Skip to content

Skip to table of contents

কাহিনী ৩৬

এটা সোণৰ দামুৰি

এটা সোণৰ দামুৰি

চোৱাচোন লোকসকলে কি কৰিছে? তেওঁলোকে এটা দামুৰিৰ চাৰিওফালে নাচি-বাগি আছে। তেওঁলোকে দামুৰিটোক কিয় উপাসনা কৰিছে বাৰু?

পৰ্ব্বতৰপৰা নামিবলৈ মোচিৰ পলম হোৱা দেখি, লোকসকলে হাৰোণক ক’লে: ‘মোচিৰ কি হ’ল, তাক আমি নাজানো। আমাৰ আগে আগে যাবৰ নিমিত্তে আমাৰ বাবে এজন দেৱতা নিৰ্ম্মাণ কৰা।’

মোচিৰ ককায়েক হাৰোণে ক’লে: ‘তোমালোকৰ কাণৰ সোণৰ কুণ্ডলবোৰ মোৰ ওচৰলৈ লৈ আনা।’ লোকসকলে হাৰোণৰ কথা অনুসৰি সোণবোৰ আনিলে। হাৰোণে সেইবোৰ গলাই এটা সোণৰ দামুৰি বনালে। সোণৰ দামুৰিটো দেখি লোকসকলে ক’বলৈ ধৰিলে: ‘এয়া হৈছে মিচৰ দেশৰপৰা আমাক উলিয়াই অনা ঈশ্বৰ।’ ইয়াৰ পাছত ইস্ৰায়েলী লোকসকলে এক বৰ ভোজৰ আয়োজন কৰিলে আৰু দামুৰিটোক উপাসনা কৰিবলৈ ধৰিলে।

লোকসকলৰ এই কাৰ্য্য দেখি যিহোৱাৰ বৰ খং উঠিল। তেওঁ মোচিক ক’লে: ‘তুমি নামি যোৱা। কিয়নো তোমাৰ যি লোকবিলাকক তুমি মিচৰ দেশৰপৰা উলিয়াই আনিলা, তেওঁবিলাক ভ্ৰষ্ট হ’ল। মই তেওঁবিলাকক যি পথৰ বিষয়ে আজ্ঞা দিছিলো, সেইবোৰ পাহৰি তেওঁলোকে সাঁচত ঢলা এটা দামুৰি নিৰ্ম্মাণ কৰি, তাৰ আগত প্ৰণিপাত কৰিছে।’

মোচিয়ে পৰ্ব্বতৰপৰা খৰ-খেদাকৈ নামি আহিল। তেওঁ তলত আহি কি দেখিলে? লোকসকলে এটা সোণৰ দামুৰিৰ আগত নাচি-বাগি আছে। মোচিৰ ইমানেই খং উঠিল যে যিহোৱাই দিয়া দুটা শিলৰ ফলিক তেওঁ মাটিত থেকেচি পেলালে আৰু ফলিকেইখন ভাঙি টুকুৰা-টুকুৰি হ’ল। তাৰ পাছত মোচিয়ে সোণৰ দামুৰিটো লৈ জুইত পুৰি গলালে আৰু তাক পিহি ধূলিৰ নিচিনা কৰিলে।

ইস্ৰায়েলী লোকসকলে এয়া এক বৰ বেয়া কাম কৰা নাইনে? মোচিয়ে কিছুমান লোকক তৰোৱাল ল’বলৈ আদেশ দিলে। মোচিয়ে তেওঁলোকক ক’লে: ‘সোণৰ দামুৰিটোক উপাসনা কৰা লোকসকলৰ মৃত্যু হওক।’ মোচিৰ আদেশ অনুসৰি এই লোকসকলে ৩ হাজাৰ লোকক বধ কৰিলে। এই ঘটনাৰপৰা আমি কি শিকোঁ বাৰু? আমি মাত্ৰ যিহোৱা ঈশ্বৰকহে উপাসনা কৰা উচিত, কোনো মিছা দেৱতাক নহয়।

যাত্ৰাপুস্তক ৩২:১-৩৫.