Skip to content

Skip to table of contents

কাহিনী ৪২

কথা কোৱা গাধ

কথা কোৱা গাধ

গাধই কথা কোৱা তুমি কেতিয়াবা শুনিছানে? উত্তৰত হয়তো তুমি ক’বা: ‘ই কেতিয়াও হ’ব নোৱাৰে, জন্তুৱে কথা কোৱাটো অসম্ভৱ।’ কিন্তু বাইবেলে এনে এটা গাধৰ বিষয়ে বৰ্ণনা কৰিছে যিয়ে কথা কৈছিল। ই কেনেকৈ সম্ভৱ হ’ল বাৰু? আহাঁ ইয়াৰ উত্তৰ আমি বিচাৰি চাওঁ।

ইস্ৰায়েলীসকল এতিয়া কনান দেশৰ দুৱাৰডলিত। মোৱাবৰ ৰজাজনৰ নাম হৈছে বালাক আৰু তেওঁ ইস্ৰায়েলীসকলক বৰ ভয় কৰে। ইস্ৰায়েলীসকলক শাও দিবলৈ মোৱাবৰ ৰজাজনে, বিলিয়ম নামৰ এজন ধূৰ্ত মানুহক মতাই আনিলে। ইয়াৰ বাবে বিলিয়মক বহুতো ধন-সম্পত্তি দিব বুলি বালাকে প্ৰতিশ্ৰুতি দিলে। গতিকে বিলিয়মে নিজৰ গাধত উঠি বালাকক দেখা কৰিবলৈ যাত্ৰা আৰম্ভ কৰিলে।

বিলিয়মে ইস্ৰায়েলীসকলক শাও দিয়াটো যিহোৱা ঈশ্বৰে বিচৰা নাছিল। সেইবাবে ঈশ্বৰে বিলিয়মক বাধা দিবলৈ এটা স্বৰ্গদূতক পঠিয়ালে আৰু তেওঁৰ হাতত এখন খোলা তৰোৱাল আছিল। বিলিয়মে স্বৰ্গদূতজনক দেখা নাছিল, কিন্তু তেওঁৰ গাধজনীয়ে দেখিছিল। গাধই স্বৰ্গদূতজনক দেখি আনফালে যাবলৈ চেষ্টা কৰিলে। বহু চেষ্টা কৰাৰ পাছতো যেতিয়া একো নহ’ল, তেতিয়া গাধজনীয়ে ৰাস্তাতে বহি পৰিল। ইয়াকে দেখি বিলিয়মৰ বৰ খং উঠিল আৰু তেওঁ গাধজনীক লাঠিৰে কোবাবলৈ ধৰিলে।

তেতিয়া যিহোৱাই গাধক কথা ক’বলৈ শক্তি দিলে। গাধই বিলিয়মক ক’লে: ‘মই তোমাক কি কৰিলো যে তুমি মোক কোবাইছা?’

বিলিয়মে গাধজনীক ক’লে: ‘তই মোক অমান্য কৰিছ। মোৰ হাতত তৰোৱাল থকা হ’লে মই এতিয়াই তোক বধ কৰিলোহেঁতেন।’

গাধই বিলিয়মক উত্তৰ দিলে: ‘মই জানো কেতিয়াবা তোমালৈ এনে ব্যৱহাৰ কৰিছিলো?’

বিলিয়মে ক’লে: ‘নাই কৰা।’

ইয়াৰ পাছত যিহোৱাই বিলিয়মৰ চকু মুকলি কৰিলে। এতিয়া বিলিয়মে তৰোৱাল লৈ থকা স্বৰ্গদূতজনক ৰাস্তাত ৰৈ থকা দেখিলে। স্বৰ্গদূতজনে ক’লে: ‘তুমি তোমাৰ গাধজনীক কিয় মাৰিছা? মই তোমাৰ যাত্ৰাত বাধা দিবলৈ আহিছোঁ। তুমি ইস্ৰায়েলীসকলক শাও দিবলৈ নাযাবা। তোমাৰ গাধই যদি মোৰ সন্মুখৰপৰা নুঘূৰা হ’লে মই নিশ্চয়ে তোমাক বধ কৰিলোহেঁতেন, কিন্তু তাইক জীয়াই ৰাখিলোহেঁতেন।’

বিলিয়মে স্বৰ্গদূতজনক ক’লে: ‘মই পাপ কৰিলো। কিয়নো আপুনি যে বাটত থিয় হৈ আছে, তাক মই জনা নাছিলো।’ তেতিয়া স্বৰ্গদূতজনে বিলিয়মক যাবলৈ দিলে আৰু বিলিয়মে ৰজা বালাকক লগ কৰিবলৈ গ’ল। বিলিয়মে ইস্ৰায়েলীসকলক শাও দিবলৈ চেষ্টা কৰে। কিন্তু আচৰিতভাৱে যিহোৱাই বিলিয়মক ইস্ৰায়েলীসকলৰ ওপৰত তিনিবাৰ আশীৰ্ব্বাদ দিবলৈ বাধ্য কৰে।

গণনা পুস্তক ২১:২১-৩৫; ২২:১-৪০; ২৩:১-৩০; ২৪:১-২৫.