Skip to content

Skip to table of contents

পোন্ধৰ অধ্যায়

ঈশ্বৰে গ্ৰহণ কৰা উপাসনা

ঈশ্বৰে গ্ৰহণ কৰা উপাসনা
  • সকলো ধৰ্ম্মই ঈশ্বৰক প্ৰশংসা কৰেনে?

  • সত্য ধৰ্ম্মক আমি কেনেকৈ চিনাক্ত কৰিব পাৰিম?

  • বৰ্তমান ঈশ্বৰৰ সত্য উপাসকসকল কোন?

১. ঈশ্বৰক আমি সঠিকভাৱে উপাসনা কৰিলে আমাৰ কি লাভ হ’ব?

যিহোৱা ঈশ্বৰে আমাক ভালদৰে যত্ন লয় আৰু সেইবাবে তেওঁ আমাৰ লাভৰ বাবে বহুতো নিৰ্দ্দেশনা আগবঢ়ায়। যদি আমি সঠিকভাৱে তেওঁক উপাসনা কৰোঁ, তেনেহ’লে আমাৰ জীৱন আনন্দেৰে ভৰি পৰিব আৰু আমি বহুতো সমস্যাৰপৰা আঁতৰি থাকিব পাৰিম। ইয়াৰ উপৰিও যিহোৱা ঈশ্বৰে আমাক আশীৰ্বাদ আৰু সহায় আগবঢ়ায়। (যিচয়া ৪৮:১৭) আজি পৃথিৱীত বহুতো ধৰ্ম্মই ঈশ্বৰৰ বিষয়ে সত্য শিকায় বুলি নিজকে দাবী কৰে। কিন্তু প্ৰকৃততে, ঈশ্বৰ কোন হয় আৰু তেওঁ আমাৰপৰা কি বিচাৰে, আদি বিষয়বোৰৰ লগত তেওঁলোকৰ মতামত একে নহয়।

২. যিহোৱা ঈশ্বৰক সঠিক উপায়েৰে উপাসনা কৰিবলৈ আমি কেনেকৈ শিকিম, আৰু ইয়াক ভালদৰে বুজিবলৈ কি উদাহৰণে আমাক সহায় কৰিব?

এতিয়া প্ৰশ্ন হ’ব পাৰে যে আমি যিহোৱা ঈশ্বৰক সঠিকভাৱে কেনেকৈ উপাসনা কৰা উচিত? ঈশ্বৰে আমাৰপৰা কেনে উপাসনা বিচাৰে, ইয়াৰ বাবে আপুনি পৃথিৱীৰ সকলো ধৰ্ম্মৰ পৰীক্ষা কৰা আৰু ইয়াৰ শিক্ষাবোৰ তুলনা কৰাৰ প্ৰয়োজন নাই। তাৰ পৰিৱৰ্তে, সত্য উপাসনাৰ বিষয়ে বাইবেলে প্ৰকৃততে কি শিক্ষা দিছে, তাক আপুনি জনাৰ প্ৰয়োজন। ইয়াক ভালদৰে বুজিবলৈ আহক আমি এটা উদাহৰণলৈ লক্ষ্য কৰোঁ। আজি পৃথিৱীৰ বিভিন্ন দেশত জাল নোটৰ সমস্যাই দেখা দিছে। যদি আপোনাক প্ৰকৃত নোটৰপৰা জাল নোটক বাছি উলিয়াবলৈ দিয়া হয়, তেনেহ’লে আপুনি এই কাম কেনেকৈ কৰিব? বিভিন্ন ধৰণৰ জাল নোটৰ বিষয়ে জ্ঞান লোৱাৰ যোগেদি আপুনি এই কাম কৰিব নেকি? নিশ্চয় নহয়! যদি আপুনি এই কামত পাৰ্গত হ’ব বিচাৰে, তেনেহ’লে আপোনাক প্ৰকৃত নোটৰ বিষয়ে জ্ঞান লোৱাটো উচিত হ’ব। যেতিয়া আপুনি প্ৰকৃত নোটৰ বিষয়ে ভালদৰে জ্ঞান ল’ব, তেতিয়া আপুনি জাল নোট চিনাক্ত কৰিবলৈ কঠিন নহ’ব। ঠিক সেইদৰে, যেতিয়া আমি সত্য ধৰ্ম্মৰ বিষয়ে শিকিম, তেতিয়া আমাৰ বাবে মিছা ধৰ্ম্মক চিনাক্ত কৰিবলৈ কঠিন নহ’ব।

৩. আমাৰ উপাসনা ঈশ্বৰৰ স্বীকৃতি পাবলৈ হ’লে আমি কি কৰা উচিত?

