Skip to content

Skip to table of contents

কাহিনী ৫৫

এটা সৰু ল’ৰাৰ সেৱা

এটা সৰু ল’ৰাৰ সেৱা

ছবিখনত দেখা মৰমিয়াল ল’ৰাটোলৈ লক্ষ্য কৰাচোন। তাৰ নাম হৈছে চমূৱেল। চমূৱেলৰ মূৰত হাত দি থকা মানুহজনৰ নাম হৈছে এলী আৰু তেওঁ ইস্ৰায়েলৰ মহাপুৰোহিত হয়। পিতৃ ইল্‌কানা আৰু মাক হান্নাই চমূৱেলক এলীৰ ওচৰলৈ লৈ আহিছে।

চমূৱেলৰ বয়স মাত্ৰ চাৰি বা পাঁচ বছৰমান হ’ব। সি এতিয়া এলী আৰু আন পুৰোহিতবিলাকৰ লগত যিহোৱাৰ গৃহত থাকিব। ইল্‌কানা আৰু হান্নাই ইমান সৰু ল’ৰাটোক কিয় যিহোৱাৰ গৃহত থাকিবলৈ এৰি যাব? আহাঁ আমি ইয়াৰ বিষয়ে চালি-জাৰি চাওঁ।

কিছুবছৰৰ আগৰ কথা। সন্তান নথকাৰ বাবে হান্নাৰ মনত বৰ বেজাৰ। নিজৰ এটা সন্তানৰ বাবে তাই সদায় আশা কৰিছিল। এবাৰ যিহোৱাৰ গৃহলৈ দৰ্শন কৰিবলৈ আহোঁতে, হান্নাই ঈশ্বৰক প্ৰাৰ্থনা কৰিছিল: ‘হে যিহোৱা, মোক নাপাহৰিব। আপুনি যদি মোক এটা পুত্ৰ সন্তান দিয়ে তেনেহ’লে আপোনাৰ সেৱা কৰিবলৈ তাক দিম।’

যিহোৱাই হান্নাৰ প্ৰাৰ্থনাৰ উত্তৰ দিয়ে। হান্না গৰ্ভৱতী হয় আৰু চমূৱেলক জন্ম দিয়ে। হান্নাই চমূৱেলক বৰ মৰম কৰে। তাই চমূৱেলক সৰুৰেপৰা যিহোৱাৰ বিষয়ে শিক্ষা দিয়ে। এদিনাখন হান্নাই স্বামীক ক’লে: ‘ল’ৰাটিয়ে পিয়াহ এৰিলেহে মই তাক যিহোৱাৰ গৃহলৈ লৈ যাম আৰু সি তাত যিহোৱাক সেৱা কৰিব।’

ছবিখনত দেখুৱাৰ দৰে ইল্‌কানা আৰু হান্নাই চমূৱেলক যিহোৱাৰ গৃহলৈ লৈ আহিছে। চমূৱেলৰ মাক-দেউতাকে সৰুৰেপৰা তাক যিহোৱাৰ বিষয়ে শিকাইছে আৰু সেইবাবে সি ঈশ্বৰৰ গৃহত সেৱা কৰিবলৈ পাই বৰ আনন্দিত। ইল্‌কানা আৰু হান্নাই যিহোৱাক উপাসনা কৰিবলৈ আৰু নিজৰ সৰু ল’ৰাটোক চাবলৈ প্ৰতিবছৰে এই বিশেষ গৃহলৈ আহে। প্ৰতিবাৰে হান্নাই চমূৱেলৰ বাবে এটা নতুন চোলা বনাই আনে।

কেইবাবছৰো পাৰ হ’ল। চমূৱেলে এতিয়াও যিহোৱাৰ গৃহত সেৱা কৰি আছে। যিহোৱা ঈশ্বৰ আৰু লোকসকলে চমূৱেলক বৰ ভাল পায়। মহাপুৰোহিত এলীৰ দুজন পুত্ৰ আছে। তেওঁলোকৰ নাম হৈছে হফ্নী আৰু পীনহচ। তেওঁলোক কিন্তু বৰ দুষ্ট আছিল আৰু বেয়া কামবোৰত লিপ্ত হৈছিল। যিহোৱাৰ আজ্ঞা উলংঘন কৰিবলৈ তেওঁলোকে লোকসকলক উদ্‌গনি দিছিল। এই দুষ্ট ল’ৰাকেইজনক পুৰোহিত কাম কৰিবলৈ এলীয়ে অনুমতি দিয়াটো উচিত নহয়। কিন্তু তেওঁ নিজৰ ল’ৰাকেইজনক অনুশাসন নকৰিলে।

