কাহিনী ২৪
ককায়েকহঁতৰ পৰীক্ষা
যোচেফে ককায়েকহঁতক পৰীক্ষা কৰিবলৈ বিচাৰিলে। তেওঁ জানিব বিচাৰিছিল যে ককায়েকহঁতে এতিয়াও আগৰ দৰে আছে নে কিবা পৰিৰ্ৱতন হৈছে। যোচেফে তেওঁলোকক ক’লে: ‘তহঁত চোৰাংচোৱা। দেশৰ ভেদ ল’বলৈ তহঁত আহিছ।’
তেতিয়া তেওঁলোকে উত্তৰ দিলে: ‘আপোনাৰ বন্দীহঁত চোৰাংচোৱা নহয়। আমি ১২ ভাই আৰু কনান দেশত থকা একেজন মানুহৰ পুতেক। আমাৰ সৰুটো বোপাইৰ লগত এতিয়াও আছে আৰু এটা হ’লে নাই।’
যোচেফে তেওঁলোকৰ কথা বিশ্বাস নকৰাৰ ভাও ধৰিলে। যোচেফে চিমিয়োনক বন্দী কৰি ৰাখিলে আৰু বাকীকেইজনক শস্য লৈ ঘৰলৈ যাবলৈ অনুমতি দিলে। কিন্তু যোৱাৰ সময়ত যোচেফে তেওঁলোকক ক’লে: ‘তহঁতি উভতি আহোঁতে সৰু ভায়েৰক মোৰ ওচৰলৈ লৈ আনিবি।’
শস্যবোৰ লগত লৈ কনানত উপস্থিত হোৱাৰ লগে লগে তেওঁলোকে যাকোবক সকলো কথা বৰ্ণনা কৰিলে। এইবোৰ শুনাৰ পাছত যাকোবৰ বৰ দুখ লাগিল। যাকোবে ক’লে: ‘যোচেফৰ মৃত্যু হ’ল আৰু এতিয়া চিমিয়োনো নাই। মই বিন্যামীনক তহঁতৰ লগত যাবলৈ নিদিওঁ।’ কিন্তু শস্য লাহে লাহে কমি আহিবলৈ ধৰিলে। তেতিয়া মিচৰৰপৰা আৰু শস্য আনিবলৈ, বিন্যামীনক ককায়েকহঁতৰ লগত যাবলৈ যাকোবে অনুমতি দিলে।
যোচেফে তেওঁৰ ককায়েকহঁতক আহি থকা দেখিলে। যোচেফে নিজৰ সৰু ভায়েকক দেখি বৰ আনন্দিত হ’ল। ককায়েকহঁতে কিন্তু যোচেফক এতিয়াও চিনি পোৱা নাছিল। এতিয়া যোচেফে তেওঁৰ ১০জন ককায়েকক পৰীক্ষা কৰিবলৈ বুদ্ধি পাতিলে।
তেওঁলোকৰ বেগবোৰত ভালদৰে শস্য সুমুৱাই দিবলৈ যোচেফে নিজৰ দাসবিলাকক আদেশ দিলে। কিন্তু কোনেও নজনাকৈ যোচেফে নিজৰ ৰূপৰ বাটিটো বিন্যামীনৰ বেগত ৰখাৰ ব্যৱস্থা কৰিলে। সকলোৱে শস্যবোৰ লগত লৈ যাত্ৰা আৰম্ভ কৰিলে। অলপ সময়ৰ পাছত, যোচেফে তেওঁৰ কেইজনমান দাসক নিজৰ ককায়েকহঁতৰ পাছে পাছে পঠিয়ালে। দাসকেইজনে তেওঁলোকক লগ ধৰাৰ পাছত ক’লে: ‘তোমালোকে আমাৰ প্ৰভুৰ ৰূপৰ বাটিটো কিয় চুৰ কৰি আনিছা?’
যাকোবৰ ককায়েকহঁতে উত্তৰ দিলে: ‘আমি তেওঁৰ বাটিটো চুৰ কৰা নাই। যদি আপোনাৰ বন্দীহঁতৰ মাজৰ কাৰোবাৰ লগত এই বাটি ওলাই, তাৰ মৃত্যুদণ্ড হওক।’
যোচেফৰ দাসবিলাকে বেগবোৰত ৰূপৰ বাটিটো বিচাৰিবলৈ ধৰিলে। ছবিখনলৈ চাই তোমালোকে ক’ব পাৰিবানে যে সেই বাটিটো কাৰ বেগত ওলাল? সেই ৰূপৰ বাটিটো বিন্যামীনৰ বেগত পোৱা গ’ল। দাসবিলাকে ক’লে: ‘বিন্যামীন হ’লে আমাৰ লগত আহক আৰু বাকীকেইজনে ঘৰলৈ উভতি যাওক।’ এতিয়া ১০জন ককায়েকে কি কৰিব?
বিন্যামীনৰ লগত সকলোৱে যোচেফৰ ঘৰলৈ উভতি গ’ল। যোচেফে ককায়েকহঁতক ক’লে: ‘তহঁতে ঘৰলৈ উভতি যা, কিন্তু বিন্যামীন হ’লে মোৰ দাস হৈ থাকিব।’
যিহূদাই যোচেফক ক’লে: ‘বিন্যামীনক লগত নোলোৱাকৈ যদি মই ঘৰলৈ উভতি যাওঁ, তেনেহ’লে মোৰ দেউতাৰ অকাৰণতে মৃত্যু ঘটিব। কিয়নো তেওঁ এই ল’ৰাক বৰ ভাল পায়। গতিকে মই বিনয় কৰোঁ, বিন্যামীনৰ সলনি প্ৰভুৰ ইয়াত ময়েই বন্দী হৈ থাকোঁ। অনুগ্ৰহ কৰি বিন্যামীনক ককায়েকহঁতৰ লগত ঘৰলৈ যাবলৈ দিয়ক।’
যোচেফে লক্ষ্য কৰিলে যে তেওঁৰ ককায়েকহঁতে নিজৰ জীৱনত বহুতো পৰিৱৰ্তন কৰিছে। তেওঁলোক আৰু আগৰ দৰে হৈ থকা নাই। যোচেফে ককায়েকহঁতৰ লগত কেনে ব্যৱহাৰ কৰিলে, তাৰ বিষয়ে আমি আগলৈ শিকিব পাৰিম।
আদিপুস্তক ৪২:৯-৩৮; ৪৩:১-৩৪; ৪৪:১-৩৪.