যিহোৱা ঈশ্বৰে বিচৰাৰ দৰে আমি তেওঁক উপাসনা কৰাটো অতি প্ৰয়োজন। আজি বহুতোলোকে বিশ্বাস কৰে যে পৃথিৱীৰ সকলো ধৰ্ম্মই ঈশ্বৰক আনন্দিত কৰে। কিন্তু বাইবেলে এনে ধৰণৰ শিক্ষা নিদিয়ে। আমি মনত ৰখা উচিত যে ‘মই ঈশ্বৰক জানো’ বুলি দাবী কৰিলেই যথেষ্ট নহয়। পাঁচনি পৌলে এইদৰে কৈছিল: “ঈশ্বৰক জানো বুলি তেওঁবিলাকে মুখেৰে স্বীকাৰ কৰে, কিন্তু কাৰ্য্যেৰে অস্বীকাৰ কৰে; তেওঁবিলাক ঘিণলগীয়া, আজ্ঞা নমনা, আৰু সকলো সৎকৰ্ম্মত অকামিলা।” (তীত ১:১৬) যদি আমাৰ উপাসনা ঈশ্বৰৰ স্বীকৃতি পোৱাটো বিচাৰোঁ, তেনেহ’লে আমি প্ৰথমে জানিব লাগিব যে ঈশ্বৰে আমাৰপৰা কি বিচাৰে আৰু সেই অনুসৰি আমাৰ জীৱন অতিবাহিত কৰিব লাগিব। যিসকলে ঈশ্বৰৰ ইচ্ছা অনুসৰি কাম নকৰে, তেওঁলোকক যীচুৱে, “অধৰ্ম্মাচাৰীবোৰ” বুলি আখ্যা দিছে। (মথি ৭:২১-২৩) যিদৰে জাল নোটৰ কোনো মূল্য নাই ঠিক সেইদৰে, মিছা ধৰ্ম্মৰো কোনো মূল্য নাই। তাতকৈ অধিক মন কৰিবলগীয়া কথা যে এনে ধৰণৰ মিছা ধৰ্ম্ম প্ৰকৃততে হানিকাৰকহে।

৪. যীচুৱে উল্লেখ কৰা দুটা বাট কি আৰু ই ক’লৈ লৈ যায়?

যিহোৱা ঈশ্বৰে এই পৃথিৱীৰ প্ৰতিজন ব্যক্তিক অনন্ত জীৱন পাবলৈ সুযোগ দিছে। এক সুন্দৰ পৃথিৱীত অনন্ত জীৱন পাবলৈ হ’লে, আমি ঈশ্বৰক সঠিকভাৱে উপাসনা কৰা আৰু তেওঁ বিচৰা অনুসৰি আমাৰ জীৱন অতিবাহিত কৰা উচিত। কিন্তু দুখৰ বিষয় যে আজি বহুতোলোকে এনে কৰিবলৈ ইচ্ছা নকৰে। সেইবাবে যীচুৱে কৈছিল: “ঠেক দুৱাৰেদি সোমোৱা; কিয়নো যি দুৱাৰে আৰু যি বাটে সৰ্ব্বনাশলৈ নিয়ে, সেই দুৱাৰ বহল, বাটো মুকলি আৰু সেয়েদি সোমোৱাও অনেক। কিয়নো যি দুৱাৰে আৰু যি বাটে জীৱনলৈ নিয়ে, সেই দুৱাৰ ঠেক, বাটো চেপ, আৰু তাক পোৱা লোকো তাকৰ।” (মথি ৭:১৩, ১৪) সত্য ধৰ্ম্মই আমাক অনন্ত জীৱন দিয়ে, কিন্তু মিছা ধৰ্ম্মই আমাক ধ্বংসলৈ লৈ যায়। যিহোৱা ঈশ্বৰে কাৰো ধ্বংস হোৱাটো নিবিচাৰে আৰু সেইবাবে পৃথিৱীৰ সকলো লোকক তেওঁৰ বিষয়ে শিকিবলৈ সুযোগ দিছে। (২ পিতৰ ৩:৯) গতিকে, ইয়াৰপৰা বুজিব পাৰি যে যি ধৰণে আমি ঈশ্বৰক উপাসনা কৰোঁ, তাৰ ওপৰত আমাৰ জীৱন আৰু মৃত্যু নিৰ্ভৰ কৰে।

সত্য ধৰ্ম্মক কেনেকৈ চিনাক্ত কৰিব পাৰি

৫. সত্য ধৰ্ম্ম পালন কৰা লোকসকলক আমি কেনেকৈ চিনাক্ত কৰিব পাৰিম?

