Skip to content

Skip to table of contents

কাহিনী ৩৮

বাৰজন চোৰাংচোৱা

বাৰজন চোৰাংচোৱা

মানুহকেইজনে কঢ়িয়াই অনা ফলবোৰ চোৱাচোন। ইমান ডাঙৰ ডাঙৰ আঙুৰৰ থোকবোৰ! দুজন মানুহে ভাৰ এডালত এইবোৰ কঢ়িয়াই আনিছে। তাত ওলমি থকা ডিমৰু আৰু ডালিমবোৰলৈ লক্ষ্য কৰাচোন। এই ফলবোৰ ক’ৰপৰা আহিল বাৰু? এই সকলোবোৰ কনান দেশৰপৰা অনা হৈছে। এই কনান দেশতেই এসময়ত অব্ৰাহাম, ইচ্‌হাক আৰু যাকোবে বাস কৰিছিল। কিন্তু তাত আকাল হোৱাৰ বাবে যাকোবে পৰিয়ালৰ সৈতে মিচৰত থাকিবলৈ ল’লে। প্ৰায় ২১৬ বছৰৰ পাছত মোচিয়ে ইস্ৰায়েলী লোকসকলক কনান দেশলৈ উভতাই লৈ আহিছে। তেওঁলোকে এতিয়া কাদেচ নামৰ এখন অৰণ্যত পালেহি।

কনানত বাস কৰা লোকসকল বৰ দুষ্ট আছিল। গতিকে সেই দেশৰ বুজ-বিচাৰ ল’বলৈ মোচিয়ে ১২জন চোৰাংচোৱা পঠিয়ালে। মোচিয়ে তেওঁলোকক ক’লে: ‘তাত থকা লোকসকলৰ সংখ্যা, তেওঁলোক বলী নে নিৰ্ব্বলী আৰু সেই দেশৰ ভূমিৰ বিষয়ে খবৰ লৈ আহাঁ। লগতে তাত উৎপন্ন হোৱা কিছুমান ফলো লৈ আনিবা।’

কনান দেশৰপৰা উভতি আহি চোৰাংচোৱাকেইজনে মোচিক ক’লে: ‘সঁচাকৈ সেই দেশ অতিকৈ মনোমোহা। তাৰ তুলনা কাৰো লগত কৰিব নোৱাৰি।’ ইয়াৰ প্ৰমাণ কৰিবলৈ তেওঁলোকে মোচিক কিছুমান ফল দেখুৱালে। কিন্তু তাৰে দহজন চোৰাংচোৱাই মোচিক ক’লে: ‘তাৰ মানুহবোৰ বৰ শক্তিশালী। যদি আমি সেই দেশ অধিকাৰ কৰিবলৈ চেষ্টা কৰোঁ, তেনেহ’লে আমাৰ অকালতে মৃত্যু হ’ব।’

দহজন চোৰাংচোৱাৰ খবৰ শুনি ইস্ৰায়েলী লোকসকলে বৰ ভয় খালে। তেওঁলোকে ক’বলৈ ধৰিলে: ‘মিচৰ দেশতে মৰা হ’লে নাইবা এই অৰণ্যতে মৰা হ’লে কেনে ভাল আছিল! যুদ্ধত আমাৰ মৃত্যু হ’ব আৰু আমাৰ ল’ৰা-তিৰোতাবোৰ তেওঁলোকৰ বন্দী হ’ব। গতিকে আহাঁ, মোচিৰ সলনি আমি আন এজনক দলপতি নিৰ্ব্বাচন কৰোঁ আৰু মিচৰলৈ উভতি যাওঁ।’

কিন্তু দুজন চোৰাংচোৱাই যিহোৱা ঈশ্বৰক ভৰসা কৰিছিল আৰু তেওঁলোকে লোকসকলক শান্ত কৰিবলৈ চেষ্টা কৰিলে। এই দুজন চোৰাংচোৱাৰ নাম হৈছে যিহোচূৱা আৰু কালেব। তেওঁলোকে লোকসকলক ক’লে: ‘সিহঁতলৈ ভয় নকৰিবা। কিয়নো যিহোৱা ঈশ্বৰ আমাৰ লগত আছে। আমি সহজতে সেই দেশখন অধিকাৰ কৰিব পাৰিম।’ কিন্তু লোকসকলে তেওঁলোকৰ কথা নুশুনিলে। আনকি লোকসকলে যিহোচূৱা আৰু কালেবক হত্যা কৰিবলৈ চেষ্টা কৰিলে।

ইস্ৰায়েলীসকলৰ এই কাৰ্য্যৰ বাবে যিহোৱাৰ বৰ খং উঠিল। তেওঁ মোচিক ক’লে: ‘বিশ বছৰ আৰু তাতোতকৈ অধিক বয়সীয়া যিসকলে মোৰ বিৰুদ্ধে কথা কৈছিল, তেওঁলোকৰ কোনেও কনান দেশত প্ৰৱেশ কৰিব নোৱাৰিব। মিচৰ দেশ আৰু অৰণ্যত মোৰ আচৰিত কাৰ্য্য দেখাৰ সত্ত্বেও তেওঁলোকে মোক বিশ্বাস কৰা নাই। গতিকে এই লোকসকলৰ অন্তিমজনৰ মৃত্যু নোহোৱালৈকে ৪০ বছৰ তেওঁলোকে অৰণ্যত অনাই-বনাই ঘূৰি ফুৰিব। কেৱল যিহোচূৱা আৰু কালেবে কনান দেশত প্ৰৱেশ কৰিব।’

গণনা পুস্তক ১৩:১-৩৩; ১৪:১-৩৮.