কাহিনী ৩১
ফৰৌণৰ লগত মোচি আৰু হাৰোণৰ সাক্ষাৎ
মিচৰলৈ উভতি আহি মোচিয়ে ককায়েক হাৰোণক সকলো কথা বিবৰি ক’লে। মোচি আৰু হাৰোণে ইস্ৰায়েলী লোকসকলক তেওঁলোকৰ অদ্ভুত কাৰ্য্যবোৰ দেখুৱালে আৰু এইবোৰ ঈশ্বৰৰ কাৰ্য্য হয় বুলি লোকসকলে বিশ্বাস কৰিলে।
মোচি আৰু হাৰোণে ফৰৌণক সাক্ষাৎ কৰিবলৈ গ’ল। তেওঁলোকে ফৰৌণক ক’লে: ‘ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এইদৰে কৈছে, “অৰণ্যত মোৰ উদ্দেশ্যে উৎসৱ কৰিবলৈ, তুমি মোৰ প্ৰজাবিলাকক এৰি দিয়া।” ’ কিন্তু ফৰৌণে উত্তৰ দিলে: ‘যিহোৱানো কোন যে মই তেওঁৰ কথা শুনি ইস্ৰায়েলী লোকসকলক এৰি দিম? মই যিহোৱাক নাজানো আৰু ইস্ৰায়েলীসকলকো এৰি নিদিওঁ।’
ইস্ৰায়েলী লোকসকলে যিহোৱা ঈশ্বৰক উপাসনা কৰিবলৈ কামৰপৰা ছুটী বিচৰাৰ বাবে ফৰৌণৰ বৰ খং উঠিল। সেইবাবে তেওঁ লোকসকলক কঠোৰ পৰিশ্ৰম কৰিবলৈ বাধ্য কৰিলে। ইস্ৰায়েলী লোকসকলে মোচিক দোষাৰোপ কৰিলে আৰু ইয়াৰ বাবে মোচিৰ মনত বৰ আঘাত লাগিল। কিন্তু যিহোৱাই তেওঁক চিন্তা কৰিবলৈ মানা কৰিলে। ঈশ্বৰে মোচিক ক’লে: ‘মই মোৰ লোকসকলক এৰি দিবলৈ ফৰৌণক বাধ্য কৰিম।’
মোচি আৰু হাৰোণে ফৰৌণক সাক্ষাৎ কৰিবলৈ আকৌ ওলাই গ’ল। সেইসময়ত তেওঁলোকে এক অদ্ভুত কাৰ্য্য কৰিলে। হাৰোণে নিজৰ লাখুটিডাল তলত পেলাই দিয়ে আৰু লগে লগে সেইডাল সাপ হৈ পৰিল। ফৰৌণৰ বিদ্বান আৰু মায়াবীসকলেও নিজৰ নিজৰ লাখুটিবোৰ পেলালে আৰু সেইবোৰ সাপ হৈ পৰিল। কিন্তু মন কৰিবলগীয়া কথা যে হাৰোণৰ সাপডালে বিদ্বান আৰু মায়াবীসকলৰ সাপবোৰক গিলি পেলালে। এইবোৰ হোৱাৰ পাছতো ফৰৌণে ইস্ৰায়েলী লোকসকলক যাবলৈ অনুমতি নিদিলে।
যিহোৱা ঈশ্বৰে ফৰৌণক এক শিক্ষা দিয়াৰ সময় আহি পৰিল। ঈশ্বৰে এই কাম কেনেকৈ কৰিলে তুমি জানানে? মিচৰ দেশৰ ওপৰত ১০টা মহামাৰী অনাৰ যোগেদি যিহোৱা ঈশ্বৰে ফৰৌণক এক শিক্ষা দিলে।
মহামাৰী হ’লে ফৰৌণে মোচিক কয়: ‘মহামাৰী বন্ধ কৰা, মই ইস্ৰায়েলীসকলক যাবলৈ দিম।’ কিন্তু যেতিয়া মহামাৰী বন্ধ হয়, তেতিয়া ফৰৌণে নিজৰ কথা নাৰাখে। তেওঁ ইস্ৰায়েলীসকলক যাবলৈ নিদিয়ে। কিন্তু দশম মহামাৰীৰ পাছত ফৰৌণে ইস্ৰায়েলীসকলক যাবলৈ অনুমতি দিলে।
মিচৰ দেশত হোৱা সেই ১০টা মহামাৰীৰ বিষয়ে তুমি জানানে? পৰৱৰ্তী অধ্যায়ত ইয়াৰ বিষয়ে আমি শিকিবলৈ পাম।
যাত্ৰাপুস্তক ৪:২৭-৩১; ৫:১-২৩; ৬:১-১৩, ২৬-৩০; ৭:১-১৩.