এতিয়া প্ৰশ্ন হ’ব পাৰে যে ‘জীৱনলৈ লৈ যোৱা বাট’ আমি কেনেকৈ চিনাক্ত কৰিব পাৰিম? যীচুৱে কৈছিল যে সত্য ধৰ্ম্মক পালন কৰা লোকসকলক আমি তেওঁলোকৰ কাৰ্য্যৰ দ্বাৰা চিনাক্ত কৰিব পাৰিম। তেওঁ কৈছিল, “সেইদৰে সকলো ভাল গছে ভাল গুটি ধৰে” আৰু “তোমালোকে ফলৰ দ্বাৰাই সিহঁতক চিনিবা।” (মথি ৭:১৭, ২০) সদ্যহতে ক’বলৈ গ’লে, সত্য ধৰ্ম্মৰ উপাসনা কৰা লোকসকলক তেওঁলোকৰ শিক্ষা আৰু আচৰণৰ দ্বাৰা চিনাক্ত কৰিব পাৰি। অসিদ্ধ হোৱাৰ বাবে এই লোকসকলেও ভুল কৰে, কিন্তু তেওঁলোকে এক সমূহ হিচাপে সকলোৱে ঈশ্বৰৰ ইচ্ছা অনুসৰি কাম কৰিবলৈ চেষ্টা কৰে। আহক আমি ছটা বৈশিষ্ট্যৰ বিষয়ে আলোচনা কৰোঁ, যাৰ দ্বাৰা সত্য ধৰ্ম্ম পালন কৰা লোকসকলক চিনাক্ত কৰিব পাৰিম।

৬, ৭. ঈশ্বৰৰ সত্য উপাসকসকলে বাইবেলৰ প্ৰতি কেনে দৃষ্টিভংগী ৰাখে, আৰু যীচুৱে এই বিষয়ে কি উদাহৰণ ৰাখিলে?

সত্য উপাসকসকলৰ শিক্ষা বাইবেলৰ ওপৰত আধাৰিত। বাইবেলে ইয়াৰ বিষয়ে এইদৰে কৈছে: “গোটেই শাস্ত্ৰ ঈশ্বৰ-নিশ্বাসিত, আৰু যাতে ঈশ্বৰৰ মানুহ সিদ্ধ আৰু সকলো সৎকৰ্ম্মৰ নিমিত্তে সুসজ্জিত হব পাৰে, তাৰ কাৰণে, শিক্ষাৰ, অনুযোগৰ, পতিত-উত্থাপনৰ, আৰু ধাৰ্ম্মিকতাসম্বন্ধীয় শাসনৰ অৰ্থে লাভজনক।” (২ তীমথিয় ৩:১৬, ১৭) পাঁচনি পৌলে খ্ৰীষ্টান ভাইসকলক কৈছিল: “তোমালোকে যেতিয়া আমাৰ পৰা শুনা বাক্য, অৰ্থাৎ ঈশ্বৰৰ বাক্য গ্ৰাহ্য কৰিছিলা, তেতিয়া মানুহৰ বাক্য বুলি নহয়, ঈশ্বৰৰ বাক্য বুলি যে গ্ৰাহ্য কৰিছিলা।” (১ থিচলনীকীয়া ২:১৩) সত্য ধৰ্ম্ম পালন কৰা লোকসকলৰ বিশ্বাস আৰু কাৰ্য্য, মানৱীয় নিয়ম আৰু পৰম্পৰাৰ ওপৰত আধাৰিত নহয়, কিন্তু তেওঁলোকৰ বিশ্বাস, ঈশ্বৰৰ বাক্য বাইবেলৰ ওপৰত আধাৰিত।

যীচু খ্ৰীষ্টৰ শিক্ষাবোৰ ঈশ্বৰৰ বাক্য বাইবেলৰ ওপৰত আধাৰিত আছিল। স্বৰ্গীয় পিতৃ যিহোৱালৈ তেওঁ প্ৰাৰ্থনা কৰোঁতে এইদৰে কৈছিল: “তোমাৰ বাক্যেই সত্য।” (যোহন ১৭:১৭) যীচুৱে ঈশ্বৰৰ বাক্যৰ ওপৰত বিশ্বাস কৰিছিল আৰু তেওঁ শাস্ত্ৰৰ আধাৰত শিক্ষা দিছিল। তেওঁ লোকসকলক শিক্ষা দিয়াৰ সময়ত বাইবেলৰ পদবোৰলৈ উনুকিয়াই দিছিল আৰু কৈছিল: “এই বুলি লিখা আছে।” (মথি ৪:৪, ৭, ১০) ঠিক সেইদৰে, ঈশ্বৰৰ সত্য উপাসকসকলে নিজ চিন্তাধাৰাৰ বিষয়ে আনক শিক্ষা নিদিয়ে। তেওঁলোকে বাইবেল ঈশ্বৰৰ বাক্য বুলি সম্পূৰ্ণ হৃদয়েৰে বিশ্বাস কৰে আৰু বাইবেলৰ আধাৰত শিক্ষা দিয়ে।

৮. যিহোৱাক উপাসনা কৰাত কি জড়িত আছে?

