Skip to content

Skip to table of contents

ভাগ ১

সৃষ্টিৰপৰা জল-প্লাৱনলৈকে

সৃষ্টিৰপৰা জল-প্লাৱনলৈকে

আকাশ আৰু পৃথিৱী ক’ৰপৰা আহিল? সূৰ্য্য, চন্দ্ৰ, কোটি কোটি তৰা আৰু পৃথিৱীৰ বিভিন্ন বস্তুবোৰ কেনেকৈ উৎপত্তি হ’ল? বাইবেলে ইয়াৰ সঠিক উত্তৰ দিয়ে। এই সকলোবোৰ ঈশ্বৰে সৃষ্টি কৰিছে। এই কিতাপখনৰ আৰম্ভণি সৃষ্টিৰ বিষয়ে উল্লেখ থকা বাইবেলৰ কাহিনীবোৰৰ যোগেদি হৈছে।

ঈশ্বৰ আত্মিক প্ৰাণী হয়। তেওঁ প্ৰথমে আত্মিক প্ৰাণীবোৰক সৃষ্টি কৰিছিল আৰু তেওঁলোকক স্বৰ্গদূত বুলি কোৱা হয়। ঈশ্বৰে এই পৃথিৱীখন মানৱ জাতিৰ বাবে সৃষ্টি কৰিছিল। ঈশ্বৰে পুৰুষ আৰু স্ত্ৰীক সৃষ্টি কৰি, এখন সুন্দৰ বাগিচাত থাকিবলৈ দিলে। ঈশ্বৰে পুৰুষজনৰ নাম আদম আৰু স্ত্ৰীজনীৰ নাম হৱা ৰাখিলে। কিন্তু দুখৰ বিষয় যে তেওঁলোকে ঈশ্বৰৰ বাক্য অমান্য কৰাৰ বাবে অনন্ত জীৱন জীয়াই থকাৰ আশা হেৰুৱালে।

আদমৰ সৃষ্টিৰপৰা জল-প্লাৱনলৈকে মুঠতে ১,৬৫৬ বছৰ হৈছিল। সেই সময়ছোৱাত বহুতো দুষ্ট লোক বাস কৰিছিল। স্বৰ্গত চয়তান আৰু তাক অনুকৰণ কৰা কিছুমান দুষ্ট স্বৰ্গদূত আছিল। পৃথিৱীতো কয়িন আৰু আন বহুতো দুষ্ট লোকে বাস কৰিছিল। তাৰে কিছুমান বৰ শক্তিশালী আছিল। কিন্তু আনন্দৰ বিষয় যে সেইসময়ত পৃথিৱীত কিছুমান ঈশ্বৰৰ আজ্ঞা পালন কৰা লোকো আছিল। তাৰে কেইজনমানৰ নাম হৈছে​—হেবল, হনোক আৰু নোহ। প্ৰথম ভাগত আমি এই লোকসকল আৰু তেওঁলোকৰ জীৱন কালত হোৱা ঘটনাবোৰৰ বিষয়ে শিকিবলৈ পাম।

 

IN THIS SECTION

কাহিনী ১

ঈশ্বৰে সৃষ্টি কৰিবলৈ আৰম্ভ কৰে

সৃষ্টিৰ বিষয়ে আদিপুস্তকত বৰ্ণনা কৰা আকৰ্ষণীয় কাহিনীবোৰ সৰু সৰু ল’ৰা-ছোৱালীয়েও সহজে বুজিব পাৰে।

কাহিনী ২

এখন সুন্দৰ বাগিচা

আদিপুস্তক কিতাপত বৰ্ণনা কৰা অনুসৰি, ঈশ্বৰে এদন বাগিচাখন এক বিশেষ ঠাই হিচাপে সৃষ্টি কৰিছিল। ঈশ্বৰে সেই সুন্দৰ বাগিচাখনৰ দৰে গোটেই পৃথিৱীখন হোৱাটো বিচাৰিছিল।

কাহিনী ৩

মানৱৰ সৃষ্টি

ঈশ্বৰে আদম আৰু হৱাক সৃষ্টি কৰি, এদন বাগিচাত তেওঁলোকক থাকিবলৈ দিছিল। তেওঁলোকেই হৈছে প্ৰথম বিবাহিত দম্পতী।

কাহিনী ৪

তেওঁলোকক এদন বাগিচাৰপৰা কিয় উলিয়াই দিলে

প্ৰমোদবন হেৰুৱাৰ কাহিনী বাইবেলৰ আদিপুস্তক কিতাপত বৰ্ণনা আছে।

কাহিনী ৫

এক কষ্টকৰ জীৱনৰ আৰম্ভণি

এদন বাগিচাৰ বাহিৰত আদম আৰু হৱাই বহুতো সমস্যাৰ সন্মুখীন হৈছিল। যদি তেওঁলোকে ঈশ্বৰৰ আজ্ঞা পালন কৰিলেহেঁতেন, তেনেহ’লে তেওঁলোকে নিজৰ আৰু সন্তানসকলৰ জীৱনত সুখ আৰু আনন্দ উপভোগ কৰিলেহেঁতেন।

কাহিনী ৬

ভাল ল’ৰা আৰু দুষ্ট ল’ৰা

আদিপুস্তক কিতাপৰ কয়িন আৰু হেবল কাহিনীয়ে দেখুৱাই যে আমি কেনেধৰণৰ ব্যক্তি হোৱা উচিত আৰু পলম হোৱাৰ আগতে আমি নিজৰ হৃদয় পৰিৱৰ্তন কৰা কিমান প্ৰয়োজন।

কাহিনী ৭

এজন সাহসী পুৰুষ

হনোকৰ সাহসে প্ৰমাণ কৰে যে আপোনাৰ চাৰিওফালে থকা লোকসকলে বেয়া কামত লিপ্ত থকাৰ সত্ত্বেও, আপুনি ভাল কাম কৰিব পাৰে।

কাহিনী ৮

পৃথিৱীত নাফিল

আদিপুস্তক কিতাপৰ ৬ অধ্যায়ৰ অনুসৰি পৃথিৱীত বাস কৰা ওখ-ডাঙৰ মানুহবিলাকে লোকসকলক আক্ৰমণ কৰিছিল। এই ওখ-ডাঙৰ লোকসকলক নাফিল বুলি কোৱা হৈছে আৰু তেওঁলোক পৃথিৱীলৈ মানুহৰূপে অহা দুষ্ট স্বৰ্গদূতসকলৰ সন্তান আছিল।

কাহিনী ৯

নোহৰ জাহাজ

নোহ আৰু তেওঁৰ পৰিয়ালে জল-প্লাৱনৰপৰা ৰক্ষা পৰিল। আন লোকসকলে সতৰ্কবাণীলৈ ধ্যান দিয়া নাছিল, কিন্তু তেওঁলোকে ঈশ্বৰৰ আজ্ঞা পালন কৰিছিল।

কাহিনী ১০

জল-প্লাৱন

নোহৰ সতৰ্কবাণী শুনি লোকসকলে হাঁহিছিল। কিন্তু যেতিয়া আকাশৰপৰা বৰষুণ পৰিবলৈ আৰম্ভ কৰিছিল, তেতিয়া তেওঁলোকৰ হাঁহি বন্ধ হৈছিল! নোহৰ জাহাজে নোহ, তেওঁৰ পৰিয়াল আৰু জীৱ-জন্তুবোৰক কেনেকৈ ৰক্ষা কৰিলে, তাৰ বিষয়ে শিকক।