Skip to content

Skip to table of contents

ভাগ ২

জল-প্লাৱনৰপৰা মিচৰ দেশৰপৰা মুক্তিলৈকে

জল-প্লাৱনৰপৰা মিচৰ দেশৰপৰা মুক্তিলৈকে

জল-প্লাৱনত মাত্ৰ আঠজন লোকৰহে জীৱন ৰক্ষা পৰিল। কিন্তু লাহে লাহে মানুহৰ সংখ্যা বাঢ়ি বাঢ়ি কেইবাহাজাৰো হ’লগৈ। জল-প্লাৱন হোৱাৰ প্ৰায় ৩৫২ বছৰৰ পাছত অব্ৰাহামৰ জন্ম হৈছিল। ঈশ্বৰে অব্ৰাহামক এটা পুত্ৰ সন্তান দিব বুলি যি প্ৰতিজ্ঞা কৰিছিল, তাৰ পূৰ্ণতাৰ বিষয়ে আমি শিকিবলৈ পাম। অব্ৰাহামে তেওঁৰ পুত্ৰৰ নাম ইচ্‌হাক ৰাখিলে। ইচ্‌হাকৰ দুটা পুত্ৰ আছিল। প্ৰথমজনৰ নাম এচৌ আৰু দ্বিতীয়জনৰ নাম যাকোব। যাকোবক ঈশ্বৰে মনোনীত কৰিছিল।

যাকোবৰ ১২জন পুত্ৰ আৰু কেইবাজনীও ছোৱালী আছিল। যাকোবৰ ১০জন পুত্ৰই সৰু ভায়েক যোচেফক ঘৃণা কৰিছিল। সেইবাবে তেওঁলোকে যোচেফক দাসৰূপে বেচি দিলে আৰু যোচেফ মিচৰ দেশ পালেহি। কিন্তু পাছলৈ মিচৰ দেশত যোচেফ এজন বিখ্যাত ব্যক্তি হৈ পৰিল। আকাল হোৱাৰ বাবে আন লোকসকলৰ লগত যোচেফৰ ­ককায়েকহঁতেও শস্য নিবলৈ মিচৰলৈ আহিছিল। যোচেফে নিজৰ ককায়েকহঁতক চিনি পালে আৰু প্ৰকৃততে তেওঁলোক পৰিৱৰ্তন হৈছে নে নাই তাক পৰীক্ষা কৰিলে। ইয়াৰ পাছত যাকোবৰ গোটেই পৰিয়াল অৰ্থাৎ ইস্ৰায়েলীসকলে মিচৰত প্ৰৱেশ কৰিলে। এই ঘটনাবোৰ অব্ৰাহামৰ জন্মৰ ২৯০ বছৰৰ পাছত ঘটিছিল।

ইস্ৰায়েলীসকলে প্ৰায় ২১৫ বছৰ মিচৰত বাস কৰিছিল। যোচেফৰ মৃত্যুৰ পাছত তেওঁলোক মিচৰত দাস হৈ পৰিল। সেইসময়ত মোচিৰ জন্ম হয়। ইস্ৰায়েলীসকলক মিচৰৰ দাসত্বৰপৰা মুক্ত কৰিবলৈ ঈশ্বৰে তেওঁক ব্যৱহাৰ কৰিলে। দ্বিতীয় ভাগত ইস্ৰায়েলীসকলৰ ৮৫৭ বছৰৰ ইতিহাস পোৱা যায়।

 

IN THIS SECTION

কাহিনী ১১

প্ৰথম মেঘধেনু

যেতিয়া আপুনি আকাশত মেঘধেনু দেখে, তেতিয়া আপোনাক কি কথা মনত পেলোৱা উচিত?

কাহিনী ১২

এটা ওখ ঘৰৰ নিৰ্ম্মাণ

ঈশ্বৰ সন্তুষ্ট হোৱা নাছিল আৰু সেইসময়ত তেওঁলোকক ঈশ্বৰে যি শাস্তি দিছিল, তাৰ পৰিণাম আজিও লোকসকলে সন্মুখীন হৈছে।

কাহিনী ১৩

ঈশ্বৰৰ বন্ধু​—অব্ৰাহাম

অব্ৰাহামে কিয় ঊৰ নগৰৰ সকলো লাহ-বিলাহ ত্যাগ কৰি জীৱনৰ বাকী সময়ছোৱা তম্বুত কটাইছিল?

কাহিনী ১৪

ঈশ্বৰৰ দ্বাৰা অব্ৰাহামৰ পৰীক্ষা

ঈশ্বৰে অব্ৰাহামক তেওঁৰ পুত্ৰ ইচ্‌হাকক বলিদান দিবলৈ কিয় কৈছিল?

কাহিনী ১৫

লোটৰ পত্নী

তাই যি কৰিলে, তাৰপৰা আমি কি গুৰুত্বপূৰ্ণ শিক্ষা লাভ কৰিব পাৰোঁ।

কাহিনী ১৬

ইচ্‌হাকৰ বাবে পত্নী

কি কথাই ৰিবেকাক ভাল পত্নী হ’বলৈ সহায় কৰিছিল? তাইৰ সৌন্দৰ্য্যতা নে আন কিবা?