সত্য উপাসকসকলে মাত্ৰ যিহোৱাক উপাসনা কৰে আৰু তেওঁৰ নাম ঘোষণা কৰে। যীচুৱে কৈছিল: “কিয়নো তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰণিপাত কৰা, আৰু কেৱল তেওঁৰেই আৰাধনা কৰা।” (মথি ৪:১০) সম্ভৱত, যীচুৱে ইয়াত দ্বিতীয় বিবৰণ ৬:১৩ পদৰ উদ্ধৃতি দিছিল আৰু তাত যিহোৱাৰ নাম উল্লেখ আছে। সেইবাবে সত্য উপাসকসকলে কেৱল মাত্ৰ যিহোৱা ঈশ্বৰকহে উপাসনা কৰে। যিহোৱা ঈশ্বৰক উপাসনা কৰাৰ অৰ্থ হৈছে, তেওঁৰ এই নাম আৰু গুণবোৰৰ বিষয়ে ঘোষণা কৰা। গীতমালা ৮৩:১৮ পদত ঈশ্বৰৰ বিষয়ে এইদৰে বৰ্ণনা কৰিছে, “যিহোৱা নামেৰে বিখ্যাত যি তুমি, অকল তুমিয়েই যে সমুদায় পৃথিবীৰ ওপৰত সৰ্ব্বোপৰি জনা, তাক সিহঁতে জানক।” যীচুৱে লোকসকলক ঈশ্বৰৰ বিষয়ে জানিবলৈ সহায় কৰিছিল। যিহোৱালৈ প্ৰাৰ্থনা কৰোঁতে তেওঁ এইদৰে কৈছিল: “তুমি এই জগতৰ মাজৰ পৰা যিবিলাক মানুহক মোক দিলা, সেইবিলাকৰ আগত মই তোমাৰ নাম প্ৰকাশ কৰিলোঁ।” (যোহন ১৭:৬) ঠিক সেইদৰে, আজি সত্য উপাসকসকলে ঈশ্বৰৰ নাম, উদ্দেশ্য আৰু তেওঁৰ গুণবোৰৰ বিষয়ে আনৰ আগত প্ৰকাশ কৰে।

৯, ১০. সত্য উপাসকসকলে কেনে ধৰণে এজনে-আনজনৰ প্ৰতি প্ৰেম দেখুৱায়?

সত্য উপাসকসকলে নিস্বাৰ্থভাৱে এজনে-আনজনক প্ৰেম কৰে। যীচুৱে কৈছিল: “তোমালোকে যদি পৰস্পৰৰ মাজত প্ৰেম ৰাখা, তেন্তে তোমালোক যে মোৰ শিষ্য, ইয়াক তাৰ দ্বাৰাই সকলোৱে জানিব।” (যোহন ১৩:৩৫) যীচুৱে বৰ্ণনা কৰা এনে প্ৰেম আৰম্ভণিৰ খ্ৰীষ্টানসকলৰ মাজত দেখা পোৱা গৈছিল। ঈশ্বৰৰ প্ৰতি থকা এনে প্ৰেমে, জাতি, দেশ আৰু সমাজৰ মাজত কোনো ভেদা-ভেদ নাৰাখে, কিন্তু সকলোকে ভাতৃত্ব প্ৰেমেৰে একত্ৰিত কৰে। (কলচীয়া ৩:১৩, ১৪ পঢ়ক।) কিন্তু মিছা ধৰ্ম্মক পালন কৰা লোকসকলৰ মাজত এনে প্ৰেম দেখিবলৈ পোৱা নাযায়। আমি এইদৰে কেনেকৈ ক’ব পাৰোঁ? তেওঁলোকে, অন্য জাতি বা দেশৰ লোকক হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰে। সত্য উপাসকসকলে নিজৰ বা আন লোকসকলক হত্যা কৰিবলৈ কেতিয়াও অস্ত্ৰ হাতত নলয়। বাইবেলে বৰ্ণনা কৰিছে: “ইয়াতে ঈশ্বৰৰ সন্তানবিলাক, আৰু চয়তানৰ সন্তানবিলাক প্ৰকাশিত হয়। যি কোনোৱে ধৰ্ম্ম-আচৰণ নকৰে, তেওঁ ঈশ্বৰৰ নহয়; আৰু যি জনে নিজ ভায়েকক প্ৰেম নকৰে, তেৱোঁ নহয়। কিয়নো আমি যেন পৰস্পৰে প্ৰেম কৰোঁ, তোমালোকে আদিৰে পৰা শুনা বাৰ্ত্তা এয়ে। কয়িনে যেনেকৈ পাপ-আত্মাৰ পৰা হৈ, নিজ ভায়েকক বধ কৰিলে, তেনে হোৱা আমাৰ অনুচিত।”—১ যোহন ৩:১০-১২; ৪:২০, ২১.