যিহোৱাৰ গৃহত হৈ থকা বেয়া কামবোৰৰ বাবে চমূৱেলে যিহোৱাক সেৱা কৰাটো বন্ধ কৰা নাই। সেইসময়ত ইস্ৰায়েলৰ কেইজনমান লোকেহে যিহোৱাৰ আজ্ঞা পালন কৰিছিল। বহুদিন হ’ল, যিহোৱাই কোনো মানুহৰ লগত কথা-বতৰা হোৱা নাই। কিন্তু যেতিয়া চমূৱেল অলপ ডাঙৰ হ’ল, তেতিয়া এক আচৰিত ঘটনা ঘটিল।

চমূৱেলে ৰাতি শুই থাকোঁতে, হঠাতে কিবা শব্দ শুনি সাৰ পালে আৰু ক’লে: ‘মই আছোঁ।’ চমূৱেলে এলীৰ ওচৰলৈ দৌৰি গৈ ক’লে: ‘আপুনি মোক মাতিছে নেকি?’

কিন্তু এলীয়ে উত্তৰ দিলে: ‘মই তোমাক মতা নাই। তুমি শুই থাকাগৈ।’ এলীৰ কথা অনুসৰি চমূৱেলে শুবলৈ গ’ল।

দ্বিতীয়বাৰ চমূৱেলে এক শব্দ শুনিলে: ‘হে চমূৱেল।’ তাতে চমূৱেলে এলীৰ ওচৰলৈ দৌৰি গ’ল আৰু ক’লে: ‘আপুনি মোক মাতিছে নেকি?’ কিন্তু এলীয়ে উত্তৰ দিলে: ‘বোপা, মই তোমাক মতা নাই। তুমি শোৱাগৈ।’ চমূৱেলে আকৌ শুবলৈ গ’ল।

‘হে চমূৱেল,’ এই বুলি তৃতীয়বাৰ আকৌ কোনোবাই মাতিলে। চমূৱেলে এলীৰ ওচৰলৈ গৈ ক’লে: ‘এইবাৰ নিশ্চয় আপুনি মোক মাতিছে।’ এলীৰ আৰু বুজিবলৈ বাকী নাথাকিল যে যিহোৱাই চমূৱেলক মাতিছে। তেওঁ চমূৱেলক ক’লে: ‘তুমি গৈ শুই থাকা। যদি তেওঁ তোমাক মাতে, তেন্তে ক’বা, “হে যিহোৱা কওক, আপোনাৰ দাসে শুনিছে।” ’

এইবাৰ যেতিয়া যিহোৱাই চমূৱেলক মাতিলে, তেতিয়া এলীয়ে কোৱাৰ দৰে চমূৱেলে উত্তৰ দিয়ে। চমূৱেলক যিহোৱাই কয় যে এলী আৰু তেওঁৰ পুত্ৰকেইজনক তেওঁ শাস্তি দিব। যিহোৱাৰ বাক্য অনুসৰি পলেষ্টীয়াবিলাকৰ লগত হোৱা এখন যুদ্ধত, হফ্নী আৰু পীনহচৰ মৃত্যু হয়। নিজৰ পুত্ৰকেইজনৰ মৃত্যুৰ খবৰ শুনি বহি থকা আসনৰপৰা এলী লুটি খাই পৰিল। ইয়াৰ ফলত এলীৰ ডিঙি ভাঙিল আৰু থিতাতে তেওঁৰ মৃত্যু হ’ল। যিহোৱাৰ বাক্যৰ দৰে সকলো ঘটিল।

চমূৱেল ডাঙৰ হৈ এজন বিচাৰকৰূপে সেৱা কৰিবলৈ ধৰিলে। তেওঁ ইস্ৰায়েলৰ অন্তিম বিচাৰক আছিল। চমূৱেল বৃদ্ধ হোৱাত লোকসকলে তেওঁক ক’লে: ‘আমাৰ বিচাৰ কৰিবলৈ আমাক এজন ৰজা দিয়ক।’ ইস্ৰায়েলীসকলক এজন ৰজাই শাসন কৰাটো চমূৱেলে বিচৰা নাছিল। প্ৰকৃততে ইস্ৰায়েলীসকলৰ ৰজা যিহোৱা ঈশ্বৰ হয়। কিন্তু যিহোৱাই লোকসকলৰ কথা শুনিবলৈ চমূৱেলক ক’লে।

১ চমূৱেল ১:১-২৮; ২:১১-৩৬; ৩:১-১৮; ৪:১৬-১৮; ৮:৪-৯.