Skip to content

Skip to table of contents

কাহিনী ২

এখন সুন্দৰ বাগিচা

এখন সুন্দৰ বাগিচা

ছবিখনলৈ চোৱাচোন। কি যে সুন্দৰ, নহয়নে বাৰু! বাগিচাখনত থকা ঘাঁহ, গছ-গছনি, ফুল আৰু জীৱ-জন্তুবোৰলৈ লক্ষ্য কৰিছানে? হাতী আৰু সিংহকেইটা ক’ত আছে ক’ব পাৰিবানে?

এই সুন্দৰ বাগিচাখন কোনে সৃষ্টি কৰিলে? ঈশ্বৰে। আমাৰ বাবে ঈশ্বৰে ইয়াক কেনেকৈ সুন্দৰ কৰি তুলিলে তোমালোকে জানানে?

সৰ্ব্বপ্ৰথমে, উদং ভূমি ঢাকিবলৈ ঈশ্বৰে ঘাঁহৰ সৃষ্টি কৰিলে। ইয়াৰ পাছত তেওঁ বিভিন্ন ধৰণৰ সৰু-ডাঙৰ গছ-গছনিৰ সৃষ্টি কৰিলে। ঘাঁহ আৰু গছ-গছনিয়ে পৃথিৱীখনক এক আকৰ্ষণীয় ৰূপ দিলে। গছ-গছনিবোৰে পৃথিৱীৰ সুন্দৰতা বৃদ্ধি কৰাৰ লগতে, বিভিন্ন ধৰণৰ সোৱাদলগা ফল-মূলো উৎপন্ন কৰে।

ইয়াৰ পাছত ঈশ্বৰে, পানীত মাছ আৰু আকাশত উৰি ফুৰা চৰাই-চিৰিকটিবোৰ সৃষ্টি কৰিলে। তেওঁ বিভিন্ন প্ৰজাতিৰ জীৱ-জন্তুৰ সৃষ্টি কৰিলে। যেনে: কুকুৰ, মেকুৰী, ঘোঁৰা আদি। তুমি কেইটামান জন্তুৰ নাম ক’ব পাৰিবানে? ঈশ্বৰে এইবোৰ সৃষ্টি কৰাৰ বাবে আমি আনন্দিত নহওঁনে?

এই সকলোৰে অন্তত, ঈশ্বৰে পৃথিৱীখনৰ এটা অংশক এক বিশেষ ৰূপ দিলে। ঈশ্বৰে সেই ঠাইখনৰ নাম এদন বাগিচা ৰাখিলে। এই বাগিচাখনত কোনো খুঁত নাছিল। ইয়াত থকা সকলো বস্তুৱেই সুন্দৰ আছিল। এদন বাগিচাৰ দৰে গোটেই পৃথিৱীখন সুন্দৰ হোৱাটো ঈশ্বৰে বিচাৰিছিল।

ছবিখনলৈ আকৌ এবাৰ চোৱাচোন। ইয়াত কি নাই তুমি ক’ব পাৰিবানে? আহাঁ আমি ইয়াৰ উত্তৰ বিচাৰি চাওঁ

আদিপুস্তক ১:১১-২৫; ২:৮, ৯.