১০ নিস্বাৰ্থ প্ৰেমৰ অৰ্থ মাত্ৰ এজনে-আনজনক হত্যা কৰাৰপৰা আঁতৰি থকাই নহয়, কিন্তু ইয়াত আৰু বহুতো বিষয় জড়িত আছে। সত্য উপাসকসকলে, অন্য লোকক সহায় আৰু উৎসাহিত কৰিবলৈ নিজৰ সময়, শক্তি আৰু ধন-সম্পত্তি ব্যৱহাৰ কৰে। (ইব্ৰী ১০:২৪, ২৫) তেওঁলোকে দুখ-কষ্টৰ সময়ত এজনে-আনজনক সহায় কৰে আৰু আনৰ লগত ন্যায়েৰে ব্যৱহাৰ কৰে। ইয়াৰ উপৰিও তেওঁলোকে ‘শুভক্ষণ পালে, সকলোলৈ, হিতজনক কৰ্ম্ম কৰে।’—গালাতীয়া ৬:১০.

১১. যীচু খ্ৰীষ্টক ঈশ্বৰে পঠোৱা উদ্ধাৰকৰ্ত্তা বুলি কিয় গ্ৰহণ কৰা উচিত?

১১ সত্য উপাসকসকলে যীচুক ঈশ্বৰে পঠোৱা উদ্ধাৰকৰ্ত্তা বুলি বিশ্বাস কৰে। বাইবেলে বৰ্ণনা কৰিছে যে “আন কাতো পৰিত্ৰাণ নাই, কিয়নো যাৰে আমি পৰিত্ৰাণ পাব লাগে, স্বৰ্গৰ তলত মানুহৰ মাজত দিয়া এনে আন কোনো নাম নাই।” (পাঁচনিৰ কৰ্ম্ম ৪:১২) পঞ্চম অধ্যায়ত আমি শিকিছিলোঁ যে যীচুৱে গোটেই মানৱ জাতিৰ বাবে নিজৰ জীৱন বলিদান কৰিলে। (মথি ২০:২৬) ইয়াৰ উপৰিও, ঈশ্বৰে যীচুক স্বৰ্গীয় ৰাজ্যৰ ৰজা হিচাপে নিযুক্ত কৰিছে আৰু এই ৰাজ্যই গোটেই পৃথিৱীৰ ওপৰত শাসন কৰিব। যদি আমি অনন্ত জীৱন পাবলৈ বিচাৰোঁ, তেনেহ’লে ঈশ্বৰৰ আজ্ঞা এই যে আমি যীচুৰ বাক্য আৰু তেওঁৰ শিক্ষা আমাৰ জীৱনত পালন কৰিব লাগিব। সেইবাবে বাইবেলে এইদৰে কৈছে: “পুত্ৰত বিশ্বাস কৰা জনৰ অনন্ত জীৱন আছে; পুত্ৰক অমান্য কৰা জনে জীৱনৰ দৰ্শন নাপাব।”—যোহন ৩:৩৬.

১২. সত্য উপাসকসকলে কি অৰ্থত এই জগতৰ ভাগ নহয়?

১২ সত্য উপাসকসকল এই জগতৰ ভাগ নহয়। পীলাত নামৰ ৰোমান শাসকজনে যীচুক বিচাৰ কৰাৰ সময়ত, যীচুৱে তেওঁক কৈছিল: “মোৰ ৰাজ্য এই জগতৰ নহয়।” (যোহন ১৮:৩৬) সত্য উপাসকসকলে এই পৃথিৱীৰ য’তেই নাথাকক কিয়, তেওঁলোকে কিন্তু জগতৰ ৰাজনীতিত কেতিয়াও ভাগ নলয়। তেওঁলোকে ঈশ্বৰৰ ৰাজ্যক সমৰ্থন কৰে আৰু পৃথিৱীৰ ৰাজনীতিৰ প্ৰতি নিৰপেক্ষতা বজাই ৰাখে। তেওঁলোকে ৰাজনৈতিক কাৰণত হোৱা সংঘৰ্ষত ভাগ নলয়। কিন্তু যেতিয়া কোনো ব্যক্তিয়ে ৰাজনৈতিক দলত ভাগ ল’বলৈ বিচাৰে বা নেতা হ’বলৈ ইচ্ছা কৰে তথা ভোট দিবলৈ আগবাঢ়ি যায়, তেতিয়া সত্য উপাসকসকলে কাকো বাধা নিদিয়ে। সত্য উপাসকসকলে যদিও ৰাজনীতিৰ প্ৰতি নিৰপেক্ষতা বজাই ৰাখে, তেওঁলোকে কিন্তু চৰকাৰে স্থাপন কৰা আইন-কানুনবোৰ পালন কৰে। তেওঁলোকে এনে কৰাৰ কাৰণ কি বাৰু? কিয়নো, ঈশ্বৰৰ বাক্যই “ক্ষমতা পোৱাবিলাকৰ বশীভূত” হ’বলৈ তেওঁলোকক আজ্ঞা দিছে। (ৰোমীয়া ১৩:১) কিন্তু মন কৰিবলগীয়া কথা যে চৰকাৰৰ কিছুমান আইন-কানুন যেতিয়া ঈশ্বৰৰ আজ্ঞাৰ বিৰুদ্ধে হয়, তেতিয়া সত্য উপাসকসকলে যীচুৰ শিষ্যসকলৰ উদাহৰণ অনুকৰণ কৰে। তেওঁলোকে কৈছিল: “মানুহতকৈ আমি ঈশ্বৰৰ আজ্ঞা মানিব লাগে।”—পাঁচনিৰ কৰ্ম্ম ৫:২৯; মাৰ্ক ১২:১৭.