কাহিনী ১৭

যঁজা কিন্তু মিল নাই

তেওঁলোকৰ পিতৃ, ইচ্‌হাকে এচৌক ভাল পাইছিল, কিন্তু মাতৃ, ৰিবেকাই যাকোবক ভাল পাইছিল।

কাহিনী ১৮

হাৰণলৈ যাকোবৰ যাত্ৰা

যাকোবে যদিও ৰাহেলক প্ৰেম কৰিছিল, কিন্তু তেওঁ প্ৰথমে লেয়াক বিয়া কৰিছিল।

কাহিনী ১৯

যাকোবৰ পৰিয়াল

যাকোবৰ ১২ জন পুত্ৰৰপৰাই পাছলৈ, ইস্ৰায়েলৰ ১২ গোত্ৰৰ নাম হ’ল নেকি?

কাহিনী ২০

দীনা সমস্যাত পৰিল

কুসংগ বাছনি কৰাৰ বাবে এই সকলোবোৰ আৰম্ভ হ’ল।

কাহিনী ২১

যোচেফৰ ওপৰত ককায়েকহঁতৰ খং

কিহৰ বাবে তেওঁলোকে নিজৰ ভাইককো হত্যা কৰিব বিচাৰিছিল?

কাহিনী ২২

বন্দীশালত যোচেফ

কোনো নিয়ম ভংগ কৰাৰ বাবে তেওঁক বন্দীশাললৈ পঠিওৱা হৈছিল এনে নহয়, কিন্তু যি উচিত তাক কৰাৰ বাবে বন্দীশাললৈ পঠিওৱা হৈছিল।

কাহিনী ২৩

ফৰৌণৰ সপোন

সাতজনী গৰু আৰু ধানৰ সাতোটা থোকৰ লগত কিবা সাদৃশ্য আছে।

কাহিনী ২৪

ককায়েকহঁতৰ পৰীক্ষা

যোচেফে কেনেকৈ জানিব যে তেওঁক দাস হিচাপে বিক্ৰী কৰাৰ পাছত ককায়েকহঁত সঁচাকৈ পৰিৱৰ্তন হৈছে?

কাহিনী ২৫

মিচৰত যাকোবৰ পৰিয়ালৰ প্ৰৱেশ

যাকোবৰ পৰিয়ালৰ লোকসকলক যাকোবী কোৱাৰ পৰিৱৰ্তে কিয় ইস্ৰায়েলী বুলি কোৱা হয়?

কাহিনী ২৬

ইয়োব ঈশ্বৰৰ বিশ্বাসী আছিল

ইয়োবে শাৰীৰিকভাৱে অসুস্থ হৈ পৰে আৰু নিজৰ ল’ৰা-ছোৱালীৰ লগতে জীৱ-জন্তুবিলাকক মৃত্যুত হেৰুৱাবলগীয়া হয়। তেওঁক ঈশ্বৰে শাস্তি দিছিল নেকি?

কাহিনী ২৭

এজন দুষ্ট ৰজাৰ শাসন

ফৰৌণে নৱজন্মা সকলো ইব্ৰী ল’ৰাক কিয় হত্যা কৰিবলৈ আজ্ঞা দিছিল?

কাহিনী ২৮

কেঁচুৱা মোচিৰ উদ্ধাৰ

ইস্ৰায়েলী ল’ৰা সন্তানবিলাকক বধ কৰাৰ বাবে যি আজ্ঞা দিয়া হৈছিল, তাৰপৰা বাছিবলৈ মোচিৰ মাকে এক উপায় বিচাৰি পালে।

কাহিনী ২৯

মোচিৰ পলায়ন

চল্লিছ বছৰ বয়সত মোচিয়ে ভাবিছিল যে তেওঁ ইস্ৰায়েলীসকলক উদ্ধাৰ কৰাৰ বাবে সাজু আছে, কিন্তু আচলতে তেওঁ সাজু নাছিল।

কাহিনী ৩০

জোপোহাত জুই

বহুতো অদ্ভূত কাৰ্য্য কৰাৰ পাছত, ইস্ৰায়েলীসকলক মিচৰৰপৰা বাহিৰ কৰাৰ সময় আহি পৰিছে বুলি ঈশ্বৰে মোচিক কৈছিল।

কাহিনী ৩১

ফৰৌণৰ লগত মোচি আৰু হাৰোণৰ সাক্ষাৎ

ফৰৌণে কিয় মোচিৰ কথা শুনি ইস্ৰায়েলীসকলক দাসত্বৰপৰা মুকলি কৰি দিয়া নাছিল?

কাহিনী ৩২

দহটা মহামাৰী

ফৰৌণে ইস্ৰায়েলীসকলক মিচৰৰ দাসত্বৰপৰা মুকলি কৰি নিদিয়াৰ বাবে ঈশ্বৰে মিচৰত দহটা মহামাৰী আনিছিল।

কাহিনী ৩৩

চূফ সাগৰ পাৰ কৰা

মোচিয়ে ঈশ্বৰৰ শক্তিৰে চূফ সাগৰখনক দুভাগ কৰিলে। ইস্ৰায়েলীসকলে শুকাই যোৱা সমুদ্ৰৰ মাজেৰে পাৰ হৈছে।