কাহিনী ৬৬
দুষ্ট ৰাণী ঈজেবল
ৰজা যাৰবিয়ামৰ মৃত্যুৰ পাছত উত্তৰত থকা ১০ গোত্ৰৰ ওপৰত শাসন কৰা সকলো ৰজাই দুষ্ট আছিল। তেওঁবিলাকৰ মাজত ৰজা আহাব হৈছে আটাইতকৈ দুষ্ট। ইয়াৰ কাৰণ কি আছিল তোমালোকে জানানে? এটা মুখ্য কাৰণ হৈছে আহাবৰ পত্নী, ৰাণী ঈজেবল।
ঈজেবল ইস্ৰায়েলী তিৰোতা নাছিল। তাই হৈছে চীদোন দেশৰ ৰজাৰ ছোৱালী। তাই মিছা দেৱতা, বালক উপাসনা কৰে। ঈজেবলে ৰজা আহাব আৰু বহুতো ইস্ৰায়েলীক বাল দেৱতাক উপাসনা কৰিবলৈ বাধ্য কৰে। ঈজেবলে যিহোৱা ঈশ্বৰক বৰ ঘৃণা কৰে আৰু তাই বহুতো ভৱিষ্যতবক্তাক হত্যা কৰোৱায়। কিন্তু কিছুমান ভৱিষ্যতবক্তাই নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ গুহাত লুকাই থাকে। ৰাণী ঈজেবলে ইমানেই বেয়া তিৰোতা আছিল যে আনৰ কিবা বস্তু যদি পছন্দ কৰে, তেনেহ’লে তাক পাবলৈ তাই কাৰোবাক হত্যা কৰিবলৈও সংকোচ নকৰিছিল।
এদিনাখন ৰজা আহাবক বৰ বেজাৰ কৰি থকা দেখি ঈজেবলে সুধিলে: ‘আপোনাৰ মনত ইমান বেজাৰ কিয়?’
ৰজা আহাবে উত্তৰ দিলে: ‘মই নাবোতৰ কথাত দুখী। মই নাবোতৰ দ্ৰাক্ষাবাৰীখন কিনিব বিচাৰিছিলো। কিন্তু তেওঁ মোক দ্ৰাক্ষাবাৰীখন নেবেচো বুলি ক’লে।’
তেতিয়া ঈজেবলে আহাবক ক’লে: ‘চিন্তা নকৰিব। নাবোতৰ দ্ৰাক্ষাবাৰীখন মই আপোনাক দিম।’
ইয়াৰ পাছত ঈজেবলে নাবোতৰ নগৰত বাস কৰা কিছুমান বৃদ্ধ আৰু প্ৰধান লোকবিলাকৰ ওচৰলৈ কেইখনমান চিঠি লিখি পঠালে। চিঠিখনত তাই লিখিছিল: ‘নাবোতৰ বিৰুদ্ধে কেইজনমান দুৰ্জন মানুহ ব্যৱহাৰ কৰি সাক্ষ্য দিয়া। তেওঁলোকে কওক, যে নাবোতে ঈশ্বৰ আৰু ৰজাক শাও দিছে। তাৰ পাছত, তোমালোকে তেওঁক নগৰৰ বাহিৰলৈ নি শিল দলিয়াই বধ কৰিবা।’
নাবোতৰ মৃত্যুৰ খবৰ শুনি ঈজেবলে আহাবক ক’লে: ‘যাওক আৰু নাবোতৰ দ্ৰাক্ষাবাৰীখন অধিকাৰ কৰকগৈ।’ ঈজেবলৰ এই জঘন্য কামৰ বাবে, তাই শাস্তি পোৱাৰ যোগ্য বুলি তুমি নাভাবানে?
ঈজেবলৰ বেয়া কাৰ্য্যবোৰৰ বাবে যিহোৱাই তাইক শাস্তি দিবলৈ যেহূ নামৰ এজন ব্যক্তিক পঠিয়ালে। যেহূ অহাৰ খবৰ শুনি ঈজেবলে চকুত কাজল লগাই নিজকে আকৰ্ষণীয় কৰি তুলিলে। যেহূৱে আহি দেখিলে যে ঈজেবলে ৰাজভৱনৰ এখন খিৰিকীত বহি আছে। ৰাজভৱনত থকা মানুহকেইজনক যেহূৱে আজ্ঞা দিলে: ‘তাইক তললৈ পেলাই দিয়া।’ ছবিখনলৈ লক্ষ্য কৰাচোন। যেহূৰ আজ্ঞা অনুসৰি তেওঁলোকে ঈজেবলক পেলাই দিলে। এইদৰে দুষ্ট ৰানী ঈজেবলৰ বিনাশ হ’ল।
১ ৰাজাৱলি ১৬:২৯-৩৩; ১৮:১-৪; ২১:১-১৬; ২ ৰাজাৱলি ৯:৩০-৩৭.