অতিৰিক্ত লেখ
যীচু খ্ৰীষ্টৰ জন্ম ডিচেম্বৰ মাহত হৈছিল নেকি?
যীচু খ্ৰীষ্টৰ জন্ম কেতিয়া হৈছিল, ইয়াৰ বিষয়ে বাইবেলত কোনো উল্লেখ নাই। কিন্তু বাইবেলত এনে কিছুমান প্ৰমাণ আছে যাৰ দ্বাৰা আমি ক’ব পাৰোঁ যে যীচুৰ জন্ম ডিচেম্বৰ মাহত হোৱা নাছিল।
যীচুৰ জন্মৰ সময়ছোৱাত বৈৎলেহমত বতৰ কেনে আছিল, তাৰ বিষয়ে অলপ চিন্তা কৰকচোন। যিহূদী কেলেন্ডাৰৰ অনুসৰি কিচ্লেব মাহটো, (আজিৰ নবেম্বৰ/ডিচেম্বৰ) অতি ঠান্ডা আৰু বৰষুণৰ বতৰ আছিল। তাৰ পাছৰ মাহটো হৈছে, টেবেৎ (আজিৰ ডিচেম্বৰ/জানুৱাৰী)। এই মাহত সাধাৰণতে বৈৎলেহমত তাপমাত্ৰা অতি কম আৰু মাজে-সময়ে পাহাৰীয়া ঠাইবোৰত বৰফ পৰাও দেখা গৈছিল। এতিয়া আহক আমি বাইবেলে এই অঞ্চলৰ বতৰৰ বিষয়ে কি বৰ্ণনা কৰিছে, তালৈ লক্ষ্য কৰোঁ।
বাইবেলৰ এজন লেখক ইজ্ৰাই বৰ্ণনা কৰিছে যে কিচ্লেব মাহটো সঁচাকৈ বৰ ঠান্ডা আৰু বৰষুণৰ বতৰ আছিল। তেওঁ বৰ্ণনা কৰিছে যে “নৱম মাহৰ বিশ দিনৰ দিনা” যিৰূচালেমত এচাম মানুহে গোট খাইছিল আৰু তেওঁলোকে “বৰ বৰষুণৰ কাৰণে কঁপি” আছিল। সেই বতৰৰ বিষয়ে তাত গোট খোৱা ইজ্ৰা ১০:৯, ১৩; যিৰিমিয়া ৩৬:২২) গতিকে, আমি ক’ব পাৰোঁ যে বৈৎলেহমত বাস কৰা মেৰৰখীয়াবিলাকে ডিচেম্বৰ মাহত নিশ্চয় নিজৰ জাকবোৰক ৰাতি বাহিৰত নাৰাখে।
লোকসকলে কৈছিল: “এতিয়া বৰ বৰষুণ দিছে, বাহিৰত থিয় হৈ থাকিব নোৱাৰোঁ।” (বাইবেলত বৰ্ণনা কৰা অনুসৰি যীচুৰ জন্ম হোৱা ৰাতি মেৰৰখীয়াবিলাকে পথাৰত নিজ নিজ জাকৰ পহৰা দি আছিল। ইয়াৰ বিষয়ে বাইবেলৰ লূক নামৰ লেখকজনে বৰ্ণনা কৰিছে যে বৈৎলেহমৰ ওচৰত মেৰৰখীয়াবিলাকে, “পথাৰত নিজৰ নিজৰ জাকবোৰ ৰাতি পৰ দি ৰখি আছিল।” (লূক ২:৮-১২) লক্ষ্য কৰক যে মেৰৰখীয়াবিলাকে ৰাতি জাকবোৰক পহৰা দি আছিল। এনে ঠান্ডা আৰু বৰষুণৰ বতৰত মেৰৰখীয়াবিলাকে ৰাতি পহৰা দিব পাৰিবনে? কেতিয়াও নোৱাৰে। গতিকে, এই ঘটনাবোৰৰপৰা আমি ক’ব পাৰোঁ যে যীচুৰ জন্ম ডিচেম্বৰ মাহত হোৱা নাছিল।
যীচুৰ মৃত্যু কেতিয়া হৈছিল, তাৰ বিষয়ে ঈশ্বৰৰ বাক্য বাইবেলে আমাক বিতংভাৱে বৰ্ণনা কৰিছে, কিন্তু তেওঁৰ জন্ম কেতিয়া হৈছিল, তাৰ বিষয়ে বাইবেলত কোনো স্পষ্ট বিৱৰণ নাই। এই সন্দৰ্ভত ৰজা চলোমনৰ এষাৰ বাক্য আমাৰ মনলৈ আহে: “সুগন্ধি তেলতকৈ সুনাম উত্তম, আৰু জন্মৰ দিনতকৈ মৰণৰ দিন ভাল।” (উপদেশক ৭:১) সেইবাবে, ই কোনো আচৰিত হ’বলগীয়া কথা নহয় যে বাইবেলে আমাক যীচুৰ সেৱকীয়া কাৰ্য্য আৰু মৃত্যুৰ বিষয়ে বিতংভাৱে বৰ্ণনা দিছে, কিন্তু জন্মৰ বিষয়ে বহুলভাৱে উল্লেখ কৰা নাই।