১৩. সত্য উপাসকসকলে ঈশ্বৰৰ ৰাজ্যৰ প্ৰতি কেনে দৃষ্টি ৰাখে, আৰু ইয়াৰ বাবে তেওঁলোকে কি কৰে?

১৩ সত্য উপাসকসকলে মানৱ জাতিৰ একমাত্ৰ আশা, ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে ঘোষণা কৰে। যীচুৱে কৈছিল: “সকলো জাতিলৈ সাক্ষ্য হবলৈ, ৰাজ্যৰ এই শুভবাৰ্ত্তা গোটেই জগততে ঘোষণা কৰা হব; তেতিয়াহে শেষ হব।” (মথি ২৪:১৪) সত্য উপাসকসকলে মানৱ জাতিৰ সমস্যাবোৰৰ সমাধানৰ বাবে, মানৱ চৰকাৰৰ ওপৰত আশা কৰাৰ পৰিৱৰ্তে ঈশ্বৰৰ চৰকাৰৰ ওপৰত বিশ্বাস কৰিবলৈ লোকসকলক উৎসাহিত কৰে। (গীতমালা ১৪৬:৩) যীচুৱে আমাক এই ৰাজ্যৰ বিষয়ে প্ৰাৰ্থনা কৰিবলৈ শিকাইছিল। তেওঁ কৈছিল, “তোমাৰ ৰাজ্য হওক; যেনেকৈ স্বৰ্গত, তেনেকৈ পৃথিবীতো তোমাৰ ইচ্ছা পূৰ হওক।” (মথি ৬:১০) ঈশ্বৰৰ বাক্যই বৰ্ণনা কৰিছে যে এই স্বৰ্গীয় চৰকাৰে, “সেই আটাই ৰাজ্য [বৰ্তমানে শাসন কৰা ৰাজ্যবোৰ] ভাঙি সংহাৰ কৰি নিজে চিৰকাললৈকে থাকিব।”—দানিয়েল ২:৪৪; প্ৰকাশিত বাক্য ১৬:১৪; ১৯:১৯-২১.

১৪. সত্য উপাসনাৰ বাবে আজি কোনটো ধৰ্ম্মই ইয়াৰ প্ৰয়োজনীয়তা পূৰ কৰিছে বুলি আপুনি ভাবে?

১৪ এতিয়ালৈকে আমি যিবোৰ বিষয়ৰ আলোচনা কৰিলোঁ, ইয়াৰপৰা আমি নিজকে প্ৰশ্ন সুধিব পাৰোঁ: ‘আজি কোন ধৰ্ম্মৰ শিক্ষাবোৰ বাইবেলৰ ওপৰত আধাৰিত আৰু তেওঁলোকে যিহোৱাৰ নাম ঘোষণা কৰে? আজি কোনে আনৰ প্ৰতি নিস্বাৰ্থভাৱে প্ৰেম দেখুৱাইছে আৰু যীচুৰ ওপৰত বিশ্বাস কৰিছে? আজি কোন লোকসকলে এই জগতৰ ভাগ নহয় আৰু মানৱ জাতিৰ বাবে একমাত্ৰ আশা, ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে ঘোষণা কৰিছে? আজি পৃথিৱীত থকা কোনটো ধৰ্ম্মই এই সকলোবোৰ কৰিছে বুলি দাবী কৰিব পাৰে?’ ওপৰত উল্লেখিত বিষয়বোৰ কিন্তু এদল লোকে বৰ্তমানে পূৰ কৰি আহিছে, আৰু সেয়া হৈছে, যিহোৱাৰ সাক্ষীসকল।—যিচয়া ৪৩:১০-১২ পঢ়ক।

আপুনি কি কৰা উচিত?

