Skip to content

Skip to table of contents

কাহিনী ৫৪

এজন বলৱান পুৰুষ

এজন বলৱান পুৰুষ

গোটেই পৃথিৱীৰ ভিতৰত আটাইতকৈ বলৱান পুৰুষজনৰ নাম কি আছিল তুমি জানানে? তেওঁৰ নাম হৈছে চিম্‌চোন আৰু তেওঁ এজন বিচাৰক আছিল। চিম্‌চোনক যিহোৱা ঈশ্বৰে শক্তি দিছিল। তেওঁৰ জন্ম হোৱাৰ আগতে যিহোৱাই চিম্‌চোনৰ মাকক কৈছিল: ‘তুমি গৰ্ভধাৰণ কৰি এটি পুত্ৰ প্ৰসৱ কৰিবা। পলেষ্টীয়াবিলাকৰ হাতৰপৰা ইস্ৰায়েলক সি উদ্ধাৰ কৰিব।’

কনান দেশত বাস কৰা পলেষ্টীয়াবিলাক বৰ দুষ্ট আছিল। তেওঁলোকৰ বহুতো সৈনিক আছিল আৰু এই সৈনিকবিলাকে ইস্ৰায়েলী লোকসকলৰ ওপৰত অত্যাচাৰ কৰিছিল। এবাৰ চিম্‌চোনে পলেষ্টীয়াবিলাকৰ থকা ঠাইলৈ যাত্ৰা কৰোঁতে এটা সিংহৰ সন্মুখীন হয়। চিম্‌চোনে খালী হাতেৰে সিংহটোক বধ কৰিছিল। চিম্‌চোনে আনকি বহুতো দুষ্ট পলেষ্টীয়া লোককো বধ কৰিছিল।

পাছলৈ চিম্‌চোনে দলীলা নামৰ এগৰাকী তিৰোতাৰ প্ৰেমত পৰিল। পলেষ্টীয়াবিলাকৰ নেতাবিলাকে দলীলাক কথা দিলে যে যদি তাই চিম্‌চোনৰ শক্তিৰ ৰহস্য তেওঁলোকক জনায়, তেনেহ’লে তেওঁলোকৰ প্ৰতিজনে তাইক ১,১০০টাকৈ ৰূপৰ মুদ্ৰা দিব। এই ধনৰ প্ৰতি দলীলাৰ লোভ উপজিল। প্ৰকৃততে তাই চিম্‌চোন বা ঈশ্বৰৰ লোকসকলক ভাল নাপাইছিল। দলীলাই বাৰে বাৰে চিম্‌চোনক তেওঁৰ শক্তিৰ ৰহস্যৰ বিষয়ে সুধিছিল।

অৱশেষত চিম্‌চোনে নিজৰ শক্তিৰ ৰহস্যৰ বিষয়ে দলীলাক জনালে। তেওঁ ক’লে: ‘মোৰ মূৰৰ চুলি কেতিয়াও কটা নাই। মাৰ গৰ্ভৰেপৰা মই ঈশ্বৰৰ উদ্দেশ্যে নাচৰীয়া মানুহ। চুলি কাটিলে মোৰ শক্তি নাইকিয়া হ’ব।’

চিম্‌চোনৰ শক্তিৰ ৰহস্যৰ বিষয়ে জানিব পাৰি দলীলাই আনন্দিত হ’ল আৰু চিম্‌চোনক নিজৰ কোলাত শুৱালে। ইয়াৰ পাছত তাই এজন মানুহক মাতি চিম্‌চোনৰ চুলি কটোৱালে। চিম্‌চোনে সাৰ পাই জানিব পাৰিলে যে তেওঁৰ শক্তি নাইকিয়া হৈছে। সেই সময়তে পলেষ্টীয়াবিলাকে আহি চিম্‌চোনক বন্দী কৰিলে। ইয়াৰ পাছত পলেষ্টীয়াবিলাকে তেওঁৰ চকু দুটা কাঢ়ি উলিয়ালে আৰু চিম্‌চোনক তেওঁলোকৰ দাস কৰিলে।

এদিনাখন পলেষ্টীয়াবিলাকে তেওঁলোকৰ দেৱতা দাগোনক উপাসনা কৰিবলৈ এটা ডাঙৰ পাৰ্টীৰ আয়োজন কৰিলে। সেই পাৰ্টীত চিম্‌চোনক ঠাট্টা কৰিবলৈ পলেষ্টীয়াবিলাকে তেওঁক বন্দীশালৰপৰা উলিয়াই আনিলে। বন্দীশালত থকা সময়ছোৱাত চিম্‌চোনৰ চুলি বাঢ়িল। এটা সৰু ল’ৰাই চিম্‌চোনক হাতত ধৰি এই পাৰ্টীত লৈ আনিছিল। চিম্‌চোনে এই ল’ৰাটোক ক’লে: ‘যি দুটা স্তম্ভৰ ওপৰত এই ঘৰৰ ভৰ আছে, তাক মোক চুবলৈ দে।’ চিম্‌চোনে শক্তিৰ বাবে যিহোৱালৈ প্ৰাৰ্থনা কৰিলে আৰু ঘৰৰ ভৰ থকা দুটা স্তম্ভক হাতেৰে ধৰিলে। চিম্‌চোনে জোৰেৰে চিঞৰি ক’লে: ‘পলেষ্টীয়াবিলাকৰ সৈতে মোৰ প্ৰাণ যাওক।’ সেই পাৰ্টীত ৩,০০০ পলেষ্টীয়া লোক উপস্থিত আছিল। চিম্‌চোনে যেতিয়া স্তম্ভ দুটাক জোৰেৰে হেঁচি ধৰিলে, তেতিয়া গোটেই ঘৰটো ভাঙি পৰিল আৰু তাত থকা সকলো দুষ্ট লোকৰ মৃত্যু হ’ল।

বিচাৰকৰ্ত্তাবিলাক ১৩-ৰপৰা ১৬ অধ্যায়