Skip to content

Skip to table of contents

পিতৃ-মাতৃৰ বাবে একাষাৰ

পিতৃ-মাতৃৰ বাবে একাষাৰ

নিজৰ লʼৰা-ছোৱালীক আপোনালোকে কি ভাল উপহাৰ দিব পাৰে? তেওঁলোকে আপোনালোকৰপৰা মৰম-স্নেহ, নিৰ্দ্দেশনা, সুৰক্ষা আৰু বহুতো বিষয় আশা কৰে। কিন্তু এই সকলোবোৰৰ উপৰিও আটাইতকৈ মূল্যৱান উপহাৰ হৈছে যিহোৱা ঈশ্বৰৰ জ্ঞান আৰু বাইবেলৰ সত্যতাৰ বিষয়ে আপুনি তেওঁলোকক জনাব পাৰে। (পাঁচনিৰ কৰ্ম্ম ১৪:১৭) এনেধৰণৰ জ্ঞানে আপোনাৰ লʼৰা-ছোৱালীক সৰুৰেপৰাই যিহোৱা ঈশ্বৰৰ প্ৰতি প্ৰেম গভীৰ কৰি তুলিবলৈ আৰু তেওঁক সম্পূৰ্ণ হৃদয়েৰে সেৱা কৰিবলৈ সহায় কৰিব।—মথি ২১:১৬.

বহুতো পিতৃ-মাতৃয়ে লক্ষ্য কৰিছে যে সৰু সৰু লʼৰা-ছোৱালীয়ে কাহিনী শুনি আৰু ছবি চাই ভাল পায়। সেইবাবে, বাইবেলৰপৰা মোৰ শিক্ষা, এই ব্ৰচাৰখন আপোনালোকলৈ আগবঢ়াবলৈ পায় আমি বৰ আনন্দিত। ব্ৰচাৰখনৰ প্ৰতিটো পাঠ সৰল ভাষাত শিক্ষা দিয়াৰ বাবে লিখা হৈছে। ব্ৰচাৰখনৰ ছবি আৰু বাক্যবোৰ বিশেষকৈ তিনিবছৰীয়া বা তাতকৈ সৰু লʼৰা-ছোৱালীৰ বাবে প্ৰস্তুত কৰা হৈছে। পাঠবোৰৰ যোগেদি কেনেকৈ শিক্ষা দিব পাৰি, তাৰ বিষয়েওঁ বৰ্ণনা কৰা হৈছে। বাইবেলৰপৰা মোৰ শিক্ষা, এই ব্ৰচাৰখন লʼৰা-ছোৱালীয়ে খেলিবৰ বাবে নহয়, কিন্তু তেওঁলোকক শিক্ষা দিয়াৰ বাবে এটা সঁজুলি। গতিকে, আপুনি নিজে আপোনাৰ লʼৰা-ছোৱালীৰ লগত এই ব্ৰচাৰখন পঢ়িব আৰু ইয়াৰ যোগেদি তেওঁলোকৰ লগত আপোনাৰ সম্পৰ্ক দৃঢ় হৈ পৰিব।

আমি নিশ্চিত যে এই ব্ৰচাৰখনে আপোনাৰ লʼৰা-ছোৱালীক “শিশু-কালৰেপৰা” বাইবেলৰ সত্য শিকাবলৈ আপোনাক সহায় কৰিব।—২ তীমথিয় ৩:১৪, ১৫.

আপোনাৰ ভাইসকল,

যিহোৱাৰ সাক্ষীসকলৰ প্ৰশাসন গোষ্ঠী