১৫. ঈশ্বৰৰ অস্তিত্বৰ ওপৰত বিশ্বাস কৰাৰ উপৰিও আমি আৰু কি কৰাৰ প্ৰয়োজন?

১৫ ঈশ্বৰক বিশ্বাস কৰাৰ অৰ্থ, তেওঁক প্ৰশংসা কৰা নুবুজায়। কিয়নো বাইবেলে বৰ্ণনা কৰিছে যে ঈশ্বৰৰ অস্তিত্বৰ বিষয়ে ভূতবোৰেও বিশ্বাস কৰে। (যাকোব ২:১৯) ভূতবোৰৰ বিষয়ে আমি জানো যে তেওঁলোকে ঈশ্বৰৰ ইচ্ছা অনুসৰি কাম কৰা নাই আৰু তেওঁলোকৰ ওপৰত ঈশ্বৰৰ অনুমোদন নাই। আমি ঈশ্বৰৰ অস্তিত্ব আছে বুলি মাত্ৰ বিশ্বাস কৰাই যথেষ্ট নহয়। যদি আমি ঈশ্বৰৰ অনুমোদন পাব বিচাৰোঁ, তেনেহ’লে আমাক ঈশ্বৰৰ ইচ্ছা অনুসৰি কাম কৰা আৱশ্যক। আমি মিছা ধৰ্ম্মৰপৰা ওলাই আহি, সত্য উপাসনাক গ্ৰহণ কৰা উচিত।

১৬. মিছা উপাসনাৰপৰা আঁতৰি থাকিবলৈ কি কৰা উচিত?

১৬ পাঁচনি পৌলে জনাইছে যে আমি যিকোনো ধৰণৰ মিছা উপাসনাত ভাগ লোৱাৰপৰা আঁতৰি থকা উচিত। তেওঁ এইদৰে কৈছিল: “তোমালোক সিহঁতৰ মাজৰ পৰা ওলাই আহি পৃথক হোৱা, আৰু কোনো অশুচিকে নুচুবা; তাতে মই তোমালোকক গ্ৰহণ কৰিম।” (২ কৰিন্থীয়া ৬:১৭, ১৮; যিচয়া ৫২:১১) সত্য উপাসকসকলে সকলো ধৰণৰ মিছা উপাসনাৰপৰা আঁতৰি থাকে।

১৭, ১৮. “মহা-বাবিল” কি হয়, আৰু “তাইৰ পৰা ওলাই” অহাটো কিয় আৱশ্যক?

১৭ বাইবেলে বৰ্ণনা কৰিছে যে সকলো ধৰণৰ মিছা ধৰ্ম্ম, ‘মহা-বাবিলৰ’ অংশ হয়। * (প্ৰকাশিত বাক্য ১৭:৫) এই নামটোৱে আমাক প্ৰাচীন নগৰ বাবিললৈ মনত পেলাই দিয়ে। এই নগৰখনতে নোহৰ জল-প্লাৱনৰ পাছত মিছা ধৰ্ম্মৰ আৰম্ভণি হয়। বৰ্তমানে বিভিন্ন ধৰ্ম্মত দেখা দিয়া শিক্ষাবোৰ, বহু বছৰৰ আগতেই এই বাবিল নগৰত আৰম্ভ হৈছিল। উদাহৰণস্বৰূপে, বাবিলত থকা লোকসকলে ত্ৰিয়ক, অৰ্থাৎ তিনটা মূৰ থকা এটা প্ৰতিমাক উপাসনা কৰিছিল। ঠিক সেইদৰে, আজিও বহুতো ধৰ্ম্মত ত্ৰিয়কৰ শিক্ষাক মূল বিষয় হিচাপে গ্ৰহণ কৰা হৈছে। কিন্তু বাইবেলে স্পষ্টৰূপে শিকাইছে যে যিহোৱা হৈছে একমাত্ৰ ঈশ্বৰ আৰু যীচু খ্ৰীষ্ট হৈছে তেওঁৰ পুত্ৰ। (যোহন ১৭:৩) বাবিলত থকা লোকসকলে ইয়াকো বিশ্বাস কৰিছিল যে মানুহৰ এটা অমৰ আত্মা থাকে আৰু মৃত্যুৰ পাছত তাক নৰকত শাস্তি দিয়া হয়। ঠিক সেইদৰে, আজিও বহুতো ধৰ্ম্মই শিকায় যে মৃত্যুৰ পাছত আত্মাক নৰকত শাস্তি দিয়া হয়।

