ কৰা “ঈশ্বৰেই আত্মা” এই উক্তিৰ অৰ্থ হৈছে যে ঈশ্বৰক দেখা পোৱা নাযায় আৰু তেওঁ স্বৰ্গত নিবাস কৰে।
^ অনু. 21 প্ৰভু ভোজৰ বিষয়ে অধিক জানিবলৈ “প্ৰভুৰ ভোজ—এই উৎসৱে ঈশ্বৰলৈ সন্মান কঢ়িয়াই আনে” নামৰ অতিৰিক্ত লেখত চাওক।