Skip to content

Skip to table of contents

কাহিনী ১৪

ঈশ্বৰৰ দ্বাৰা অব্ৰাহামৰ পৰীক্ষা

ঈশ্বৰৰ দ্বাৰা অব্ৰাহামৰ পৰীক্ষা

ছবিখনত দেখুৱা এই দুজন লোক কোন হয় ক’ব পাৰিবানে? ছুৰীখন ধৰি থকা মানুহজন হৈছে অব্ৰাহাম আৰু বেদীৰ ওপৰত থকা ল’ৰাজন হৈছে তেওঁৰ পুত্ৰ। কিন্তু ছুৰীখনেৰে অব্ৰাহামে কি কৰিব বিচাৰিছে? এনে লাগিছে যেন তেওঁ নিজৰ পুত্ৰক হত্যা কৰিবলৈ গৈ আছে। অব্ৰাহামে এনে কিয় কৰিব বাৰু? ইয়াৰ উত্তৰ পোৱাৰ আগতে আহাঁ আমি চাওঁ যে অব্ৰাহাম আৰু চাৰাৰ জীৱনলৈ কেনেকৈ এই পুত্ৰ আহিল।

অব্ৰাহাম আৰু চাৰাক ঈশ্বৰে কি প্ৰতিজ্ঞা কৰিছিল, তাৰ বিষয়ে তোমাৰ নিশ্চয় মনত আছে। এটা পুত্ৰ সন্তান জন্ম হ’ব বুলি ঈশ্বৰে তেওঁলোকক কৈছিল। চাৰা আৰু অব্ৰাহাম বুঢ়া হোৱাৰ বাবে তেনে হোৱাটো অসম্ভৱ যেন লাগিব পাৰে। কিন্তু অব্ৰাহামে বিশ্বাস কৰিছিল যে ঈশ্বৰৰ দৃষ্টিত কোনো কাম অসম্ভৱ নহয়। ঈশ্বৰৰ এই প্ৰতিজ্ঞা পূৰ হ’লনে?

ঈশ্বৰে অব্ৰাহামক প্ৰতিজ্ঞা কৰা প্ৰায় এবছৰেই হ’ল। অব্ৰাহামৰ ১০০ বছৰ আৰু চাৰাৰ ৯০ বছৰ বয়সত, তেওঁলোকৰ এটা পুত্ৰ সন্তানৰ জন্ম হয়। তেওঁলোকে এই পুত্ৰৰ নাম ইচ্‌হাক ৰাখিলে। এইদৰে ঈশ্বৰে নিজৰ প্ৰতিজ্ঞা পূৰ কৰিলে।

ইচ্‌হাক ডাঙৰ হোৱাত যিহোৱা ঈশ্বৰে অব্ৰাহামৰ বিশ্বাসৰ পৰীক্ষা ল’লে। ঈশ্বৰে অব্ৰাহামক ক’লে: ‘হে অব্ৰাহাম,’ তেতিয়া অব্ৰাহামে উত্তৰ দিলে, ‘চাওক, মই আছোঁ।’ ঈশ্বৰে ক’লে: ‘তোমাৰ মৰমৰ পুত্ৰ ইচ্‌হাকক লগত লৈ মই যি পৰ্ব্বতৰ কথা তোমাক ক’ম, তাৰ ওপৰত তাক বলিদান কৰাগৈ।’

ঈশ্বৰে অব্ৰাহামৰ একমাত্ৰ পুত্ৰক বলিদান কৰিবলৈ কোৱাৰ বাবে তেওঁৰ মনত নিশ্চয় আঘাত লাগিছিল। অব্ৰাহামক কৰা ঈশ্বৰৰ প্ৰতিজ্ঞাৰ বিষয়ে তোমাৰ হয়তো মনত আছে। ঈশ্বৰে প্ৰতিজ্ঞা কৰিছিল যে অব্ৰাহামৰ বংশৰ লোকসকলে কনান দেশত বাস কৰিব। কিন্তু যদি ইচ্‌হাকৰ মৃত্যু হয়, তেনেহ’লে এই প্ৰতিজ্ঞা কেনেকৈ পূৰ হ’ব? ইয়াৰ উত্তৰ অব্ৰাহামে বিচাৰি নাপালে। কিন্তু তেতিয়াও তেওঁ ঈশ্বৰৰ আজ্ঞা পালন কৰিলে।

ঈশ্বৰৰ বাক্য অনুসৰি অব্ৰাহামে পৰ্ব্বত পালেগৈ। এই পৰ্ব্বতত অব্ৰাহামে এটা বেদী তৈয়াৰ কৰিলে আৰু ইচ্‌হাকক বান্ধি সেই বেদীৰ ওপৰত ৰাখিলে। অব্ৰাহামে এখন ছুৰীৰে নিজ পুত্ৰক বলিদান কৰিবলৈ সাজু হ’ল। সেই মুহূৰ্ত্ততে ঈশ্বৰৰ দূতে অব্ৰাহামক ক’লে: ‘হে অব্ৰাহাম, অব্ৰাহাম!’ আৰু অব্ৰাহামে উত্তৰ দিলে, ‘চাওকচোন, মই আছোঁ।’

ঈশ্বৰে ক’লে: ‘তুমি ল’ৰাৰ গাত হাত নিদিবা আৰু তাক একোকে নকৰিবা। কিয়নো তুমি যে ঈশ্বৰ বিশ্বাসী লোক, তাক মই এতিয়া জানিছোঁ। কাৰণ তোমাৰ একমাত্ৰ পুত্ৰকো মোক দিবলৈ তুমি অসন্মত নহ’লা।’

ঈশ্বৰৰ প্ৰতি অব্ৰাহামৰ কি যে দৃঢ় বিশ্বাস আছিল! যিহোৱা ঈশ্বৰৰ বাবে যে একো অসম্ভৱ নহয়, তাক অব্ৰাহামে ভালদৰে জানিছিল। তেওঁ বিশ্বাস কৰিছিল যে ইচ্‌হাকৰ মৃত্যু হ’লেও ঈশ্বৰে তেওঁক পুনৰ জীয়াই তুলিব পাৰে। কিন্তু অব্ৰাহামে ইচ্‌হাকক বলিদান কৰাটো ঈশ্বৰৰ উদ্দেশ্য নাছিল। সেইবাবে ঈশ্বৰে বলিদান কৰিবলৈ ভেড়া এটাক জোপোহাত লাগি ধৰাৰ ব্যৱস্থা কৰিলে আৰু ইচ্‌হাকৰ পৰিৱৰ্তে এই ভেড়াক বলিদান দিবলৈ ঈশ্বৰে অব্ৰাহামক আজ্ঞা দিলে।

আদিপুস্তক ২১:১-৭; ২২:১-১৮.