১৮ আজি গোটেই পৃথিৱীজুৰি প্ৰাচীন বাবিলৰ মিছা শিক্ষাবোৰ প্ৰচলিত। ঠিক সেইদৰে, বৰ্তমান সময়ছোৱাৰ মহা-বাবিলে, পৃথিৱীত থকা সকলো মিছা ধৰ্ম্মক চিত্ৰিত কৰে। ঈশ্বৰে আগতেই ভৱিষ্যতবাণী কৰিছিল যে এই মিছা ধৰ্ম্মৰ সাম্ৰাজ্যক হঠাতে ধ্বংস কৰা হ’ব। এতিয়া আপুনি মন কৰিব পাৰিছেনে যে আপোনাক কিয় এই মহা-বাবিলৰপৰা ওলাই অহা উচিত? যিহোৱা ঈশ্বৰে বিচাৰে যে সময় থাকোঁতেই আপুনি “তাইৰ পৰা ওলাই” আহক।—প্ৰকাশিত বাক্য ১৮:৪, পঢ়ক।

যিহোৱাক সেৱা কৰাৰ বাবে আপুনি যি হেৰুৱালে, যিহোৱাৰ লোকসকলৰ লগত তেওঁক সেৱা কৰিলে আপুনি তাতকৈ অধিক পাব

১৯. যিহোৱা ঈশ্বৰক সেৱা কৰাৰ বাবে আপুনি কি লাভ কৰিব?

১৯ মিছা ধৰ্ম্মক উপাসনা কৰিবলৈ আপুনি ত্যাগ কৰাৰ বাবে বহুতোলোকে ভাল নাপাব আৰু আপোনাৰ লগত কথা পাতিবলৈ বন্ধ কৰিব পাৰে। কিন্তু আপুনি মনত ৰখা উচিত যে যিহোৱাৰ লোকসকলৰ লগত যেতিয়া আপুনি তেওঁক উপাসনা কৰিবলৈ ধৰিব, তেতিয়া এই সকলোবোৰ আপুনি বহুগুণে পাব। যীচুক অনুকৰণ কৰা আৰম্ভণিৰ খ্ৰীষ্টানসকলৰ দৰে আপুনিও বহুতো আত্মিক ভাই-ভনী পাব। আজি গোটেই পৃথিৱীজুৰি সত্য ধৰ্ম্মক পালন কৰা লাখ লাখ লোকেৰে গঠিত এক বৃহৎ পৰিয়ালৰ আপুনি সদস্য হ’ব। এই লোকসকলে এজনে-আনজনক নিস্বাৰ্থভাৱে প্ৰেম কৰে। আপোনাৰ বাবে এক সুন্দৰ ভৱিষ্যত আছে আৰু সেয়া হৈছে, “পৰকালত” অৰ্থাৎ আহিবলগীয়া নতুন পৃথিৱীত অনন্ত জীৱন। (মাৰ্ক ১০:২৮-৩০ পঢ়ক।) আহিবলগীয়া সময়ছোৱাত, আপোনাৰ বিশ্বাসৰ বাবে আপোনাক এৰি দিয়া লোকসকলে বাইবেলে কি শিকায় তাৰ বিষয়ে হয়তো চকু দিব আৰু আপোনাৰ দৰে এদিন তেওঁলোকেও যিহোৱাৰ উপাসক হৈ পৰিব।

২০. সত্য ধৰ্ম্মক পালন কৰা লোকসকলৰ বাবে ভৱিষ্যতে কি আশা আছে?

২০ বাইবেলে বৰ্ণনা কৰিছে যে অতি সোনকালে ঈশ্বৰে এই দুষ্ট ব্যৱস্থাক ধ্বংস কৰিব আৰু তেওঁৰ অধীনত এক ধাৰ্ম্মিক ৰাজ্য স্থাপন কৰিব। (২ পিতৰ ৩:৯, ১৩) ই কি যে এক সুন্দৰ পৃথিৱী হ’ব! সেই ধাৰ্ম্মিক ৰাজ্যত, মাত্ৰ এটা ধৰ্ম্ম হ’ব আৰু এক ধৰণৰ উপাসনা কৰা হ’ব। গতিকে, সত্য উপাসনা কৰা লোকসকলৰ মাজৰ এজনা হ’বলৈ প্ৰয়োজনীয় পদক্ষেপ লোৱাটো আপোনাৰ বাবে বুদ্ধিমানৰ কাম নহ’বনে?

^ অনু. 17 পৃথিৱীত থকা সকলো ধৰ্ম্মই যে মহা-বাবিলক চিত্ৰিত কৰে, তাৰ বিষয়ে অধিক জানিবলৈ “মহা-বাবিলক চিনাক্ত কৰক” নামৰ অতিৰিক্ত লেখত চাওক।